বাটৰ নাটৰ উদ্ভাৱন আৰু ক্ৰমবিকাশ

বাটৰ নাটৰ উদ্ভাৱন আৰু ক্ৰমবিকাশ
  • 03 Jun, 2026

বাটৰ নাটৰ জন্মৰ পটভূমি তৈয়াৰ হৈছিল ৰুছ দেশত। ১৯১৭ চনত ৰুছ দেশত হোৱা ঐতিহাসিক সমাজতান্ত্ৰিক বিপ্লৱৰ সময়ত জনসাধাৰণক মাৰ্ক্সীয় আদৰ্শেৰে উদ্বুদ্ধ কৰিবৰ বাবে এক নব্যধাৰাৰ আন্দোলনৰ সূচনা কৰা হৈছিল আৰু তাকেই ‘ফিউচাৰিষ্ট’ আন্দোলন বোলা হৈছিল।

“মাৰ্ক্সবাদী দৰ্শনৰ প্ৰভাৱত পাছলৈ গৈ ৰুছ নাট্যকাৰসকলে সমাজতান্ত্ৰিক আদৰ্শৰ ভেটিত নাট লিখিবলৈ ল’লে আৰু প্ৰলিটেৰিয়েট লেখকসকলৰ সংস্থাই ঘোষণা কৰিলে যে শ্ৰেণী সংঘৰ্ষ আৰু সমসাময়িক বাস্তৱ সমস্যাৱলীৰ পৰিস্ফুটনেই নাট্যকাৰৰ প্ৰধান কৰ্তব্য।”— এই ধাৰণাৰ অনুগত হৈয়ে ৰুছ তথা ইউৰোপৰ আন দেশসমূহৰ নাট্যকাৰসকলে সমসাময়িক বাস্তৱ সমস্যাৱলীক লৈ নাটক ৰচনা কৰিবলৈ ধৰিলে।

নব্যধাৰাৰ নাটশৈলী সৃষ্টিৰ অন্যতম বাটকটীয়া হ’ল জাৰ্মানীৰ আউছবুৰ্গ চহৰত ১৮৯৮ চনত জন্মগ্ৰহণ কৰা বাৰ্টল্ট ব্ৰেখ্ট (Bertolt Brecht); যাক এপিক থিয়েটাৰৰ জনক বুলি কোৱা হয়। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ব্ৰেখ্ট উচ্চতৰ মাধ্যমিক পৰ্যায়ত পঢ়ি থকা কালতে বিশেষকৈ নাট্য সাহিত্যৰ প্ৰতি আকৰ্ষিত হয় আৰু মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱত নাটকৰ ৰোমাণ্টিক ধাৰা পৰিহাৰ কৰি বাস্তৱ সমস্যামূলক নাটক ৰচনা কৰিবলৈ ধৰে।

ব্ৰেখটৰ নাটশৈলীক ‘এপিক থিয়েটাৰ’ আখ্যা দিয়াৰ মূলতে হ’ল মহাকাব্য (Epic)ত যেনেদৰে বক্তা আৰু শ্ৰোতাৰ কথোপকথন ৰীতিৰে মূল বিষয় উপস্থাপন কৰা হয়, ঠিক তেনেদৰে ব্ৰেখ্টৰ এই নাটশৈলীতো একে পদ্ধতিকে অৱলম্বন কৰা দেখা যায়, এতেকে এই শৈলীক উক্ত নামেৰে জনা যায়।

মাৰ্ক্সীয় দৰ্শনৰ সূত্ৰ উপলব্ধি কৰি ব্ৰেখ্টে বুজি উঠিছিল যে শোষণ-নিপীড়নৰ ফলতেই সমাজত শ্ৰেণী সংগ্ৰামৰ সৃষ্টি হয় আৰু সমাজত শোষক আৰু শোষিত দুটা শ্ৰেণীৰ মাজত দ্বন্দ্ব লাগে। নিপীড়িত জনগণক উদ্দীপিত আৰু একত্ৰ কৰাৰ বাবেই তেওঁ নাটকৰ সহায় ল’লে আৰু ইয়াৰ ফলত সৃষ্টি হ’ল— The Good Woman of Setzuan, The life of Galileo, Mother Courage, Here Puntila And His Servant Matti, The Caucasian Circle আদি নাটকৰ।

বাটৰ নাটৰ পূৰ্বাভাস পোৱা ‘এপিক থিয়েটাৰ’ৰ দৰেই আন এক নাটশৈলী হৈছে ‘পলিটিকেল থিয়েটাৰ’। ইয়াৰ জনক হৈছে জাৰ্মানীৰ এৰউইন পিছকাটাৰ (Erwin Piscatar)। তেওঁ মাৰ্ক্সীয় দৰ্শনৰ তত্ত্ববোৰ বিশেষকৈ সামাজিক তাৎপৰ্যবোৰৰ প্ৰচাৰৰ বাবে নাট্যাভিনয়ৰ শিক্ষণীয় দিশটোৰ ওপৰত অধিক গুৰুত্ব দিছিল। এই তত্ত্ববোৰ বুজাবলৈকে তেওঁ পোষ্টাৰ, ছাৰ্ট, গ্ৰাফ, শ্লাইড, ফটো, ফিল্ম আদিৰ ব্যৱহাৰ কৰিছিল। তেওঁৰ মতে অভিনেতাই নাটকৰ সত্তাৰ মাজত নিজকে বিলীন নকৰি, নাটকৰ ঘটনা নিৰ্লিপ্তভাৱে বৰ্ণাই যাব লাগে, ব্যাখ্যা কৰি দৰ্শকক বুজাই দিব লাগে আৰু তেনে কৰোঁতে আৱশ্যক হ’লে ভাব-আৱেগৰ অভিব্যক্তি কৰি দেখুৱাব লাগে। পিছকাটাৰৰ মতে অভিনেতাজন নাটকীয় চৰিত্ৰৰ ভাবাবেগৰ দ্বাৰা অভিভূত হ’লে নচলিব, অভিনেতাই চৰিত্ৰবীক্ষণ পদ্ধতি (new objectivity) অনুশীলন কৰিব লাগিব। বাটৰ নাট সৃষ্টিত উক্ত দুয়ো শৈলীৰ উপৰিও নৰৱেৰ জাতীয় নাট্যকাৰ হেনৰিক জোহান ইব্‌ছেন (১৮২৮-১৯০৬)ৰ উদ্ভট নাটক (Absurd drama) আৰু ৰোঁমা ৰোঁলাৰ পিপ’লছ থিয়েটাৰৰো প্ৰভাৱ সময়ৰ বিৱৰ্তনত সোমাই পৰিছে। ‘এপিক থিয়েটাৰ’ৰ জনক বাৰ্ট’ল্ট ব্ৰেখ্ট আৰু ‘পলিটিকেল থিয়েটাৰ’ৰ জনক এউইন পিছকাটাৰৰ উদ্যোগত জাৰ্মানীত আৰম্ভ হোৱা ‘এজিট প্ৰ’প থিয়েটাৰ’ (Agit Prop Theatre)ৰ লক্ষ্য আছিল ফেচীবাদৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা। ৰাছিয়াৰ ‘ফিউচাৰিষ্ট’ আন্দোলনৰ প্ৰেৰণাত জাৰ্মানীত আৰম্ভ হোৱা এজিট প্ৰ’প থিয়েটাৰত ফেচীবাদৰ সৰ্বগ্ৰাসী পদক্ষেপৰ বিৰুদ্ধে সচেতন কৰাৰ বাবে জনসাধাৰণক উত্তেজিত (Agitate) কৰা হৈছিল আৰু এই সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ এজিট প্ৰ’প থিয়েটাৰৰ জৰিয়তে প্ৰচাৰ (Propaganda) চলোৱা হৈছিল। সেই হেতুকে এই জাতীয় নাটকক ‘এজিট প্ৰ’প (Agitational proaganda) থিয়েটাৰ’ বোলা হৈছিল। এজিট প্ৰ’প থিয়েটাৰে কালক্ৰমত বিকাশ লাভ কৰি বৰ্তমানৰ ‘বাটৰ নাট’ৰ ৰূপ পাইছে। বিশ্বত প্ৰথমখন বাটৰ নাটৰ যাত্ৰাৰম্ভ হৈছিল ১৯১৮ চনত মস্কো চহৰত। প্ৰথমখন নাট আছিল কবি ভ্লাদিমিৰ মায়াক’ভস্কিৰ Mastery Bouffe। ৰাছিয়া আৰু জাৰ্মানীত যথাক্ৰমে জন্ম আৰু বিকাশ লাভ কৰা বাটৰ নাটে কালক্ৰমত বিশ্বৰ প্ৰায়বোৰ দেশতে বিস্তাৰ লাভ কৰে।

আৰু পঢ়িব পাৰে

১৯৩৩ চনত ইংলেণ্ডত ‘দি বেড প্লেয়াৰ্ছ’ গোষ্ঠীয়ে ‘মীৰাট’ কমিউনিষ্ট ষড়যন্ত্ৰ মামলাৰ সপক্ষে ‘মীৰাট’ নামৰ বাটৰ নাট প্ৰদৰ্শন কৰিছিল। চীন দেশত জাতীয় বিপ্লৱৰ প্ৰাক্‌কালত চীনৰ মুক্তি বাহিনীয়ে সমগ্ৰ দেশৰ গাঁৱে-ভূঞে ঘূৰি ফুৰি বাটৰ নাটৰ জৰিয়তে জনসাধাৰণক সজাগ কৰি তুলিছিল। স্পেইনৰ গৃহযুদ্ধ আৰু ভিয়েটনামৰ বিপ্লৱৰ আগৰ সময়ছোৱাত সাম্ৰাজ্যবাদী শাসক-শোষকৰ বিৰুদ্ধে সেই দেশসমূহত বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে জনমত গঢ়ি তোলা হৈছিল। ষাঠিৰ দশকৰ শেষভাগত ফ্ৰান্স দেশত বহুলভাৱে বাটৰ নাটৰ প্ৰচাৰ হয়। ইয়াৰ উপৰিও কিউবা, লেটিন আমেৰিকা, পাকিস্তান, নেপাল, বাংলাদেশ, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ফিলিপিন্স, ছুইডেন, হলেণ্ড আদি দেশতো বাটৰ নাটৰ অভিনয় আৰু চৰ্চা হৈছে।

ভাৰতবৰ্ষত বাটৰ নাটৰ সূচনাৰ সম্পৰ্কত ‘গণশক্তি’ কাকতত প্ৰকাশিত ‘ছফদৰ হাছমী আৰু পথ নাটকৰ প্ৰসংগ’ শীৰ্ষক প্ৰবন্ধত শক্তিসাধন মুখোপাধ্যায়ে এনেদৰে লেখিছিল— “১৯৪৫ চনত চট্টগ্ৰামৰ সেনা শিবিৰত ক্লাইড ব্ৰেনচন নামৰ ব্যক্তিয়ে তেওঁ নিজে লিখা বাটৰ নাট পঢ়ি শুনাইছিল। ব্ৰেনচন ব্ৰিটেন কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল। ব্ৰেনচনৰ প্ৰেৰণাত চট্টগ্ৰামৰ পূৰ্ণেন্দু দস্তিদাৰে লেখিছিল ‘পতেঙ্গাৰ প্ৰতিশোধ’। পাৰ্টিৰ সাংস্কৃতিক স্কোৱাডে ৰাস্তাত এই নাটকৰ অভিনয় কৰে। সেনাবোৰে আহি মাজে মাজে থিয় হৈ নাটক চাইছিল। এদিন মিলিটাৰী-পুলিচ আহি বেটনেৰে তেওঁলোকক খেদি লৈ গ’ল। কিয়নো, সেনাবোৰে এই জাতীয় ৰাজনৈতিক নাটক চোৱাৰ ক্ষেত্ৰত অফিচাৰসকলৰ আপত্তি আছিল।”

প্ৰসংগত উল্লেখ কৰি থোৱা ভাল হ’ব যে ৰুছ আৰু জাৰ্মান দেশৰ দৰে ভাৰতবৰ্ষতো সাম্যবাদীসকলেই বাটৰ নাট উদ্ভাৱন, প্ৰচাৰ আৰু প্ৰদৰ্শনৰ লগত জড়িত আছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক ফৰাম ‘ভাৰতীয় গণনাট্য সংঘ’ (Indian Peoples Theatre Association)ৰ জন্ম হৈছিল ১৮৪৩ চনত আৰু এই সংস্থাই হৈছে ভাৰতত বাটৰ নাট আন্দোলনৰ ভগীৰথ। “এই সংঘৰ পান্নালাল, উৎপল দত্ত, ঋত্বিক ঘটক, মমতাজ আহমেদ খান আদি গণশিল্পীসকলৰ নেতৃত্বত পঞ্চাশৰ দশকত ভাৰতৰ মাটিত আৰম্ভ হৈছিল এই নব্য নাটধাৰাৰ পথ নাটক। আৰম্ভণিৰে পৰা ভাৰতৰ পথ নাটক আন্দোলন হৈ পৰিছিল জনগণৰ ৰাজনৈতিক সংগ্ৰামৰ এক শক্তিশালী অস্ত্ৰ।” ভাৰতত বাটৰ নাটক প্ৰাণৱন্ত কৰি তোলা আন বৰণীয় গণশিল্পীসকল হৈছে— বাদল চৰকাৰ, সলিল চৌধুৰী, সজল ৰায় চৌধুৰী, সুনীল দত্ত, হীৰেন ভট্টাচাৰ্য আদি।

দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯-৪৪)ৰ বিভীষিকাৰ বিৰুদ্ধে ৰোঁমা ৰোঁলাৰ নেতৃত্বত গঠিত ‘পিপ’লছ থিয়েটাৰে’ বিশ্বৰ শিল্পী, বুদ্ধিজীৱী, সাহিত্যিকসকলক একত্ৰ কৰিবলৈ সমৰ্থ হৈছিল আৰু সেই আহ্বানেৰে অনুপ্ৰাণিত হৈ কলকাতাত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰেও (১৮৬১-১৯৪১) ‘মুক্তধাৰা’ৰ নাটকবিলাকৰ অভিনয়ৰ বাবে মুক্তাংগণকে অভিনয় ক্ষেত্ৰ বুলি বাছি লৈছিল। এই নাটকলানিৰ প্ৰথম নাটকখনৰ নাম আছিল ‘পথ’। বহুতে ১৯৩৮ চনত ছাত্ৰ ফেডাৰেচনে কৰা ‘জাপানক ৰোধিবই লাগিব’ নামৰ নাটককে ভাৰতৰ প্ৰথম বাটৰ নাট বুলিব খোজে। প্ৰকৃততে ভাৰতবৰ্ষত বাটৰ নাটৰ ধাৰাবাহিকতা আৰম্ভ হৈছিল ১৯৫১ চনৰ পৰাহে। সেই চনতে উপৰ্যুক্ত গণনাট্য সংঘৰ সৌজন্যত উমানাথ ভট্টাচাৰ্য ৰচিত নাটক ‘চাৰ্জছীট’ৰ অভিনয় কৰা হৈছিল বন্দীমুক্তিৰ দাবীত। ১৯৪৯ চনত নেহৰু চৰকাৰে কমিউনিষ্ট পাৰ্টিক বেআইনী ঘোষণা কৰি নেতাকসলক জেলত ভৰাইছিল আৰু তাৰ প্ৰতিবাদতেই ‘চাৰ্জছীট’ বাটৰ নাট অভিনীত হৈছিল। ১৯৫২ চনত উৎপল দত্তৰ ‘পাছপোৰ্ট’ নামৰ বাটৰ নাটে জনগণৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৮ চনত শিক্ষকসকলে আন্দোলন কৰোঁতে হোৱা গুলীচালনা আৰু শিক্ষক হত্যাৰ ঘটনাক লৈ সুনীল দত্তৰ ‘মৌৰীন মাষ্টৰৰ সংসাৰ’ বাটৰ নাটৰ অভিনয় হৈছিল। ১৯৬৫ চনত ‘সমাজতান্ত্ৰিক চাল’ বাটৰ নাট অভিনয়ৰ অপৰাধত নাট্যকাৰ উৎপল দত্ত, অভিনেতা জোছন দস্তিদাৰসহ আন সকলোৱেই পুলিচৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰিব লগাত পৰে। উৎপল দত্তৰ ‘দিন বদলেৰ পাল্লা’ (১৯৬৭), ‘চক্ৰান্ত’ (১৯৭৯), অৰুণ চক্ৰবৰ্তীৰ ‘হচ্ছেটা কী’ (১৯৭১), ‘ৰেলকী ভেল্কী’ (১৯৭৮), চিত্তৰঞ্জন দাসৰ ‘বয়কট’ (১৯৭১), হীৰেন ভট্টাচাৰ্যৰ ‘হংসবদনেৰ ৰোগমুক্তি’ (১৯৬৭) আদি উল্লেখযোগ্য বাটৰ নাট।

image
ছফ্দৰ হাছমী

ভাৰতবৰ্ষৰ বাটৰ নাটৰ মুকুটবিহীন সম্ৰাটগৰাকীৰ নাম হৈছে ছফ্‌দৰ হাছমী। ১৯৫৮ চনৰ ১২ এপ্ৰিলত দিল্লীত জন্মগ্ৰহণ কৰা এইজন মহান নাট্যশিল্পীয়ে সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ বাবে ‘গণনাট্য মঞ্চ’ৰ জৰিয়তে বাটৰ নাটৰ যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছিল। ১৯৮৪ চনত সমগ্ৰ দেশ জুৰি সংঘটিত হোৱা শিখ নিধন কাৰ্য বন্ধ কৰাত হাছমীয়ে আসাধাৰণ ভূমিকা পালন কৰিছিল। ১৯৮৭ চনত দিল্লীত গঠিত হোৱা ‘সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা সমিতি’ৰ হাছমীও অন্যতম সদস্য হৈছিল। ১৯৮৯ চনৰ ১ জানুৱাৰী তাৰিখে দুপৰীয়া দিল্লীৰ পৰা কিছু দূৰৰ চাহিবাবাদৰ বাণ্ডাপুৰৰ আম্বেদকাৰ পাৰ্কৰ গণনাট্য মঞ্চৰ উদ্যোগত ছফদৰ হাছমী ৰচিত ‘হাল্লাবোল’ বাটৰ নাটৰ অভিনয় চলি আছিল। শিল্পীদলৰ সৈতে ছফ্দৰ হাছমী আৰু পত্নী মলয়শ্ৰীয়েও অভিনয় কৰি আছিল। নাটক চলি থকা সময়তে বাণ্ডাপুৰৰ পৌৰসভা নিৰ্বাচনৰ ৪০নং বাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মুকেশ শৰ্মাৰ সমৰ্থকৰ দল এটা শোভাযাত্ৰা কৰি সেইফালে পাৰ হৈ যাবলৈ আহিল আৰু শোভাযাত্ৰাৰ আগত অহাসকলে নাটক বন্ধ কৰিবলৈ হুমকি দিলে। সকলোৱে অলপ সময়ৰ পাছতেই নাটকৰ যৱনিকা পৰিব বুলি জনোৱাতো দলটো ৰ’বলৈ মান্তি নহ’ল আৰু বলপূৰ্বক নাটক বন্ধ কৰিবলৈ উদ্যত হ’ল। হাছমীয়ে পৰিস্থিতি ভয়ংকৰ হোৱাৰ উমান পাই নিজৰ স্ত্ৰী আৰু আন অভিনেত্ৰীকেইগৰাকী (মালা, শিখা আৰু প্ৰাচী)ক ৰক্ষা কৰাৰ বাবে স্থানীয় ‘চিটু’ (CITU)ৰ কাৰ্যালয়ৰ ভিতৰত আশ্ৰয় ল’লে। তেনেতে বহুসংখ্যক গুণ্ডাবাহিনীৰ লোক চিটুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি হাছমীক মাৰধৰ কৰি ৰাজপথলৈ চোঁচৰাই আনি চোকা অস্ত্ৰৰে আধামৰা কৰে। তেনে অৱস্থাত হাছমী আৰু লগৰকেইজনক পেলাই থৈ দলটো পলায়ন কৰে। স্থানীয় লোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰালে যদিও পাছদিনা তেওঁ ৰামমনোহৰ লোহিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে। এই গণশিল্পীজনে এনেদৰেই মৃত্যুক অকালতে কৰুণভাৱে সাবটি ল’বলগা হ’ল। ছাত্ৰাৱস্থাৰে পৰা মাৰ্ক্সবাদ-লেনিনবাদ গভীৰভাৱে অধ্যয়ন কৰা আৰু শক্তিশালী সাংস্কৃতিক ব্যক্তিত্বৰ অধিকাৰী, শ্ৰমজীৱী জনগণৰ সুহৃদ ছফ্দৰ হাছমীক তেওঁৰ নিঃস্বাৰ্থ অৱদানৰ বাবে কলকাতা বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে সন্মানজনক ডি-লিট উপাধিৰে সন্মানিত কৰে। তেওঁ ৰচনা কৰা বাটৰ নাটৰ সংখ্যা কুৰিখনৰো অধিক।

ভাৰতত বাটৰ নাটৰ চৰ্চা আৰু অভিনয় পোনপ্ৰথম কলকাতা আৰু দিল্লী চহৰতেই হৈছিল। বিশেষকৈ কলকাতাত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ তীব্ৰ ৰূপত হৈছিল। এতিয়াও হৈ আছে। এইক্ষেত্ৰত বাদল চৰকাৰৰ নাম পোনতে ল’ব লাগিব। ১৯২৫ চনত কলকাতাত জন্মগ্ৰহণ কৰা এইগৰাকী নাট্যশিল্পীয়ে ১৯৬৮ চনত ‘এবং ইন্দ্ৰজিৎ’ নাটকৰ বাবে সংগীত নাটক অকাডেমি বঁটা লাভ কৰি সমগ্ৰ ভাৰতত প্ৰখ্যাত হৈ পৰে। তেওঁ কলকাতাত প্ৰতিষ্ঠা কৰা ‘অঙ্গনমঞ্চ’ত কোনো মঞ্চ নাই। তাত কেৱল অভিনেতা-অভিনেত্ৰীয়ে প্ৰৱেশ প্ৰস্থান নকৰে— প্ৰয়োজন অনুসৰি দৰ্শকসকলকো খোজ কাঢ়িবলৈ বাধ্য কৰোৱা হয়। ইয়াত সাজ-সজ্জাও কৰা নহয়। এই মঞ্চত ‘ছাগিনা মাহাতো’ প্ৰভৃতি ভালেকেইখন নাটক মঞ্চস্থ কৰা হৈছিল। ইয়াৰ পাছত বাদল চৰকাৰে কলকাতাত প্ৰতিষ্ঠা কৰা ‘শতাব্দী গোষ্ঠী’ৰ শিল্পীদলক লগত লৈ নগৰে-চহৰে, বাটে-পথে নাট মঞ্চস্থ কৰিবলৈ ধৰে। এনেদৰেই ভাৰতবৰ্ষত আৰম্ভ হ’ল ‘থাৰ্ড থিয়েটাৰ’ বা বাটৰ নাটৰ। বাদল চৰকাৰে ৰচনা কৰা বাটৰ নাটৰ সংখ্যা প্ৰায় ২৫খন। বৰ্তমান বাটৰ নাটৰ বিশেষ চৰ্চা হোৱা ৰাজ্য হৈছে পশ্চিমবঙ্গ, অসম, ত্ৰিপুৰা, দিল্লী, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰলম, কৰ্ণাটক, গুজৰাট, ৰাজস্থান, হাৰিয়ানা আদি।

অসমত বাটৰ নাটৰ বাটকটীয়া ব্যক্তিজন হৈছে ৰত্ন ওজা। বাটৰ নাট প্ৰযোজনা কৰা সাংস্কৃতিক অনুষ্ঠানটো হৈছে গুৱাহাটীৰ ‘গহ্বৰ নাট্য গোষ্ঠী’ আৰু নাট্যকাৰজন হৈছে স্বনামধন্য নাট্যকাৰ অৰুণ শৰ্মা। অসমত বাটৰ নাট সৃষ্টিৰ পটভূমি এনেধৰণৰ:

১৯৭০ চনৰ ৩১ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু হয়। অন্তিম ৰাজহুৱা শ্ৰদ্ধা জ্ঞাপনৰ বাবে সেই প্ৰয়াত শিল্পীগৰাকীৰ শৱদেহ শোভাযাত্ৰা কৰি ৰবীন্দ্ৰ ভৱনলৈ অনা হ’ল। সেই সময়ত অসম চৰকাৰে ৰবীন্দ্ৰ ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ভৱনটিক চৰকাৰীকৰণ কৰে। সেয়ে ফণী শৰ্মাৰ নশ্বৰদেহ ৰবীন্দ্ৰ ভৱনৰ মঞ্চলৈ নিবলৈ দিয়া নহ’ল আৰু চোতালত ৰাখি ৰাজহুৱা শ্ৰদ্ধা তৰ্পণ কৰা হ’ল। এই মহান শিল্পীজনাৰ মৃত্যুৰ পাছত মঞ্চত ঠাই নোপোৱা দেখি ৰত্ন ওজাৰ দৰে শিল্পীপ্ৰাণ ব্যক্তিসকলৰ অন্তৰত বাৰুকৈয়ে আঘাত লাগিল।

সেই সময়তে চৰকাৰৰ বিক্ৰীকৰৰ হেঁচাত পৰি নাট্যানুষ্ঠানসমূহে টিকট ছপাই থিয়েটাৰ প্ৰদৰ্শন কৰিব নোৱৰা অৱস্থা এটায়ো নাট্যশিল্পীসকলক অসুবিধাত পেলাইছিল। সেয়ে থিয়েটাৰ চাবলৈ প্ৰৱেশপত্ৰ ছপাই ঘৰে ঘৰে গৈ দৰ্শক গোটাব লগা অৱস্থা হৈছিল; ফলত দৰ্শকৰ সংখ্যা যথেষ্ট কমিছিল। সৰ্বসাধাৰণে টিকট কাটি থিয়েটাৰ চাবলৈ আহিব নোৱাৰিছিল। ৰত্ন ওজাৰ মনত খেলালে যে নাটকক মঞ্চৰ পৰা বাটলৈ উলিয়াই আনিব লাগিব। তেখেতে প্ৰথমে এই কথা কুলদা কুমাৰ ভট্টাচাৰ্যক জনালে। ভট্টাচাৰ্যয়ো একমত প্ৰকাশ কৰি ক’লে যে নাট্যকাৰ অৰুণ শৰ্মাৰ লগতো বাটৰ নাট কৰা সম্পৰ্কে ইতিপূৰ্বে তেওঁ কথা-বাৰ্তা হৈছেই। এই কথা ৰত্ন ওজায়ো অৰুণ শৰ্মাক জনালত তেখেতে নাটক ৰচনা কৰাৰ দায়িত্ব ল’লে।

অসমত প্ৰথমখন বাটৰ নাট অৰুণ শৰ্মা বিৰচিত ‘ককাইদেউ’ৰ অভিনয় পটভূমি আৰু নাটকৰ কাহিনীভাগৰ কথাখিনি অৰুণ শৰ্মাৰেই ভাষাত— “১৭ জানুৱাৰীৰ পুৱা ১০ বজাত ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ বাটেদি অহা-যোৱা কৰা মানুহে দেখা পালে এটা শৱদেহ চাঙিত তুলি দীঘলী পুখুৰীৰ পশ্চিম কোণৰ পৰা কেইজনমান গাঁৱলীয়া মানুহ আহি আছে আৰু ৰবীন্দ্ৰ ভৱনৰ গে’টৰ সমুখত ৰৈছেহি। শৱদেহটো ভৱনৰ সন্মুখৰ ফাললৈ নিয়াৰ উদ্দেশ্যে চকীদাৰক গে’টখন খুলি দিবলৈ অনুৰোধ কৰা হৈছে। চকীদাৰে অচিনাকি শ এটা ভিতৰলৈ সোমাবলৈ দিয়াত আপত্তি কৰি গে’ট খুলি দিয়া নাই। অৱশেষত শৱদেহটো বাটৰ সিপাৰে থকা পাৰ্কখনলৈ লৈ যোৱা হ’ল। পাৰ্কখনত তেতিয়া বেৰ দিয়া হোৱা নাছিল। গতিকে বাটেদি গৈ থকা মানুহৰ দৃষ্টি আৰু মনোযোগ আকৰ্ষিত হৈছিল শৱদেহটোৰ প্ৰতি। দুই-এটাকৈ মানুহ থুপ খাবলৈ ধৰিলে, সেই ঠাইত তেনেকৈ থৈ দিয়া এইটো কাৰ শৱদেহ সেই বিষয়ে জানিবলৈ। তেনেতে দুটামান উচ্ছৃংখল যুৱক-যুৱতী হাতত গীটাৰ লৈ সস্তীয়া গীত গাই আহি হঠাৎ সেইখিনিতে ৰৈ গ’ল আৰু শৱদেহটোৰ কাষত জ্বলি থকা মাটিৰ চাকিটোৰ শলিতাৰ জুইত টিগাৰেট জ্বলাই আনিলে। যুৱক-যুৱতীহঁতৰ উপলুঙা আৰু লঘু আচৰণত অতিষ্ঠ হৈ গাঁৱলীয়া মানুহকেইজনৰ মুখিয়ালজনে (হেম ভট্টাচাৰ্য) দুখ, আক্ষেপ আৰু ক্ষুব্ধ কণ্ঠেৰে বক্তব্য দাঙি ধৰিলে। তেওঁৰ বক্তব্যৰ পৰা জনা গ’ল মৃতদেহটো তেওঁলোকৰ গাঁৱৰ সমগ্ৰ অঞ্চলটোতে জনাজাত এজন লোকসংগীতৰ সুগায়ক আৰু অভিনয় শিল্পীৰ। যোৱা নিশা তেওঁৰ পাণবজাৰৰ হাস্পতালত মৃত্যু হৈছে। কিন্তু পুৱা হাস্পতালত কৰ্তৃপক্ষই মৃতদেহটো ৰাখিবলৈ আপত্তি কৰাত শিল্পীজনৰ কাষত থকা লোককেইজনে চাঙী এখন সাজি মৃতদেহটো হাস্পতাল চৌহদৰ পৰা লৈ আহিল। গাঁৱৰ পৰা শৱদেহ নিবলৈ নদীৰ সিপাৰৰ পৰা ৰাইজ আহিব নাও লৈ, সেই কাৰণে তেওঁলোকে ক’ৰবাত কিছু সময় অপেক্ষা কৰিব লগা হ’ল, কিন্তু ক’ত ৰ’ব? তেওঁলোকে ভাবিলে গুৱাহাটীত ৰবীন্দ্ৰ ভৱন নামে এটা ৰংগমঞ্চ হৈছে, গতিকে এইজন মঞ্চশিল্পীৰ মৃতদেহটো সেই মঞ্চৰ চোতালতে থৈ অপেক্ষা কৰাটো উচিত হ’ব। সেই ভাবি তেওঁলোকে শিল্পীগৰাকীৰ শৱদেহটো তালৈকে লৈ আহিল। কিন্তু ৰবীন্দ্ৰ ভৱনৰ চকীদাৰে ভৱনৰ গে’ট খুলিবলৈ নিদিলে। গতিকে তেওঁলোকে শৱদেহ পুখুৰীৰ পাৰৰ এই ঘাঁহনিতে আনি নমাইছেহি আৰু ৰৈ আছে ৰাইজ অহালৈ।

বৰ্ণনা শুনি যুৱক-যুৱতীৰ দলটোৰ মনৰ পৰিৱৰ্তন হ’ল। তেওঁলোক তেওঁলোকৰ আচৰণৰ বাবে অনুতপ্ত হ’ল। আৰু লগে লগে হ’ল বিক্ষুব্ধ। দলটোৱে গাৰ বলেৰে ৰবীন্দ্ৰ ভৱনৰ গে’ট খুলি শিল্পীৰ শৱদেহ ভৱন প্ৰাংগণলৈ নিবলৈ ওলাল। ইতিমধ্যে গোট খোৱা এশজনমান দৰ্শকৰ মাজৰ পৰা দুজন ডেকাই শিলগুটি দলিয়ালে ৰবীন্দ্ৰ ভৱনৰ পিনে (sponteneous reaction)। গাঁৱৰ দলটোৰ মুখ্য ব্যক্তিজনৰ অনুৰোধত যুৱ দলটো অৱশ্যে ৰবীন্দ্ৰ ভৱনৰ গে’ট ভাঙি শৱদেহ ভৱন প্ৰাংগণলৈ নিয়াৰ পৰা বিৰত থাকিল। এনেতে এজনে আহি খবৰ দিলেহি যে ৰাইজ পকীঘাট পাইছেহি, শৱদেহ তালৈ নিবলৈ নিৰ্দেশ দিছে। অনুশোচিত যুৱ দলটোৱে লোকশিল্পীৰ শৱদেহ কান্ধত তুলি পকীঘাটৰ পিনে যাত্ৰা কৰিলে।

আৰু পঢ়িব পাৰে

নাটক তাতে শেষ কৰাৰ কথা আছিল। কিন্তু সাৱলীলভাৱে আৰু অৱলীলাক্ৰমে দৰ্শকসকলে শৱদেহৰ পিছে পিছে খোজ ল’বলৈ ধৰিলে। তৎকালীন সিদ্ধান্তৰে নাট পৰিচালকে শৱযাত্ৰা দীঘলীপুখুৰীৰ পাৰে পাৰে উজান বজাৰৰ পকীঘাটৰ পিনে আগুৱাই লৈ গ’ল। সমগ্ৰ দৰ্শকবৃন্দই যি অনিমন্ত্ৰিত আৰু অপ্ৰত্যাশিতভাৱে সামান্যও পূৰ্ব প্ৰস্তুতি নকৰাকৈয়ে সমবেত হৈছিল, সকলোৱে শৱযাত্ৰাত যোগ দিলে। প্ৰসিদ্ধ নিবন্ধকাৰ মুনীন বৰকটকী আহি আছিল বাটেৰে, আহি আছিল আকাশবাণীৰ তেতিয়াৰ সঞ্চালক অবনী কুমাৰ দাস। তেওঁলোকেও যাত্ৰাত যোগ দিলে।

পকীঘাটত সকলো দৰ্শকৰ সৈতে উপস্থিত হোৱাৰ পাছত নাটক আৰু আগুৱাই নিবৰ উপায় নোহোৱা হ’ল। তেতিয়া ৰত্ন ওজাই পকী ভেটি এটাত উঠি বিনম্ৰভাৱে সকলোকে নমস্কাৰ জনাই ঘোষণা কৰিলে— “সমবেত সুধীবৃন্দ, ক্ষমা প্ৰাৰ্থনাৰে আপোনাসৱক জনাব খুজিছোঁ যে আপোনালোকে ইমানপৰে এখন নাটকহে চাই আছে আৰু এই নাটকৰ মাজেৰেই বৰ্তমান অসমৰ সাংস্কৃতিক ক্ষেত্ৰত ঘটি থকা কেইটামান জ্বলন্ত সমস্যাৰ স্বৰূপ আমি দাঙি ধৰিলো। আজি ৰূপকোঁৱৰৰ মৃত্যু দিৱস, শিল্পী দিৱসৰ এই দিনটোত…।”,

অসমৰ প্ৰথমখন বাটৰ নাট ‘ককাইদেউ’ত অভিনয় কৰা শিল্পীসকল হৈছে— দিলীপ সেনগুপ্ত, বিমল দেৱ, ধীৰেন বেনাৰ্জী, আটাউৰ ৰহমান, ৰৌছন আলী, প্ৰতাপ বৰদলৈ, ৰমেন চৌধুৰী, বিনীতা দত্ত, পৰেশ বৰুৱা, সাধন হাজৰিকা, মইনুল হক, কল্যাণ দে, ভাৰতী পাঠক, মীণাক্ষি পাঠক, জ্যোৎস্না দাস, কবীন ঠাকুৰীয়া, সুভাষ মেধি, অৰুণ নাথ, জ্যোতিপ্ৰসাদ, অপূৰ্ব কুমাৰ দাস, মুক্তা আহমেদ, গুণসিন্ধু দাস, জ্যোতি ফুকন, প্ৰদীপ দাস, দিবাকৰ শৰ্মা, ভবেন হালৈ, গোপী তালুকদাৰ, জ্যোতিষ শৰ্মা, ডম্বৰু দাস, হেম ভট্টাচাৰ্য, থানেশ্বৰ দত্ত আৰু দৰ্শক ভাৱৰীয়াসকল।

বিশিষ্ট সমালোচক ৰাম গোস্বামীয়ে ‘ককাইদেউ’ আৰু আন এখন বাটৰ নাট ‘কুমঙৰ পাপ’ সম্পৰ্কে সমালোচনা কৰি কহিনুৰ থিয়েটাৰৰ মুখপত্ৰ ‘কৰণিত (১৯৮২-৮৩) এনেদৰে লিখিছিল— “ঘটনা উপস্থাপনৰ কৌশল, মৌলিক প্ৰশ্নৰ গভীৰতা, চৰিত্ৰ প্ৰকাশৰ ক্ৰিয়া-কলাপ দুয়োখন বাটৰ নাটৰে লক্ষণীয় বিষয় হৈছিল। দৰ্শক-শ্ৰোতাৰ অন্তৰত দুয়োখন নাটে নানা জটিল চিন্তা আৰু জিজ্ঞাসাৰ জোকাৰ মাৰি গৈছিল। নাটৰ মাজেদি উথলি উঠা অনুভূতি আৰু বেদনাগধুৰ প্ৰশ্নসমূহৰ প্ৰতি সমূহ ৰাইজ আকৃষ্ট হৈছিল।”

‘ককাইদেউ’ বাটৰ নাট অভিনয় হোৱাৰ আগতে ডিব্ৰুগড়ত দেউতি বৰুৱাৰ উদ্যোগত বাটৰ নাটৰ অভিনয় হোৱাৰ কথা জনা যায়। কিন্তু সেই নাটক নিৰ্বাচনী প্ৰচাৰৰ অংশ হোৱা হেতু প্ৰকৃত বাটৰ নাট নুবুলি ‘পোষ্টাৰ নাট’হে বুলিব লাগিব। অসমৰ বাটৰ নাটৰ ধাৰাবাহিকতা প্ৰকৃততে আৰম্ভ হয় ১৯৮৯ চনৰ ১২ এপ্ৰিলৰ পৰাহে। এই দিনটো আছিল ছফ্দৰ হাছমীৰ জন্মদিন আৰু দিনটো ‘জাতীয় পথ-নাটক দিৱস’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত হোৱাত গুৱাহাটীৰ ভাৰতীয় গণনাট্য সংঘ, সমাহাৰ নাট্য গোষ্ঠী, ইউ-চি-এফ আদি সংগঠনে গুৱাহাটীৰ পথত পথ নাটক কৰিছিল; অৱশ্যে চৰকাৰে বাধাৰ সৃষ্টিও কৰিছিল। অসমত বাটৰ নাট প্ৰদৰ্শনৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা গ্ৰহণ কৰা নাট্য সংগঠনটো হৈছে সমাহাৰ নাট্য গোষ্ঠী। ১৯৮৯ চনৰ পৰা আজি পৰ্যন্ত সমাহাৰে নিজৰ সামৰ্থ্য আৰু সুবিধা অনুসৰি অসমৰ বিভিন্ন নগৰে-চহৰে, গ্ৰামে-গঞ্জে বাটৰ নাট কৰি আছে। বাটৰ নাট কৰিছেগৈ সুদূৰ ত্ৰিপুৰাৰ আগৰতলা, খোয়াই, কল্যাণপুৰ, চেবৰী আদি ঠাইত; বাটৰ নাট কৰিছেগৈ ভাৰতবৰ্ষ, নেপাল, বাংলাদেশক লৈ কলকাতাত আয়োজিত ত্ৰিদেশীয় মুক্তমঞ্চ নাট মহোৎসৱতো। আজিলৈকে সমাহাৰে তেওঁলোকৰ ১৩খন পথ-নাটকৰ আঢ়ৈশৰো অধিক প্ৰদৰ্শনীৰে লক্ষাধিক দৰ্শকৰ সংস্পৰ্শলৈ আহিছে। তদুপৰি সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ পথ-নাটক অভিযানৰ যোগসূত্ৰ স্থাপন কৰিলে সমাহাৰেই।

ইতিপূৰ্বে গুৱাহাটীৰ উপৰিও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত বাটৰ নাট মঞ্চস্থ হোৱাৰ কথা জনা যায়। তাৰ ভিতৰত ডিব্ৰুগড়, ডিগবৈ, মালয়বাৰী, সৰভোগ, বৰপেটাৰোড, মাণিকপুৰ, চকিশালি, লংকা, মন্দিয়া, মঙলদৈ, টিহু, বৰখলা, পাঠশালা, বৰমা, জনিয়া, ডিমু, ঢকুৱাখনা, ক্ষেত্ৰী, সোণাপুৰ, তেতেলীয়া, চামতা, নগাঁও, কলিয়াবৰ আদি ঠাই উল্লেখযোগ্য।

অসমৰ বাটৰ নাট প্ৰদৰ্শনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা নাট্যানুষ্ঠানসমূহ হৈছে— গহ্বৰ নাট্য গোষ্ঠী (গুৱাহাটী), সমাহাৰ নাট্যগোষ্ঠী (গুৱাহাটী), ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখা, নাবিক নাট্যগোষ্ঠী (লখিমপুৰ), পলস নাট্যগোষ্ঠী (নগাঁও)। অসমীয়া ভাষাত প্ৰথমখন বাটৰ নাটৰ সংকলন ৰচনা কৰি উলিয়াইছে কটন কলেজৰ অধ্যাপক, বিশিষ্ট নাট্যকাৰ ড° সীতানাথ লহকৰে। ‘সন্ধিক্ষণ’ নামেৰে ১৯৯৪ চনত প্ৰকাশিত এই সংকলনত কেবাখনো বাটৰ নাট সন্নিৱিষ্ট কৰা হৈছে। নাটসমূহ হৈছে— সন্ধিক্ষণ, মহাযাত্ৰা, ত্ৰাহি হৰি কৃপাল, নীলা সপোন ৰঙা সপোন, উত্তৰাধিকাৰ, কান্ধত মিলাওঁ কান্ধ। তদুপৰি নৰেন পাটগিৰি, সুকুমাৰ ফুকন আদিয়েও বাটৰ নাট লিখি জনপ্ৰিয়তা অৰ্জন কৰিছে।

কলিয়াবৰ অঞ্চলত প্ৰথম বাটৰ নাট অভিনীত হৈছিল ১৯৯০ চনৰ ৭ আৰু ৮ জুলাইত। হাটবৰৰ ‘সুৰধ্বনি সাংস্কৃতিক গোষ্ঠী’ৰ শিল্পীসকলৰ দ্বাৰা অভিনীত হৈছিল ড° সীতানাথ লহকৰৰ অতি জনপ্ৰিয় বাটৰ নাট ‘সন্ধিক্ষণ’। নাটকখন পৰিচালনা কৰিছিল পৰৱৰ্তী কালত (১৯৯৫) জাতীয় নাট বিদ্যালয়ৰ (নতুন দিল্লী) স্নাতক হোৱা প্ৰথমজন কলিয়াবৰীয়া পৰাগ শৰ্মাই।

বাটৰ নাটৰ জনপ্ৰিয়তাৰ বিষয়ে আলচ কৰিবলৈ গ’লেই মনলৈ আহে যে সাম্প্ৰতিক সংস্কৃতিৰ বৰপথাৰখনত নাট্যধাৰাই সঘনাই গতি-প্ৰকৃতি সলনি কৰি কোবাল গতিৰে ধাৱমাণ হৈছে। এই গতিধাৰাত বিভিন্ন নাট্যশৈলীৰ জন্ম হৈছে, এটা শৈলীয়ে ব্যাপকতা বা স্বীকৃতি নৌপাওঁতেই আন এটা শৈলীৰ সৃষ্টি হৈছে। বাটৰ নাটৰ ক্ষেত্ৰত এই সত্যটো সদা লক্ষণীয়। যি নহওক, বাটৰ নাটৰ সাম্প্ৰতিক শৈলীটো হৈছে পৰিৱৰ্তিত সময় আৰু সমাজে প্ৰদান কৰা সাংস্কৃতিক ফচল।

image
বাটৰ নাটক | Image: Flickr/Creative Commons

সাম্প্ৰতিক কালত বহুতে ‘বাটৰ নাট’ক একপ্ৰকাৰ চৰকাৰী বা বেচৰকাৰী কাৰ্যসূচী প্ৰচাৰৰ মাধ্যমৰূপে ভাবি এই নাট্যশৈলীক ‘পোষ্টাৰ নাটক’ৰ পৰ্যায়লৈ অৱনমিত কৰিছে। এই বিষয়ে স্পষ্ট ধাৰণা এটা ল’বৰ বাবে এটা উদাহৰণ লোৱা যাওক। ১৯৭৫ চনৰ জৰুৰী অৱস্থাক লৈ যদি নাটক এখন কৰা হয় আৰু তাত জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা শাসক দলটোৰ নাম যদি কংগ্ৰেছ হয়, তাৰ নেত্ৰীৰ নাম যদি ইন্দিৰা গান্ধী হয়, তেনে সেই নাটক হ’ব ‘পোষ্টাৰ নাটক’। আনহাতে, সকলো একেই ৰাখি দলটোৰ নাম যদি ‘চাহাব বিবি গোলাম’ আৰু তাৰ নেত্ৰীৰ নাম দুৰ্গা বা তেনেধৰণৰ আন কিবা দিয়া হয়, তেন্তে শৈলীৰ ফালৰ পৰা সি হ’ব পথ-নাটক। বৰ্তমান এনে পোষ্টাৰ নাটককে বহুতে পথ নাটক বা বাটৰ নাট বুলি ‘মৌৰ অভাৱত গুড়ৰ সোৱাদ’কে লৈ আছে। বাটৰ নাট হৈছে দৃশ্য আৰু শ্ৰব্য— উভয় ইন্দ্ৰিয়কে সমানে সন্তুষ্টি দিব পৰা এক উত্তম সাংস্কৃতিক গণমাধ্যম। এতেকে ইয়াৰ জৰিয়তে সমাজৰ নিপীড়িত, লাঞ্ছিত-বঞ্চিত জনগণৰ চিন্তা-চৰ্চাৰ জড়তা ভাঙি সুপ্ত প্ৰতিবাদী কণ্ঠ উদ্দীপিত কৰাৰ বাবে মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁতে ইয়াৰ নাটকীয় কলাশৈলীৰ কথা পাহৰি গ’লে নাটকীয় সৌন্দৰ্য নষ্ট হ’ব নিশ্চয়। যিহেতু বাটৰ নাট উৎকৃষ্ট গণমাধ্যম, সেয়ে যিবোৰ ঠাইত মঞ্চ নাই বা দুখীয়া জনসাধাৰণে অৰ্থ ব্যয় কৰি নাটক চোৱাৰ কথা ভাবিব নোৱাৰে, তেনেবোৰ পিছপৰা অঞ্চলৰ জনতাৰ লগত এই মাধ্যমৰ যোগেদি ‘ৰাইজেই ভাৱৰীয়া দেশেই নাটঘৰ’ কথাষাৰৰো যথাৰ্থতা প্ৰতিপন্ন কৰিব পাৰি। মঞ্চ নাটকৰ তুলনাত বাটৰ নাটৰ জনপ্ৰিয়তা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত অনেক জটিলতা লক্ষ্য কৰা যায়। বাটৰ নাটত মঞ্চসজ্জা, ৰূপসজ্জা, পোহৰ, আৱহ সংগীত, প্ৰম্পটাৰৰ সুবিধা নেথাকে, দৰ্শকৰ চকুৰ আগত থাকিব লাগে, এতেকে অভিনেতা-অভিনেত্ৰীসকলৰ পূৰ্ণ দক্ষতাৰ ওপৰতে নাটকখনৰ সফলতা-বিফলতা বাৰুকৈয়ে নিৰ্ভৰ কৰে।

সম্প্ৰতিক কালত বাটৰ নাটৰ জনপ্ৰিয়তা ক্ষিপ্ৰভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ১৯৯৩ চনৰ ৩০ আগষ্টত ড° সীতানাথ লহকৰ ৰচিত এখন বাটৰ নাট কৰা হৈছিল কামৰূপ জিলাৰ ভিতৰুৱা অঞ্চল চকিহালীত। প্ৰায় দহ হেজাৰ মানুহৰ সমাগম হৈছিল বাটৰ নাট চাবলৈ। ওচৰৰ গছ-গছনি, ঘৰৰ চালৰ ওপৰত উঠি মানুহে নাট উপভোগ কৰিছিল। কোলাত কেঁচুৱা লৈ তিৰোতা মানুহ নাটক চাবলৈ আহিছিল। ঠাইৰ অভাৱত ওচৰৰ খেল পথাৰৰ বোকাৰ ওপৰতে তিৰপাল পাৰি নাটক কৰিবলগা হৈছিল। ইয়ো প্ৰমাণ কৰে গ্ৰামাঞ্চলৰ ৰাইজে বাটৰ নাটক কেনেদৰে আদৰিছে। সাংস্কৃতিক গণমাধ্যম হিচাপে ই অতি সহজেই জনগণক উদ্দীপিত কৰে বাবে চৰকাৰী বা ৰাজনৈতিক ৰোষত পৰিবলগাও হয়। বহুতে মঞ্চ নাটক আৰু বাটৰ নাটৰ মাজত বিৰোধ থকা বুলি ক’ব খোজে। নাটকক মঞ্চৰ পৰা বাটলৈ নিয়া কাৰ্যই নাটকৰ মৰ্যাদা হানি কৰিছে বুলি যুক্তি দিয়ে। কিন্তু তাত্ত্বিক দিশৰ পৰা চালে যিহেতু দুয়োৰে লক্ষ্য বা উদ্দেশ্য একেটাই, সেয়ে ইয়াক বিৰোধ নুবুলি ইটো আনটোৰ পৰিপূৰক বুলি ধৰিব পাৰি। প্ৰছেনিয়াম বা মঞ্চ নাটকত দৰ্শকে বিচাৰি যায় নাটক আৰু বাটৰ নাটত দৰ্শকক বিচাৰি যায় নাটকে। বাটৰ নাট ৰচনা কৰোঁতে আংগিকৰ জটিলতাবোৰ যিমান পাৰি সহজ-সৰল কৰি উপস্থাপন কৰিলে বাটৰ নাট সৰ্বসাধাৰণৰ সহজবোধ্য হ’ব। যিহেতু বাটৰ নাটৰ জন্ম হৈছিল কুৰি শতিকাৰ আগভাগত বিশ্বত সংঘটিত পুঁজিপতি আৰু সামন্তবাদী শোষণৰ বিৰুদ্ধে শ্ৰমিকসকলৰ প্ৰতিবাদী সংগ্ৰামৰ প্ৰতীক ৰূপত, এতেকে বাটৰ নাট ‘এক জংগী ৰাজনৈতিক নাটক’ আৰু ইয়াৰ লক্ষ্য হৈছে জনগণক জগাই তোলা আৰু সংগ্ৰামী মঞ্চত ঐক্যবদ্ধ কৰা।

তথ্য-উৎস:
১. পৰশুৰামৰ কুঠাৰ, তড়িৎ চৌধুৰী, সূত্ৰধাৰ, ১৬-৩১ ডিচেম্বৰ, ১৯৯২
২. নাটক আৰু অভিনয় প্ৰসংগ, সত্যপ্ৰসাদ বৰুৱা, ৩য় প্ৰকাশ, ১৯৮৩, পৃ. ১৩০
৩. ছফ্দৰ হাছমী আৰু বাটৰ নাট, ইছমাইল হোছেইন, ১ম প্ৰকাশ, ১৯৯৪, পৃ. ৪৩
৪. সন্ধিক্ষণ (অসমীয়া ভাষাৰ প্ৰথম বাটৰ নাট সংকলন), ড° সীতানাথ লহকৰ, ১ম প্ৰকাশ, ১৯৯৪, ভূমিকা
৫. সৰ্বভাৰতীয় পটভূমিত অসমৰ পথ-নাটক, ড° সীতানাথ লহকৰ, আমাৰ অসম, ১৫-মাৰ্চ, ২০০০
৬. সংবাদ মাধ্যম আৰু ছফ্দৰ হাছমী, ইছমাইল হোছেইন, আজিৰ বাতৰি, ২৪ এপ্ৰিল, ১৯৯৩
৭. বাটৰ নাটৰ ২৫ বছৰ হ’ল, অতুল মজুমদাৰ, দৈনিক অসম, ১৭ জানুৱাৰী, ১৯৯৬
৮. নাটক আৰু মঞ্চ, শিলঘাট নাট্য সমাজৰ শতবৰ্ষ উৎসৱ, ২০০০

ফিচাৰড ইমেজ: ৱিকিমিডয়া (Creative Commons)
বাটৰ নাটৰ উদ্ভাৱন আৰু ক্ৰমবিকাশ | নবীন বৰঠাকুৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক