এনেকৈয়ে ভাস্বত হয় সৃজনৰ লগ্ন

এনেকৈয়ে ভাস্বত হয় সৃজনৰ লগ্ন
  • 22 Feb, 2025

টা গান,— মাথোন ৪৬টা শব্দৰ এটা অকণমানি গান। প্ৰায় এশ বছৰীয়া এই গানটোক কালজয়ী বুলি নিশ্চয় ক’ব পাৰি; কিন্তু আমি ক’বলৈ ভাল পাম— অসমীয়া জাতীয় জীৱনৰ এছোৱা দীঘলীয়া সময়ক তাৰ নিজস্ব ঐতিহ্যৰে ধৰি ৰখা এটা ‘কালধৰী’ গান বুলি! ক’ব খুজিছোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘সখী হে কি ক’মে দুখৰে কথা’ শীৰ্ষক গানটোৰ কথা। গানটোৰ যাত্ৰা বা টাইমলাইনলৈ চকু ফুৰালেই আমি কোৱা কথা অত্যুক্তি যেন হয়তো নালাগিব।

সাহিত্যৰথী বেজবৰুৱাই তেওঁৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ বাবে জয়মতী কুঁৱৰীক চকুৰ আগত লৈ এই গীতটো ৰচনা কৰিছিল। কলিকতাৰ চেনোলা কোম্পানীয়ে নাটকখনৰ গ্ৰামোফোন ৰেকৰ্ড কৰিব, এতিয়া গীতটোত কোনে সুৰ দিব? ইয়াৰ বাবে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ বেলেগ কোন উপযুক্ত হ’ব পাৰে? জ্যোতিপ্ৰসাদে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগত গীতটিৰ বৰ মৰম লগা এটা সুৰ কৰিলে। এতিয়া গাব কোনে? পৰৱৰ্তী কালৰ সুধাকণ্ঠ, তেতিয়াৰ শিশু ভূপেন হাজৰিকাই গাব, আৰু কোনে! অসমীয়াৰ চাৰিটি মহাৰত্ন জড়িত থকা এই গীতটি অসম বুৰঞ্জীৰ এক অমলিন অধ্যায়ৰে ৰচিত ‘জয়মতী কুঁৱৰী’ নাটকৰ এৰাব নোৱৰা অংশ। ১৯৩৬ চনত গ্ৰামোফোন ৰেকৰ্ডত প্ৰকাশ পোৱা গানটো পাছত ভূপেন হাজৰিকাই আকাশবাণীৰ বাবে আৰু অডিঅ’ কেছেটতো ৰেকৰ্ড কৰিছিল। পৰৱৰ্তী কোনোবা এক সময়ত শিল্পী সুদক্ষিণা শৰ্মাৰ কণ্ঠতো এই গানটো বাণীবদ্ধ হৈছিল।

ইতিমধ্যে ল’ৰাৰজাক পাটত ৰাখি লালুকসোলাই স্বেচ্ছাচাৰী শাসন চলাইছে, স্বৰ্গদেউ হ’বৰ উপযুক্ত যুৱকসকলৰ হত্যা অথবা অংগক্ষত কৰাইছে। জয়মতীৰ স্বামী গদাপাণিৰ বাবেও বিপদ ঘনীভূত হৈ আহিছে। নাটকৰ তৃতীয় দৰ্শনত দেখা যায়, দুই সখী জয়মতী আৰু সেউতীয়ে হাঁহি-ধেমালি কৰিলেও বিপদৰ আশংকাই তেওঁলোকক বিহ্বল কৰি ৰাখিছে। জয়মতীৰ অনুৰোধত সখী সেউতীয়ে এই গীতটি গায়—

‘সখি হে, কি ক’মে দুখৰে কথা
অমৃত মথোঁতে বিষ উপজিলে
মিঠা মৌ হ’ল তিতা।

মালতীৰ চাকি খোপাতে পিন্ধিলো
তাৰো গ’ল পাহি সৰি,
সোণৰে সঁজাতে পখীটি ৰাখিলো
সিয়ো গুচি গ’ল উৰি।

সাঁজতে ফুলিলে তগৰ ফুলেপাহি
সন্ধিয়াৰে বা পাই,
কোনেও নেদেখোঁতে কোনেও নুশুঙোতে
সিয়ো যে লেৰেলি যায়।’

এনেকুৱা অমলিন ইতিহাস বিজড়িত এটা গানৰ আগে-পিছে ঐতিহ্যৰ টানটো যদি আৰু টানি দিয়া হয়? তেনেকুৱা ধৰণৰ এটা কামেই কৰিলে এই সময়ৰ এগৰাকী প্ৰতিভাশালী শিল্পী সৃজনী ভাস্ব মহন্তই। তেওঁ জয়মতী (মৃত্যু: ১৬৮০ খ্ৰী.)ৰ পূৰ্বৰ প্ৰায় দুশ বছৰ আৰু দহ বছৰীয়া ভূপেন হাজৰিকাৰ পৰা পৰৱৰ্তী প্ৰায় নবৈব বছৰ গানটোত জুৰি দিলে!

সত্ৰীয়া নৃত্যশিল্পী, কণ্ঠশিল্পী, অভিনেতা, নিৰ্দেশক আৰু লেখক সৃজনী ভাস্বই ‘সখী হে’ গীতটোৰ এক দৃশ্য-শ্ৰাব্য ইণ্টাৰপ্ৰিটেশ্যনত বৰ কুশলীভাৱে সত্ৰীয়া নৃত্যক আধাৰ কৰিছে, মুখাশিল্পৰ সফল প্ৰয়োগ কৰিছে,— যিয়ে আমি এইমাত্ৰ কোৱা জয়মতীৰ পূৰ্বৰ অৰ্থাৎ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮ খ্ৰী.)-লৈ প্ৰায় দুশ বছৰৰ টানটো টানিলে। আৰু পাছৰ এশ বছৰৰ টানটো টানিলে সৃজনীৰ কণ্ঠৰে এই ডিজিটেল সময়লৈ, ইউটিউবৰ বুকুলৈ।

Srijani Bhaswa Mahanta
সখী হে…

৫ মিনিট ৫০ ছেকেণ্ডৰ সংৰচনাটোৰ আদ্যোপান্ত সৃজনীৰ আন্তৰিকতাৰ উমান পোৱা যায়। পৰম মমতা আৰু শ্ৰদ্ধাৰে যেন এই শিল্পকৰ্ম তেওঁ আগবঢ়াই দিছে। নৃত্যশিল্পী, মূল অভিনয় শিল্পী, কণ্ঠশিল্পী আৰু নিৰ্দেশক হিচাপে উপস্থিত থকা সৃজনী ভাস্বৰ কুশলতা, চিন্তা আৰু কামৰ পৰিচ্ছন্নতা গান আৰু ভিডিঅ’ৰ প্ৰতিটো মুহূৰ্তত অনুভৱ কৰিব পাৰি। ভিডিঅ’ক বাদ দি অকল গানটোত কাণ দিলেও শ্ৰোতাৰ হৃদয় ভৰি পৰিব বুলি নিৰ্দ্বিধাই ক’ব পাৰি। ড০ ভূপেন হাজৰিকাই স্বয়ং কৈ যোৱা মতে, এই গানটোত তিনি ধৰণৰ সুৰবিন্যাস পোৱা যায়— ৰাগ আশ্ৰিত, লোকগীত (আইনাম) আশ্ৰিত আৰু পশ্চিমীয়া সুৰ আশ্ৰিত। ক’ব পাৰি, আটাইকেইবিধ সুৰ-সম্পদৰ প্ৰতি সুবিচাৰ কৰি সৃজনী ভাস্ব মহন্তই গানটোক নিজৰ কৰি তুলিব পাৰিছে। লক্ষ মানুহৰ মন-মগজুত নিগাজিকৈ সোমাই থকা ড০ ভূপেন হাজৰিকাই গাই যোৱা গান এটাক ‘নিজৰ গান’ কৰি তুলিব পৰাটো সৰু কথা নহয়!

আলোচ্য গীতটিৰ কথাংশ, সুৰ আৰু ইয়াত জড়িত থকা অনুষংগই দাবী কৰা ধৰণৰ গায়কী সৃজনীয়ে আগবঢ়াব পৰাৰ উপৰি তেওঁৰ কণ্ঠৰ এক ধৰণৰ ‘খাঁটি অসমীয়া’ টেক্সাৰ আৰু দৰদে গানটোত বিশেষ এক আৱেদন সানি দিয়া যেনো আমাৰ অনুভৱ হয়। মৃদুল হালৈৰ কবিতাৰ আধাৰত কৰা ‘আমাৰ ভাল হ’ব’ গানটোতো থকা সৃজনীৰ এই দৰদৰ উচ্চাৰণ ৰৈ ৰৈ বাজে! গানটোৰ সফলতাত বাদ্যযন্ত্ৰী অমিতাভ বৰুৱা, নৱজ্যোতি চুতীয়া, মহেন্দ্ৰ খাখলাৰী আৰু সংগীত ব্যৱস্থাপক পৰাণ বৰকটকী আৰু অন্যান্য কাৰিকৰী শিল্পীসকলৰ বৰঙনিৰ উমান সহজেই পাব পাৰি।

ভিডিঅ’ৰ দিশতো সৃজনী ভাস্বৰ পূৰঠ চিন্তা আৰু নান্দনিকতাৰে ভৰপূৰ আৰ্হি সংৰচনাটোত দেখা পোৱা যায়। যি চিত্ৰকল্পৰে তেওঁ ক’লা-বগা ফৰ্মেটৰ ভিডিঅ’টি আগবঢ়াই নিজে, সি বেলেগ বেলেগ সমাজৰ দৰ্শকৰ বাবে বেলেগ বেলেগ ইণ্টাৰপ্ৰিটেশ্যনৰ সুযোগ ৰাখিছে। জয়মতীৰ কাহিনী আৰু গানটোৰ ইতিহাস জনাসকলে তাত জয়মতীক বিচাৰি পাব, নজনা কোনোৱে তাত নিষ্পেষণৰ বলি নাৰী এগৰাকীক পাব পাৰে, আন কোনোবাই হয়তো আন বেলেগ ধৰণে অনুভৱ কৰিব। কিন্তু সকলোৱেই শেষৰ দৃশ্যাংশৰ মাজত মুক্তিৰ— স্বাধীনতাৰ— স্বপ্নৰ স্বাদ উপলব্ধি কৰিব। সকলো গান, সকলো সুৰ, সকলো বাজনা শেষ হৈ যোৱাৰ পাছতো শেষৰ নিস্তব্ধ মুহূৰ্তকেইটাত গানটোৱে বাৰে বাৰে ভুমুকি মাৰিব! ডিৰেক্টৰ অৱ ফটোগ্ৰাফী, এডিটৰ আৰু কালাৰিষ্ট মানৱজ্যোতি বৰুৱাই সৃজনী ভাস্বৰ কল্পনাৰ কলাক শৰীৰ দিয়াত সহায় কৰিলে।

সৃজনী ভাস্বৰ এই আন্তৰিক সম্পৰীক্ষা চাক্ষুস কৰাৰ পাছত কবি বিপুল কুমাৰ মহন্তৰ এটা কবিতাৰ শাৰী বাৰে বাৰে মনলৈ আহি আছে— ‘এনেকৈয়ে ভাস্বত হয় লগ্ন’ আৰু ক’বলৈ মন গৈছে— এনেকৈয়ে ‘ভাস্ব’ত হয় ‘সৃজনী’ৰ সৃজনৰো লগ্ন! সৃজনীলৈ অনেক শুভেচ্ছা।

(ইউটিউবত ‘সখী হে’ সংৰচনা: https://youtu.be/rHBoGBHuiyk)

❧ | আৰু পঢ়ক:

ছবি সৌজন্য: youtube.com/@srijanibhaswamahanta8189
এনেকৈয়ে ভাস্বত হয় সৃজনৰ লগ্ন | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook