এ কবিংশ শতিকাৰ দ্বিতীয় দশকটোত চিন্তামূলক গদ্য ৰচনাৰে অসমৰ সমাজ জীৱনৰ উত্তৰণত যিসকল লেখকে বলিষ্ঠ ভূমিকা আগবঢ়াই আহিছে, সেইসকলৰ ভিতৰত টুনুজ্যোতি গগৈ নিঃসন্দেহে অন্যতম গুৰুত্বপূৰ্ণ লেখক। ইতিহাস আৰু সমাজ জীৱনক কৰা সূক্ষ্ম পৰ্যৱেক্ষণ আৰু নিৰপেক্ষ বিচাৰ-বিশ্লেষণৰ বাবে গগৈৰ লেখা পাঠকৰ প্ৰিয়। তেওঁৰ গদ্যৰ ভাষা স্পষ্ট আৰু বাহুল্যবৰ্জিত।
নতুন সমাজ এখনৰ নিৰ্মাণত অহৰহ ব্ৰতী লেখকে নতুন সমাজখনৰ বাবে প্ৰয়োজনীয় বুলি ভবা কথাবোৰকেই তেওঁৰ সূক্ষ্ম বিশ্লেষণী শক্তিৰে বিচাৰ কৰি পাঠকৰ আগত প্ৰকাশ কৰে। তেওঁৰ এনে চিন্তা-চেতনাৰেই উৎকৃষ্ট ফচল— ‘আমাৰ অসম: সপোন, বাস্তৱ আৰু সংগ্ৰাম’ নামৰ গ্ৰন্থখন। বিভিন্ন কাকত, আলোচনী আৰু সামাজিক মাধ্যমত বিভিন্ন সময়ত প্ৰকাশ পাই অহা গগৈৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ একত্ৰ সংকলন এই গ্ৰন্থ। গ্ৰন্থখনত মুঠ বাৰটা প্ৰবন্ধ অন্তৰ্ভুক্ত কৰাৰ লগতে পৰিশিষ্ট অংশত আপেক্ষিকভাৱে কিছু চুটি আন ছটা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে। আটাইকেইটা প্ৰবন্ধই লেখকৰ শক্তিশালী চিন্তন-মনন আৰু বিশ্লেষণ ক্ষমতাৰ প্ৰকাশ ঘটাইছে।
‘অসমীয়া জাতি আৰু জাতীয়তাবাদ: উদ্ভৱ আৰু বিকাশ’ গ্ৰন্থখনৰ প্ৰথমটো অধ্যায়। অধ্যায়টোৰ আৰম্ভণিতে লেখকে অসমীয়া জাতিৰ সংজ্ঞা নিৰূপণৰ প্ৰয়াস কৰিছে। দৰাচলতে অসমীয়া জাতিৰ সংজ্ঞা নিৰূপণ যে সহজ কথা নহয়, সেয়া লেখকেও স্বীকাৰ কৰিছে। এই ক্ষেত্ৰত লেখকে ১৯৮৫ চনৰ ১৫ আগষ্টত সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পাদন কৰা ‘অসম চুক্তি’ৰ ষষ্ঠ দফাৰ এষাৰ বাক্যক স্মৰণ কৰিছে— ‘Constitutional, legislative and administrative safeguards, as may be appropriate, shall be provided to protect, preserve and promote the cultural, social and linguistic identity and heritagse of the Assamese people’।
আনহাতে অসমীয়া জাতিৰ সংজ্ঞা বিচাৰি তেওঁ অসমত আহোমসকলৰ আগমনৰ প্ৰসংগও টানি আনিছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিদৰে অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয় লোকৰ অৰিহণা অপৰিহাৰ্য, ঠিক সেইদৰে পোন্ধৰ শতিকাত জন্মগ্ৰহণ কৰা শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ চেতনায়ো অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক যে ত্বৰান্বিত কৰি তুলিছিল, সেই কথা অধ্যায়টোৱে স্পষ্ট কৰিছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো এক দীৰ্ঘ সময়ৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠা প্ৰক্ৰিয়া যদিও অসমীয়া জাতীয়তাবাদৰ ধাৰণাটো আপেক্ষিকভাৱে বহুত পাছতহে গঢ় লৈ উঠিছে। এই সম্পৰ্কত তেওঁৰ মত— ‘অসমত ব্ৰিটিছ শাসন প্ৰৱৰ্তন হোৱাৰ আগলৈকে অসমীয়া জাতীয়তাবাদৰ উদ্ভৱ হোৱাই নাছিল।’ (পৃ. ১৪)
অসমত ঔপনিৱেশিকতাৰ বিৰুদ্ধে অসমৰ সৰ্বসাধাৰণে বিদ্ৰোহ কৰিবলৈ যাওঁতেহে যে অসমত পোনপ্ৰথমে জাতীয়তাবাদৰ উদ্ভৱ হৈছিল, সেই কথা লেখকে এই অধ্যায়ত স্পষ্টকৈ উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত বৃটিছ প্ৰশাসনৰ বৈষম্যমূলক ৰাজনীতিৰ প্ৰতিবাদ কৰিবলৈ গঢ় লৈ উঠা ৰাইজমেলবোৰ, জাতীয় চেতনা সৃষ্টিৰ উদ্দেশে গঠিত ৰায়ত সভা আৰু সাৰ্বজনিক সভাবোৰ, ইংৰাজী ভাষাৰ প্ৰসাৰ-প্ৰচলন, কটন কলেজৰ স্থাপন, আসাম এচ’ছিয়েছন (১৯০৩)ৰ জন্ম আদিয়ে সৰ্বতোপ্ৰকাৰে অসমীয়া জাতীয়তাবাদ গঢ়ি তোলাত অৰিহণা যোগালে। অৱশ্যে বহু সংঘাত-সংগ্ৰাম আৰু পৰিৱৰ্তনৰ মাজেদি যে এই অসমীয়া জাতি আৰু জাতীয়তাবাদৰ ধ্বজা আগবাঢ়িছে, সেই কথাও এই অধ্যায়টোৱে স্পষ্ট কৰে।
গ্ৰন্থখনত অন্তৰ্ভুক্ত দ্বিতীয়টো প্ৰবন্ধ হৈছে— ‘অসমীয়া জাতিসত্তা গঠনৰ পটভূমি আৰু ত্ৰুটি-বিচ্যুতি’। এই প্ৰবন্ধটোৱে লেখকৰ ইতিহাস সচেতন আৰু গৱেষণাধৰ্মী মনটোৰ পৰিচয় বহন কৰিছে। কোনো এটা জাতিৰ জাতীয় সত্তাটো একেদিনাই গঢ় লৈ নুঠে, বৰঞ্চ নানা ধৰণৰ গ্ৰহণ-বৰ্জন আৰু সংগ্ৰামৰ মাজেদিহে জাতিসত্তা একোটা গঢ় লৈ উঠে। অসমীয়া জাতিসত্তাও ইয়াৰ ব্যতিক্ৰম নহয়। অসমীয়া জাতিসত্তা গঠনৰ এই ঐতিহাসিক পৰিক্ৰমাক লেখকে এই প্ৰবন্ধত খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। সমান্তৰালভাৱে অসমীয়া জাতিসত্তা গঠনৰ ত্ৰুটি-বিচ্যুতিৰ সম্পৰ্কেও লেখকৰ তথ্যসমৃদ্ধ চিন্তা প্ৰকাশিত হৈছে।
‘অসমীয়া জাতীয়তাবাদ আৰু গোষ্ঠীচেতনা’ গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা তৃতীয়টো প্ৰবন্ধ। এই প্ৰবন্ধটোত অসমীয়া জাতীয়তাবাদৰ সমান্তৰালভাৱে অসমত কিদৰে গোষ্ঠীচেতনাও ক্ৰমাৎ প্ৰকট হৈ উঠিল, সেই সম্পৰ্কত বিচাৰ-বিশ্লেষণ কৰা হৈছে। এই ক্ষেত্ৰত লেখকে ঐতিহাসিক দৃষ্টিকোণেৰে ইয়াৰ ইতিবাচক আৰু নেতিবাচক বিভিন্ন দিশৰ কথা উল্লেখ কৰিছে আৰু পূৰ্বৰ বিভিন্ন ভুল-ত্ৰুটিক শুধৰাই নতুন প্ৰজন্মক এক উদাৰ অসমীয়া জাতিসত্তা গঢ়ি তুলিবলৈ আহ্বান জনাইছে: ‘য’ত জাত-পাতৰ ভিত্তিত বিশেষ মৰ্যাদা বা অধিকাৰৰ দাবী কোনেও কৰিব নোৱাৰিব, য’ত ব্যক্তিগত-মৌলিকতা-প্ৰতিভা আদিৰ জৰিয়তেহে মানুহে নিজৰ মৰ্যাদা সাব্যস্ত কৰিব পাৰিব।’ (পৃ. ৪৮)
‘বিহু হওক জাতি গঠনৰ মঞ্চ’ প্ৰবন্ধটোত লেখকে বিহুৰ উৎপত্তিৰ সম্পৰ্কত কিছু ব্যাখ্যা-বিশ্লেষণ কৰাৰ উপৰিও অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে স্বকীয় সাংস্কৃতিক পৰম্পৰা বৰ্তাই ৰাখিও বিহু উৎসৱ কিদৰে পালন কৰি আহিছে, সেই সম্পৰ্কে উল্লেখ কৰিছে। বিহুৱেহে যে দৰাচলতে বৃহত্তৰ অসমীয়া সমাজ জীৱনক একতাৰ ডোলেৰে বান্ধি ৰাখিছে বা ৰাখিব, সেই কথা লেখাটোত স্পষ্ট হৈছে। বিংশ শতিকাৰ শেষৰফালে দেশত আৰম্ভ হোৱা অৰ্থনৈতিক উদাৰীকৰণ, শিপা বিচ্ছিন্ন মধ্যবিত্ত শ্ৰেণীটোৰ ব্যক্তিকেন্দ্ৰিকতা আৰু ভোগবাদী মানসিকতাই বিহুৰ ক্ষেত্ৰত কঢ়িয়াই অনা সংকটৰ কথাও লেখকে উল্লেখ কৰিছে।
অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকে ন্যায্য অধিকাৰৰ বাবে কৰা দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ প্ৰসংগটোক ঐতিহাসিক দৃষ্টিকোণেৰে বিচাৰ-বিশ্লেষণ কৰিছে ‘অসমৰ জনগোষ্ঠীসকলৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম’ শীৰ্ষক প্ৰবন্ধত। অৱশ্যে পৃথক ৰাজ্য লাভ কৰাৰ পাছত আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা মধ্যভোগী শ্ৰেণীটোৱেই যে ব্যক্তিগতভাৱে আটাইতকৈ লাভাৱান্বিত হয় আৰু বেছিসংখ্যক জনসাধাৰণেই যে সামগ্ৰিক বিকাশৰ সুবিধা নাপায়, সেই কথাও লেখকে অতি স্পষ্টভাৱে উল্লেখ কৰিছে।
উপৰিউক্ত প্ৰবন্ধকেইটাৰ উপৰিও অন্যান্য বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ গ্ৰন্থখনত অন্তৰ্ভুক্ত হৈছে। প্ৰবন্ধবোৰে পাঠকক নতুন চিন্তাৰ খোৰাক দিব বুলি ভবাৰ অৱকাশ আছে। গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনে সমাজৰ বিভিন্ন ঘটনা-পৰিঘটনাবোৰক নতুন ধৰণে বুজিবলৈ, নতুন দৃষ্টিকোণেৰে চাবলৈ পাঠকক সহায় কৰিব বুলি ন দি ক’ব পাৰি।
আমাৰ অসম: সপোন, বাস্তৱ আৰু সংগ্ৰাম
লেখক: টুনুজ্যোতি গগৈ
প্ৰকাশক: পূৰ্বায়ণ প্ৰকাশন, গুৱাহাটী
প্ৰথম প্ৰকাশ: ২০১৯
মূল্য: ১৪০ টকা
ISBN: 978-93-88593-03-8
❧ | আৰু পঢ়ক: