বাছষ্টপত
বাছখনলৈ বুলি
উৎকণ্ঠাৰে বাট চাই আছিলো
হুৰমূৰকৈ
কিৰীলিয়াই
হাঁহিৰ জাউৰিৰে
পাৰ হৈ গ’ল
জাক জাক কোলাহল
কোলাহলৰ অৱশেষ বুকুত সাবটি
উৰুঙা হৈ পৰি থাকিল
মোৰ সমুখৰ ৰাজপথ
এষাৰ কথা পাতিবলৈকো
বাছষ্টপটোত
কোনো ৰৈ থকা নাছিল
কেৱল কিছু হাহাকাৰৰ বাদে
মই
বাছখনলৈ বুলি
উৎকণ্ঠাৰে বাট চাই আছিলো
মই উঠিব খোজা বাছখন পিছে নাহিল
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...