ম হামতি কাৰলাইলে (Thomas Carlyle: 1795–1881) মহৎ লোকৰ সংজ্ঞা এনে ধৰণে প্রকাশ কৰিছিল—“Great men are the fire pillars in this pilgrimage of mankind, they stand as heavenly signs, everlasting witness of what has been, prophetic tokens of what may still be, they revealed, embodied the possibilities of human nature.”
মহৎ লোকৰ উক্ত সংজ্ঞাৰে চালি-জাৰি চালে অসমৰ কেইবাজনো বিশিষ্ট পণ্ডিতক ‘Great men’ বুলি স্বীকৃতি দিব পাৰি; যিসকলৰ ভিতৰত বিশিষ্ট প্রাচ্যৱিদার্ণৱ, অসমৰ প্রখ্যাত দানবীৰ প্রয়াত ৰাধাকান্ত সন্দিকৈদেৱৰ জ্যেষ্ঠপুত্র, লক্ষ্মী আৰু সৰস্বতীৰো জ্যেষ্ঠপুত্র, প্রাচ্যতত্ত্ববিদ, দানী, সুদক্ষ প্রশাসক, সংস্কৃত সাহিত্য মথি মণি-মুকুতা উদ্ধাৰ কৰি দেশ-বিদেশৰ পণ্ডিত সমাজত খ্যাতি অর্জন কৰা বিশ্ববিশ্রুত পণ্ডিত প্রয়াত কৃষ্ণকান্ত সন্দিকৈদেৱ অন্যতম। মাত্র তিনিখন গ্রন্থ— ‘শ্রীহৰ্ষৰ নৈষধচৰিত’, সোমদেৱৰ ‘যশস্তিলক আৰু ভাৰতীয় সংস্কৃতি’ আৰু প্ৰৱৰসেনৰ ‘সেতুবন্ধ’ ৰচনা কৰি বিশ্বৰ চকুত চমক লগাব পৰাটো সন্দিকৈৰ অসাধাৰণ পাণ্ডিত্য, অসীম ধৈর্যশক্তি আৰু একনিষ্ঠ জ্ঞান সাধনাৰে ফলশ্রুতি।
সমাজ জীৱনৰ পৰা বিমুখ হৈ কেৱল জ্ঞান অন্বেষণতে একনিষ্ঠভাৱে জীৱনৰ প্ৰায়ভাগ সময় কটোৱা, সময়নিষ্ঠ, সত্যশুদ্ধ জ্ঞানৰ পূজাৰী সন্দিকৈদেৱ অসমী আইৰ সুসন্তান প্রয়াত আনন্দৰাম বৰুৱাদেৱৰ পিছতে সংস্কৃত সাহিত্যৰ বিশাল সাগৰ মন্থন কৰি মণি-মুকুতাৰ সম্ভেদ দিয়া দ্বিতীয়জন ব্যক্তি। তেখেতৰ জীৱনজোৰা সাধনাৰে সংস্কৃত, পালি, প্রাকৃত, ৰুছ, গ্রীক, লেটিন, স্পেনিছ আৰু ইউৰোপৰ বিভিন্ন ভাষা-সাহিত্যৰ জ্ঞান অর্জন কৰি নিজে পণ্ডিত হৈ লৈছিল। স্বদেশ আৰু স্বজাতিক ভাল পাওঁ বুলি চিঞৰি-বাখৰি নাথাকি নীৰৱে জ্ঞান সাধনাত ব্ৰতী হৈ জীৱনৰ মহত্ব উপার্জন কৰিছিল। তেখেতৰ নিজৰ ভাষাত—“Rare is the honest person that silently achieve their tasks. Few also are the trees that yield fruit without their flowering being noticed.”
পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আছিল নীৰৱ সাধক, জ্ঞানৰ পূজাৰী আৰু প্ৰচাৰবিমুখ এজন ঋষিতুল্য ব্যক্তি। সময়ৰ মূল্য বুজি পোৱা এইজনা জ্ঞানৰ্ষীয়ে মানুহৰ সংস্পর্শ বেয়া পাইছিল বুলি ক’লে ভুল কোৱা নহ’ব। যিজন অসাধাৰণ ব্যক্তিয়ে একোখন গ্রন্থ লিখি উলিয়াওতে তেৰ বছৰ সময় লাগিছিল, সেইজনৰ বাবে সময়ৰ মূল্য অধিক হোৱাটো স্বাভাৱিক। তেখেতে পণ্ডিত জৱাহৰলাল নেহৰুকো পাঁচ মিনিট দেৰি হোৱা বাবে লগ নকৰি গুচি অহাৰ কথা শুনা যায়।
জীৱন কালত মাত্র তিনিখন গ্রন্থ লিখি পৃথিৱীৰ পণ্ডিত সমাজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হোৱা সন্দিকৈদেৱ এগৰাকী বিশ্ববিশ্রুত পণ্ডিত। এইগৰাকী ব্যক্তিয়ে অসমীয়া সাহিত্যৰ বাবে একো নকৰিলে বুলি মানুহৰ মাজত বহু আক্ষেপ প্রকাশ পাইছে। এই তিনিখন গ্ৰন্থৰ বাদেও অসমীয়াত ছয়ত্রিশটা গৱেষণামূলক তত্ত্বগধুৰ প্ৰবন্ধ, কেইবাখনো অসমীয়া গ্রন্থৰ পাতনি, অসম সাহিত্য সভাৰ সভাপতিৰ অতি উচ্চ মানৰ অভিভাষণ আৰু অসম ছাত্র সন্মিলনৰ অভিভাষণখনি গভীৰ জ্ঞান তথা অধ্যয়নপুষ্ট মনৰ পৰিচায়ক। সন্দিকৈদেৱৰ সাহিত্যিক অৱদান কম যদিও বিশাল সংস্কৃত সাহিত্য মন্থন কৰি যি তিনিখন গ্রন্থ লিখি বিশ্বৰ সাহিত্যিকমণ্ডলীৰ দ্বাৰা উচ্চ প্রশংসিত হৈ পৰিছে, সেয়ে তেওঁৰ সাহিত্যৰ ভূষণস্বৰূপ।
কৃষ্ণকান্ত সন্দিকৈৰ সংগীতৰ প্ৰতিও যে দুৰ্বাৰ ৰাপ আছিল, সেই কথা শুনিলে আচৰিত হ’ব লাগে। সংগীতৰ সুকোমল লহৰীয়ে জীৱনৰ আৰম্ভণিৰে পৰা তেখেতক আপ্লুত কৰিছিল। তেখেতে সংগীতৰ বিষয়ে বিশেষ প্ৰবন্ধ নিলিখিলেও ‘গ্রীক নাটকৰ গান’ শীর্ষক এটি প্ৰবন্ধ আমাৰ চকুত পৰে। অসমৰ সংগীত শিল্পী অধ্যাপক লক্ষ্মীৰাম বৰুৱাৰ মৃত্যুত সমর্পণ কৰা ‘অশ্রু অঞ্জলি’ আৰু সভাপতিৰ অভিভাষণ আদিৰ যোগেদিও তেখেতৰ সংগীত প্রীতি তথা চিন্তা সূক্ষ্মভাৱে নির্ণয় কৰিব পাৰি। অতি আচৰিত কথা এয়ে যে সন্দিকৈদেৱে অসমীয়া সাহিত্যৰ বেদীলৈ প্রথম পুষ্পাঞ্জলি আগবঢ়াইছিল গীত আৰু কবিতাৰে। এই গীত আৰু কবিতাসমূহত তেখেতৰ প্রকৃতিপ্রেম, পুষ্পপ্ৰীতিৰ নিদর্শন, উৎসাহ-উদ্দীপনা, ভগৱৎ বন্দনা সুন্দৰভাৱে প্রকাশিত হৈ আছে। প্ৰায়বোৰ গীতকে তেখেতে ৰবীন্দ্রনাথ ঠাকুৰৰ গীতৰ সুৰৰ অনুকৰণত ৰচনা কৰিছিল। ৰবি ঠাকুৰৰ ‘তোমাৰ ৰাগিনী জীৱন কুঞ্জে’ গীতৰ সুৰত ৰচনা কৰা সন্দিকৈদেৱৰ গীতটি এনে ধৰণৰ—
“কিৰণ-মালিনী। সুষমা ৰঙ্গে, নাচা প্রাণ
মুহি নাচাহে;
ৰজনী গালতো, শেৱালি পুঞ্জে, হাঁহি তব
শোভা হাঁহে হে।”
তেখেতৰ ফুলৰ প্ৰতি থকা মৰম-হেঁপাহৰ এক উল্লেখযোগ্য নিদৰ্শন হ’ল— ৰাতি টর্চ মাৰি ফুলৰ সৌন্দৰ্য চোৱা। ৰাতি হেনো ফুলৰ সৌন্দর্য অতি মনোমুগ্ধকৰ, বৰ ভাল লগা। বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ কবিতাত সংস্কৃত শব্দৰ পয়োভৰ বেছি হোৱাৰ দৰে বিশাল সংস্কৃত সাগৰত বুৰ গৈ থকা পণ্ডিত সন্দিকৈদেৱৰ কবিতাও সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত। ‘বন্দনা’ কবিতা তাৰেই উৎকৃষ্ট উদাহৰণ—
“আহাঁ মোহন-বীণাবাদিনী
আহাঁ সুন্দৰ ফুল ফুল্লোদ্যানশোভিনী
কমল কুমাৰী-মালিনী।
বেদ ছন্দ ধীৰপ্ৰাণ মোহন সুৰ;
কমল প্রফুল্লিত কোমল চঞ্চল,
পুষ্পিত চন্দন, পাম পদতল,
পুণ্য কিৰণ-বিনাশিনী।…“
অসমীয়াৰ বাদেও সন্দিকৈদেৱে সংস্কৃততো দুটা গীত ৰচনা কৰি অসম ছাত্র সন্মিলনত ‘ঈশ বন্দনা’ আৰু পণ্ডিত আনন্দৰাম বৰুৱাৰ স্মৃতিসভাত ‘ভাৰতৰত্ন বন্দনা’ৰূপে গাইছিল। ইয়াত ‘ভাৰতৰত্ন বন্দনা’ৰ কেইটামান শাৰী তুলি দিয়া হ’ল—
“ভাৰতী গীত সম্পুতং ভাৰতী গান ৰঞ্জিতম্।
কৰিধি ধীৰ গম্ভীৰং ভাৰতৰত্ন ভূষণম্।।
মোহন কাব্য সম্ভোবং বিমল দীপ্ত চেতনম্।
বিবুধজ্ঞানী সম্রাজং ভাৰতৰত্ন ভূষণম্।।…“
গানৰ মাজত মাধুৰ্য আৰু গাম্ভীর্য দুয়োটাৰে সুসামজ্ঞস্য থকা দৰকাৰ। এই বিষয়ে ‘গ্রীক নাটকৰ গান’ শীর্ষক প্ৰবন্ধত সন্দিকৈদেৱে লিখিছে— “ভাৱৰ বৈচিত্র্য, অনুভূতিৰ গাম্ভীৰ্য আৰু ভাষাৰ চঞ্চলবিলাসত গ্রীক ট্রেজেদীৰ গানৰ তুলনা বিশ্ব সাহিত্যত পাবলৈ নাই। গানত অকল মাধুর্যৰ পৰিমাণ বেছি হ’লে গাম্ভীর্য নাথাকে; গাম্ভীর্য বেছি হ’লে কোমালতা নাথাকে। এই দুই বস্তুৰ সামজ্ঞস্য ৰাখি এস্কিলাছ, চফ’ক্লিচ্ছ আদিয়ে গান হিচাপে গানৰ এটা গম্ভীৰ ৰূপ সৃষ্টি কৰিছিল।”
যি তিনিখন অমৰ গ্ৰন্থৰ দ্বাৰা পণ্ডিতপ্ৰৱৰ, সদস্য মহীয়ান কৃষ্ণকান্ত সন্দিকৈয়ে বিশ্ববিশ্রুত পণ্ডিতৰূপে খ্যাতি অর্জন কৰিব পাৰিছিল, সেই গ্রন্থকেইখননো কি আছিল, তাৰ এটি চমু পর্যালোচনা এইখিনিতে কৰিব বিচাৰিছোঁ।
কৃষ্ণকান্ত সন্দিকৈৰ গ্ৰন্থ: নৈষধ চৰিত
দ্বাদশ শতিকাৰ শ্রীহৰ্ষ নামৰ কবি-পণ্ডিতজনাৰ অমৰ সংস্কৃত মহাকাব্য হৈছে ‘নৈষধ চৰিত’। বাইশটা সৰ্গত বিভক্ত উক্ত মহাকাব্যখনৰ ভাষা অতি কঠিন। সংস্কৃত পঞ্চমহাকাব্যৰ অন্তৰ্গত ‘নৈষধ চৰিত’ৰ ইংৰাজী অনুবাদ, টিকা-টিপ্পনী, বিভিন্ন টীকাকাৰৰ ভাষ্য বিশ্লেষণ, তুলনামূলক আলোচনা সন্দিকৈদেৱৰ কঠোৰ পৰিশ্ৰমৰ ফল।
ইউৰোপৰ পৰা উলটি আহিয়েই সাত বছৰ কাল ব্যাপি ঐকান্তিক সাধনা আৰু কঠোৰ পৰিশ্ৰম কৰি ‘নৈষধ চৰিত’ সৰ্বসাধাৰণৰ বোধগম্য কৰি ১৯৩৪ চনত প্ৰকাশ কৰে। ‘নৈষধ চৰিত’ প্ৰকাশৰ লগে লগে ভাৰত, ইউৰোপ আৰু আমেৰিকাৰ প্রখ্যাত পণ্ডিতসকলৰ দ্বাৰা সমাদৃত হ’ল। এই ইংৰাজী অনুবাদ সম্পূর্ণ আৰু সর্বপ্রথম বুলিয়ে বিশ্বৰ পণ্ডিত সমাজত গ্ৰন্থখনে অভূতপূর্ব সমাদৰ লাভ কৰিছিল। পণ্ডিত সন্দিকৈদেৱ বহুজন পণ্ডিতৰ দ্বাৰা অভিনন্দিত হ’ল। সেই সকলৰ ভিতৰত সংস্কৃত সাহিত্যৰ বুৰঞ্জী লেখক এডিনবার্গৰ এ. বি. কেইথ, প্রেগৰ এম. ৱিণ্টাৰনিজ, মহামহোপাধ্যায় গোপীনাথ কবিৰাজ, কম্পুস্বামী শাস্ত্রী, ড° ভি. সুখটাস্কাৰ, ড° চি. কুলহান আদি উল্লেখযোগ্য।
গ্ৰন্থখনৰ অন্য এক উল্লেখযোগ্য দিশ হ’ল উক্ত গ্রন্থখনি সন্দিকৈদেৱে ভাৰতৰ সংস্কৃত চৰ্চাৰ বাটকটীয়া পণ্ডিত আনন্দৰাম বৰুৱাৰ স্মৃতিত উৎসৰ্গা কৰিছিল। গুণীৰ গুণৰ মূল বুজা সন্দিকৈদেৱ নিশ্চিতভাৱে প্রশংসাৰ যোগ্য। এই গ্রন্থ সন্দিকৈদেৱৰ স্বকীয় প্রতিভা, অসাধাৰণ প্রচেষ্টা আৰু সূক্ষ্মদৃষ্টিৰ পৰিচায়ক। প্রায় পঞ্চাশ পৃষ্ঠাজোৰা বিভিন্ন পণ্ডিতৰ প্রকাশ নোপোৱা টীকা-ভাষ্যসমূহৰ তুলনামূলক অধ্যয়নে পণ্ডিতপ্ৰৱৰৰ সূক্ষ্ম বিশ্লেষণাত্মক মনৰ সুন্দৰ পৰিচয় দি গৈছে। বিভিন্ন কাব্য আৰু টীকাকাৰসকলে দিয়া অর্থবোৰ উদ্ধৃত কৰি তাৰ তুলনামূলক বিচাৰৰ পথ প্রশস্ত কৰাৰ বাদেও কোনো কোনো ক্ষেত্ৰত নিজ সিদ্ধান্তও ব্যক্ত কৰিছে। সদৌ শেষত দিয়া সাতসত্তৰ পৃষ্ঠাজোৰা শব্দৰ তালিকাখন দেখিলে সন্দিকৈদেৱৰ গভীৰ অধ্যয়ন, প্রখৰ স্মৃতিশক্তি আৰু বিস্তৃত জ্ঞানৰ পৰিচয় পোৱা যায়। সংস্কৃত অভিধানত সততে নথকা শব্দাৱলীৰ অর্থ নির্ণয় তথা পৰিশিষ্টখিনি অতি মূল্যবান সংযোজন বুলি এ.বি. কেইথ, ৱিণ্টাৰনিজ আৰু গোপীনাথ কবিৰাজেও উচ্চ প্রশংসা কৰিছে।
‘নৈষধ চৰিত’ৰ মূল বিষয়বস্তু হ’ল নল-দময়ন্তীৰ আদৰ্শাত্মক প্রণয় কাহিনী। মহাভাৰতৰ পৰা মূল জকাটো লৈ কবিয়ে কাহিনীৰ সুবিধালৈ লক্ষ্য ৰাখি কিছু যোগ-বিয়োগ কৰিছে। সন্দিকৈদেৱৰ আগতে উক্ত গ্রন্থৰ মল্লীনাথ আৰু নাৰায়ণৰ টীকাহে প্রকাশ পাইছিল। বাকী কবিৰ টীকাসমূহ পুৰণি পুথিৰ পৰা পঢ়ি চাই সন্দিকৈদেৱে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিলে সি অতিকৈ প্রশংসাৰ যোগ্য। তদুপৰি ১৯৩৬ চনত Indian Historical Quarterly-তলেখা ‘নৈষধ চৰিত আৰু ৰাজপুত চিত্রকলা’ নামৰ গৱেষণামূলক প্ৰবন্ধটি উক্ত গ্ৰন্থত গুৰুত্বপূৰ্ণ সংযোজন।
কৃষ্ণকান্ত সন্দিকৈৰ গ্ৰন্থ: সোমদেৱৰ যশস্তিলক আৰু ভাৰতীয় সংস্কৃতি
যশস্তিলক গ্ৰন্থ
পণ্ডিতপ্ৰৱৰ সন্দিকৈদেৱৰ জীৱনৰ অক্ষয়কীর্তি ‘সোমদেৱৰ যশস্তিলক আৰু ভাৰতীয় সংস্কৃতি’ নামৰ দ্বিতীয়খন অমূল্য গ্রন্থ। ৯৫৯ খ্রীষ্টাব্দত ৰচিত যশস্তিলক জৈনধর্মীয় চম্পুকাব্য। যদিও ই এখন ৰোমাঞ্চ কাব্য; তথাপি ই ধর্ম, সাহিত্য, সমাজ, ৰাজনৈতিক পৰিস্থিতি, দর্শন আৰু অনেক বিষয়ৰ তথ্য সম্বলিত সমসাময়িক ভাৰতীয় সংস্কৃতিৰ এখন স্বচ্চ দাপোণ।
এই অতি জটিল বিষয়ৰ গ্রন্থ অধ্যয়ন কৰোঁতে সন্দিকৈ দৰে মহান পণ্ডিতৰো অত্যন্ত পৰিশ্ৰম হৈছিল। আমি এটা কথাত গৌৰৱান্বিত যে অসমৰ দৰে এখন ঠাইত জন্ম লাভ কৰি তেখেতে জৈন ধর্মমত সম্বলিত এখন প্রাচীন পুথি আধুনিক ভাষাত সম্পাদনা কৰি জগতৰ সন্মুখত দাঙি ধৰিব পাৰিছে।
গ্রন্থৰ ৮টা অধ্যায়ত ৰাজকোঁৱৰ যশোধৰৰ কৰুণ কাহিনীৰ আধাৰত পদ্য-গদ্য মিশ্ৰিত জৈন ধর্মমত প্রচাৰৰ মূলমন্ত্র লিপিবদ্ধ হৈ আছে। কিন্তু সন্দিকৈদেৱে পৰিশিষ্টৰ চাৰিটা অধ্যায় আৰু যশস্তিলকৰ ভৌগোলিক বৰ্ণনা নামৰ বিশ্লেষণাত্মক তালিকাৰ বাদেও মূলখণ্ডত ওঠৰটা অধ্যায় সংযোগ কৰিছে।
এই গ্ৰন্থত সন্দিকৈদেৱৰ অনন্য সাধাৰণ দক্ষতাৰ পৰিচয় ইয়াতেই যে ইয়াত তেখেতে পালি, প্রাকৃত, অপভ্রংস, সংস্কৃত, হিন্দু, জৈন, বৌদ্ধ— ভাৰতৰ বিভিন্ন ভাষা আৰু ধৰ্মৰ মাজত থকা বিভিন্ন তথ্যৰ বিশ্লেষণাত্বক আলোচনা দাঙি ধৰিছে। কাব্যৰ নায়িকা অমৃতামতীৰ চৰিত্ৰ অংকনত যে সোমদেৱে কৃতকার্যতা লাভ কৰিছে, সেয়া সন্দিকৈদেৱে নিজেই প্রশংসা কৰিছে— “Amritamati in Somadeva’s romance is a remarkable piece of characterization showing originality and skill, and reveals an aspect of the author’s genius all but obscured by the wealth of scholarship and learning exhibited in the work.”
কৃষ্ণকান্ত সন্দিকৈৰ গ্ৰন্থ: প্রৱৰসেনৰ সেতুবন্ধ
সন্দিকৈদেৱৰ শেহতীয়া আন এক সাহিত্য কীর্তি হ’ল পঞ্চম শতিকাৰ কবি ‘প্রৱৰসেনৰ সেতুবন্ধ’। এই গ্রন্থ এখন প্রাকৃত মহাকাব্য। ১৫টা সর্গযুক্ত এই কাব্যখনৰ নাম হ’ল ‘ৰাৱণৰহোঁ’, আৰু সন্দিকেদেৱে গ্ৰন্থখনৰ নাম দিলে— Proborsen’s Setubandha। মূল মহাভাৰতৰ হনুমানে সীতাৰ বাতৰি লৈ লঙ্কাৰ পৰা উভতি আহি ৰাৱণক বধ কৰালৈকে এই প্রাকৃত মহাকাব্যখনৰত বর্ণিত হৈছে।
সন্দিকৈদেৱে বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্রহণ কৰাৰ পাছত জীৱনৰ শেষভাগত গভীৰ জ্ঞান, সাধনা আৰু ঐকান্তিকতাৰে ‘প্রৱৰসেনৰ সেতুবন্ধ’ৰ অনুবাদ আৰু তুলনামূলক অধ্যয়ন কৰে। সন্দিকৈদেৱৰ দৰে পুৰঠ জ্ঞানৰ কৃতবিদ্য লোকৰ দ্বাৰা ‘প্রৱৰসেনৰ সেতুবন্ধ’ সম্পাদিত হোৱা দেখি আৰু তেখেতৰ পাণ্ডিত্যত মুগ্ধ হৈ ড° সুনীতি কুমাৰ চেটার্জীয়েও মহৎ গ্রন্থ হিচাপে স্বীকৃতি দিবলৈ বাধ্য হ’ল।
অথর্ব বেদৰ এঠাইত এটি বাক্য আছে— “জ্যোতিৰ্ম্মঘ্নতো লোকান জয়তি অব বেদা”, অর্থাৎ জ্যোতিৰ সন্ধান পোৱা, জ্ঞানৰ উৎস পোৱা লোকসকলেই জ্যোতিস্মান জগতসমূহ জয় কৰে। প্রণ্ডিতপ্ৰৱৰ সন্দিকৈদেৱেও সংস্কৃত বেদ শাখাত এম এ পৰীক্ষাত কৃতকার্য হৈ জ্ঞানচর্চা আৰু অনুসন্ধিৎসা পূৰণৰ অর্থেই ইউৰোপৰ বিভিন্ন ভাষা— গ্রীক, লেটিন আৰু স্পেনিছ আদি শিকি নিজৰ জীৱনত প্ৰয়োগ কৰি নীৰৱে জ্ঞান সাধনাত ৰত থাকি জগতক অমৃত পান কৰাইছিল। তেখেতে পার্থিব খ্যাতি নিবিচাৰে। ‘পাৰ্থিৱ খ্যাতি বতাহৰ নিষ্কাশৰ বাহিৰে একো নহয়’ (Non è il mondan romore altro che infiato di vento) ডাণ্টেৰ এই কথাষাৰ তেখেতৰ জীৱনত প্রতিফলিত হৈছিল।
সন্দিকৈদেৱৰ জীৱনকালতে আব্দুল চাত্তাৰদেৱে লিখা ‘কৃষ্ণকান্ত সন্দিকৈ’ নামৰ জীৱনীখনত নামৰ আগত ‘পণ্ডিতপ্ৰৱৰ’ বিশেষণটো তেখেতে যোগ কৰিবলৈ নিদিলে। সন্দিকৈদেৱক জীৱনত অনুপ্ৰেৰণা যোগোৱা দুটি বাক্য হ’ল— নাট্যাকাৰ ইবচেনৰ Rosmersholm নাটকৰ “Innocence is the source of all joy and happiness” আৰু “Happiness means first and foremost the calm, joyous sense of innocence.”
কৃষ্ণকান্ত সন্দিকৈ স্মৃতিত ডাক বিভাগে জাৰী কৰা ডাক টিকেট
জ্ঞান অর্জন যাৰ জীৱনৰ মূলমন্ত্র, নীৰৱ সাধনা যাৰ জীৱনৰ ব্ৰত, সংস্কৃত সাগৰ মন্থন কৰি তাৰ পৰা মাণিক বুটলি আনি জগক দান দিয়া যাৰ কৰ্ম, তেনে এজন নিষ্ণাত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱ সমগ্র বিশ্বৰ গৌৰৱৰ স্থল। কর্মময় জীৱনতো সন্দিকৈদেৱ আছিল সত্যৰ প্রতি অবিচল আস্থাসম্পন্ন আৰু সুদক্ষ প্রশাসক। যোৰহাট জগন্নাথ বৰুৱা কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য হিচাপে কৰ্তব্যপৰায়ণতা, নির্মল চৰিত্ৰ আৰু বিশেষকৈ তেখেতৰ সুগভীৰ ব্যক্তিত্বৰে দুয়োটি শিক্ষানুষ্ঠানকেই ভাৰতৰ ভিতৰত উচ্চ মানৰ বুলি পৰিগণিত কৰাইছিল।
❧ | আৰু পঢ়ক:
- শিশু সাহিত্যিকৰূপে ড° ভবেন্দ্ৰ নাথ শইকীয়া
- লাচিত বৰফুকন বৰসেনাপতি
- বৈদিক যুগ আৰু ভাৰতীয় নাৰী
- সামাজিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ মাধ্যম স্বৰূপে অনুবাদ: সমস্যা আৰু সম্ভাৱনীয়তা
- সংস্কৃত ভাষা বনাম বৃটিছ উপনিবেশবাদ
Follow Nilacharai on Facebook