সমান্তৰাল সংবাদসেৱা

সমান্তৰাল সংবাদসেৱা
  • 10 Jul, 2020
১.

যো ৱা বছৰ (২০১৯)ৰ ১৬ নৱেম্বৰ তাৰিখে অসমকে ধৰি ভাৰতৰ প্ৰায়বোৰ নগৰ-চহৰ আৰু মফস্বলীয় ঠাইতে ৰাষ্ট্ৰীয় প্ৰেছ দিবস (National Press Day) উদযাপিত হৈছিল৷ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন প্ৰতিষ্ঠান প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিনটোত এই দিবস উদযাপিত হৈ আহিছে৷ ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এই দিবস উদযাপন প্ৰসংগত আনুষ্ঠানিকভাৱে কৈছে~ ৰাষ্ট্ৰীয় প্ৰেছ দিবস হৈছে মুক্ত আৰু দায়িত্বশীল সংবাদ মাধ্যমৰ এক প্ৰতীক৷ ভাৰতৰ সংবাদ মাধ্যমে কোনো ভাবুকি বা প্ৰলোভনৰ ওচৰত নতশিৰ নোহোৱাকৈ নিজৰ কামৰ উচ্চ মান যাতে বজাই ৰাখিব পাৰে, তাৰবাবে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই সংবাদ মাধ্যমৰ নৈতিক প্ৰহৰী (watchdog) হিচাপে কাম কৰে বুলিও নিজৰ বিষয়ে কৈছে৷ মূলতঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি গৌৰৱান্বিত কৰা আৰু গৌৰৱান্বিত হোৱা ধাৰণাটোকে কাগজে-কলমে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসে প্ৰতিনিধিত্ব কৰে বুলি কোৱা হৈছে৷ দায়িত্বশীল সংবাদ মাধ্যমে গণতন্ত্ৰক শক্তিশালী কৰি ৰাখে বোলা ধাৰণাৰ সুবাদত ভাৰতৰ অধিকাংশ মানুহে সংবাদ মাধ্যমক গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী বুলি অন্তঃকৰণে বিশ্বাস কৰে৷ সংবাদ সেৱাক আন দহোটা ব্যৱসায়ৰ দৰে মাথোঁ ব্যৱসায় বুলি নাভাবি ইয়াক এক পৱিত্ৰ কৰ্ম বুলি জ্ঞান কৰে৷ আখৰক দেৱ জ্ঞান কৰা ভাৰতীয় মানুহৰ বাবে ই নিতান্তই স্বাভাৱিক৷ আৰু সেই জ্ঞানেই ছপা আখৰৰ উপৰিও ইলেক্ট্ৰনিক সংবাদ মাধ্যমতো দেৱত্ব আৰোপ কৰাত ভাৰতীয়ক সহায় কৰে৷

ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় দিৱসবোৰে আজিকালি পৰম্পৰাগত মাধ্যমবোৰৰ উপৰি সামাজিক মাধ্যমবোৰতো (ছচিয়েল মিডিয়া) ভালেমান গুৰুত্ব লাভ কৰে৷ সেই সেই বিষয়ত আলোচনা চলে৷ টুইটাৰত হেশ্বটেগ ট্ৰেণ্ড কৰে৷ হেশ্বটেগ বোলোতে সৰল ভাষাত কোনো এটা বিষয়ৰ শিৰোনাম বুলি বুজিব পাৰি৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা টুইটাৰত ʼনেচনেল প্ৰেছ ডেʼ (#NationalPressDay) বোলা হেশ্বটেগ দেখা পোৱা গʼল৷ এই টেগ লৈ বিভিন্ন প্ৰকাৰৰ আলোচনা চলিল—ইতিবাচক, নেতিবাচক৷ সংবাদ সেৱাৰ অতীত, বৰ্তমান, ভৱিষ্যতক লৈ অনেক যুক্তি-তৰ্ক হʼল৷ বিভিন্ন জনে বিভিন্ন জনক ওলগ-শুভেচ্ছা জনালে৷ তাৰ মাজতে হঠাৎ দেখা পোৱা গʼল, এটা টুইট, হিন্দী ভাষাত— ʼʼসাংবাদিকসকল, দালালী ত্যাগ কৰা৷ দালালসকল, সাংবাদিকতা ত্যাগ কৰা!ʼʼ

২.

স্মাৰ্টফোন আৰু ইণ্টাৰনেট সংযোগৰ সহজলভ্যতা আৰু সস্তীয়া দামে পৰম্পৰাগত মাধ্যমৰ সমান্তৰালকৈ ডিজিটেল মাধ্যমকো যথেষ্ট জনপ্ৰিয় কৰি তুলিছে৷ ছচিয়েল মেডিয়া- ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিয়ে অকল্পনীয় জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এইবোৰে বিভিন্ন ধৰণে ব্যৱহাৰকাৰীক প্ৰভাৱিত কৰিব লাগিছে- ভাল আৰু বেয়া দুয়োধৰণে৷ সকলো বিষয়ৰে ভাল আৰু বেয়া দিশ থকাৰ দৰে ছচিয়েল মেডিয়াৰো আছে, থকাটো স্বাভাৱিক৷ সাম্প্ৰতিক সময়ত প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰা আন এটা ছচিয়েল মেডিয়া চাইট হʼল ইউটিউব (YouTube)৷ প্ৰযুক্তি জগতৰ বিৰাটকায় কোম্পানী গুগল মালিকানাধীন ইউটিউব হৈছে এটা ভিডিঅʼ বিতৰণ কৰা চাইট৷ ইয়াত বিভিন্ন জনে বিভিন্ন প্ৰকাৰৰ ভিডিঅʼ আপলোড কৰিব পাৰে আৰু চাওঁতাই সেই ভিডিঅʼ চাই ভালপোৱা-বেয়াপোৱা বা আন বিষয়ত মন্তব্য দিব পাৰে৷ ইউটিউবৰ বিশাল জনপ্ৰিয়তাৰ বাবে আজিকালি সাধাৰণ নাগৰিকৰ উপৰি বিশাল বিশাল কোম্পানীবোৰেও ইয়াক অতি সক্ৰিয়তাৰে ব্যৱহাৰ কৰে৷ ব্যৱহাৰ কৰে টেলিভিচন চেনেলবিলাকেও, সংগীত-চিনেমাৰ কোম্পানীবিলাকেও৷

অতিসম্প্ৰতি ইউটিউব বাতৰি আৰু তথ্য আহৰণৰো বৰ বিশাল উৎস হৈ পৰিছে৷ বহু নামকৰা, দায়িত্বশীল আৰু স্বতন্ত্ৰ সাংবাদিকে নিজৰ মতামত, বিশ্লেষণ আৰু বাতৰি বিতৰণৰ আহিলা হিচাপে ইউটিউবক সফলতাৰে ব্যৱহাৰ কৰিবলৈ লৈছে৷ স্বতন্ত্ৰ সাংবাদিকতা অৰ্থাৎ কাৰো শ্ৰুতলিপিত নতশিৰ হʼবলগীয়া নোহোৱা সাংবাদিকতাৰ ধাৰণা এটাক ইউটিউবে সাৰ-পানী যোগাইছে৷ এই ধাৰা অব্যাহত থাকিলে পৃথিৱীজুৰি এক সমান্তৰাল সাংবাদিকতাৰ ধাৰাই মহীৰূহৰ ৰূপ পাব বুলি আশা কৰিব পাৰি৷

ইউটিউব কেন্দ্ৰীক ভাৰতীয় স্বতন্ত্ৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত এই মুহূৰ্তত সক্ৰিয় হৈ থকা কেইটামান আগশাৰীৰ চেনেলৰ নাম হʼল— দ্য ৱায়াৰ, এইচ ডব্লিউ নিউজ, নিউজক্লিক, নিউজলণ্ড্ৰী, স্কুপহুপ আনস্ক্ৰীপ্টেড আদি৷ এই ক্ষেত্ৰত সক্ৰিয় কেইজনমান সাংবাদিক-সমালোচকৰ নাম হʼল— বিনোদ দুৱা, পুণ্য প্ৰসুন বাজপাই, অভিসাৰ শৰ্মা, আকাশ বেনাৰ্জী, য়োগেন্দ্ৰ য়াদৱ, সঞ্জয় ৰজৌৰা আদি৷ জ্যেষ্ঠসকলৰ সমান্তৰালকৈ বহু কনিষ্ঠই ইউটিউবৰ জৰিয়তে যথেষ্ট উচ্চ মানৰ কাম কৰা দেখা পোৱা গৈছে৷ এই ক্ষেত্ৰত এটা উল্লেখযোগ্য নাম হʼল ধ্ৰুৱ ৰাথী৷ তেওঁ মূলত বিভিন্ন ৰাজনৈতিক আৰু সামাজিক ঘটনাপ্ৰৱাহ সম্পৰ্কে বিশ্লেষণ আৰু মত আগবঢ়ায়৷ ধ্ৰুৱ ৰাথীৰ দৰে আন এজন পৰিশ্ৰমী নবীন হৈছে ৰমিত বাৰ্মা৷ তেওঁ ʼঅফিচিয়েল পিয়িং হিউমেনʼ নামৰ ইউটিউব আৰু ফেচবুক চেনেলৰ জৰিয়তে নিয়মীয়াকৈ ভিডিঅʼ আগবঢ়ায়৷ মূলতঃ বিভিন্ন নিউজ চেনেলৰ বাতৰিৰ টুকুৰা গোট খুৱাই তেওঁ এটা প্ৰতিপাদ্য বিষয় দৰ্শক-শ্ৰোতালৈ আগবঢ়ায়৷

৩.

ʼঅফিচিয়েল পিয়িং হিউমেনʼ চেনেলৰ ৰমিত বাৰ্মাই শেহতীয়াকৈ এটা যথেষ্ট কষ্টসাধ্য পৰিসংখ্যা আগবঢ়ালে৷ হিন্দী ভাষাত সম্প্ৰচাৰ কৰা চাৰিটা আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ চেনেল (যিকেইটা চেনেল টি আৰ পিৰ ফালৰ পৰাও আগশাৰীৰ)ৰ বিগত ২০২টা প্ৰাইম টাইম বিতৰ্ক (১৯ অক্টোবৰ পৰ্যন্ত)ৰ বিষয়বস্তু সম্পৰ্কত এই পৰিসংখ্যাই আলোকপাত কৰিছে৷ তেওঁ পৰিসংখ্যা দাঙি ধৰা চেনেলকেইটা হৈছে— জী নিউজ, আজটক, নিউজ ১৮ আৰু ইণ্ডিয়া টিভি৷ পৰিসংখ্যা অনুযায়ী এই ২০২টা বিতৰ্কত স্থান লাভ কৰা বিষয়বোৰ এনেধৰণৰ—

১. পাকিস্তানক আক্ৰমণ: ৭৯টা বিতৰ্ক
২. বিৰোধী দলক আক্ৰমণ (জৱাহৰলাল নেহৰুক ধৰি): ৬৬টা বিতৰ্ক
৩. নৰেন্দ্ৰ মোদী, বিজেপি-আৰএছএছক প্ৰশংসা: ৩৬টা বিতৰ্ক
৪. ৰাম মন্দিৰ: ১৪টা বিতৰ্ক
৫. বিহাৰৰ বানপানী: ৩টা বিতৰ্ক
৬. চন্দ্ৰযানৰ চন্দ্ৰ অভিযান: ২টা বিতৰ্ক
৭. স্বামী চিন্ময়ানন্দৰ ধৰ্ষণ গোচৰ: ১টা বিতৰ্ক
৮. পিএমচি বেংকৰ কেলেংকাৰী: ১টা বিতৰ্ক

দেখা গʼল, প্ৰায় দুমাহ জোৰা বিতৰ্কত চাৰিটা সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰীয় সংবাদ চেনেলত অৰ্থনীতি, শিক্ষা, নিবনুৱা সমস্যা, স্বাস্থ্যসেৱা, দৰিদ্ৰতা, পুষ্টিহীনতা, নাৰীৰ সমস্যা, কৃষকৰ সমস্যা, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, সমূহীয়া হত্যা (mob lynching), চৰকাৰে গ্ৰহণ কৰা কোনো সিদ্ধান্তৰ বিষয়ত কোনো ধৰণৰ আলোচনা নহʼল৷ শেহতীয়াকৈ ভাৰতবৰ্ষ যি ধৰণৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজেৰে গতি কৰিব লাগিছে, সেই পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটাও বিতৰ্ক নোহোৱাটোৱে কিহক ইংগিত কৰে? এই পৰিসংখ্যা চাৰিটা চেনেলৰ যদিও এই ধৰণটোৱেই প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ চেনেলৰ ক্ষেত্ৰত খাটে৷ ইংৰাজী চেনেল এটাৰ সৰ্বেসৰ্বা, অসমৰ পৰা যোৱা, খুব চিঞৰি চিঞৰি ʼসংবাদ সেৱা কৰাʼ এজনৰ প্ৰসংগত ছচিয়েল মেডিয়াত এষাৰ কথা প্ৰচলিত আছে যে তেওঁ ভাৰততকৈ পাকিস্তানক লৈ বেছি চিন্তিত! সেয়ে তেওঁৰ ডিবেটত ক্ষণে ক্ষণে পাকিস্তানে ভুমুকি মাৰে৷ এই কথাটো উল্লিখিত চেনেলসমূহ তথা প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ চেনেলৰ ক্ষেত্ৰতে প্ৰাসংগিক যেন বোধ হয়৷ শাসনত যি ব্যক্তি বা দল থাকে, তেওঁলোকক সমালোচনা আৰু প্ৰশ্ন কৰাৰ পৰম্পৰা এটাহে পূৰ্বতে লক্ষ্য কৰা গৈছিল, পিছে এই চেনেলবিলাকে সেই পৰম্পৰা ওলোটা কৰি বিৰোধী পক্ষত থকা দল-ব্যক্তি আৰু জৱাহৰলাল নেহৰুকহে সমালোচনা আৰু প্ৰশ্ন কৰাৰ অভূতপূৰ্ব এটা পৰম্পৰা বৰ কষ্টৰে চিঞৰি-বাখৰি গঢ়ি তুলিছে৷ এনে ধৰণৰ সংবাদ সেৱা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি পতিয়ন যাব পাৰি নে? সাম্প্ৰতিক সময়ৰ প্ৰায়বোৰ হিন্দী ভাষাৰ চেনেলৰ নিউজ ডিবেটৰ শিৰোনাম (কুৰুক্ষেত্ৰ, দংগল, আৰ-পাৰ, তাল থোক কে…) আৰু তাত ঘটা কাৰ্যাৱলী (দাবী-ধমকি, ঠাট্টা-মস্কৰা, ট্ৰলিং, চৰ-ঘোচা…) মন কৰিলে সেয়া সংবাদ বিতৰ্ক নে চি গ্ৰেডৰ বোম্বাইয়া চিনেমা,— সেই লৈ দুবিধাত পৰিবলগা হয়! ʼগণতন্ত্ৰৰ চতুৰ্থ স্তম্ভʼ বোলা অবধাৰণাটোক মুহূৰ্মুহূ অপমান কৰাৰ নিৰ্লজ্জ প্ৰতিযোগিতাহে চলিব লাগিছে এই চেনেলবোৰত৷ তেনেহʼলে কি ভাৰতত প্ৰকৃত সংবাদসেৱা মৰি গৈছে?

৪.

শিলৰ মাজতো জুটুলা গছ গজে৷ অতি বিপৰীত পৰিৱেশতো জীৱই জীয়াই থকাৰ কৌশল আয়ত্ত কৰে৷ তেনে ক্ষেত্ৰত ভাৰতৰ সংবাদসেৱা মৰি গʼল বা মৰি যাব বুলি শংকিত হʼবলগা হৈছে বুলি নাভাবোঁ৷ সংবাদ সেৱাক ভয় আৰু প্ৰলোভনেৰে নতজানু কৰি ৰখাৰ প্ৰচেষ্টাও চিৰদিনলৈ তিষ্ঠি থাকিব বুলি আমি নাভাবোঁ৷ সংখ্যাত কম হʼব পাৰে, শক্তি সীমিত হʼব পাৰে, কিন্তু নীতিনিষ্ঠ সংবাদসেৱাই নিজৰ বাট উলিয়াই লʼবই৷ সংবাদসেৱাৰ নামত চলি থকা চাৰ্কাচ (জনপ্ৰিয় শব্দটো- ʼনৌটংকীʼ) জনগণে চিৰদিন নুবুজাকৈ থাকিবনে? নাথাকে, জনগণে প্ৰকৃত সংবাদসেৱাক বিচাৰি তাৰ পৃষ্ঠপোষকতা কৰিব৷

❧ | আৰু পঢ়ক: পষ্ট-ট্ৰুথ যুগৰ দুমুখীয়া তৰোৱাল

ৰামন মেগছেছে বঁটা লাভ কৰা ৰৱিশ কুমাৰৰ দৰে নীতিনিষ্ঠ সাংবাদিক এতিয়াও ভাৰতৰ টেলিভিচন সংবাদ জগতত আছে৷ প্ৰতিকূল পৰিৱেশ, মেনেজমেণ্টৰ হেঁচাৰ মাজতো জনগণৰ স্বাৰ্থত মাত মতা মুষ্টিমেয় টেলিভিচন সাংবাদিক এতিয়াও আছে৷ বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলবিলাক আছে, আঞ্চলিক ভাষাৰ বাতৰি কাকত, বাৰ্তালোচনীবিলাক আছে৷ আৰু আছে বিশাল সম্ভাৱনাৰ দুৱাৰ খুলি ৰখা ইণ্টাৰনেট সাংবাদিকতাৰ জগতখন৷ ওপৰত কৈ অহা ধৰণে ইউটিউব, ফেচবুক আদি ছচিয়েল চাইট আৰু ৱেবচাইটৰ জৰিয়তে সংবাদসেৱাৰ এক ব্যৱস্থাপনা গঢ় লৈ উঠিছে৷ অধিক মানুহ ইণ্টাৰনেটৰ ছাতিটোৰ তললৈ অহাৰ সমানে সমানে এই ব্যৱস্থাপনাটো বহল হৈ গৈ থাকিব বুলি আশা কৰিব পৰা যায়৷ সকলো বিষয়ৰে ভাল-বেয়া দুটা দিশ থকাৰ দৰে ইণ্টাৰনেটতো ভালৰ লগতে অপপ্ৰচাৰ আৰু ভূৱা বাতৰি বিলোৱা কিছুমান শক্তি আছে৷ সেইখিনি বাছি জাবৰৰ দমলৈ নিক্ষেপ কৰাৰ সক্ষমতা আধুনিক নাগৰিকসকলে আয়ত্ত কৰিবই লাগিব আৰু জনতাৰ হকে কাম কৰা শক্তিখিনিক আদৰি লʼব পাৰিবই লাগিব, তেহে সংবাদসেৱাৰ নামত নৌটংকি কৰা থকা সকলক এটা শিকনি দিব পৰা যাব৷

❧ | আৰু পঢ়ক: ঘৃণ্য ৰাজনীতি বনাম দায়িত্বশীল নাগৰিক

ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পৰোপকাৰমূলক কাম কৰি থকা সকলক পোনপটীয়াকৈ আৰ্থিক পৃষ্ঠপোষকতা কৰাৰ পৰম্পৰা এটা ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ পশ্চিমীয়া বহু দেশৰ নাগৰিকৰ ই অভ্যাসতে পৰিণত হৈ গৈছে৷ ভাৰততো এই ব্যৱস্থা চেগাচোৰাকাকৈ চলিব লাগিছে৷ ভাত-কাপোৰৰ বাবে বেলেগ কাম কৰিব নলগাকৈ যাতে তেওঁলোকে সেই নিৰ্দিষ্ট কামটোতে পূৰ্ণকালীনভাৱে লাগি থাকিব পাৰে, তাৰ বাবে তেওঁলোকক পৃষ্ঠপোষকতা কৰা হয়৷ ইয়াৰ ফলত কাৰো তলতীয়া নোহোৱাকৈ সম্পূৰ্ণ স্বাধীনভাৱে তেওঁলোকে কামত মনোনিৱেশ কৰিব পাৰে৷ অতি সাম্প্ৰতিকৰ প্ৰতিকূল পৰিৱেশৰ সাংবাদিকতাৰ জগতখনৰ সু-স্বাস্থ্যৰ বাবে এই ব্যৱস্থাটো জনগণে গ্ৰহণ কৰাটো সময়ৰ দাবী বুলি প্ৰতীয়মান হʼবলৈ গৈ আছে৷ ৰাইজক আভুৱা ভাঁৰি থকা ৰাজনৈতিক দল-সাংবাদিকৰ অশুভ হাতোৰাৰ কবলৰ পৰা মুক্ত হʼব পাৰিলেহে ৰাইজ আৰু গণতন্ত্ৰ শক্তিশালী হʼব পাৰিব৷ মাহেকৰ মূৰত ধন দি ৰাতিপুৱাৰ বাতৰি কাকতখনৰ, টেলিভিচনৰ ডিটিএইচ পেকেজটো লোৱাৰ দৰে মাহেকৰ মূৰত সামান্য ধন দি এই ধৰণৰ ইণ্টাৰনেট সংবাদসেৱাক প্ৰোৎসাহন জনোৱাটো টান হʼব নালাগে৷ শেহত হয়তো ইয়েইহে মানসিক শান্তি যোগাব৷ ৰাইজৰ গাঁঠিৰ ধনৰ বিনিময়ত লাভ কৰা এই ধৰণৰ সমান্তৰাল সংবাদসেৱাইহে হয়তো ʼগণতন্ত্ৰত ৰাইজেই ৰজাʼ বোলা প্ৰায় পাহৰি পেলোৱা বাক্যটোকো আকৌ মনত পেলাব পাৰিব৷

সমান্তৰাল সংবাদসেৱা | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook