মাতৃতান্ত্ৰিক নৃগোষ্ঠীয় গাঁথনিৰ অসমীয়া সমাজখনৰ মাজত বৰ্ণবাদৰ বিহগুটি সিঁচিলে কোনে?
সৰুৰে পৰা একেলগে ডাঙৰ-দীঘল হোৱা গাঁৱৰ মানুহখিনি শৰণীয়া-ভজনীয়া হোৱাৰ পাছতেই ইজনে সিজনৰ হাতে খাব নোৱৰা হয় কিয়?
গাঁওবোৰ পন্থ, খেল, এঘাৰদিনীয়া, মাহেকীয়া আদি বহু ভাগত বিভক্ত কিয়?
এক কিলোমিটাৰ দূৰত্বতে কেইবাটাও নামঘৰে কি সুচায়?
পথাৰত একেলগে কাম কৰিব পৰা মানুহগৰাকী নাৰী হোৱাৰ বাবেই নামঘৰবোৰত আছুতীয়াকৈ বহিব লাগে কিয়?
ধৰ্মীয় মেৰুকৰণৰ কৰাল গ্ৰাসত অসমৰ সমাজ জীৱন: ৰূপান্তৰৰ বাট কেনি?
ড° ইন্দ্ৰজিৎ বেজবৰুৱা
ল’ৰা-ছোৱালীৰ তথাকথিত নীহকুলীয়াৰ সৈতে বিয়া-বাৰুৰ বাবে উধাৰণী ভোজ দিব লগা হয় কিয়?
এনে বহুবোৰ নীতি-নিয়মৰে অসমীয়া সমাজখন ভিতৰৰ পৰা ৰুগীয়া কৰি থকা নিয়মবোৰৰ ধাৰক-বাহক কোন?
উৰহী গছৰ ওৰ বিচাৰিব নালাগিব নে? নে আমাৰ দাস্য ভাবৰ সুৰুঙাৰে এচামে ইহকালৰ সকলো ৰাজসিক, তামসিক, বৈষয়িক বৈভৱ ভোগ কৰিব আৰু আমাসৱে পৰকালৰ সপোন এটাকে উমনি দি থাকিম?
(আপুনি সোণৰ অসম, প্ৰগতিৰ অসম, স্বাধীন অসম, হিন্দুৰ অসম বা যি অসমৰে কল্পনা নকৰক কিয়, এই কথাবোৰৰ মীমাংসা নকৰিলে বিশ্বৰ লগত খোজ মিলাব নোৱাৰিব।)
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
