পাউৰুটি

পাউৰুটি
  • 15 Jun, 2022

নি য়ন লাইটৰ পোহৰত ষ্টেচনটো পোহৰ হৈ আছে যদিও বাহিৰখন ঘন কুঁৱলিৰে কোনেও কাকো নেদেখা৷ উজনিমুৱা-নামনিমুৱা ট্ৰেইনৰ উকিবোৰে কঢ়িয়াই লৈ ফুৰে নিৰ্দিষ্ট সময়ৰ বাৰ্তা। ট্ৰেইনখন আহি ষ্টেচনটোত থমকি ৰোৱাৰ লগে লগে এক হুলস্থূলীয়া পৰিৱেশ৷ যাত্ৰীসকলৰ বোজা বহন কৰা কুলিবোৰে বহি থকাৰ পৰা খৰ-খেদাকৈ ট্ৰেইনখনৰ ফালে ঢাপলি মেলিছে৷ যাত্ৰীসকলৰ কিছু ট্ৰেইনৰ পৰা নামিছে, কিছু ঠেলি-হেঁচি ট্ৰেইনত উঠিছে৷ ট্ৰেইনৰ কাষে কাষে চাহ বেপাৰীসকলৰ ব্যস্ততা৷

টিকট কালেক্টৰ অনিল দুৱৰাৰ চাকৰিৰ পৰা অৱসৰ পাবলৈ আৰু মাত্ৰ কেইটামান মাহ। দুৱৰাৰ চাকৰি জীৱনৰ প্ৰায় আঠাইশটা বছৰ ভৱানীপুৰ ৰেল ষ্টেচনটোৰ সৈতে এক নিবিড় সম্পৰ্ক৷ সহজ-সৰল, অনুভৱী মনৰ গৰাকী দুৱৰা সদায় নিৰ্দিষ্ট সময়ত আহি ষ্টেচন পায়হি৷ আহিয়ে দুৱৰাই প্ৰথমে ষ্টেচনৰ সোঁমাজতে থকা লাল সিঙৰ দোকানত একাপ গাখীৰ চাহ খায়। তাৰ পাছত চাকৰিৰ তাগিদাত নিৰ্ধাৰিত ট্ৰেইনখনত উঠি নিৰ্ধাৰিত ঠাইলৈ বুলি যাত্ৰা, আকৌ সেই একেটা ষ্টেচনলৈ উভটনি। প্ৰতিটো দিনেই ষ্টেচনটোত ৰেল কৰ্মচাৰীৰ ব্যস্ততা মাথোঁ ব্যস্ততা৷ সেই একেটা ব্যস্ততাৰে দিন কটাইছে ৰিকু আৰু মাক লাৱনিয়ে৷ দুৱৰাই ষ্টেচনটোত থকা সময়খিনি সিহঁতৰ ব্যস্ততাবোৰ নিৰীক্ষণ কৰিয়ে কটায়৷ লাৱনিহঁতৰ সৈতে দুৱৰাৰ এক আন্তৰিক সম্পৰ্ক অতি কম দিনৰ ভিতৰতে গঢ় লৈ উঠিল৷ এক নিৰ্দিষ্ট দূৰত্বৰ পৰাই যেন দুৱৰাই ৰিকুক তদাৰক কৰি থাকে৷ ষ্টেচনৰ ইমান ভিৰৰ মাজত, ঠেলা-হেঁচা কৰা মানুহৰ মাজত দুৱৰাৰ দৃষ্টি মাত্ৰ তাৰ দুষ্টালিবোৰৰ ওপৰত৷

দূৰৈত ৰেলৰ উকিটো শুনি ট্ৰেইন অহাৰ উমান পায়েই মাক-পুতেক সজাগ হৈ পৰে আৰু হাত-ভৰিবোৰ জোকাৰি নিজৰ কৰ্মৰ প্ৰতি সাজু হৈ ৰয়৷ ট্ৰেইন আহি ষ্টেচনত থমকিব নাপায়েই, নিজ নিজ ক্ষমতাৰে খন্তেকতে দুয়ো যেন এক মাৰাথান দৌৰৰ প্ৰতিযোগিতাত নামি যায়৷ লাৱনিৰ ভৰি দুখনৰ আঁঠুৰ তলছোৱা ট্ৰেইনে কটাৰ পাছৰ পৰাই আঠুৰে চুঁচৰি যাওঁতে দুখ নাপাবলৈকে দুয়োটা আঁঠুতে কাপোৰ বান্ধি লৈছে৷ ট্ৰেইনখন অহাৰ লগে লগেই লাৱনিয়ে ট্ৰেইনখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে আঁঠুৰে চুঁচৰি চুঁচৰি এলুমিনিয়ামৰ থালখন হাতত লৈ ব্যস্ত হৈ পৰে মানুহৰ ভিৰৰ মাজত৷ কোনোবাই দলিয়াই-খটিয়াই দিয়া ভঙা পইচাকেইটামান গোটাই ট্ৰেইনখন যোৱাৰ পাছত পুনৰ নিজৰ ঠাইত আহি বহেহি৷ ঠিক সেইদৰে ফটা, হাত ছিগা চোলা এটাৰ সৈতে মলিয়ন হাফ পেণ্ট এটা পিন্ধি ফুৰা ৰিকুৱেও ট্ৰেইনত ৰিং এডালেৰে বিভিন্ন খেল দেখুৱাই যাত্ৰীসকলৰ পৰা দুটকীয়া-এটকীয়াকেইটামান গোটাই লৈ নিৰ্দিষ্ট স্থান অৰ্থাৎ মাকৰ কাষ পায়হি৷ ট্ৰেইনৰ পৰা নামি আহোঁতে তাৰ হাতদুখনলৈহে লাৱনিৰ লালায়িত দৃষ্টি! টকাকেইটামান গোট নাখালে দুটাকৈ পেট পূৰাব কিদৰে! ধনী মানুহবোৰৰো আজিকালি ভিক্ষাৰীৰ বাবে খোৱাবস্তু এৰিবলগীয়া বা পেলাবলগীয়া খুব কমেই হয়৷ সি আহি ওচৰ পোৱাৰ লগে লগে লাৱনিৰ আকুলতা— ‘দে দে, কেইটকা পালি ইয়াতে থ৷ একেলগে গণি থওঁ৷ খাবলৈ কিবা পালিনে তই…?’

ৰিকুৱে একো ক’বলৈ নাপাওঁতেই হাতত পাউৰুটিৰ পেকেট এটা লৈ দুৱৰা আহি ৰিকুৰ ওচৰতে ৰ’লহি৷ পেকেটটো তাৰ হাতত গুজি দি লাৱনিৰ ফালে দৃষ্টি নিক্ষেপ কৰি তেওঁ ক’লে— ‘ট্ৰেইনখন থমকিব নাপাওঁতেই তহঁতৰ ইমান কিয় তেল ফাটে অ’? নিজৰ ভৰি দুখনটো কটালিয়ে, এতিয়া এই সনাহীটোৰো কিবা এটা বিঘিনী ঘটাই ল৷’ খঙেৰে কথাষাৰ কৈয়েই এক নিৰ্দিষ্ট গতিৰে অনিল দুৱৰা তাৰ পৰা আঁতৰি আহি নিজৰ চৰকাৰী আবাসটোলৈ বুলি খোজ ল’লে৷ কিন্তু লাৱনিহঁত…!

সিহঁতৰ ঘৰ বুলিবলৈ ষ্টেচন মাষ্টৰৰ অফিচটোৰ সন্মুখৰ ডাঙৰ ডাঙৰ ডাষ্টবিনকেইটাৰ মাজৰ ঠাইকণেই৷ ব্যস্ততাৰে ভৰা আৰু অহৰহ মানুহ দৌৰা-দৌৰিকৈ অহা-যোৱা কৰা ষ্টেচনটোত সেইকণেই অকণমান খালী আৰু আছুটিয়া ঠাই৷ তাতে দুটা টোপোলা, এখন বহল ফটা কঁথা, দুটা ডাঙৰ ডাঙৰ বস্তা আৰু দুটা গাত লোৱা পলিথিন! দুৱৰা যোৱাৰ পাছত দুয়োটাই পোৱা টকাকেইটা গণি লাৱনিৰ উৱলি যোৱা শাৰীখনতে আটোমটোকাৰিকৈ বান্ধি থ’লে৷ ফটা কঁথাখনতে দুয়োটাই বহি দুৱৰাই দি থৈ যোৱা পাউৰুটিটো সমানে দুভাগ কৰি ভগাই ল’লে আৰু পলিথিনৰ ঠোঙা এটা খুলি তাৰ পৰা দাইল সনা ভাতকেইটামান উলিয়াই ভগাই লৈছে৷ হয়তো দুপৰীয়াৰে কোনোবা যাত্ৰীৰ পেলনীয়া ভাত, আধা খাই আধা সযতনে থৈ দিছিল৷ আউলী-বাউলী ফনীৰ আঁচোৰ নপৰা, মলিময় জট লগা চুলিকেইডালে খোৱাৰ সময়ত তাইক বৰকৈ আমনি কৰে৷ তললৈ মূৰ কৰি মুখত খোৱাবস্তু ভৰালেই চুলিকেইডালমানো হাতৰ লগতে লাগি মুখলৈ যায়; জিভাৰে অনুমান পাই আকৌ হাতেৰে খেপিয়াই মুখৰ লেলাউতিৰে সৈতে চুলিকেইডাল উলিয়াই আনে৷ এনেকৈয়ে ইটোৰ মুখলৈ সিটোৱে চাই বৰ তৃপ্তিৰে পাউৰুটিটোৰ সৈতে ভাতকেইটাৰ দুগৰাহমান খাবলৈ পাইছিলহে, পৰৱৰ্তী ট্ৰেইন অহাৰ ঘোষণাটো দুয়োটাৰে কাণত পৰিল৷ শুনাৰ লগে লগেই লাৱনিয়ে সোপাসোপে পাউৰুটিটো মুখত ভৰাই লৈ ৰিকুকো সোনকালে খাবলৈ হাত দুখনেৰে আঙটি-ভাঙটি কৰি ইংগিত দিলে৷ মাকৰ ইংগিত বুজিব পাৰি ৰিকুৱে ভাতকেইটা নাকে-কাণে গিলি পাউৰুটিৰ টুকুৰাটো হাতত লৈ পৰি থকা কাগজ এটুকুৰাৰে খোৱা থালখন মোহাৰি নিৰ্দিষ্ট বস্তা এটাত ভৰাই থ’লে৷

দূৰৈত ট্ৰেইনৰ উকি শুনা গ’ল৷ মাক-পুতেক সচকিত হৈ পৰিল৷ লাৱনিয়ে খৰখেদাকৈ এলুমিনিয়াৰ বেঁকা থালখন হাতত তুলি ল’লে আৰু ৰিকুৱে ৰিংডাল লৈ সাজু হৈ ৰ’ল৷ ট্ৰেইন আহি ষ্টেচন সোমাল৷ দুয়ো পুনৰ নিজৰ নিজৰ কামত লাগি গ’ল৷ খন্তেকৰ বাবে পুনৰ সেই একেই ব্যস্ততাপূৰ্ণ হুলস্থূলীয়া পৰিৱেশ৷ সেইখিনি সময় নহয় যেন সাগৰৰ একোটা ঢৌহে! ট্ৰেইনখন যোৱাৰ পাছতেই হুলস্থূলীয়া পৰিৱেশটো নিজম পৰে৷ যিদৰে সাগৰৰ ঢৌ প্ৰবল বেগেৰে আহি পাৰ ওপচায় আৰু বিলীন হৈ যায় সাগৰৰ বুকুত আৰু থৈ যায় মাথো লাৱনিহঁতৰ দৰে কেইটামান শামুকৰ খোলা!

পোহৰ হোৱাৰ লগে লগেই ষ্টেচনত গেলা-পচাৰ খাদ্যৰ সন্ধানত কাউৰীজাকৰ বৰ উৎপাত৷ ফাপৰে খোৱা কুকুৰ দুটামানো আহি আহাৰৰ ঠিকনাৰ ঘ্ৰাণ লৈ লৈ কেং কেং কৰি পনপনাই ফুৰে৷ প্ৰকাণ্ড নিগনিবোৰে গোটেই ষ্টেচনটোৰ চুকে-কোণে পিনাপিন দি ফুৰে৷ লাহে লাহে নিজম পৰি থকা ষ্টেচনটো প্ৰতি দিনৰ দৰে পুনৰ ব্যস্ত হৈ পৰিছে৷ লাৱনিৰ চকুত ফেচকুৰিৰ চামনি আৰু কোৱাৰিৰ কাষত লেলাউটি শুকাই বগা হৈ জিলিকি আছে৷ তেনেকৈয়ে ফটা কঁথাখনত বহি লৈ আঁঠুত মেৰিয়াই থোৱা ফটাকানিৰ টুকুৰাকেইটা খুলি লৈ পুনৰ আঁটি আঁটি বান্ধিছে৷ দুৱৰাই সদায় অহাৰ দৰেই হাতত পাউৰুটিৰ পলিথিনটো ওলোমাই লৈ ইফালে-সিফালে চাই ৰিকুক মাকৰ লগত নেদেখি লাৱনিক পিছফালৰ পৰা মাত লগালে— ‘ঐ তই অকলে বহি আছ যে, ই পোৱালি ক’লৈ গ’ল?’

দুৱৰাৰ মাত শুনি ঘূৰি চাই পুনৰ নিজৰ আঁঠুটোৰ লগতেই ব্যস্ত হৈ অতি নম্ৰভাৱে তাই উত্তৰ দিলে— ‘ইয়াতে ক’ৰবাত আছে চাগৈ, সিনো কলৈ যাব আৰু।’

—হোঁ, এইটো ভগাই খাবি দুয়োটাই৷ মই কাইলৈ নাথাকিম, কাম এটাত বাহিৰলৈ যাম। ভালকৈ থাকিবি তহঁত। আৰু শুন, ট্ৰেইনখন আহিলেই ঢপলিয়াই নাযাবি, ইয়াক নজৰ দিবি৷ বিপদ কাকো আগজাননী দি নাহে।’

লাৱনিয়ে দুৱৰাৰ মুখলৈ ভেবা লাগি চাই কিবা এটা ক’বলৈ লৈয়ো মনে মনে থাকিল৷ দুৱৰাই পাউৰুটিৰ পেকেটটো লাৱনিৰ কাষতে থৈ নিজৰ কামলৈ বুলি গুচি গ’ল৷ ৰিকু ক’লৈ গ’ল বুলি ইফালে-সিফালে বহাৰ পৰাই চকু ফুৰাওঁতেই ৰিকুৱে ভগা টেমা এটা ভৰিৰে লঠিয়াই লঠিয়াই আহি থকা দেখিলে৷ চকুহাল মেলিয়েই সি ষ্টেচনৰ হোটেলবোৰত ৰৈ চাহ খাই থকা মানুহবোৰৰ ওচৰলৈ গৈ কিবা এটা খাবলৈকে হাত পাতি পাতি শুদা মুখে, শুদা হাতে পুনৰ মাকৰ কাষ পালেহি৷ মাকৰ হাতত পাউৰুটিৰ পেকেটটো দেখি ৰিকুৰ মুখে-চকুৱে হাঁহি বিৰিঙি উঠিল৷ ৰিকুৱে লগে লগে মাকৰ হাতৰ পৰা চিলনিয়ে থপিওৱা দি পাউৰুটিটো থপিয়াই আনি ওপৰত মেৰিয়াই থোৱা প্লাষ্টিকখন দাঁতেৰে কামুৰি এৰুৱাই দিলে, মাকে ততেই ধৰিব নোৱাৰিলে৷ ৰিকুৰ তেনে আচৰণ দেখি মাক কিছু আচৰিত! আনকালে সি তেনেকুৱা নকৰে, যি ভাগ্যত মিলে, মাকেই লগত বহুৱাই সমানে ভগাই খায়। হঠাৎ আজি কি হ’ল, বহুত ভোকত আছে চাগৈ সি…! কাৰো ফালে একো ধ্যান নাই ৰিকুৰ৷ অসাৱধানতাৰে খপ-জপকৈ উলিয়াই ছিঙিবলৈ লওঁতেই হাতৰ পৰা পাউৰুটিটো মাটিত সৰি পৰিল৷ সেইটো তুলিবলৈ নাপাওঁতেই ওচৰতে শুই থকা কুকুৰ এটা অতি দ্ৰুত গতিৰে আহি পাউৰুটিটো মুখত কামুৰি লৈ আঁতৰি যাবলৈ লওঁতেই ৰিকুৱে পাউৰুটিটো খাবলৈ নাপাম বুলিয়ে খঙতে কুকুৰটোৰ নেজডালত থাপ মাৰি জোৰকৈ টানি ধৰি মুখখনত গোৰ মাৰি দিয়াত পাউৰুটিটো মুখৰ পৰা সৰি পৰিল, কিন্ত দুখ পাই কুকুৰটোৱে ঘেং কৰি ৰিকুৰ ভৰিখনতে কামোৰ মাৰি পুনৰ পাউৰুটিটো মুখত কামুৰি তাৰ পৰা আঁতৰি গ’ল৷ ৰিকুৰ ভৰিখন তেজেৰে ৰাঙলী হৈ পৰিল৷ গোটেই ঘটনাটো লাৱনিৰ সন্মুখতে ইমান তাৎক্ষণিকভাৱে ঘটিল যে তাই একো তলকিবই নোৱাৰিলে৷ ৰিকুৱে চিঞৰি চিঞৰি ভৰিখনত ধৰি বহি পৰাত লাৱনিয়ে আঁঠু দুটাত ভেজা দি আগবাঢ়ি গৈ ৰিকুৰ ভৰিটোৰ তেজখিনি নিজৰ ফটা শাৰীখনৰ আঁচলটোৰে মচি, তেজ ওলোৱা বন্ধ হওক বুলি বুকুৰ অংশৰ পৰা শাৰীখন খহাই ভৰিটোত টানি টানি মেৰিয়াই দিলে৷ ফটা-চিতা শাৰীখনে এনেইও লাৱনিৰ দেহৰ আধা অংগ উন্মুক্ত কৰিয়ে ৰাখে৷ লাজ সম্বৰণৰ কথা যেন লাৱনিয়ে কেতিয়াবাই নিজৰ চেতনাৰ পৰা হেৰুৱাই পেলালে৷

—‘খা খা, কিমান খাৱ খা এতিয়া পাউৰুটি৷ মৰখকে ধৰিছিল নহয় তোৰ; এতিয়া মাৰৰ মূৰটোকে চোবা।’ বকি বকি লাৱনিয়ে ৰিকুৰ পিঠিত দুটা ঢকা দি মূৰটোত ধৰি জোকাৰি দিলে৷ পাউৰুটিটো দেখা মাত্ৰকে প্ৰাপ্তিৰ যিটো আনন্দ দুয়োটাৰে চকুত নাচি উঠিছিল, সেয়া যেন নিমিষতে নাইকিয়া হৈ গ’ল৷

ট্ৰেইন অহাৰ সংকেত বাজি উঠিল৷ লগে লগে নিজৰ থাল-বাটি উলিয়াই লাৱনি সাজু হ’ল, কিন্তু ৰিকুৰ ভৰিৰ পৰা তেজ বৈয়ে আছে; বিষত চটফটাই ষ্টেচনৰ লেতেৰা পকাখনতে পৰি দিছে সি৷ ৰিকুৱে আজি ৰিং খেল দেখুৱাই কেনেকৈ! ইতিমধ্যে ট্ৰেইন আহি ষ্টেচনত উপস্থিত হ’ল৷ লাৱনিয়ে শাৰীখনৰ আধা অংশ ৰিকুৰ ভৰিত মেৰিয়াই থোৱাৰ বাবে তাইৰ কঁকালত গুজি থোৱা অংশখিনিও তাতে খুলি থৈ শুদা ফাটি থকা ব্লাউজটো আৰু উৱলি যোৱা পেটিকোটটোৰেই থালখন হাতত লৈ ততাতৈয়াকৈ ট্ৰেইনৰ ফালে আঁঠুৰ ভেজাৰে আগ বাঢ়িল৷ সদায় কৰাৰ দৰে লাৱনি জাপ মাৰি ট্ৰেইনখনত উঠিল৷ আন দিনাতকৈ সেইদিনা লাৱনিৰ থালখনত কেইটামান টকা বেছিকৈ গোট খালে৷ এটকীয়া, দুটকীয়া ভালেকেইটা! ইতিমধ্যে ট্ৰেইন এৰিবৰ ঘোষণা হৈছে৷ হঠাৎ ট্ৰেইনখনৰ সিটো মূৰত লাৱনিৰ চিৎকাৰ— ‘চাল্লা কুকুৰহঁত, নিধকহঁত… থুই কটা…! আহ, আহ খাহি মোক কেঁচাই কেঁচাই। দুটকাৰ বিনিময়ত মোৰ লেতেৰা, শুকান বুকুখনলৈও তহঁতৰ লোভ৷ অকল থপিয়াই থৈয়ে গলি যে, ঐ কুকুৰহঁত আহ, চোবাহি মোৰ কেঁচা মঙহ৷’ যিমান পাৰে সিমান চিঞৰিছে তাই, কিন্তু তাইৰ কথা শুনিবলৈ কাৰ সময় আছে! আধা মেল খাই থকা ব্লাউজটো টানি-টুনি গাঠি এটা দি থালখনৰ টকাকেইটা হাতৰ মুঠিতে লৈ ট্ৰেইনৰ পৰা জাপ মাৰি তাই নামি আহিল৷ মনত খং যদিও হাতত গোট খাই থকা টকাকেইটাৰ আনন্দই নিমিষতে তাইৰ সকলো খং পাহৰাই পেলালে।

ৰিকুৱে বা কি কৰি আছে মনলৈ অহাত খাবলৈ কিবা এটা কিনি নিওঁ বুলি বেগাবেগিকৈ ৰেল লাইনৰ কাষৰ ৰুটি-তৰকাৰী বেচা দোকানখনৰ ফালে তাই আগবাঢ়িল। কিছু আঁতৰত ষ্টেচনটোৰ সোঁমাজতে কিছু মানুহে জুম বান্ধি নিজৰ মাজতে কিবা আলোচনা কৰি থকা লাৱনিৰ চকুত পৰিল৷ ব্যস্ত ষ্টেচনত কত যে এনেকৈ মানুহৰ জুম বন্ধা দেখিবলৈ পায় তাই, তালৈ গুৰুত্ব নিদি দোকানমুখী হ’ল৷ বেচেৰা ৰিকু চাগৈ ভোকে-বিষে তেনেকেয়ে পকাত পৰি আছে৷ ততালিকে দোকানখনৰ পৰা হাতৰ মুঠিত থকা টকাকেইটাৰে দুখন ৰুটি আৰু এটা পাউৰুটি বান্ধি লৈ আঁৰ-বেৰ নথকা, দৰ্জা-খিৰিকী নথকা, টিং-চালি নথকা সিহঁতৰ ঘৰটোৰ ফালে বেগাবেগিকৈ আগবাঢ়িল৷ বহুত দিনৰ পাছত আজি ৰুটি খাব ভাবি মনতে তাইৰ বৰ আনন্দ৷ ৰিকুৱেও চাগৈ আজি বৰ আনন্দ পাব! নিৰ্দিষ্ট স্থানলৈ গৈ দেখে যে তাত ৰিকু নাই৷ ক’লৈ গ’ল ৰিকু! লাৱনিয়ে ইফালে সিফালে চাই ৰিকু ৰিকু বুলি কেইবাবাৰো মাতিলে, কিন্তু ৰিকুৰ দেখা-দেখি নাই৷ বস্তাৰ পৰা খুচৰি ফটা কঁথাখন পাৰি লৈ তাতে খাবলৈ অনা ৰুটিৰ টোপোলাটো থৈ ৰুটি এটা উলিয়াই মুখলৈ নিও আকৌ ৰিকু আহিলে একেলগে খাম বুলি বান্ধি বস্তাটোৰ কাষতে থৈ ইফালে-সিফালে ৰিকুক দেখে বুলি চাই থাকিল৷ দেওবাৰ দিনটোত ট্ৰেইন আন দিনাতকৈ কম চলে৷ দুখনমান ট্ৰেইনহে ভৱানীপুৰত ৰয় সেয়েহে পৰৱৰ্তী ট্ৰেইনলৈ বুলি খৰ-খেদা কৰি সাজু হ’বলগীয়া নাই৷

সময়বোৰ ট্ৰেইনৰ দ্ৰুত গতিৰ দৰেই বাগৰিল৷ বেলিটো ৰঙা হৈ পশ্চিম প্ৰান্ত পালেগৈ৷ পোহৰ ক্ৰমে ক্ৰমে কমি আহিল৷ ষ্টেচনটোত মানুহৰ সমাগমো লাহে লাহে কমি আহিল৷ ধৰালৈ এন্ধাৰ নমাৰ লগে লগে মুকলি ষ্টেচনটোত হাঁড় কঁপোৱা চেঁচা বতাহ৷ সেই শীতৰ সৈতে যুঁজিবলৈ ডাঙৰ ডাঙৰ ফটা পলিথিনকেইটাই সিহঁতৰ অস্ত্ৰ৷ পলিথিন এটাৰে ভৰি দুটা ঢাকি নিয়ন লাইটৰ পোহৰৰ ফালে চাই চাই ৰাতি বহুত পৰ হ’ল, কিন্তু ৰিকুৰ দেখা-দেখি নাই৷ এটা সময়ত লাৱনিৰ দিনটোৰ ভাগৰুৱা চকুলৈও নিদ্ৰা নামি আহিল আৰু পলিথিনখন গাত মেৰিয়াই শুই পৰিল৷

ৰাতি দুই মান বাজিছে, ষ্টেচন মাষ্টৰৰ অফিচটোৰ কাষতে থকা ৰেলৱে পুলিচৰ কাৰ্যালয়ৰ বাহিৰত তিনি-চাৰিজন কনিষ্টবলৰ কথাৰ ভুনভুননি। কুকুৰ দুটামানেও বৰকৈ ভুকিছে৷ কুকুৰৰ ভুকভুকনিত লাৱনি সাৰ পাই খকমকাই উঠি বহিল৷ এজনে মুখখন বন্ধা গধুৰ বস্তা এটা চোঁচৰাই নিবলৈ যত্ন কৰিছে৷ দুপৰীয়াৰ পৰাই সেই বস্তাটো থানাৰ আগফালেই পেলাই থৈছিল৷ এজন পুলিচে সৰু কাগজৰ টুকুৰা এটাত কিবা একলম লিখি কনিষ্টবলজনক দিলে৷ কাগজৰ টুকুৰাটো জেপত ভৰাই তেওঁ বস্তাটো চোঁচৰাই লাৱনিৰ সন্মুখেদিয়ে লৈ গ’ল৷ পনপনাই ফুৰা কুকুৰ দুটাই ভুকি ভুকি পিছ ল’লে৷ লাৱনিয়ে বহা ঠাইৰ পৰা আঁঠুত ভেজা দি থানাৰ ফালে অকণমান আগবাঢ়ি গ’ল৷ মূৰটো হেলনীয়া কৰি ভিতৰলৈ চাওঁতে দেখিলে ৰেলৱে আৰক্ষী বিষয়া এজন টেবুলখনতে মূৰটো পেলাই শুইছে৷ কাষতে আন এজনে বহী এখনত কিবা লিখি আছে৷ এজনী মাতৃৰ চকুৱে সন্তানৰ প্ৰতি চিন্তিত হৈ কিদৰে হাবাথুৰি খায়, সেয়া কেৱল মাতৃয়েই বুজি পায়৷ এই মাজৰাতি লাৱনিৰ চকুজুৰিয়েও হয়তো ৰিকুকে বিচাৰি ফুৰিছে, কিন্তু ৰিকুৰ কোনো খবৰ নাই! আমনজিমনকৈ তাৰ পৰা ঘূৰিবলৈ লওঁতেই অকণমান আঁতৰত কুকুৰ এটাৰ ভুকভুকনি শুনি কিয় ইমান ভুকিছে বুলি চাওঁতেই দেখে যে কুকুৰটোৰ মুখত পুৱা ৰিকুক কুকুৰে কামোৰোঁতে ভৰিত বান্ধি দিয়া তাইৰ ফটা শাৰীৰ টুকুৰাটো৷ কুকুৰটোও হয়তো সেইটোৱেই আছিল৷ লাৱনিয়ে বেগেৰে গৈ ছেই ছেই বুলি কুকুৰটোক খেদি কাপোৰখন সামৰি লৈ ইফালে-সিফালে চাই ‘ৰিকু ৰিকু’ বুলি মাতেহে মাতে, কিন্তু সকলো নিস্তব্ধ!

সময় পাখি লগা কাঁড়ৰ দৰে। ৰিকুৰ অনুপস্থিতিত একেই হেতা-ওপৰাৰে এটা দিন বাগৰি গ’ল৷ পুৱা ৯ বাজোঁ বাজোঁ, অনিল দুৱৰাই লাল সিঙৰ দোকানত সোমাই পাউৰুটিৰ পেকেট এটা হাতেৰে তুলি লওঁতেই চাহ উতলাই থকাৰে পৰা লাল সিঙে মাত দিলে— ‘কালি আপুনি ইয়াত নাছিল নেকি ছাৰ?’
—‘নাই অ, মই জৰুৰী কাম এটাত হেড অফিচলৈ যাব লগা হ’ল৷ লাহে লাহে চাকৰি জীৱনটোৰো সামৰণি পৰিবৰ হৈছেহি নহয়। চাওঁ দে, পাউৰুটি এটা বান্ধি দে৷ এই সময়খিনিত সেইকেইটাই এই পাউৰুটিটোৰ বাবেই আশা কৰি বহি থাকে।’
—‘সিহঁত বুলিবলৈ মাকজনীহে এতিয়া৷’
—‘মানে?’
—‘পৰহি কুট্টাই কামোৰা ভৰিৰ সৈতেই ল’ৰাটোক লেঙেৰাই লেঙেৰাই পেচেঞ্জাৰ মেইলত অকলে উঠা দেখিছিলো৷ পাছত গম পালো, ট্ৰেইন এৰি দিয়াত কোনোবা পেচেঞ্জাৰৰ পৰা খোৱাবস্তু থপিয়াই ট্ৰেইনৰ পৰা জপিয়াই দিওঁতেই তলত সোমাল৷ পুলিচে দিনৰ দিনটো লাচটো বস্তাতে বান্ধি আগফালে পেলাই থৈছিল।’

কথাবোৰ শুনি খন্তেকৰ বাবে দুৱৰাই যেন সম্বিৎ হেৰুৱাই পেলালে৷ নিজৰ কাণ দুখনকে যেন বিশ্বাসত ল’ব নোৱাৰিলে তেওঁ৷ এটা পলো আৰু তাত ৰৈ নাথাকি লৰালৰিকৈ সিহঁত থকা ঠাইখিনিলৈ বুলি বেগাই গৈ দেখে কুকুৰ দুটাই লাৱনিহঁতৰ পলিথিনবোৰ কামুৰি ফালি-চিৰি পেলাই সেই পলিথিনবোৰৰ পৰাই পাউৰুটি এটা খুচৰি উলিয়াই কামুৰি-জিমুৰি খাই আছে আৰু লাৱনিয়ে কাষতে ৰিকুৰ তেজ লাগি থকা ফটা শাৰীখনকে মোহাৰি-সামৰি বুকুতে লৈ শুই আছে৷ গভীৰ নিদ্ৰাত তাই। তাইক জগাবলৈ বা আন দিনাৰ দৰে ধমকি দি কিবা এটা ক’বলৈকো যেন দুৱৰাই মুখৰ সকলো শব্দ হেৰুৱাই পেলালে৷ কি বুলি ক’ব, কাক ক’ব!

📚 | অধিক গল্প:

পাউৰুটি | চুটিগল্প | গীতালি কেওট বৰা
Follow Nilacharai on Instagsram