গ্ৰন্থমেলা বুলি ক’লেই এটি বুজাব নোৱৰা অনুভূতিৰ সৃষ্টি হয়। একেলগে ইমানবোৰ কিতাপ, স্বনামধন্য লেখক, -লেখিকাসকলৰ একেলগে সমাগম। কিমান যে পুলক জগা কথা! কিতাপ ভাল পোৱা এচামৰ লগত পুনৰ মিলনৰ সুব্যৱস্থা। শিশুসকলৰ মনতো উলাহ। তেওঁলোকক উৎসাহ যোগাবলৈ গ্ৰন্থমেলাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন। তেনেদৰে শিল্পকলা, সাহিত্য-সংস্কৃতি আদি দিশত বিশেষ ব্যুৎপত্তি লাভ কৰা ব্যক্তিসকলকো এই সুবাদতে সামাজিকভাৱে চিনাকি কৰি সন্মান প্ৰদৰ্শন কৰাৰ ব্যৱস্থা। বিভিন্ন বিষয় আলোচনা চক্ৰ অনুষ্ঠিত কৰি জ্ঞান আৰু অভিজ্ঞতাৰ সমভাগী হৈ সেইবোৰ বিকাশৰ প্ৰচেষ্টা। মুঠতে বৰ্তমান সময়ত গ্ৰন্থমেলা প্ৰায়ভাগ লোকৰে বৰ আদৰৰ অনুষ্ঠান।
মানৱ সভ্যতাৰ অতুলনীয় অৱদান হৈছে গ্ৰন্থ। ইয়াৰ আৰম্ভণিৰ ইতিহাস অতি পুৰণি। সৃষ্টিকামী মানুহৰ অনুভূতি, চিন্তা, কাৰ্য আদিৰ বিৱৰণ প্ৰাৰম্ভিক অৱস্থাত মৌখিক সাহিত্য অথবা লোকসাহিত্য ৰূপে জনসমাজত প্ৰচলিত হৈ আহিছিল। পৰৱৰ্তী কালত এই মৌখিক সাহিত্যই লিখিত সাহিত্যৰ ৰূপ লয়— কিছু চিন্তাশীল, দূৰদৰ্শী ব্যক্তিৰ মনন আৰু চিন্তনৰ ফল হিচাপে। মানুহে এতিয়ালৈ উচ্চাৰণ কৰা আটাইতকৈ মহত্তম শব্দটো ‘গ্ৰন্থ’ বুলি অভিহিত কৰিছে এগৰাকী বিখ্যাত চিন্তাবিদ বানাৰ্দ লেভিনে। লিপিৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব চাৰি হেজাৰ (৪০০০) মান বছৰৰ আগৰে পৰা হৈছিল বুলি গৱেষকসকলে মত পোষণ কৰে। টাইগ্ৰীচ আৰু ইউফ্ৰেটিছ নদীৰ মধ্যভাগৰ মেছোপটেমিয়াত চুমেৰিয়ানসকলে পোনপ্ৰথমে লিপিৰ আৰম্ভ কৰিছিল বুলি কোৱা হয়। পৃথিৱীৰ প্ৰাচীনতম লেখা আৰম্ভ হৈছিল বৃহৎ শিলত। চুমেৰিয়ানসকলে লেখনৰ সামগ্ৰী হিচাপে মাটি ব্যৱহাৰ কৰিছিল। পাছলৈ জন্তুৰ হাড়, ছাল, খোলা, গছৰ বাকলি, গছৰ পাত, কাঠৰ ফলি, শিলৰ ফলি, তামৰ ফলি, কাপোৰ আদি ব্যৱহাৰ কৰিবলৈ লয়।
প্ৰাচীন গ্ৰীচ আৰু ৰোমত জন্তুৰ ছাল আৰু কাঠৰ টুকুৰা লেখন সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। চীনা দাৰ্শনিক কনফুছিয়াচৰ বাণীসমূহ বাঁহৰ আঁহত লিখা হৈছিল। চীন দেশৰ জ্যোতিৰ্বিজ্ঞানীসকলে তেওঁলোকৰ গণনাৰ ফলাফল কাছৰ চলঙত লেখিছিল। তেওঁলোকে কাঠৰ টুকুৰা আৰু চিল্কৰ কাপোৰতো গ্ৰন্থ প্ৰণয়ন কৰিছিল।
ইজিপ্ত আৰু মিচৰৰ লোকসকলে ভেড়াৰ ছালৰ ওপৰত লেখিছিল। তেওঁলোকে গ্ৰন্থসমূহ লেখাৰ বাবে গছৰ বাকলি ব্যৱহাৰ কৰিছিল। ভাৰতবৰ্ষৰ বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আদি প্ৰসিদ্ধ গ্ৰন্থসমূহ গছৰ বাকলিত লেখিছিল। আনহাতে কিছুমান লেখা হৈছিল গছৰ পাতত। ওঠৰ পুৰাণৰ ‘স্কন্ধ’ পুৰাণ তালপাতত লিপিবদ্ধ কৰিছিল বুলি জনা যায়। সেইদৰে জৈন ধৰ্মপুথি ‘ধৰ্মবিধি’ লেখা হৈছিল কাপোৰৰ ওপৰত। আনহাতে ‘বাসৱদত্তা’ নামৰ সংস্কৃত গ্ৰন্থখন লিপিবদ্ধ কৰিবলৈ জন্তুৰ ছাল ব্যৱহাৰ কৰা হৈছিল। অসমতো শিলৰ ওপৰত আৰু তামৰ ওপৰত লেখা বহুতো শিলালিপি আৰু তামৰ ফলি আৱিষ্কৃত হৈছে। পৰৱৰ্তী সময়ত সাঁচিপাতত পুথি প্ৰণয়ন কৰা হৈছিল। এই সাঁচিপাত সাঁচি বা অগৰু গছৰ পৰা দীৰ্ঘম্যাদী শ্ৰমেৰে প্ৰস্তুত কৰা হৈছিল।
কাগজ আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা গ্ৰন্থ প্ৰণয়ন বহু উজু হৈ পৰিছিল। ১৪৫৬ চনত জাৰ্মানীৰজন গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰি গ্ৰন্থ প্ৰণয়নৰ এটি ক্ষিপ্ৰ ব্যৱস্থা উদ্ভাৱন কৰে, যাৰ ফলত কম সময়ৰ ভিতৰতে, কম কষ্টেৰে বহু সংখ্যক কিতাপ প্ৰকাশ হ’বলৈ লৈছিল।জন গুটেনবাৰ্গে জাৰ্মানীত ছপা কৰা বাইবেলখনে বিশ্বৰ প্ৰথম ছপা পুথিৰ গৰিমা বহন কৰি আহিছে।
গ্ৰন্থ প্ৰণয়ন আৰু ইয়াৰ প্ৰকাশ আৰু প্ৰচাৰৰ দীঘলীয়া ইতিহাস আছে। যিয়েই নহওক মুদ্ৰণ যন্ত্ৰ আৱিষ্কাৰৰ লগে লগে পৃথিৱীৰ চুকে-কোণে ন ন গ্ৰন্থই ভুমুকি মাৰিবলৈ ল’লে। লগে লগে এই গ্ৰন্থসমূহ সকলো স্তৰৰে ব্যক্তিৰ ওচৰ চপাই নিয়াৰ চিন্তা আহিল এচাম চিন্তাশীল ব্যক্তিৰ মনলৈ। কিয়নো গ্ৰন্থ অধ্যয়ন এটি জাতিৰ বৌদ্ধিক উত্তৰণৰ মাপকাঠি হিচাপে বিচাৰ কৰা হয়। ফল হিচাপে আৰম্ভ হ’ল গ্ৰন্থমেলা অথবা গ্ৰন্থ প্ৰদৰ্শনীৰ।
বিশ্বৰ প্ৰথমখন গ্ৰন্থ প্ৰদৰ্শনী অনুষ্ঠিত হয় ত্ৰয়োদশ শতিকাত ইউৰোপত। ইয়াৰ পাছতে আমেৰিকাৰ বিভিন্ন ঠাইত গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীসমূহ একক গ্ৰন্থ প্ৰদৰ্শনী নাছিল, গ্ৰন্থৰ লগতে আন আন সামগ্ৰীৰো প্ৰদৰ্শন কৰা হৈছিল। ১৯২৭ চনত জাৰ্মানীৰ লিপজিগ নামৰ ঠাইত এককভাৱে গ্ৰন্থমেলাৰ শুভ আৰম্ভণি কৰা হৈছিল। এই গ্ৰন্থমেলাক বিশ্বৰ বৌদ্ধিক ইতিহাসৰ এটি স্মৰণীয় ক্ষণ বুলি গণ্য কৰা হয়। ইয়াৰ পাছত ১৯৪৯ চনত অনুষ্ঠিত জাৰ্মানীৰ ফ্ৰাংকফুৰ্ট গ্ৰন্থমেলা বিশ্বৰ বৃহত্তম গ্ৰন্থমেলা বুলি স্বীকৃত হয়।
সিপাৰে ভূপেন হাজৰিকাই গায়
পল্লৱপ্ৰাণ গোস্বামী
ভাৰতবৰ্ষত গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰে কলিকতাৰ ‘বংগীয় পুস্তক প্ৰকাশক আৰু বিক্ৰেতা সমিতি’য়ে। কলিকতাৰ গ্ৰন্থমেলাৰ পাছত ১৯৬৯ চনত ‘নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া’ই বোম্বাইত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত কৰে। এই বুক ট্ৰাষ্টে ১৯৭৯ চনত নতুন দিল্লীত গ্ৰন্থমেলা অনুষ্ঠিত কৰি গ্ৰন্থক জনমানসৰ আগত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হয়। নেচনেল বুক ট্ৰাষ্টে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গ্ৰন্থ মেলাৰ আয়োজন কৰি লেখক, প্ৰকাশক আৰু পঢ়ুৱৈ সমাজক উৎসাহিত কৰি আহিছে। অসমত প্ৰথমখন গ্ৰন্থমেলা ১৯৭৩ চনত কটন কলেজত অনুষ্ঠিত হয়। এই অনুষ্ঠানত আগভাগ লৈছিল নেচনেল বুক ট্ৰাষ্ট আৰু অসম প্ৰকাশন পৰিষদে। ইয়াৰ পাছত দ্বিতীয়খন গ্ৰন্থমেলা অনুষ্ঠিত হয় নগাঁৱৰ নেহৰুবালিত ১৯৭৮ চনত। ১৯৮৪ চনত অসম প্ৰকাশন পৰিষদে নেচনেল বুক ট্ৰাষ্টৰ সহযোগিতাত গুৱাহাটীৰ জজ খেল পথাৰত বহলভাৱে গ্ৰন্থমেলাৰ আয়োজন কৰে। তদুপৰি ১৯৯৮ চনৰ পৰা গুৱাহাটীত উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত হয়। আৰম্ভণিৰ পৰা এতিয়ালৈকে দুয়োখন গ্ৰন্থমেলাই গ্ৰন্থপ্ৰেমীৰ পৰা সুন্দৰ সঁহাৰি লাভ কৰি আহিছে।
Image by Adam Jones/Flickr, CC by SA 2.0
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
