আ গ্ৰাসী মোগলক ঐক্যবদ্ধভাৱে প্ৰতিৰোধ কৰাৰ স্বাৰ্থত বন্ধুত্বৰ প্ৰস্তাৱেৰে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪ খ্ৰী. )ই ত্ৰিপুৰাৰ ৰজা ৰত্ন মাণিক্যৰ ওচৰলৈ ৰত্নকন্দলী শৰ্মা আৰু অৰ্জুনদাস বৈৰাগী নামৰ দুজন কটকী পঠাইছিল। দুইজন কটকীয়ে ১৭০৯ খ্ৰীষ্টাব্দৰ পৰা ১৭১৫ খ্ৰীষ্টাব্দৰ ভিতৰত তিনিবাৰ ত্ৰিপুৰা দেশ ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ অভিজ্ঞতা আৰু তদানীন্তন ৰাজনৈতিক, সাংস্কৃতিক পৰিৱেশৰ বৰ্ণনাৰে তেওঁলোকে ‘ত্ৰিপুৰা দেশৰ কথাৰ লেখা— শ্ৰীশ্ৰীৰুদ্ৰসিংহ মহাৰাজদেৱে ত্ৰিপুৰা দেশৰ ৰজা ৰত্ন মাণিক্য সহিত প্ৰীতি-পূৰ্বক কটকী গতায়াত কৰা কথা, ১৬৪৬ শক’ নামেৰে পুথি ৰচনা কৰে।
বৃটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা সাঁচিপতীয়া এই পুথিখনৰ এটি ফটোকপি সংগ্ৰহ কৰি ড° সূৰ্য কুমাৰ ভূঞাই ‘ত্ৰিপুৰা বুৰঞ্জী’ নামেৰে সম্পাদনা কৰে আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ১৯৩৮ চনত গ্ৰন্থখন ছপা কৰে।
১৯৩৮ চনৰ প্ৰথম সংস্কৰণৰ গ্ৰন্থখন পাঞ্জাৱ ডিজিটেল লাইব্ৰেৰীয়ে ডিজিটাইজ কৰি সংৰক্ষণ কৰিছে। আধুনিক সময়তো অসম-ত্ৰিপুৰা তথা অন্যান্য কাষৰীয়া অঞ্চলৰ লগত অসমৰ সম্পৰ্ক উদ্ধাৰৰ প্ৰসংগত গ্ৰন্থখন সহায়ক হ’ব পাৰে বুলি অনুভৱ কৰি গ্ৰন্থখনৰ এটি প্ৰতিলিপি, পাঞ্জাৱ ডিজিটেল লাইব্ৰেৰীৰ শলাগ লৈ, আমি নীলা চৰাইৰ পাঠকৰ বাবে আগবঢ়াইছোঁ।
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।