ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আৰু অভিনয়

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আৰু অভিনয়
  • 14 Mar, 2026

সমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এগৰাকী প্ৰতিষ্ঠিত প্ৰযোজকৰ লগত কথা হওঁতে কৈছিল যে ভ্ৰাম্যমাণ থিয়েটাৰ মানেই এক ব্যৱসায়। একোখন নাটকৰ ওপৰত ভিত্তি কৰিয়েই এই ব্যৱসায়ৰ লগত জড়িত প্ৰযোজকৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰী, কলা-কুশলী তথা শিল্পীসকলৰ বছৰটোৰ ভাত মুকলি হয়। কথাটো নুই কৰিব নোৱাৰি, কাৰণ একোখন নাটকৰ প্ৰচাৰ অথবা সফলতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই থিয়েটাৰ দল এটাক ৰাইজে নাট পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰে আৰু তাৰ পৰা আহৰণ কৰা ধনৰাশিৰেই দলটোৰ প্ৰযোজকে অভিনেতা-অভিনেত্ৰীৰ পৰা নেপথ্যৰ শিল্পীলৈকে সকলোকে পাৰিতোষিক আদায় দিব লাগে। তদুপৰি সংগীত, শব্দযন্ত্ৰ, মঞ্চসজ্জা আদি দিশসমূহৰ লগতে নাট্যকাৰ-পৰিচালকৰ মাননিলৈকে চিন্তা কৰিব লাগে প্ৰযোজকগৰাকীয়ে। একোটা থিয়েটাৰ দলত জড়িত হৈ থকা অভিনেতা-অভিনেত্ৰী, কলা-কুশলী তথা শিল্পীসকলৰ উপৰি পৰিবহণত জড়িত গাড়ী চালক, খাদ্য ব্যৱস্থাত জড়িত ৰান্ধনিজনলৈকে সকলোৱে নিৰ্ভৰ কৰে নাট পৰিৱেশন কৰি পোৱা ধনৰাশি অথবা প্ৰযোজকৰ ওপৰতে। একেআষাৰে ক’বলৈ গ’লে একোটা ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ লগত জড়িত হৈ থকা বিভিন্ন স্তৰৰ পঞ্চাছৰ পৰা ডেৰশ লোকৰ পৰিয়ালৰ জীৱন বৰ্তি থাকে এই ব্যৱসায়ৰ ওপৰতে। বিশ্বৰ আন ক’তো নোহোৱা অসমৰ এই ভ্ৰাম্যমাণ থিয়েটাৰ আজিৰ তাৰিখত এটা বৃহৎ ব্যৱসায়িক উদ্যোগত পৰিণত হৈছে। অৱশ্যে, এই ঔদ্যোগিক ধাৰণাটো হঠাতে সৃষ্টি হোৱা নাই। বহু উত্থান-পতন, পৰীক্ষণ-বিশ্লেষণৰ মাজেদি আহি আজি ভ্ৰাম্যমাণ থিয়েটাৰ সমগ্ৰ বিশ্বতে বিৰল এক সাংস্কৃতিক উদ্যোগত পৰিণত হৈছে।

ভ্ৰাম্যমাণ থিয়েটাৰৰ ব্যৱসায়িক ধাৰণাটোৱে প্ৰথমে পোখা মেলিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ অচ্যুৎ লহকৰৰ চিন্তাত, ১৯৬৩ চনতে। তাৰো আগতে অসমৰ বৰপেটাত ১৮৬০ চন মানত আৰম্ভ হোৱা যাত্ৰা দল বা অপেৰা দলক উন্নীত কৰি নতুন ৰূপ দিবলৈকে অচ্যুৎ লহকৰে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিছিল। কনিষ্ঠ ভাতৃ সদানন্দ লহকৰে ১৯৫৯ চনত গঠন কৰা নটৰাজ অপেৰাক নতুন ৰূপ দিবলৈ গৈ জ্যেষ্ঠ ভাতৃ অচ্যুৎ লহকৰে নতুন চিন্তাৰে আৰম্ভ কৰিছিল নটৰাজ থিয়েটাৰৰ। ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা হৰিমন্দিৰ প্ৰাংগণত স্থাপন কৰা অস্থায়ী মঞ্চত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল নটৰাজ থিয়েটাৰ। নটসূৰ্য ফণী শৰ্মাৰ ‘ভোগজৰা’ নাটকৰ মঞ্চায়নেৰে নটৰাজ থিয়েটাৰে আৰম্ভ কৰিছিল ভ্ৰাম্যমাণ নাটকৰ এক নতুন ধাৰা। লগতে মঞ্চস্থ হৈছিল উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ আৰু অনূদিত নাটক ‘হাইদৰ আলি’। প্ৰথম বৰ্ষতে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটী টাউন ক্লাবৰ সাহায্যাৰ্থে নটৰাজ থিয়েটাৰক নাট প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু বাতৰি কাকতত বিজ্ঞাপন দিছিল— “বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ” বুলি। সেয়াই আছিল আৰম্ভণি। ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ অচ্যুৎ লহকৰৰ চিন্তাৰ ফচল আৰু ৰাধাগোবিন্দ বৰুৱাৰ দৰে দূৰদৰ্শী সমাজহিতৈষীৰ অনুপ্ৰেৰণাত ঠন ধৰি উঠা ভ্ৰাম্যমাণ থিয়েটাৰ নামৰ গছপুলিটো এতিয়া এক বৃহৎ বটবৃক্ষত পৰিণত হৈছে। সময়ে সময়ে ধুমুহা আহিছে । ধুমুহাত তিষ্ঠি থাকিব নোৱাৰি দুই-এটা ডাল-পাত সৰি পৰিছে, কিন্তু গছজোপা ভাগি পৰা নাই। ক্ৰমাৎ বিস্তাৰিত হৈছে, ফলে-ফুলে জাতিষ্কাৰ হৈছে আৰু হাজাৰ হাজাৰ লোকক ছাঁ দিছে, খাদ্য দিছে; সৰ্বোপৰি ইয়াৰ লগত জড়িতসকলক একোটা বিশেষ পৰিচয় দিছে এই বটবৃক্ষই।

এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। ভ্ৰাম্যমাণ থিয়েটাৰ মানেই যিহেতু এক ব্যৱসায়িক উদ্যোগ, গতিকে ইয়াৰ লগত জড়িত প্ৰতিটো কথাই ব্যৱসায়িক দৃষ্টিভংগীৰে চাবই লাগিব। থিয়েটাৰ দলটোৱে বছৰটোৰ বাবে মঞ্চস্থ কৰিবলৈ লোৱা নাটককেইখনো ব্যৱসায়িক আওতাৰ বাহিৰত নহয়। একোখন নাটকক ভিত্তি কৰিয়েই যিহেতু উদ্যোগটো চলি থাকে, গতিকে নাটকখন ব্যৱসায়িক উপাদানেৰে সমৃদ্ধ হ’বই লাগিব। এই কথাত যে প্ৰযোজকসকলে প্ৰাধান্য দিয়ে, সেই কথা ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্তমান সময়ৰ নাটকসমূহ চালেই পতিয়ন যাব পাৰি। ভ্ৰাম্যমাণৰ নাটক এখনৰ পাণ্ডুলিপিটো কেনেকুৱা হ’ব, তাৰ এক অংশ নিৰ্ভৰ কৰে প্ৰযোজকৰ চিন্তা আৰু পৰিকল্পনাৰ ওপৰতো। নাট্যকাৰৰ লগতে নাটকখনত কি কি থাকিব, সেই কথা প্ৰযোজকে বহুলাংশে নিৰ্ধাৰণ কৰে। প্ৰতিষ্ঠিত নাট্যকাৰসকল এই ক্ষেত্ৰত কিছু স্বাধীন যদিও প্ৰযোজকৰ পৰিকল্পনা আৰু নিৰ্বাচন কোনেও নুই কৰিব নোৱাৰে। কাৰণ ব্যৱসায়! সেইবাবেই এটা নিটোল কাহিনীৰ লগতে নাটকখনত হাস্যৰস, প্ৰেম-ৰোমাঞ্চ, মাৰ-পিট, আৱেগ আদি সকলো উপাদান থকাটো দৰকাৰ বা থকাটো বিচাৰে প্ৰযোজক পক্ষই। দৰ্শক যাতে এক মিনিটৰ বাবেও নাটকৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰে, তাৰ বাবে গতিশীল আৰু বাস্তৱ কাহিনীৰ নাটকেই ভ্ৰাম্যমাণৰ মঞ্চত প্ৰাধান্য পায়। নাচ-গান, সংগীত আৰু ৰঙীন পোহৰৰ মায়াই ভ্ৰাম্যমাণৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে। ইয়াৰ উপৰি শেহতীয়াকৈ প্ৰায়বোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ মূল আকৰ্ষণ হৈ পৰিছে কাৰিকৰী চমক। ব্যৱসায়িক দৃষ্টিভংগীৰ প্ৰাধান্যৰ বাবেই বৰ্তমান সময়ত ভ্ৰাম্যমাণৰ নাটক মানেই এক চমকপ্ৰদ তথা দৃষ্টি আকৰ্ষণকাৰী প্ৰযোজনাত পৰিণত হৈছে। এনে চমক সৃষ্টিকাৰী প্ৰযোজনাই সময়ে সময়ে অৱশ্যে নাটকৰ প্ৰকৃত মৰ্যাদা অথবা গৰিমা লাঘৱ নকৰাও নহয়। তথাপি উদ্যোগ এটা জীয়াই থকিবলৈ সময়ৰ লগত খাপ খোৱা ব্যতিক্ৰমী কিছু চিন্তা লাগিবই। সেইবাবেই দৰ্শকক আকৃষ্ট কৰিবৰ বাবে প্ৰতি বছৰেই নতুন কৌশল অৱলম্বন কৰিব বিচাৰে ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহে।

বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক এখনৰ চৰিত্ৰসমূহ কেনেকুৱা হ’ব, সেই কথাও থিয়েটাৰ দলটোত জড়িত অভিনেতা-অভিনেত্ৰীকেন্দ্ৰিক হৈ পৰিছে। কাৰণ দলটোৰ লগত কোন কোন অভিনেতা-অভিনেত্ৰী জড়িত থাকিব, সেই কথা প্ৰায় এবছৰ পূৰ্বেই নিৰ্ণিত হৈ পৰে। বিশেষকৈ ‘গ্লেমাৰ শিল্পী’সকলক লৈ পেচাদাৰী নাট্যদলসমূহৰ মাজত টনাটনিও চলে। সেয়েহে প্ৰায়বোৰ নাটকত অভিনেতা-অভিনেত্ৰীক ভিত্তি কৰি চৰিত্ৰ নিৰ্মাণ কৰা হয় আৰু অভিনেতা-অভিনেত্ৰী সাপেক্ষে চৰিত্ৰ সাল-সলনিও কৰা হয়। উদাহৰণ স্বৰূপে, নাট্যকাৰে সৃষ্টি কৰা কৌতুক চৰিত্ৰ এটাৰ বয়সৰ লগত যদি দলটোত চুক্তিবদ্ধ হৈ থকা কৌতুক অভিনেতাজনৰ বয়স বা শাৰীৰিক অৱয়ব নিমিলে, তেনেহ’লে মূৰকত আখৰা শিবিৰতে হ’লেও চৰিত্ৰটোৰ কিছু সালসলনি কৰিবলৈ নাট্যকাৰজন বাধ্য হ’বলগা হয়। প্ৰসংগত উল্লেখ কৰিব লাগিব যে ভ্ৰাম্যমাণ নাট্যদল এটাত ভিন্ন বয়স আৰু দক্ষতাৰ নিৰ্দিষ্ট সংখ্যক অভিনেতা-অভিনেত্ৰী চুক্তিবদ্ধ হৈ থাকে আৰু সেই অনুপাতেই নাটকখনৰ চৰিত্ৰসমূহ নিৰ্ধাৰণ কৰিব লাগে নাট্যকাৰ-পৰিচালকে। অপেচাদাৰী মঞ্চৰ দৰে এই ক্ষেত্ৰত স্বাধীনতা নাপায় ভ্ৰাম্যমাণৰ নাট্যকাৰ-পৰিচালকে। বহু নাট্যকাৰে অৱশ্যে চৰিত্ৰ অনুপাতে অভিনেতা-অভিনেত্ৰীক বাছনি কৰিবলৈ প্ৰযোজকক বাধ্য কৰে। আনহাতে গ্লেমাৰ শিল্পীৰ প্ৰাধান্যয়ো নাটক একোখনৰ চৰিত্ৰ বিন্যাসত প্ৰভাৱ পেলায় বৰ্তমানৰ ভ্ৰাম্যমাণ জগতত। প্ৰযোজকৰ পৰিকল্পনা অনুসৰিয়েই শিল্পী অনুপাতে কোনো এটা চৰিত্ৰৰ গুৰুত্ব নাট্যকাৰে কম-বেছিও কৰিব লগা হয়। কাৰণ ব্যৱসায়।

assamese mobile theatre

ব্যৱসায়িক কাৰণতে শেহতীয়াভাৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ গীত আগতীয়াকৈ বাণীবদ্ধ কৰি দৃশ্য-শ্ৰাৱ্য ৰূপত দৰ্শকৰ মাজলৈ মুকলি কৰি দিয়াৰ পৰম্পৰাও চলিছে। সুন্দৰ ৰূপত দৃশ্যায়ন কৰা গীতৰ অংশ পাছত নাটকৰ মঞ্চত বিচাৰি দৰ্শক বিমুখ নোহোৱাও কিন্তু নহয়! গীত-নৃত্য, একশ্যনৰ দৃশ্য আদিৰ অবিহনে যেন এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক নহয়! দৰ্শকেও আগ্ৰহেৰে বাট চাই ৰয় এনে দৃশ্যৰ লগতে বিশেষ কাৰিকৰী চমকৰ বাবে। ফলত কালক্ৰমত ভ্ৰাম্যমাণৰ মঞ্চত যেন নোহোৱা হ’ব ধৰিছে নটসূৰ্য ফণী শৰ্মাৰ ‘এমুঠি চাউল’ৰ দৰে মৌলিকতা আৰু শৈল্পিক মানক অগ্ৰাধিকাৰ দিয়া নাটকৰ সংখ্যা। তাৰ মানে এইটো নহয় যে দৰ্শকক চিন্তাৰ খোৰাক দিব পৰা আৰু সামাজিক বাৰ্তা বিলাব পৰা নাটক ভ্ৰাম্যমাণৰ মঞ্চৰ পৰা একেবাৰে নোহোৱা হৈ গৈছে। ব্যৱসায়িক দিশটোৰ মাজতো বহুকেইটা নাট্যদলে নিটোল কাহিনীৰ জৰিয়তে সামাজিক বাৰ্তা বিলাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। উন্নত কাৰিকৰী কৌশলৰ জৰিয়তেই বিশ্বৰ ক’তো নেহোৱা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ বিদেশতো সমাদৃত হৈছে, সেই কথাও নুই কৰিব নোৱাৰি। কেৱল কাৰিকৰী চমকেই নহয়, উন্নত মানৰ সংগীত, মঞ্চসজ্জা আৰু পোহৰ প্ৰক্ষেপণৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰে নিজস্ব ধাৰা অক্ষুণ্ণ ৰাখি ব্যতিক্ৰমী প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। তাৰ মাজতে বৰ্তমান সময়ত ভ্ৰাম্যমাণৰ মঞ্চত নাটকৰ মাজতে অভিনেতা-অভিনেত্ৰী গেলাৰীলৈকে ওলাই আহি দৰ্শকৰ মাজত নৃত্যাভিনয় কৰা অথবা অন্য কাৰচাজি কৰিবলৈ গৈ দৃষ্টিকটু দুৰ্ঘটনা আদিত পতিত হোৱাৰ উদাহৰণো দেধাৰ। গতিকে এই ক্ষেত্ৰত থিয়েটাৰ কৰ্তৃপক্ষ অধিক সজাগ আৰু সচেতন হোৱাৰো প্ৰয়োজন আছে।

নাটকৰ কাহিনী, গীত-নৃত্য, সংগীত, কাৰিকৰী চমক আদিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয়েও এক স্বকীয়তা বজাই আহিছে। অপেচাদাৰী নাটক এখনৰ আখৰা চলি থকা সময়ত যদি কোনো এজন অভিনেতাই প্ৰয়োজনতকৈ উচ্চস্বৰত সংলাপ প্ৰক্ষেপণ কৰে অথবা অপ্ৰয়োজনীয়ভাবে নিজৰ গতিশীলতা প্ৰদৰ্শন কৰে, তেতিয়া প্ৰায়েই পৰিচালকগৰাকী বা অন্য লোকে কোৱা শুনা যায়— ‘ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অভিনয় কৰিছে’ বুলি। সেই একেখন নাটক বা মঞ্চতে আকৌ সুন্দৰ সংলাপ, উপযুক্ত সংগীত আৰু পোহৰৰ সঠিক প্ৰক্ষেপণৰ জৰিয়তে যদি কোনো এটা দৃশ্য প্ৰাণৱন্ত হৈ উঠে, তেতিয়াও দৰ্শকে সন্তুষ্টিভৰা প্ৰত্যয়ৰে কয়— ‘একেবাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে হৈছে’ বুলি। অৰ্থাৎ একেখিনি মানুহেই যদি কোনো সময়ত ভ্ৰাম্যমাণৰ নাটক বা অভিনয়ক সমালোচনাৰ দৃষ্টিৰে চাইছে, আন কোনো সময়ত আকৌ প্ৰশংসাৰে ওপচাই পেলাইছে। অপেচাদাৰী মঞ্চৰ তুলনাত যিহেতু ভ্ৰাম্যমাণৰ মঞ্চৰ পৰিসৰ বহল, গতিকে অভিনয়ৰ দিশটোতো কিছু বহুলতা থকাটো তেনেই স্বাভাৱিক। দৰ্শকৰ দৃষ্টি আকৰ্ষণৰ বাবে বহু পেচাদাৰী অভিনয় শিল্পীয়ে নিজস্ব ধ্যান-ধাৰণাৰে চৰিত্ৰ ৰূপায়ণ কৰাও দেখা যায়। কিন্তু কোনো কাৰণতে চৰিত্ৰৰ পৰা ওলাই গৈ বাহুল্য প্ৰদৰ্শন কৰিলে দৰ্শকে কেতিয়াও সেয়া গ্ৰহণ নকৰে আৰু ভ্ৰাম্যমাণ থিয়েটাৰত দৰ্শকে গ্ৰহণ নকৰা মানেই ব্যৱসায়ত ঘাটি। গতিকে নিজৰ চৰিত্ৰ অনুপাতে যথাযথ আৰু গ্ৰহণযোগ্য অভিনয় কৰাৰ বাবে সদায়েই সচেতন হৈ থাকিব লগা হয় ভ্ৰাম্যমাণৰ অভিনয় শিল্পীসকল। মাত্ৰ দুই-তিনি মাহ আখৰা কৰিয়েই একেলগে তিনিখনকৈ (পূৰ্বতে চাৰিখন) নাটক কণ্ঠস্থ আৰু চৰিত্ৰ অনুপাতে নিজকে সজাই তোলাৰ ক্ষেত্ৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰীসকলৰ পাৰদৰ্শিতাৰ শলাগ ল’বই লাগিব। তাৰ মাজতে তিনি নিশা ধাৰাবাহিকভাৱে তিনিখনকৈ পৃথক নাটকত তিনিটাকৈ পৃথক চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যাওঁতে কেতিয়াবা কিছু কিছু হীন-ডেঢ়ি নোহোৱাও নহয়। সেয়া তেনেই স্বাভাৱিক।

মহিলা আৰু পুৰুষ চৰিত্ৰত পৃথক অভিনয়, নাটকৰ মৌলিকতাক প্ৰাধন্য দি নতুন ধাৰণাৰে, নতুন চিন্তাৰে এদিন অপেৰা দলক ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিছিল অচ্যুৎ লহকৰে। মনোৰঞ্জনৰ মাজেৰে সামাজিক বাৰ্তা বিয়পাই দিয়াটোৱেই আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষগৰাকীৰ উদ্দেশ্য। উন্নত প্ৰযুক্তিৰ কলা-কৌশল, পোহৰ প্ৰক্ষেপণ, শব্দযন্ত্ৰ আদিত গুৰুত্ব দি যাত্ৰা বা অপেৰা দলক নতুন ৰূপ দি ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিয়া হৈছিল যদিও আজিৰ তাৰিখত ভ্ৰাম্যমাণৰ নাটকত মৌলিকতাক লৈ সঘনাই প্ৰশ্ন উত্থাপন হ’বলৈ লৈছে। কেৱল ব্যৱসায়িক লাভালাভৰ বাবেই অবাস্তৱ কাৰিকৰী চমকৰ লগতে অবান্তৰ গীত-নৃত্য আৰু একশ্যনৰ মাত্ৰাধিকতাই ভ্ৰাম্যমাণ থিয়েটাৰৰ মৰ্যাদা আৰু ইতিহাসক যেন কিছু আঘাত হানিছে। আধুনিক সময়ত ভ্ৰাম্যমাণৰ বহু নাটক বা অভিনয়ৰ শৈলীত হলীউদ-বলীউদ অথবা দক্ষিণৰ ছবিৰ পৰা চুৰি কৰাৰ প্ৰসংগও বহু সময়ত চৰ্চিত হৈছে। এনেবোৰ কথা বিশ্বতে বিৰল অসমৰ গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নিশ্চয়কৈ পৰিতাপৰ বিষয়। এনে গৰ্হিত কাৰ্য বৰ্জিত হৈ ভ্ৰাম্যমাণ থিয়েটাৰ সদায় নিজস্ব স্বকীয়তাৰে উজলি থাকক। মনত ৰখা উচিত,— নাটক মানে কেৱল ব্যৱসায় নহয়, নাটক মনোৰঞ্জনৰ মাধ্যমেৰে জনসচেতনতা গঢ়াৰো এক শক্তিশালী মাধ্যম।

❧ | আৰু পঢ়ক:

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আৰু অভিনয় | তপন শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক