চ লচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাৰ মুখত এদিন অৰিবাম শ্যাম শর্মা (জ. ২১ মাৰ্চ, ১৯৩৬)ৰ নাম শুনিছিলো। মুনিন বৰুৱাৰ এখন চিনেমাক সংবাদ মাধ্যমে বজৰুৱা বুলি কৈ অসম আৰু দেশ-বিদেশৰ কেইজনমান কলাসন্মত ছবি নির্মাতাৰ সৈতে তুলনা কৰা প্ৰসংগত মুনিন বৰুৱাই কৈছিল যে অসমত এজনো সত্যজিৎ ৰায় নাই বুলি যে সাংবাদিক–সমালোচকে কয়, অসমত এজনো অৰিবাম শ্যাম শর্মা নাই বুলি নকয় কিয়?
কেইদিনমানৰ আগতে অৰিবাম শ্যাম শর্মাৰ বিষয়ে এটা প্ৰবন্ধত পঢ়িছোঁ এইবুলি— অমিতা মালিক, সমিক বন্দোপাধ্যায়, চিদানন্দ দাশগুপ্তা আৰু এম কে ৰাঘৱেন্দ্ৰৰ দৰে চলচ্চিত্ৰ সমালোচকে অৰিবাম শ্যাম শর্মাক ভাৰতৰ শ্ৰেষ্ঠতম চিত্ৰ নির্মাতাৰ মাজৰ এজন বুলি কৈ গৈছে। অসমৰ কোনো সমালোচকৰ নাম নাই।
মেঘাচন্দ্ৰ কংবাম এজন ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ সমালোচকে কৈছে যে ভাৰতৰ সর্বশ্ৰেষ্ঠ ১০০খন চিনেমাৰ দুখন হৈছে অৰিবাম শ্যাম শর্মাৰ ‘ইমাগি নিংথেম’ আৰু ‘ইশানু’। কলাসন্মত ছবি, বাণিজ্যিক ছবি আৰু তথ্যচিত্ৰ— এই তিনিওবিধ চলচ্চিত্ৰলৈ যদি অৰিবাম শ্যাম শর্মাৰ অৱদান আৰু কৃতিত্ব বিচাৰ কৰি চোৱা হয়, তেন্তে নিঃসন্দেহে ক’ব লাগিব যে তেওঁ এজন ‘Genius of India চিনেমা’।
কোনো জটিলতাৰ মাজলৈ নোযোৱাকৈয়ো মণিপুৰী জীৱনধাৰাক পর্দাত তুলি ধৰে অৰিবাম শ্যাম শর্মাই, সেই জীৱনধাৰাৰ সমগ্ৰ সুন্দৰতাৰে। বোধহয় সেয়ে দা গার্ডিয়ানৰ ডেৰেক মেলকম, নিউয়র্ক টাইমচৰ জানেট মাচলিন আৰু বিবিচিৰ জন ৱাৰিংটনে কৈছিল যে অৰিবামৰ ছবিকেইখন ‘মাষ্টাৰপিচ’ আৰু ‘নিহিত, মজ্জাগত নির্মলতা’— ‘masterpiece’ and ‘essential purity’।
এতিয়া (আগষ্ট, ২০২২) অৰিবাম শ্যামৰ বয়স ৮৬ আৰু পৰৱর্তী চিনেমাৰ চিত্ৰনাট্য ৰচনাত ব্যস্ত। অৰিবাম শ্যাম শৰ্মাই এতিয়ালৈকে ১৫খন কাহিনী চিত্ৰ, ৩১খন অকাহিনী চিত্ৰ পৰিচালনা কৰাৰ লগতে ২৫খন চিনেমাৰ সংগীত পৰিচালনা কৰিছে। ইয়াৰে সৰহভাগ চিনেমাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শাখাত ঠাই পাইছে। তেওঁ এতিয়ালৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে মুঠ ১৫ টা— কাহিনী ছবিৰ বাবে ৬টা আৰু নন-ফিচাৰ ফিল্মৰ বাবে ৯টা।
অৰিবাম শ্যাম শর্মাই কোনো সর্বশক্তিমান, সকলোৱে ভয় কৰা, দহটা মানুহক একে ঘোঁচাই মাটিত পেলাই দিব পৰা চৰিত্ৰক লৈ চিনেমা নকৰে। তেওঁৰ চিনেমাই কাহিনী কৈ যায় সহজ-সৰলভাৱে, এটা সুৰ থাকে অৱশ্যে, আৰু মণিপুৰী সমাজৰ সাধাৰণ মানুহখিনিয়ে তাতেই বিচাৰি পায় নিজক।
চিনেমা কৰিবলৈ ক’ত শিকিলে মণিপুৰৰ অৰিবাম শ্যামে? একাষাৰে উত্তৰ এইটোৱেই যে কোনেও শিকোৱা নাই, নিজে নিজে শিকিলে।
১৯৭২ চন। প্ৰথম মণিপুৰী চিনেমা ‘মাটামগি মণিপুৰ’ৰ কাম চলি আছে। চিনেমাখন কিন্তু অৰিবামৰ নহয়, তেওঁ কেৱল এজন অভিনেতাৰ লগতে সংগীত পৰিচালক যদিও মণিপুৰৰ সংস্কৃতি আৰু পৰম্পৰাত থকা দখলৰ বলত ছবিখনৰ পৰিচালনাতো তেওঁৰ এক স্থান আছিল। ইয়াৰ দুবছৰৰ পাছত, ১৯৭৪ চনত, অৰিবাম শ্যাম শর্মাই তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ‘লামজা পৰশুৰাম’ (Lamja Parsuram) নির্মাণ কৰে। ১৯৭৬ চনত মুক্তি লাভ কৰে লোককথা আধাৰিত ছবি ‘চাপাভি’ (Saaphabee) আৰু এইখন ছবিৰ বাবেই অৰিবামে লাভ কৰে তেওঁৰ প্ৰথমটো ৰাষ্ট্ৰীয় পদক।
তোলপাৰ লগোৱা হিন্দী ছবি ‘শ্বোলে’ৰ মুক্তিৰ কেইবছৰমানৰ পিচতে ১৯৭৯ চনত, অৰিবামৰ তৃতীয়খন ছবি ‘অলাংথাগি ৱাংমাডাচু’ (Olangthagee Wangmadasoo) মুকলি হয় আৰু একেৰাহে ৩৪ সপ্তাহ চলা অৰিবামৰ এইখন ছবি আজিও মণিপুৰৰ চিনেমা হলত সর্বাধিক দিন প্ৰদর্শিত হোৱা ছবি।
ইমাগি নিংথেমৰ পোষ্টাৰ
অৰিবামে ১৯৮১ চনত এটা ১৬ এমএম বলেক্স কেমেৰাৰে তেওঁৰ ‘ইমাগি নিংথেম’ (মোৰ ল’ৰা, মোৰ সম্পদ) নামৰ প্ৰসিদ্ধ ছবিখনৰ কাম কৰিবলৈ লোৱাৰে পৰা মণিপুৰী ছবিজগতত এক আমূল পৰিৱর্তনৰ সূচনা হয়। এগৰাকী মহিলাৰ তেওঁৰ স্বামীৰ অবৈধ সন্তানৰ প্ৰতি মৰম আছিল এই ছবিখনৰ বিষয়বস্তু। অৰিবামে তেওঁৰ তৃতীয় ৰাষ্ট্ৰীয় বঁটা এইখন ছবিৰ বাবে অর্জন কৰিছিল, লগতে নিউ য়র্ক, ডেনভেৰ, লোকাৰ্নো, মণ্ট্ৰিল, লণ্ডনকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদর্শিত হৈছিল। ‘ইমাগি নিংথেম’ৰ বাবে সর্বশ্ৰেষ্ঠ পুৰস্কাৰ আছিল ফ্ৰান্সৰ নাণ্টেৰ Festival des trios Continents-ৰ গ্ৰাঁ পি বঁটা। স্বাভাৱিকতে ‘ইমাগি নিংথেম’ৰ এনে কৃতিত্ব মণিপুৰৰ চালুকীয়া ছবি জগতৰ বাবে হৈ পৰিছিল বিপুল উৎসাহ-উদ্দীপনাৰ উৎস। সেয়ে ১৯৮৪ চনত মণিপুৰৰ ৰাজ্য চৰকাৰ নিজেই ছবিজগতৰ পৃষ্ঠপোষক হৈ পৰে আৰু গঠন হয় মণিপুৰ ফিল্ম ডেভেলপমেণ্ট কাউন্সিল।
অৰিবামে তেওঁৰ আন এখন বিশ্ববিখ্যাত ছবি ‘ইশানু’ পৰিচালনা কৰে ১৯৯১ চনত। ছবিখন ১৯৯১ চনৰ কাঁ মহোৎসৱৰ ‘আনচার্টেইন ৰিগার্ড’ শাখাৰ বাবে আনুষ্ঠানিকভাৱে নির্বাচিত হোৱাটো ভাৰতীয় ছবিজগতৰ বাবে এক অসাধাৰণ কৃতিত্ব। কাঁ মহোৎসৱৰ উপৰিও ৰটাৰডাম, টৰণ্টো, লণ্ডন, ছিংগাপুৰ, চিয়াটল, হাৱাই, নাণ্টে, ভেংকুভাৰ, ফ্ৰিবুর্গ, ট’কিঅ’ আদি ভালেমান চলচ্চিত্ৰ মহোৎসৱৰ বাবে ‘ইশানু’ আছিল চৰকাৰী নির্বাচন। এইখন ছবিৰ সাফল্যৰ পাছতে অৰিবাম শ্যাম শর্মাই চৰকাৰী কলেজ শিক্ষকৰ চাকৰি ত্যাগ কৰি একমাত্ৰ ছবি নির্মাণতে ব্যস্ত হ’বলৈ সিদ্ধান্ত লয়।
অৰিবাম শ্যাম শর্মাই মণিপুৰ ফিল্ম ডেভেলপমেণ্ট কাউন্সিলৰ সচিব পদৰ বাবে আবেদন কৰাত চৰকাৰে ততালিকে কলেজ শিক্ষকজনক ডেপুটেচনৰ জৰিয়তে এই পদত নিয়োগ কৰে। ১৯৮৬ চনত এই কাউন্সিল মণিপুৰ ফিল্ম উন্নয়ন নিগমলৈ উন্নীত হয় আৰু অৰিবাম হয় ইয়াৰে প্ৰথম পৰিচালন সঞ্চালক। এই পদত অৰিবামৰ কার্যকালতে ১৯৮৬-ৰ পৰা ১৯৯০-ৰ সময়ছোৱাত মণিপুৰৰ স্বাধীন ছবি নির্মাণ প্ৰক্ৰিয়াক এক নতুন ৰূপ প্ৰদান কৰাৰ মানসেৰে ভালেমান স্কিল ডেভেলপমেণ্ট কর্মশালা আৰু লেবৰেটৰীৰ কাম-কাজ হাতত লোৱা হয়।
শান্তি নিকেতনৰ বিশ্বভাৰতীত দর্শন শাস্ত্ৰ আৰু ৰবীন্দ্ৰ সংগীতৰ শিক্ষা গ্ৰহণ কৰা অৰিবাম একেধাৰে এজন সংগীত শিল্পী, নাট্যশিল্পী, অভিনেতা আৰু চিত্ৰ নির্মাতা। যদিও ভাৰতীয় শাস্ত্ৰীয় সংগীত তেওঁৰ অধ্যয়ন আৰু চর্চাৰ বিষয় আছিল, মণিপুৰৰ থলুৱা সুৰ আৰু বৈশিষ্ট্য অৰিবামৰ সংগীতৰ এৰাব নোৱৰা অংগ। সেয়ে মণিপুৰৰ সংগীত সমাজৰ বাবে অৰিবামৰ সংগীত ধ্ৰুপদী সংগীত।
অৰিবাম শ্যাম শর্মাৰ শিল্পকর্ম আজি দেশ-বিদেশৰ বিভিন্ন ঠাইত সযতনে সংৰক্ষণ কৰা হৈছে আৰু এই শিল্পকর্মৰ অধ্যয়ন চলোৱা হৈছে। ২০০৭ চনৰ গোৱা চলচ্চিত্ৰ মহোৎসৱত ‘A tribute to Aribam Syam Sharma’s চিনেমাtic Journey: And Miles to Go’ শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় এইগৰাকী ছবি নির্মাতাৰ ছবিসমূহ সংৰক্ষণৰ উদ্দেশ্যে।
কেলিফৰ্নিয়াৰ বার্কলে আর্ট মিউজিয়াম এণ্ড ফিল্ম আর্কাইভে ১৯৯৭ চনত তেওঁৰ ছবিৰ বিশেষ প্ৰদর্শনীৰ আয়োজন কৰে। ঢাকা আৰু মুম্বাইৰ চলচ্চিত্ৰ মহোৎসৱতো ২০০০ আৰু ২০০২ চনত অৰিবামৰ তথ্যচিত্ৰৰ পুনৰ প্ৰদর্শন হয়। একেধৰণৰ পদক্ষেপ অসমৰ চেণ্টাৰ ফৰ ফিল্ম কালচাৰ আৰু গুৱাহাটী চিনে ক্লাবেও গ্ৰহণ কৰিছে। ২০০৯ চনত কেৰালাৰ ত্ৰিচুৰ আৰু ২০১৫ চনত ৪৬তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অৰিবাম শ্যাম শর্মাৰ ছবি প্ৰদর্শিত হয়। তেওঁৰ তিনিখন তথ্যচিত্ৰ— ‘মনপাজ অব অৰুণাচল প্ৰদেশ’, ‘অর্কিডচ অব মণিপুৰ’ আৰু ‘ডান্সেচ অব লাও হাৰাওবা’ প্ৰদর্শিত হৈছিল ২০১৯ চনৰ য়ামাগাতা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ মহোৎসৱত।
১৯৯৭ চনৰ পৰা ২০০৯ চনলৈ চাৰিবাৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অৰিবাম আছিল জুৰিৰ সদস্য। গোৱাত ২০০৮ চনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাৰ জুৰিৰ চেয়াৰমেন আছিল তেওঁ। নিজ ৰাজ্যত মণিপুৰ ষ্টেট ফিল্ম এণ্ড টেলিভিজন ইন্সটিটিউট স্থাপনত আগভাগ লোৱাৰ উপৰিও অৰিবাম পুণেৰ ফিল্ম ইন্সটিটিউটৰ গৱৰ্নিং বডীৰ সদস্য আছিল, কলকাতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিজন ইন্সটিটিউট আৰু চিনে আর্টিষ্ট ৱেলফেয়াৰ ফাণ্ড ( আজিৰ নেচনেল ফিল্ম ডেভেলপমেণ্ট কর্পোৰেচন)ৰো অৰিবাম আছিল সদস্য।
লেইপাকলেই আৰু ইশানুৰ পোষ্টাৰ
২০০৬ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰিবামক তেওঁৰ তথ্যচিত্ৰৰ বাবে কেন্দ্ৰীয় তথ্য আৰু অনাতাঁৰ মন্ত্ৰণালয়ে ২০০৮ চনত ভি শান্তাৰাম জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। আন দুটা জীৱনজোৰা সাধনা বঁটা আগবঢ়ায় ২০০০ চনত মণিপুৰ ৰাজ্য চৰকাৰে, ২০১৪ চনত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা ফিল্ম ফেষ্টিভেলে। ২০১৫ চনত মণিপুৰ ৰাজ্যিক ফিল্ম ডেভেলপমেণ্ট চচাইটীয়ে প্ৰদান কৰে ‘জুৱেল অব মণিপুৰী চিনেমা’ সন্মান।
ভাৰতীয় চলচ্চিত্ৰ জগতত মণিপুৰৰ এক সন্মানজনক স্থান সুনিশ্চিত কৰাৰ বাবে অৰিবাম শ্যাম শর্মাৰ প্ৰতিভা, প্ৰচেষ্টা আৰু সাফল্য একক আৰু সর্বজনস্বীকৃত।
❧ | আৰু পঢ়ক:
- বণ্ড, জেমচ বণ্ড
- অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ
- মিয়াজাকিৰ স্পিৰিটেড এৱেৰ সঁচা চৰিত্ৰবোৰ
- অসমীয়া চিনেমাৰ ব্যৱসায় আৰু দুই-চাৰিটা অংক
- সামাজিক ব্যংগ ‘ট্ৰায়েংগল অৱ চেডনেছ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ সর্বোচ্চ সন্মান
ছবি সৌজন্য: ৱিকিপেডিয়া, আইএমডিবি