নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

প্ৰেমৰ পুৰণি চিঠিবোৰ

প্ৰেমৰ পুৰণি চিঠিবোৰ

মোৰ দুখৰ ৰাতিবোৰত
তুমি সপোন হৈ আহিবা

থুপি থুপি আজলী তৰাৰ পোহৰত
মোৰ নিচা লাগে
তৰাৰ পোহৰৰ নিচা
এনেদৰে নিচা লাগিলে মই
কাণিদুৱৰীকৈ মেলি থওঁ
শৰীৰৰ দুৱাৰ আৰু
বিবসনা মন

তৰাবোৰৰো নিচা লাগে
কিবা এটা পোৱাৰ নিচাত
হয়তো আপোন পাহৰা হৈ
বিলাই দিয়ে নিজক

নিচা লাগিলে মই
বাৰে বাৰে ফালি পেলাওঁ
প্ৰেমৰ পুৰণি চিঠিবোৰ
ইলুটি-সিলুটিকৈ পাতপাত কৰোঁ
হৃদয়ৰ পাত

এটা ৰাগিত মই আপোন পাহৰা হৈ
বিলাই দিব খোজোঁ অলপমান আশা৷

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: