গীতালি কেওট বৰাৰ ‘কুকুহা’

গীতালি কেওট বৰাৰ ‘কুকুহা’

গী তালি কেওট বৰাৰ নৱতম কাব্য সংকলন ‘কুকুহা’। আকৰ্ষণীয় শিৰোনামটোৱে যথাৰ্থভাৱে সংকলনটিত থকা কবিতাসমূহক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে।

শিল্প-কবিতাৰ ফৰ্মক লৈ বহু পৰীক্ষা-নিৰীক্ষা ২য় বিশ্বযুদ্ধৰ পাছৰ পৰাই চলি আহিছে। নানা ফৰ্ম সৃষ্টি হৈছে। কিন্তু যি ফৰ্মে কবিতাৰ ‘কনটেণ্ট’ক সাধাৰণ পাঠকৰ মাজলৈ যাবলৈ সক্ষম নহয়, তেনে ফৰ্ম বৰ কামৰ নহয়। সেয়া মাথোঁ এক নিৰ্দিষ্ট বৌদ্ধিক পৰিসীমাৰ ভিতৰত আৱদ্ধ হৈ ৰয়। অৱশ্যে পাঠকে এটি কবিতাৰ ৰসাস্বাদন কিদৰে কৰিব বা কৰিবলৈ সক্ষম হ’বনে নাই, সেয়া পূৰ্বনিৰ্ধাৰিত বিষয় নহয়। এটা অঞ্চলৰ আৰ্থ-সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক স্তৰৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে। এইখিনিতে সৰল প্ৰশ্নটো হ’ল— ‘আমি কাৰ বাবে লিখিম?’

কবিতাৰ কনটেণ্টখিনিক কি ধৰণৰ কাব্যিক শৈলীৰে নিৰ্মাণ কৰা হ’ব, সেয়া কবিৰ হৃদয়ৰ গভীৰতম অনুভৱৰ উপৰিও শিল্প-নিৰ্মাণৰ স্বাধীনতাৰ ভিতৰতো পৰে। পিছে শৈলী যিয়েই নহওক, নান্দনিকতা অবিহনে কবিতা ৰসোত্তীৰ্ণ হোৱা সম্ভৱ নহয়। শিল্পতত্ত্বৰ কথাখিনি ইয়াতেই আহি পৰে।

গীতালি কেওট বৰাৰ কবিতাৰ উল্লেখযোগ্য দিশ হ’ল, দুই-এটা কবিতাৰ বাহিৰে তেখেতৰ বেছিভাগ কবিতাই সাধাৰণ পাঠকে পঢ়ি বুজিব পৰাকৈ সহজ। অৰ্থাৎ কবিতাবোৰৰ ’টাৰ্গেট’ সাধাৰণ পাঠক। উপস্থাপন শৈলী সৰল যদিও প্ৰতিটো কবিতাতে শক্তিশালী আৰু বাছকবনীয়া শব্দৰ নিৰ্বাচন লক্ষ্য কৰা যায়। কবি সৌন্দৰ্যৰ প্ৰতি অত্যন্ত সচেতন। প্ৰেম-বিষাদ-ক্ষোভ-বিদ্ৰোহৰ মাজতো কবিয়ে কবিতাৰ মাজত থকা সেই সৌন্দৰ্যবোধক ম্লান পৰিবলৈ দিয়া নাই। গীতালি কেওট বৰাৰ কবিতাৰ এয়া এক অন্যতম বৈশিষ্ট্য।

নিজে ক’ব খোজা কথাখিনিৰ ক্ষেত্ৰত কবি অত্যন্ত চিৰিয়াছ আৰু তাৰবাবে তেখেতে কবিতাক এক সফল আহিলা ৰূপে ব্যৱহাৰ কৰিছে। চিত্তাকৰ্ষক চিত্ৰকল্প আৰু নিৰ্বাচিত বিষয়বস্তুৰ বাবে সাম্প্ৰতিক কালৰ প্ৰগতিশীল কবিসকলৰ শাৰীত গীতালি কেওট বৰাই এক যোগ্য স্থান অধিকাৰ কৰিছে, তাত কোনো সন্দেহ নাই। উদাহৰণস্বৰূপে:

‘যেতিয়াই নিয়মবোৰ নাঙঠ হয়,
ভাৱাদৰ্শবোৰে স্বভাৱ সলাই
কুকুৰিকণা হৈ বা-বনাই ফুৰে,
তেতিয়াই উলংগ বান্দৰবোৰে
পিন্ধিবলৈ পায় ৰজাৰ চাপকন’

‘হলধৰে পথাৰৰ বোকাবোৰ পিটিকি চায়…
বোকাৰ গোন্ধবোৰ বোন্দাকেঁচুবোৰে গিলিলে।
এজাক বটা চৰাই মৰভূমিৰ বাটেৰে…
পানীৰ সেউজীয়ালৈ এতিয়া বহু দূৰ!’

গীতালি কেওট বৰাৰ কবিতাসমূহৰ ভাষা সাৱলীল। জীৱনমুখী বিষয় আৰু চিত্ৰকল্পৰ সঠিক প্ৰয়োগে কবিতাবোৰক ৰসোত্তীৰ্ণ কৰি সফল কবিতাৰ শাৰীলৈ উত্তীৰ্ণ কৰিবলৈ সক্ষম হৈছে।

‘মৎস্যগন্ধাৰ বক্ষ দেখি জাহাজৰ হাকিমবোৰৰ লোভ।
লাহে লাহে পানীকাউৰীবোৰ মৰুভূমিলৈ উৰা মাৰিলে’

‘নিঃসহায় অন্তৰবোৰ কুন্তী হৈ মৰে।
অথচ সম্ভ্ৰান্তৰ পৰিচয়ৰ মোহতেই
জাৰজ নামৰ বিহফোঁহাটো কপালত লৈ
একো একোটা জীৱই জাবৰৰ উমতে শোৱে।’

দুই-এটা কবিতাত কবিয়ে কলমৰ অন্তিম ষ্ট্ৰোকটো দিয়াত কিছু কৃপণালি কৰা বা খৰধৰ কৰা যেন ভাব হয় যদিও কবিতাবোৰৰ ’কনটেন্ট’ আৰু তাৰ সাৱলীল উপস্থাপনে সেই আসোঁৱাহখিনিক ঢাকি পেলাবলৈ সক্ষম হৈছে।

এচাম সুবিধাবাদীক কবিয়ে ভালদৰেই চিনাক্ত কৰিছে, যিসকলে সমাজত বিভেদ সৃষ্টি কৰি নিজৰ মুনাফাৰ পাহাৰ গঢ়ি আহিছে। ব্যক্তিকেন্দ্ৰিক এই সমাজৰ প্ৰতি তীব্ৰ বিৰোধ কবিৰ।

‘গৰখীয়া কৃষ্ণ ঘৰে ঘৰে দুফাল
সমজুৱা ঢেঁকী শালটোত তেলচিকটি।
থোৰাটোৰো কঁকাল ভাগিল
গোসাঁইৰ ভোজনীত ৰূপৰ মুদ্ৰা’

সদ্যপ্ৰয়াত, শ্ৰদ্ধাৰ কবি নীলমণি ফুকনে কৈছিল— ‘মানুহক লক্ষ্য কৰাই সকলো কলাৰে লক্ষ্য। কবিতাৰো।’ কবিৰ কবিতাও এই লক্ষ্যৰ বিপৰীত নহয়। ‘কুকুহা’ৰ কবিতাবোৰে মানুহৰ জীৱন উল্লাস-বিষাদ, হাঁহি-কান্দোন, প্ৰেম-অপ্ৰেম আদিৰ সমান্তৰালভাৱে মানৱ জীৱনৰ নানা সমস্যাক লক্ষ্য কৰি লোৱা দেখা যায়। সমাজ সচেতনতা, শোষণ-বঞ্চনা আৰু স্থিতাৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কবিৰ কবিতাৰ মূল উপজীব্য। উদাহৰণস্বৰূপে:

‘উখহা আঙুলিৰ পাবতেই গজে
পিৰালিৰ চাকৈটেঙা ঢাপৰ দোৰোণ
শুকান নাড়ীত ভোকে বাহ নলয়
জীৰ্ণ পেটেহে সঘনে কলমলায়।’ (কুকুহা)

কবিতাবোৰত দৰিদ্ৰ কৃষক-শ্ৰমিক-চাহ মজদুৰসকলৰ প্ৰতি সহমৰ্মিতা লক্ষ্যণীয়। স্থিতাৱস্থাই মাজে-সময়ে কবিক হতাশ কৰি তুলিলেও তেওঁলোকে চেলেইঞ্জ কৰিছে।

‘হ’লেও আশাবোৰ দীৰ্ঘজীৱীৰ!
নিঃশব্দ অশ্ৰুৰ বৰষুণজাকক
সুকীয়া বৰণেৰে ভেটা দি ৰখাৰো
এক সুকীয়া অৰ্হতা।’ (কুকুহা)

কবিৰ কিছু কবিতা নাৰীকেন্দ্ৰিক। সমাজৰ ৰক্ষণশীলতা, পুৰুষতান্ত্ৰিকতাত ভাৰাক্ৰান্ত নাৰীৰ মৰ্মবেদনা প্ৰকাশ পাইছে। দুই-এক কবিতাত কবিৰ ব্যক্তিগত জীৱনৰ পোৱা-নোপোৱাৰ অভিজ্ঞতা, প্ৰেম-বিষাদ-ক্ষোভ আদি নিগৰিত হ’লেও কবিতাবোৰে সামগ্ৰিক ৰূপটো হেৰুওৱা নাই।

‘পৃথিৱীত এনে নাৰীও আছে
যাৰ বুকুত কলমলাই থাকে
অবুজ শিশুৰ এটি অনুদ্বিষ্ট মনে…’ (তুলনা)

‘নাৰী মানেইতো নিয়ম
প্ৰতিশ্ৰুতিৰ নীৰৱ ঝংকাৰ’ (নিয়ম)

সাম্প্ৰতিক সমাজ-পৰিস্থিতিক উপেক্ষা কৰা কোনো কবিতাই সাৰ্থক আৰু জীৱনমুখী হ’ব নোৱাৰে। কবিতাৰ সমালোচনা কৰাৰ ধৃষ্টতা নকৰোঁ, সাধাৰণ পাঠক হিচাপে কওঁ— কবিৰ গৰিষ্ঠসংখ্যক কবিতাই সাৰ্থক কবিতা। ‘কুকুহা’লৈ অযুত শুভকামনা।

কুকুহা কিতাপৰ বেটুপাত

কুকুহা (কবিতা সংকলন)

লেখক: গীতালি কেওট বৰা
প্ৰকাশক: শংকৰদেৱ প্ৰকাশন, নগাঁও
প্ৰচ্ছদ: নীলাভ সৌৰভ
প্ৰথম প্ৰকাশ: ২০২২
মূল্য: ১৫০ টকা
ISBN: 978-93-95243-40-7

❧ | আৰু পঢ়ক:

» আমাৰ অসম: সপোন, বাস্তৱ আৰু সংগ্ৰামৰ জীৱন্ত দলিল
» অভিশপ্ত ৰাজনন্দিনী: অসমীয়া ভাষাৰ কালিকাৰ উজ্জ্বল নিদৰ্শন
» গোত্ৰ: শিপাৰ সন্ধান
» ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্প সংকলন ‘জীৱনৰ ৰংʼ
» বুৰঞ্জীবিদ সদানন্দ চলিহাৰ গ্ৰন্থ ‘প্ৰাচীন ভাৰতৰ গণৰাজ্য’: এক চমু আলোচনা

গীতালি কেওট বৰাৰ ‘কুকুহা’ | ৰক্তিম শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক