অৰৱিন্দ কেজৰিৱালৰ বাবেও ভোটৰ ৰাজনীতিয়েই শেষ কথা

অৰৱিন্দ কেজৰিৱালৰ বাবেও ভোটৰ ৰাজনীতিয়েই শেষ কথা
  • 28 Oct, 2022

লা লুপ্ৰসাদ যাদৱ তেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী৷ এবাৰ আমেৰিকা ফুৰি অহাৰ পাছত সাংবাদিকে সুধিলে— আপুনিনো তাত কি কি দেখিলে, কি নতুন কথা শিকিলে? লালুপ্ৰসাদে কʼলে— বাকী সকলো বাদ দিলো, কিন্তু এটা কথাইহে মোক বৰ আচৰিত কৰিলে৷ সাংবাদিকে সুধিলে— কি কথা? ভাবুক মুখেৰে লালুপ্ৰসাদে কʼলে— তাৰ তেনেই অকণ অকণ লʼৰা-ছোৱালীবিলাকেও ফৰফৰকৈ ইংৰাজী কʼব পাৰে! এই কথাটো বৰ আচৰিত পালো৷ মই কিন্তু এই বয়সতো ইংৰাজী কʼব নাজানো। লালুপ্ৰসাদৰ কথাটো কিবা প্ৰকাৰে গৈ আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ কাণত পৰিল৷ তেওঁ বোলে, চিন্তাৰ কি কাৰণ আছে, মই শিকাম লালুপ্ৰসাদক ইংৰাজী৷ মাতা তেওঁক৷ লালুপ্ৰসাদলৈ আমেৰিকাত বিল ক্লিণ্টনৰ ওচৰত ইংৰাজী শিকিবৰ বাবে আমন্ত্ৰণ আহিল৷ সেই মতেই লালুপ্ৰসাদ গৈ আমেৰিকা পালেগৈ৷

এমাহমানৰ পাছত লালুপ্ৰসাদ আমেৰিকাৰ পৰা বিহাৰলৈ উভতি আহিল৷ সাংবাদিকে আমেৰিকাত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে সুধিলে যদিও লালুপ্ৰসাদে পোনপটীয়া একো উত্তৰ নিদিলে৷ ওঁঠত ৰহস্যময় হাঁহি এটা বিৰিঙাই মাথোন কʼলে— ক্লিণ্টন বিহাৰলৈ আহি আছে, তেওঁৰ পৰাই সকলো গম পাবা৷ কথা মতেই কিছু দিনৰ পাছত বিল ক্লিণ্টন ফুৰিবলৈ বুলি আহি পাটনা পালেহি৷ ৰাজ্যৰ পাঁচ-ছয় কুৰি সাংবাদিকৰে সৈতে বিল ক্লিণ্টনক আদৰিবলৈ লালুপ্ৰসাদ গৈ বিমান বন্দৰত উপস্থিত হʼল৷ লালুপ্ৰসাদক দেখা পাই ক্লিণ্টনে দূৰৰ পৰাই উত্ৰাৱল হৈ চিঞৰিলে— পৰণাম লালুৱা জী, কা হাল বা? ক্লিণ্টন বিহাৰত থকা বাকী দিনবোৰতো সাংবাদিকে লক্ষ্য কৰিলে— ক্লিণ্টনে ফৰফৰাই ভোজপুৰীত কথা পাতিছে, লালুৱে কিন্তু এটা শব্দও ইংৰাজী কোৱা নাই! দুজনমান চতুৰ সাংবাদিকে বুজি পালে— ক্লিণ্টনৰ ওচৰত ইংৰাজী শিকিবলৈ গৈ লালুপ্ৰসাদেহে ক্লিণ্টনক ভোজপুৰী শিকাই থৈ আহিল!

লালুপ্ৰসাদ যাদৱ সক্ৰিয় ৰাজনীতিত থকাৰ সময়ত তেওঁৰ কথা-কাণ্ডক লৈ অনেক হাস্যৰসাত্মক কাহিনীৰ সৃষ্টি হৈছিল৷ ওপৰৰ ʼকাহিনীʼটোও আচলতে লালুপ্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকা কালত বহুল প্ৰচলিত এটা কৌতুকহে৷ অনেক দিনৰ মূৰত এই কৌতুকটো মনত পৰিল বাস্তৱত ইয়াৰ প্ৰতিধ্বনি শুনি৷ পিছে এতিয়া বাস্তৱত এই কাহিনীৰ পাত্ৰ-পাত্ৰী লালুপ্ৰসাদ বা এতিয়াৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন নহয়৷ সততে উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ বচন আওৰোওৱা আই আই টিৰ শিক্ষাৰে শিক্ষিত, আম আদমী পাৰ্টিৰ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু তেওঁৰ সতীৰ্থ দুগৰাকীমানহে এতিয়াৰ কাহিনীৰ পাত্ৰ-পাত্ৰী৷

অৰৱিন্দ কেজৰিৱাল

অৰৱিন্দ কেজৰিৱাল

দুৰ্নীতি, অপশাসন, সাম্প্ৰদায়িক ৰাজনীতিৰ ঊৰ্ধ্বত উন্নয়নৰ ৰাজনীতি কৰি ভাৰতীয় ৰাজনীতিৰ চেহেৰা বদলাই দিব বুলি দিল্লীৰ শাসন ভাৰ লোৱা অৰৱিন্দ কেজৰিৱালে আজি ভালেমান দিনৰ পৰাই কি ধৰণে একপ্ৰকাৰৰ মৃদু মৃদু হিন্দুত্ববাদী (অনেকে তাক ʼচফট্ হিন্দুত্বʼ বুলিছে) ৰাজনীতি কৰি আছে, ৰাইজে দেখি আছে৷ হনুমান ভক্তিৰ প্ৰকোপ চৰা, ভক্তক বিনামূলীয়াকৈ হিন্দু তীৰ্থস্থান দৰ্শন কৰোৱাৰ আঁচনি আদিৰে কেজৰিৱালৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অনুশীলন ইতিমধ্যেই চলি আছে৷ নিৰ্বাচনৰ সময়ত এই বিলাকৰ ঘনত্ব বাঢ়ি যায়৷ বিগত পাঞ্জাৱ নিৰ্বাচনৰ সময়ত বাঢ়িছিল, এতিয়া আগন্তুক দিল্লীৰ পৌৰসভাৰ নিৰ্বাচন আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে বাঢ়িছে৷ বাঢ়ি বাঢ়ি এইবেলি পাৰাস্তম্ভই বেৰোমিটাৰ ভাঙি ওলাই আহোঁ যেন কৰিছে!

যোৱা ২৬ অক্টোবৰ তাৰিখে পিছফালৰ বেৰত ভগৎ সিং আৰু সংবিধান প্ৰণেতা বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ ছবি ওলোমাই অৰৱিন্দ কেজৰিৱালে সংবাদ মেল যোগে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধান মন্ত্ৰীক আবেদন জনাইছে— ভাৰতীয় কাৰেন্সি নোটত ভগৱান ʼশ্ৰীগণেশ জীʼ আৰু ʼশ্ৰীলক্ষ্মী জীʼৰ ছবি সংযোগ কৰিব লাগে৷ তেতিয়া ভগৱানৰ কৃপাদৃষ্টি পৰি ভাৰতীয় অৰ্থনীতিয়ে গা টঙাব আৰু ঠন ধৰি উঠিব! আই আই টি খড়গপুৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰা অৰৱিন্দ কেজৰিৱালে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা সংবিধানৰ প্ৰণেতা ড° আম্বেডকাৰৰ ছবি পিছফালে লৈ এই একবিংশ শতিকাত ধৰ্মীয় প্ৰতীকক বেংক নোটত ছপা কৰি দেশৰ অৰ্থনীতি টনকীয়াল কৰিব পৰা যাব বুলি যেতিয়া কয়, ঠিক তেনে মুহূৰ্ততে চাগে কোৱা হয়— আইৰনি ডাইড এ থাউজেণ্ড ডেথচ্! স্বাভাৱিকভাৱেই মনলৈ আহে লালুপ্ৰসাদ যাদৱক লৈ সৃষ্টি হোৱা সেই কৌতুকটো।

অন্যান্য ৰাজনৈতিক দলৰ ৰাজনৈতিক দৃষ্টিভংগী, বিশেষকৈ কংগ্ৰেছৰ অপশাসন আৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাহ্বান জনাই তেওঁলোকক সুস্থ ৰাজনীতিৰ ভাষা শিকাবলৈ যোৱা অৰৱিন্দ কেজৰিৱালে নিজেহে ওলোটাই সাম্প্ৰদায়িকতাৰ ভাষা আয়ত্ত কৰিলে! এই প্ৰসংগতে ʼআইৰনিʼ আকৌ এবাৰ মৰিল তেতিয়া, যেতিয়া কেজৰিৱালৰ প্ৰস্তাৱক সমালোচনা কৰিবলৈ গৈ দিল্লীৰে বিজেপিৰ বিধায়ক ওম প্ৰকাশ শৰ্মাই কʼলে, বোলে ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে সেই কথাটোলৈ লক্ষ্য ৰাখিব লাগিব!

আতিশী

আতিশী

পিছে আইৰনিৰ মৰণ ইমানতে শেষ হোৱা নাই। কেজৰিৱালৰ নিবেদনৰ পাছতে সেই নিবেদনক অধিক জোৰদাৰ কৰিবলৈ প্ৰেছ মেল পাতি আগবাঢ়ি আহিল দলীয় সতীৰ্থ, অক্সফʼৰ্ডৰ শিক্ষাৰে শিক্ষিতা, বিদূষী বুলি স্বীকৃত আতিশী৷ পূৰ্বৰ নাম আতিশী মাৰলেনা (Atishi Marlena)৷ তাৰো পূৰ্বৰ নাম আতিশী সিং৷ জাতি-সম্প্ৰদায়ৰ পৰিচয়ৰ পৰা মুক্ত হʼবলৈ প্ৰথমে ʼসিংʼ উপাধি বৰ্জন কৰিছিল৷ পিতৃ-মাতৃ আছিল মাৰ্ক্স আৰু লেনিনৰ আদৰ্শেৰে অনুপ্ৰাণিত, সেয়ে জীয়ৰীৰ নামৰ পিছত Marx আৰু Lenin শব্দ দুটাৰ পৰা একোঅংশ আনি তেওঁলোকে Marlena বুলি শব্দ জোৰা দিছিল৷ প্ৰগতিশীলতাৰ অনন্য উদাহৰণ আতিশীয়ে এতিয়া বেংক নোটত লক্ষ্মী-গণেশৰ ছবি থাকিব লগাৰ সপক্ষত জোৰদাৰ ওকালতি কৰে! অৱশ্যে আতিশীৰো প্ৰগতিশীলতাৰ স্বৰূপৰ প্ৰমাণ তেতিয়াই পোৱা গৈছিল, যেতিয়া বিগত সাধাৰণ নিৰ্বাচনৰ সময়ত উক্ত শব্দটো আতিশীয়ে নিজৰ নামৰ পৰা বাদ দিছিল, যাতে ভোটাৰে বিদেশী (পঢ়ক— ʼখ্ৰীষ্টিয়ানʼ) বুলি নাভাবে!

মনীষ চিচোদিয়া

মনীষ চিচোদিয়া

আৰু আছে এক মনীষ চিচোদিয়া৷ সাংবাদিকতাৰ শিক্ষাৰে শিক্ষিত৷ দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰী৷ শিক্ষাৰ উন্নয়নৰ হকে যথেষ্ট কাম কৰিছে৷ দেশে-বিদেশে নাম হৈছে৷ তেওঁৰ অভিজ্ঞতাৰ ভেটিত কিতাপো লিখিছে, মানুহে পঢ়িছে, অনুপ্ৰাণিত হৈছে৷ গুজৰাটৰ আগন্তুক নিৰ্বাচনৰ বাবে সম্প্ৰতি তেওঁ গুজৰাটত সভা-সমিতি, শোভাযাত্ৰা আদি কৰি আছে৷ ২০০২ চনত একে পৰিয়ালৰ সাতজনৰ হত্যা আৰু বিলকিচ বানো বোলা গৰ্ভৱতী মহিলাগৰাকীৰ ধৰ্ষণত দোষী সাব্যস্ত হৈ যাবৎজীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰা এঘাৰজন অপৰাধীক গুজৰাট চৰকাৰে আগতীয়া মুক্তি দিয়া প্ৰসংগত তাতে সাংবাদিকে চিচোদিয়াক সুধিলে যে এই প্ৰসংগত তেওঁৰ বক্তব্য কি? চিচোদিয়াই কʼলে— সেই প্ৰসংগত তেওঁ একো কʼব নোৱাৰে, তেওঁ কেৱল উন্নয়ন, স্বাস্থ্য, শিক্ষা প্ৰসংগতহে কথা কʼব!

আমি ভাবিছোঁ— সমসাময়িক পৰিস্থিতি, সমাজ, মানৱীয়তা, নৈতিকতা প্ৰসংগত মাত এষাৰ মাতিবলৈ সক্ষম কৰিব নোৱৰা ʼশিক্ষাʼৰ কি কাম? উচ্চতৰ শিক্ষাৰে শিক্ষিত কেজৰিৱাল, আতিশী, চিচোদিয়াই আন মানুহক কি উন্নতৰ জীৱনৰ সপোন দেখুৱাব? কেৱল ভোটৰ ৰাজনীতিয়েই যদি শেষ কথা, কৌতুকৰ চৰিত্ৰ হোৱাৰ বাহিৰে অৰৱিন্দ কেজৰিৱাল, আতিশী আৰু মনীষ চিচোদিয়াৰ নো কি কাম?

❧ | আৰু পঢ়ক:

অৰৱিন্দ কেজৰিৱালৰ বাবেও ভোটৰ ৰাজনীতিয়েই শেষ কথা | পল্লৱপ্ৰাণ গোস্বামী
Follow Nilacharai on Twitter