নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

“…And youth is cruel, and has no remorse
And smiles at situations which it cannot see…”
(Portrait Of A Lady, T.S. Eliot)

এটা অক্টোবৰ মহীয়া ৰাতি
খিৰিকীত পৰি থকা পাতল পৰ্দাৰ ফাঁকেৰে
সোমাই আহিছে প্ৰাচীন বতাহ
আলনাত ওলমি আছে মই এৰি থৈ অহা কামিজ
য’ত মিহলি শৰীৰৰ গোন্ধ মোতকৈ তোমাৰ বেছি

সেইদিনা তোমাক চুমা খোৱাৰ চিন্তাটো
মোৰ মনলৈ এবাৰতকৈ বেছি আহিছিল
কিন্তু তোমাৰ টোপনি যোৱা মুখখনে
মোক কোনো বাৰেই অনুমতি নিদিলে
তোমাৰ নিশ্বাসত নিহিত শীতৰ
নিৰ্দিষ্ট সুবাসত মোৰ হেঁপাহে সমবেদনা পায়
চিকণ ছালত শুই পৰে টোপনিৰ চহৰ

মই বৰ বেছিকৈ কওঁ কেতিয়াবা
তুমি কোনোবাৰেই নোকোৱা কথাবোৰ
এই সজাই-পৰাই ৰখা জীৱনৰ তাড়নাৰ মাজতো
তোমাৰ কল্পনা আটাইতকৈ সৰল
তুমি মোৰ ৰঙীন অনুতাপ
আৰু মলিন আমোদ।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Twitter

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...