উ ৎকণ্ঠা বাঢ়ে, হুমুনিয়াহ নিগৰে, মাজে মাজে গাৰ নোম শিয়ৰি উঠে আৰু কোনোবা মুহূৰ্তত এচাম পুৰুষ/নাৰীৰ নিকৃষ্ট মানসিকতা তথা স্বাৰ্থপৰতাৰ প্ৰতি খং-ক্ষোভত গাৰ তেজ উতলি উঠে! উপন্যাসৰ পাত যিমানে লুটিয়াই আগবাঢ়ি গৈ থকা যায়, সিমানেই মানুহৰ প্ৰতি বিশ্বাস-অবিশ্বাসৰ সূতাডালত আউল লাগে৷
হয়, এয়া বিশিষ্ট ঔপন্যাসিক ৰক্তিম শৰ্মাৰ উপন্যাস ‘নাং বাৰে ৰিবাৰে’ পঢ়ি থকা সময়ৰ অনুভৱ! ঔপন্যাসিকে উপন্যাসখনৰ নামটো সম্পৰ্কত পাতনিত উল্লেখ কৰা মতে অসমৰ অন্যতম জনগোষ্ঠী ৰাভাসকলে মৃতকৰ আত্মাক সুঁৱৰি গোৱা ফাৰকান্তি গীতৰ এটি কলি— নাং বাৰে ৰিবাৰে৷ আক্ষৰিক অৰ্থত— তুমি আকৌ উভতি আহাঁ। সোতৰ শতিকাত বিশাল মোগল আক্ৰমণৰ সন্মুখত কেতিয়াও দাসত্ব স্বীকাৰ নকৰা ৰাভাসকল, ইতিহাসৰ উপেক্ষিত অসমৰ এজন জনজাতীয় ৰজা পৰশুৰামৰ আপোচহীন সংগ্ৰামৰ পটভূমিত ৰচিত এই উপন্যাসখন ৪৫৭ পৃষ্ঠাৰ এখন মহাকাব্যিক শৈলীৰ উপন্যাস৷ প্ৰাক্ স্বাধীনতা কালৰ এই উপন্যাসখনৰ পটভূমি গোৱালপাৰা জিলাৰ পঞ্চৰত্ন, শোলমাৰীৰ পৰা ৰংজুলিলৈকে। উপন্যাসখনৰ আৰম্ভণিতে সমস্ত ঘটনাৰ সাক্ষ্য বহন কৰিছে উপন্যাসখনৰ এক অনন্য চৰিত্ৰ অৰ্থাৎ কাহিনীৰ সূত্ৰধাৰ— গাৰো পাহাৰৰ সীমান্তৱৰ্তী এখন গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া গয়াৰামে৷ চমুকৈ ক‘বলৈ গ‘লে, উপন্যাখনৰ কাহিনী গয়াৰামৰ মুখতেই আৰম্ভ হৈ গয়াৰামৰ মুখতেই সমাপ্তি ঘটিছে৷
ৰাভাসকলৰ সমাজ জীৱন, আচাৰ-নীতি, লোকগীত, লোক বিশ্বাস, লোক পৰম্পৰাৰ মাজেৰেই আগবাঢ়িছে উপন্যাসখনৰ মূল কাহিনীভাগ৷ ভাষা অতি ৰসাল। মোগল আক্ৰমণৰ বাবে সাম্ভুৰাজ পৰশুৰামৰ নেতৃত্বত গঢ় লোৱা প্ৰতিৰোধ সংগ্ৰামৰ বিৱৰণ লেখকে থলুৱা ভাষাৰে অতি মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে৷
উপন্যাসনত প্ৰকাশ পোৱা প্ৰাকৃতিক পৰিৱেশ অতি মনোৰম৷ উপন্যাসখনৰ আৰম্ভণিতে আছে— ‘ফাগুনৰ এটি দুপৰীয়া৷ সৰাপাতেৰে ভৰি পৰিছে অৰণ্যখন৷ মাজে মাজে বতাহজাকে পাহাৰখনৰ গাত পাক খাই পুনৰ উবুৰি খাই পৰিছে সমতল ভূমিডৰাত৷ শালনিখনৰ কাষেৰে যোৱা চিকুণ বাটটোত দুপৰীয়াৰ ৰ‘দে যেন ফুল বাচিছে৷… সোণগুটি চপোৱাৰ পাছত যেন উদাস হৈ পৰিছে পথাৰখন৷ পথাৰখনৰ কাষেৰে বৈ যোৱা শিলাময় সৰু জুৰিটিত শামুক বুটলিছে বুকুত মেঠনি মৰা কেইগৰাকীমান তিৰোতাই৷…’
উপন্যাসখনৰ এটা প্ৰধান বৈশিষ্ট্য হ‘ল ভাষাৰ সাৱলীলতা৷ চৰিত্ৰৰ মুখত থলুৱা ভাষাৰ ব্যৱহাৰে উপন্যাসখনৰ মৰ্যাদা দুগুণে চৰাইছে৷ ঠায়ে ঠায়ে স্থানীয় ৰাভা ভাষাই উপন্যাসখনৰ ঠাই দখল কৰিছে৷ নিদৰ্শন স্বৰূপে অৰণ্যৰ মাজত অচিনাকি নিৰ্বোকা বামুণক দেখি শামুক বুটলি থকা তিৰোতাকেইগৰাকীমানে কৌতূহলেৰে নিজৰ মাজতে কথা পাতিছে—
‘উই বাই, হোৰা মানু একটা আহিবা লাগিছে৷ কায় বা আৰো!’
‘নাজানং বাই, আমাৰ মানু হেনা লাগা নাইকা৷’
‘দেখেক, কেংকা কৰি দেখিবা লাগছে! ভয় নালাগে তে?’
‘কিহেৰ ভয়? দিগদাৰ কৰিলে দাও দিয়া কাটিম৷’
‘খেনা মানু হব নিকি বাই৷ আমাৰ এতেৰ মানু নাহয় হেনা পাং৷’
‘বাঙাল হেনাও লাগে ৰে!’
কথাখিনিৰ মাজেৰে সেই গাঁৱলীয়া তিৰোতাসকলৰ সহজ-সৰল মনৰ পৰিচয় পোৱা যায়৷ ইয়াৰ উপৰি গাৰোসকলক নেতৃত্ব দিয়া অন্য এক গুৰুত্বপূৰ্ণ চৰিত্ৰ তাহানাৰ মুখৰ ভাষা এনেধৰণৰ— ‘ঐ বাঙাল, আমি লাগা কাৰ লগত মিলে নিমিলে আমাৰ লাগা কথা৷ ৰাস্তা চাৰি দে, নহলে হাতীদি পাৰাই কিনা যাব আমি লাগা৷’ আনহাতে উপন্যাসখনত প্ৰকাশ পোৱা মোগল বিষয়াৰ মুখৰ ভাষাৰ এক অন্য ৰূপ পৰিলক্ষিত হয়৷ ফটে জঙ্গেই মিৰ্জা নাথানক কোৱা এটি সংলাপ— ‘আপনাৰ মত বাহাদুৰেৰ মুখে তো শোভা দেয়না মিৰ্জা৷ আপনি বৰ্ষাকাল আৰম্ভ হোৱাৰ পূৰ্বেই ৰাঙ্গামাটি চলে যান৷ দক্ষিণকূলেৰ শাহী জমিতে গিয়ে নিয়মিত বাহিনীৰ তাবু গাৰেন৷ তাৰপৰ তবদীৰ প্ৰস্তুত কৰেন৷ এখনো আপনাৰ হাতে অসংখ্য সময় ৰয়েছে৷’
ঔপন্যাসিকে অতি কৌশলেৰে কাহিনীৰ চলেৰেই গাঁৱলীয়া স্থানীয় ৰাভা তিৰোতাসকলৰ মুখেৰে নিগৰাইছে ৰাভা ভাষাতে কেতবোৰ লোক সংগীত৷ উদাহৰণস্বৰূপে শামুক বুটলি থকা তিৰোতাসকলৰ মুখেৰে নিগৰিছে—
‘মুকালিৰ পথাৰত শামুক জেও জেও৷
ছা’ৱা নাই পোকা নাই
কায় পূজিব দেও৷৷
মাছ মাৰং চুপুক-চাপাক
উঠিল পকা-শোল৷
মাছ মাৰংতে খহি পৰিল
কঁয়া নাকৰ ফুল৷৷’ (পাতি ৰাভাসকলৰ গীত)
ছাথাৰ নৃত্যত গুৰফাঙৰ চোতালত কোনো কোনোৱে ৰংদানী ৰাভা ভাষাত চিঞৰি চিঞৰি গাইছিল—
‘বছৰ পিদান ৰিবিদাং
বায়খো মনি কিয়া
নাঙি কাথা মনি কিদং ছালে,
আমে টঙা জাংছাৰে আমে টেঙা
জাংছা-হুৰছয়-হুৰছয়।…’
(নতুন বছৰ পৰিলে তোমালৈ মোৰ মনত পৰে, তেতিয়া আৰু অলপো থিৰে থাকিব নোৱৰা হওঁ।)
ইয়াৰ ওপৰিও মেচ-মুচলমান গাঁৱত মাউত-ফান্দীৰ মুখেৰে নিগৰা হাতী চটোৱা গীতেও উপন্যাসখনত উজ্জ্বল অলংকাৰৰ দৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰি পাঠকৰ মনোযোগ আকৰ্ষণ কৰিছে৷ উপন্যাখনত উল্লেখিত হাতী চটোৱা এটি গীতৰ নিদৰ্শন—
‘আল্লা আল্লা বালোৰে ভাই আল্লা ৰচুল৷
কোন পাহাৰেৰ হাতী ৰে ভাই হায় আল্লা ৰচুল৷
কোন ফান্দীৰ ধৰা ৰে ভাই হায় আল্লা ৰচুল৷
গাৰো পাহাৰেৰ হাতী ৰে ভাই হায় আল্লা ৰচুল৷’
এনেদৰে গীত-মাতৰ উপৰিও সামাজিক অনুষ্ঠান, লোক বিশ্বাস, পুৰণি দিনৰ অপসংস্কৃতি একো একোটাৰ ধাৰণাও উপন্যাসখনৰ মাজে মাজে লেখকে য’তেই সুযোগ পাইছে তাতেই প্ৰকাশ কৰিছে৷ বিশেষকৈ মানুহৰ গাত দেওধনী উঠা, ডাইনী লম্ভা, তন্ত্ৰ-মন্ত্ৰৰ বলত মানুহৰ ৰূপ সলনি কৰা আদিৰ চিত্ৰই সেই সময়ৰ মানুহৰ চিন্তা, সমাজ ব্যৱস্থাৰ কথাকে উনুকিয়ায়৷ উপন্যাসখনত চিত্ৰিত ডাইনী বুলি কামেশ্বৰী বুঢ়ীক কৰা মানসিক অত্যাচাৰ, কামেশ্বৰীৰ মৃত্যু, কইনাৰ অনিচ্ছাসত্তেও জোৰ কৰি ধৰি কইনাৰ মূৰত তেল ঢালি সেন্দূৰ লগাই দি মন্ত্ৰ মতা আদি অনীতি, সামাজিক প্ৰথা অতিকৈ পুতৌলগা৷
কাহিনীৰ মূল চৰিত্ৰ পৰশুৰাম কেৱল এজন বীৰ যোদ্ধাই নহয়, অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটৰ সৰ্বকালৰ এজন প্ৰতিনিধি হিচাপে পাঠকৰ চিন্তাত ঠাই ল’ব পৰাকৈ ঔপন্যাসিকে চিত্ৰিত কৰিছে৷ নিজৰ অধিকাৰৰ বাবে অতীজৰে পৰা সময়ে সময়ে সংঘৰ্ষ, বিশ্বাসঘাটকতা, প্ৰৱঞ্চনাৰ বলি হোৱা প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ স্বাভিমানৰ যেন এক সৰ্বকালীন প্ৰতীক পৰশুৰাম৷ উপন্যাসখনত প্ৰকাশ পোৱা ৰজা বীৰ পৰশুৰামে মোগলৰ আক্ৰমণৰ প্ৰতিৰোধকল্পে গঢ়ি তোলা সংগ্ৰামী ৰণকৌশল, সামাজিক, ৰাজনৈতিক সচেতনতাই উপন্যাসখনক এক বিশেষ গাম্ভীৰ্য প্ৰদান কৰিছে৷ সম্ভূৰাজৰ মুখেৰে নিগৰা প্ৰায়বোৰ বীৰত্ব প্ৰকাশক বচনে হৃদয় চুই গৈছে—
‘যুদ্ধৰ বাবে কেৱল অস্ত্ৰই প্ৰধান নহয়৷ বাঁহৰ ফাল ব্যৱহাৰ কৰিব জানিলেও অস্ত্ৰ হয়৷ মাত্ৰ তাৰ বাবে সাহস আৰু অভ্যাস লাগে৷’
‘যুদ্ধ কেৱল টোপ আৰু তৰোৱালেৰে যুঁজা নাযায় সোণাৰাম৷ যুদ্ধৰ মূল কথাই হ’ল যুদ্ধ জিকিবলৈ দৃঢ় মন, প্ৰস্তুতি আৰু শত্ৰুক ছলনা কৰিব পৰা দক্ষতা৷’
কেইবাটাও চৰিত্ৰই উপন্যাসখনত নিজৰ দেশৰ প্ৰতি, ৰজাৰ প্ৰতি আনুগত্য, প্ৰেম, কৰ্তব্যনিষ্ঠাৰে পাঠকৰ সহানুভূতি পাবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে দেশদ্ৰোহী, বিশ্বাসঘাটক চৰিত্ৰৰ প্ৰতিও পাঠকৰ মনত নিন্দা আৰু ঘৃণাৰ ভাব জগাই তুলিছে৷ উপন্যাসখনৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ হ’ল— ইয়াত দেশৰ বাবে পুৰুষৰ সমানে সমানে নাৰীয়েও হাতত অস্ত্ৰ তুলি লৈছে৷ মোগলৰ দৰে শক্তিশালী শত্ৰুৰ বিৰুদ্ধে যুঁজাৰ সাহস, উৎকণ্ঠা পুৰষৰ সমানে নাৰীসকলৰো৷ কোনোবা মুহূৰ্তত নাৰীৰ দুৰ্বল মনটোৱে কোনো কোনো মহিলাক দোমোজাত পেলাইছিল যদিও নাৰী শক্তিৰ প্ৰতিনিধিত্বত থকা ৰঙীলাই নিজৰ শব্দ-বলেৰে আন নাৰীসকলকো সাহসী আৰু সবল কৰি তুলিছিল৷ ৰঙীলা— দুখ-বেদনা-প্ৰতিশোধৰ দাবানলত পুৰি পুৰি সোণ হৈ জিলিকি থকা এটি মুখ্য চৰিত্ৰ৷
ত্যাগ, মমতা, কৰ্তব্য, প্ৰেম, আবেগেৰে ভৰা ৰাণী সম্পাত্তি চৰিত্ৰটিয়েও পাঠকক আবেগিক কৰি তোলে৷ জংঘলত মৰি থকা চৰাইকেইটা দেখি দুখত ম্ৰিয়মান হৈ পৰা সম্পাতিয়ে হুকহুকাই কান্দি কান্দি ফাৰকান্তি গোৱা বৰ্ণনায়েই দিয়ে ৰাণী সম্পাত্তিৰ সকলো জীৱৰ প্ৰতি থকা মোহ, প্ৰেমৰ উমান; এগৰাকী উদাৰ আৰু সৰল মনা নাৰীৰ পৰিচয়৷ উপন্যাসখনত আদিৰ পৰা অন্তলৈকে ঠায়ে ঠায়ে ৰাণী সম্পাত্তিৰ ত্যাগ চিত্ৰিত হৈছে, যিয়ে উপন্যাসখনক এক সফল পৰিণতি দিছে৷
সময়ে সময়ে একো একোজন দেশদ্ৰোহী, মতলবী বা নিজ স্বাৰ্থৰ বাবে মোগলক সহায় কৰা নিৰ্বোকা বামুণ, বদৰি দাস, বলভদ্ৰ দাস আদিৰ দৰে চৰিত্ৰৰ ৰূপায়ণে পাঠকৰ মনোযোগ বঢ়াই তুলিছে৷ যিমানেই পৃষ্ঠাবোৰ লুটিয়াই আগবঢ়া হয়, সিমানেই মনৰ উদ্বিগ্নতা বাঢ়ে, কেৱল বাঢ়ে৷ দেশদ্ৰোহী, গদ্দাৰ জাম্বুৰা আৰু জেঠুৰামৰ শাস্তিৰ যি বিৱৰণ— অত্যন্ত ভয়লগা…! মোগল সেনাৰ অত্যাচাৰ-আসুৰিকতাই অসহায় অৱস্থাত জামিলাৰ যি দুৰ্গতি কৰিলে, সেই বিৱৰণে গাৰ নোম শিয়ৰাই তোলে!
ঔপন্যাসিকে উপন্যাসখনৰ প্ৰায় পৃষ্ঠাতে পঢ়ুৱৈসকলে ৰাভা ভাষাৰ কিছুমান শব্দৰ বিষয়ে অৱগত হ’ব পৰাকৈ উপস্থাপন কৰিছে৷ যেনে: বুঢ়া-বুঢ়ী শোৱা কোঠা— নোকচুংকায়, ল’ৰা-ছোৱালী শোৱা কোঠা— তোকলাব, ধানৰ টোম ৰখা কোঠা— মায়ঝাম, পূজাঘৰ— বুদাবাবায়, জোঙ্গা মদ মজুত কৰি ৰখা কোঠা— তোগ্ৰাব, ৰিহা— কাম্বু, কাণৰ কেৰু— নামব্ৰি, আঙঠি— চাছিতাম আদি৷ লগতে ৰাভা সমাজত পুৰুষ-নাৰীয়ে পৰিধান কৰা সাজ-পোছাক, অলংকাৰ আদিৰ বিষয়েও বৰ্ণনা আগবঢ়োৱা হৈছে৷
উপন্যাসখন পঢ়ি যাওঁতে শেষৰফালে বুকুখন কিবা এটা অবুজ বেদনাই হেচি ধৰে৷ বিশ্বাসঘাটকতাই পৰাজিত কৰা ধীৰ-গম্ভীৰ, ওখ-পাখ, প্ৰজাবৎসল বীৰ পৰশুৰামক মোগল সেনাপতি মিৰ্জা নাথানে পৰাস্ত কৰি পৰিয়ালসহ বন্দী কৰি মৃত্যুৰ দুৱাৰডলিলৈ লৈ গৈ থকা সেই মৰ্মান্তিক দৃশ্য বৰ্ণিত হৈছে এনেদৰে— ‘মোগল সৈন্যই পৰশুৰামক বন্দী কৰি লৈ গৈ আছে। শিৰ ওখ কৰিয়েই খোজ কাঢ়িছিল সাম্ভুৰাজ পৰশুৰামে। সেই একেই ৰাজকীয় শৌৰ্য। ৰাণী সম্পাত্তিয়ে দুই ৰাজপুত্ৰ ৰূপাই আৰু ৰঙাইক দুহাতেৰে হাতত ধৰি আগবাঢ়িছে। নাই কোনো আক্ষেপ৷ নাই কোনো হুলস্থূল, চিঞৰ-বাখৰ বা কান্দোন। যেন ৰজাই সকলো ত্যাগ কৰি নিজৰ পৰিয়ালক লৈ সন্ন্যাস ল’বলৈ আগবাঢ়িছে। পিছফালে এৰি থৈ গৈছে তেওঁৰ ছাই হৈ যোৱা ৰাজহাউলি।…’
অনিশ্চিত পথেৰে আগবঢ়া সেই যাত্ৰাই আছিল পৰিয়ালসহ পৰশুৰামৰ শেষ যাত্ৰা৷ উপন্যাসখনত ৰঙীলা আৰু নালংগাৰ প্ৰেমে মনেকাৰ উপস্থিতিত খন্তেকৰ বাবে নিজৰ গতি সলাইছিল যদিও ঔপন্যাসিকে অতি দক্ষতাৰে এক সঠিক পৰিণতি দিয়াত সফল হৈছে৷ মনেকা চৰিত্ৰটিকো ঔপন্যাসিকে সবল চিন্তা-চেতনাৰে উপস্থাপন কৰিছে৷
নিসন্দেহে এগৰাকী পঢ়ুৱৈৰ মনত ইমান প্ৰভাৱ পেলাব পৰাটো লেখকৰ দক্ষতা৷ ঔপন্যাসিক হিচাপে ৰক্তিম শৰ্মাৰ সাফল্যক এই উপন্যাসখনে নিশ্চিতভাৱে ধাৰণ কৰিছে।
নাং বাৰে ৰিবাৰে (উপন্যাস)
লেখক: ৰক্তিম শৰ্মা
প্ৰকাশক: অৰুনোদই প্ৰকাশন, গুৱাহাটী
বেটুপাত: মনোজ কুমাৰ মহন্ত, মদন ৰাভা
ISBN: 978-93-85337-30-7
❧ | আৰু পঢ়ক: