নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

হিয়াখন ধপধপায় কিয়

হিয়াখন ধপধপায় কিয়

হিয়াখন ধপধপায় কিয়
(দিল ধড়কনে কা চবব য়াদ আয়া)
মূল (উৰ্দু): নাচিৰ কাজমী

অনুবাদ: মমতাজ আনচাৰি

✽

হিয়াখন ধপধপায় কিয়, কাৰণটো মনত পৰিল
সেয়া আছিল তোমাৰ স্মৃতি, কথাটো মনত পৰিল

আজি চম্ভালি ৰখা নিজকে কঠিন হৈছিল বন্ধু
সংকটত নভবা ধৰণে তোমাৰ অভাৱটো মনত পৰিল

দিনটো যেনে-তেনে পাৰ কৰিছিলোহে মাত্ৰ
তেনেতে তোমাৰ ৰাতিৰ প্ৰতিশ্ৰুতিটো মনত পৰিল

তুমি পাহৰি যোৱা প্ৰতিজ্ঞা পালনৰ কথা
মৰি যাম এতিয়া যদি সেইটো মনত পৰিল

আকৌ বহুকেইজন চকুৰ সন্মুখেদি গ’লগৈ
আকৌ কোনোবা আনন্দ নগৰী মনত পৰিল

ময়ো ক’লোহেঁতেন অন্তৰৰ দুখৰ কথা, কিন্তু
তেওঁৰ প্ৰস্থানৰ পাছতহে বিষয়টো মনত পৰিল

পুষ্প বৃক্ষৰ ছায়াত বহি থাকি ‘নাচিৰ’
এসোঁতা কান্দিলো যেতিয়া মানুহটো মনত পৰিল।

✽

Nasir Kazmi

নাচিৰ কাজমী

নাচিৰ কাজমী (১৯২৫-১৯৭২) আছিল এগৰাকী প্ৰখ্যাত উৰ্দু কবি আৰু লেখক। তেওঁৰ কবিতা আৰু গজলত ৰোমাণ্টিকতা, বিষাদ আৰু আধ্যাত্মিকতাৰ প্ৰবল প্ৰকাশ দেখা যায়। তেওঁ ‘ছোটে বেহেৰ’ (সংক্ষিপ্ত ছন্দ) ব্যৱহাৰ কৰি গজলক অন্য এক মাত্ৰা দিবলৈ সক্ষম হৈছিল। কাজমীয়ে উৰ্দু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বহু সন্মান আৰু পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল।

নাচিৰ কাজমীৰ কবিতাৰ সংকলনসমূহৰ ভিতৰত ‘বৰ্গ নে’, ‘পহলী বাৰিষ’ আৰু ‘দিৱান-এ-নাচিৰ কাজমী’ বিশেষভাৱে উল্লেখযোগ্য। কাজমীৰ সাহিত্যিক শৈলী আৰু গভীৰ ভাৱনাৱেশে তেওঁক উৰ্দু সাহিত্য জগতত এক বিশিষ্ট স্থান দান কৰিছে।

❧ | অধিক অনুবাদ কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
হিয়াখন ধপধপায় কিয় | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...