সা ম্প্ৰতিক অসমীয়া নাট্য প্ৰৱাহত যশস্বী নাট্যকাৰ-পৰিচালক, নাট-প্ৰযোজক আৰু সুনিপুণ অভিনেতা মুনীন ভূঞাৰ এক স্বকীয় আসন আছে আৰু তেওঁ এলানি মাত্ৰাবিশিষ্ট নাট্যসৃষ্টিৰে অসমীয়া নাট্য আন্দোলনৰ উত্তৰণত বিশিষ্ট বৰঙনি আগবঢ়াই থৈ গৈছে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বছৰ (১৯৪৭)টোতে উত্তৰ লখিমপুৰ জিলাৰ নকাড়ীত জুলাই মাহৰ ২৬ তাৰিখে মুনীন ভূঞাৰ জন্ম হয়। তেওঁৰ মৃত্যু হয় ২০০৪ চনত।
নাটকৰ অ-আ, ক-খ মুনীন ভূঞাই শৈশৱ কালত ঘৰতে লাভ কৰিছিল। পিতৃ ৰামমোহন ভূঞাৰ লগতে ডাঙৰজনা ককায়েক পৰমেন্দ্ৰ কুমাৰ ভূঞা সেই অঞ্চলৰ ভাল অভিনেতা আছিল। তেওঁলোকে নকাড়ী গাঁৱত প্ৰতি বছৰে অনুষ্ঠিত হোৱা ৰাস, ভাওনা, সামাজিক নাটকত অভিনয় কৰাৰ উপৰি নকাড়ী নাট্য যুৱ সংঘৰ নাটকসমূহত মূল চৰিত্ৰবিলাকত অভিনয় কৰিছিল। তৃতীয়জন ককায়েক দীনেন্দ্ৰ কুমাৰ ভূঞা আছিল মঞ্চৰ আঁৰৰ কৰ্মী। মুনীন ভূঞাই সৰু কালতে মইনা পাৰিজাতত নাটক কৰাৰ উপৰি স্কুলীয়া জীৱনত আলি হাইদৰ, ভৱানী ভূঞা, নবীন গগৈ, গোবিন্দ দত্ত আদি সমনীয়াৰ সৈতে লগ লাগি নাটকৰ চৰ্চা কৰিছিল। স্থানীয় নৱাৰুণ নাট্য সংঘই তেওঁলোকৰ কাৰণে নাট্যচৰ্চাৰ পৰিৱেশ নিৰ্মাণ কৰি দিছিল।
পৰৱৰ্তী কালত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত মুনীন ভূঞাই নাট্য পৰিচালক ৰূপে ভুমুকি মাৰে আৰু তেওঁৰ দ্বাৰা পৰিচালিত নাটকে দুবাৰকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন হোৱাৰ লগতে যুৱ মহোৎসৱতো প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। এই সময়ছোৱাতে সুপ্ৰতিষ্ঠিত পৰিচালক দুলাল ৰয়ৰ নিৰ্দেশনাত মুনীন ভূঞাই গুৱাহাটীৰ মঞ্চত অভিনয় কৰিবলৈ লয়। এনেদৰে মুনীন ভূঞাই ক্ৰমে নাটকৰ জগতখনলৈ সোমাই যায়।
মুনীন ভূঞাৰ কৰ্মজীৱন আৰম্ভ হয় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাব এডিটৰ (স্ক্ৰিপ্ট) হিচাপে। ১৯৭৫ চনত চাব এডিটৰ হিচাপে যোগদান কৰি পাছলৈ নাট বিভাগৰ প্ৰযোজক, সহকাৰী সঞ্চালক, উপ সঞ্চালক আৰু মৃত্যুৰ সময়ত ডিব্ৰুগড় কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এফালে চাকৰি জীৱন আৰু আনফালে ঘৰুৱা সাংসাৰিক জীৱন,— তাৰ মাজতো কিন্তু মুনীন ভূঞাৰ সৃষ্টিশীল মনটো থমকি ৰোৱা নাছিল। অৱশ্যে, পঢ়ি থকা কালছোৱাত যেনেদৰে কবিতা, গল্প, দুই-চাৰিটা প্ৰৱন্ধ অথবা ব্যক্তিগত ৰচনা প্ৰকাশ কৰাৰ বিপৰীতে চাকৰিত যোগদান কৰাৰ পাছত তেওঁ কেৱল নাটক ৰচনাতহে গুৰুত্ব প্ৰদান কৰিবলৈ ধৰিলে।
মুনীন ভূঞাই আকাশবাণীৰ দৰে এটা গণমাধ্যমৰ লগত কৰ্মসূত্ৰে জড়িত হৈ বহু নতুন আৰু অভিনৱ কাৰ্যসূচী, অনুষ্ঠান, প্ৰযোজনা-পৰিচালনা কৰি মাধ্যমটোৰ জনপ্ৰিয়কৰণত বিশিষ্ট ভূমিকা লৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়াকৈ নাটক প্ৰযোজনা কৰিবলৈ লোৱাৰে পৰাই তাৰ সৈতে মুনীন ভূঞা অংগাংগীভাৱে জড়িত হৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰযোজনা কৰা যি ১৫টা অনুষ্ঠানে আকাশবাণীৰ সৰ্বভাৰতীয় স্তৰত পুৰস্কাৰ আৰু উৎকৃষ্টতাৰ উল্লেখ লাভ কৰিছিল, তাৰ চৈধ্যতা অনুষ্ঠানৰ সৈতেই মুনীন ভূঞা জড়িত আছিল। মুনীন ভূঞাৰ ‘বিচাৰ’ (১৯৭৫) আৰু ‘হাতী আৰু ফান্দী’ (১৯৭৮)— এই দুখন অনাতাঁৰ নাটকে আকাশবাণীৰ বাৰ্ষিক পুৰস্কাৰ প্ৰতিযোগিতাত ক্ৰমে বিশেষ আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত আন দুখন ৰূপক ক্ৰমে ‘এটা নতুন পথেৰে’ (১৯৭৬) আৰু ‘নতুনৰ পছোৱা লগা গাঁও মোৰ’ (১৯৭৮)এ প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
ইয়াৰ উপৰি আলি হাইদৰ ৰচিত আৰু মুনীন ভূঞা, লুটফুৰ ৰহমান প্ৰযোজিত নাটক ‘এটা চোলাৰ কাহিনী’, চৈয়দ আব্দুল মালিক ৰচিত আৰু মুনীন ভূঞা-ৰাজেন গোহাঁই প্ৰযোজিত সংগীতালেখ্য ‘অ’ মোৰ আপোনাৰ দেশ’, মুনীন ভূঞা ৰচিত আৰু প্ৰযোজিত তথ্য আলেখ্য ‘সৃষ্টি আৰু স্থিতি’, তৰুণ চন্দ্ৰ পামেগাম ৰচিত আৰু মুনীন ভূঞা প্ৰযোজিত অনাতাঁৰ নাট ‘সেতু’, প্ৰিয়েন্দু তামুলী ৰচিত আৰু মুনীন ভূঞা প্ৰযোজিত ‘বৰদৈচিলা’ আৰু নিজে প্ৰযোজনা কৰা ‘দেউৰী বিহু’ নামৰ সংগীতালেখ্যই আকাশবাণীৰ বাৰ্ষিক প্ৰতিযোগিতাত প্ৰযোজনাৰ বাবে বঁটা লাভ কৰাৰ লগতে আলেখ্য–নাটসমূহে ক্ৰমে দ্বিতীয় স্থান আৰু বিশেষ প্ৰশংসা বঁটা লাভ কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰলৈ সুনাম কঢ়িয়াই আনিছিল।
মুনীন ভূঞা এজন ভাল নাট্য সংগঠকো আছিল। বিভিন্ন শৈলীৰ নাটক প্ৰযোজনাৰ যোগেদি শিল্পীসকলক নাটক সম্পৰ্কীয় নতুন চিন্তা-চৰ্চাৰ অনুশীলন চলোৱাৰ পোনপটীয়া সুযোগ সৃষ্টি কৰি দিবলৈ ১৯৮৩ চনৰ ১৪ মে’ত ডিব্ৰুগড়ৰ ডি এ পি নাট্যমন্দিৰ প্ৰেক্ষাগৃহত মুনীন ভূঞাৰ পৰিচালনাত জন্ম হৈছিল ‘নাট্যচৰ্চা’ নামৰ এটি নাট্য সংগঠনৰ। ডিব্ৰুগড়ত নাট্যচৰ্চাৰ বাবে শৃংখলাবদ্ধ, বিজ্ঞানসন্মত প্ৰায়োগিক ধাৰা এটাৰ সৃষ্টি কৰিবলৈ যত্ন কৰি তেওঁ নাট্যচৰ্চাৰ সভ্যসকলক নাট্যকলাৰ তাত্ত্বিক আৰু প্ৰায়োগিক উভয় দিশৰে শিক্ষা প্ৰদান কৰিবলৈ যত্নপৰ হৈছিল। নাট্যচৰ্চাৰ যোগেদি মুনীন ভূঞাই বহুসংখ্যক স্ব-ৰচিত আৰু অনূদিত (স্বদেশী আৰু বিদেশী) নাটক পৰিচালনা আৰু প্ৰযোজনা কৰিছিল।
১৯৮৬ চনৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা মুনীন ভূঞাই নাট্যচৰ্চাৰ জৰিয়তে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। চহৰৰ মঞ্চৰ সৈতে অচিনাকি গাঁৱৰ মানুহক নাটকৰ সৈতে চিনাকি কৰাই দিবলৈ আৰম্ভ কৰে ‘গাঁৱলৈ যাওঁ বলক’ নাট্যানুষ্ঠানৰ। এই অনুষ্ঠানৰ যোগেদি মুনীন ভূঞাই অসমৰ জাতি-জনজাতিৰ মাজত গঢ় লৈ উঠা অনৈক্যৰ মাজত ঐক্যৰ বীজ সম্প্ৰসাৰণৰ কাৰণে জাতীয়তাবোধসম্পন্ন গীত-মাত, কবিতা, নাটক আদি পৰিৱেশন কৰিছিল। তেওঁ নাট্যচৰ্চাৰ জৰিয়তে ২০০২ চনত অসমৰ নাট পৰিচালকসকলৰ বাবে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত এমহীয়া প্ৰশিক্ষণ কৰ্মশালাও অনুষ্ঠিত কৰিছিল। ২০০৩ চনত ব্যতিক্ৰমী পদক্ষেপ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত চোৰধৰা, পিম্পৰা গুচোৱা নাটক দুখন আধুনিক শৈলীৰে মঞ্চস্থ কৰিছিল।
মুনীন ভূঞাৰ দ্বাৰা পৰিচালিত অনূদিত নাটকসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান নাটক হ’ল— ১৯৯০ চনত পৰিচালনা কৰা মোহন ৰাকেশৰ ‘আহাৰ মাহৰ এদিন’, ১৯৯৩ চনত এলবেয়াৰ ক্যেমুৰ ‘ন্যায়নিষ্ঠা’, ১৯৯৪ চনত ৰাজীৱ দত্তৰ ‘অসুৰ’, ১৯৯৪ চনত ‘পাচনি’, ১৯৯৮ চনত বাৰ্টোল্ট ব্ৰেখটৰ ‘মা’, ২০০০ চনত ভীষ্ম চাহানিৰ ‘হানুচ’ আৰু ২০০১ চনত অজয় শুক্লাৰ ‘তাজমহলৰ তেণ্ডাৰ’ ইত্যাদি। ওৰেটো জীৱন নাটক আৰু কলা-শিল্প-সংস্কৃতিৰ সাধনা কৰি যোৱা মুনীন ভূঞাক অসম সাহিত্য সভাই ২০০৪ বৰ্ষত ‘নাট্যপ্ৰাণ’ উপাধিৰে বিভূষিত কৰে। আনহাতে ১৯৭৮ চনত ‘হাতী আৰু ফান্দী’ নাটকখনে আকাশবাণীৰ শ্ৰেষ্ঠ নাটকৰ সন্মান, ‘জৰৌৰোৱা পৰজা’ৰ বাবে সাহিত্য সভাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা, ১৯৭২ আৰু ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আদি কেবাটাও বঁটা-বাহন লাভ কৰে মুনীন ভূঞাই।
মুনীন ভূঞা আছিল হাড়ে-হিমজুৱে নাটক ভাল পোৱা মানুহ। ছিৰিয়াছ নাটকৰ প্ৰতি ভূঞাৰ আছিল বিশেষ আকৰ্ষণ। নাটক এখন উপস্থাপন কৰাটো আছিল তেওঁৰ বাবে সামাজিক দায়িত্বৰ আন এটা ৰূপ। অসমৰ অব্যৱসায়িক নাটকৰ দলবিলাকক একত্ৰ কৰি সামূহিকভাৱে কাম কৰি যোৱাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল অসীম। ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে ‘নাট্যচৰ্চা’ৰ উদ্যোগত ডিব্ৰুগড়ৰ নাট্যদলসমূহক একত্ৰ কৰি ১৯৯২ চনত চৌকিডিঙি য়ুথ ক্লাবৰ মূল হোতা অনিল মজুমদাৰৰ সোঁৱৰণত এখন সৰ্বভাৰতীয় নাট সমাৰোহ আয়োজন কৰিছিল। অসমৰ বিভিন্ন স্থানত গঢ় লৈ উঠা অব্যৱসায়িক দলবিলাকৰ নিজা নিজা চিন্তা, আদৰ্শ আৰু কৰ্মপদ্ধতি থাকিলেও যাতে একত্ৰ হৈ থাকিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি ২০০২ চনত তেওঁৰ উদ্যোগত গঠন হৈছিল ‘থিয়েটাৰ ফ’ৰাম অৱ অসম’ চুটিকৈ ‘ফ’ৰাম’ৰ। পৰৱৰ্তী সময়ত অৱশ্যে এই প্ৰচেষ্টা বিভিন্ন কাৰকৰ বাবে ব্যাহত হ’ল।
জীৱনৰ বেছিভাগ সময় নাটকৰ সৈতে কটোৱা মুনীন ভূঞাই নিজে ৰচনা আৰু পৰিচালনা কৰা নাটক তিনিখন হ’ল— ‘জৰৌৰৌৱা পৰজা’ (প্ৰথম পৰিচালনা ১৯৮৫), ‘হাতী আৰু ফান্দী’ (প্ৰথম পৰিচালনা ১৯৮৬), আৰু ‘সন্ধিক্ষণ’ (প্ৰথম পৰিচালনা ১৯৮৮)। এই তিনিওখন নাটকেই অসমৰ শ্ৰোতা-দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই নাটক তিনিখন ‘পৰজা’ (প্ৰথম প্ৰকাশ: ২০০০ চন) নামৰ এটি সংকলনত সংকলিত হৈছে। ইয়াৰ উপৰি তেওঁ ‘দি এডভাইছ’, ‘আলহী-১’, ‘আলহী-২’, ‘আলহী-৩’, ‘ওফোৰা জেং’ ইত্যাদি অনাতাঁৰ নাটিকাও ৰচনা কৰিছিল।
মুনীন ভূঞাই ৰচনা কৰা প্ৰথমখন মঞ্চ নাটক হ’ল ‘হাতী আৰু ফান্দী’। মূলতঃ হাতী ধৰাৰ ৰোমাঞ্চকৰ পদ্ধতিটোৰ বিষয়ে এখন ডকুমেণ্টৰি আলেখ্য নিৰ্মাণৰ বাবে কৰা প্ৰচেষ্টাৰ ফলশ্ৰুতিত এই নাটকখনৰ জন্ম হয়। ১৯৭৮ চনত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত আকাশবাণীৰ নাট প্ৰতিযোগিতাত এই নাটকখনি শ্ৰেষ্ঠ বিবেচিত হৈছিল। এখন অনাতাঁৰ নাটক হিচাপে ‘হাতী আৰু ফান্দী’ নাটকখনে ৰাইজৰ মাজত জনপ্ৰিয়তাও লাভ কৰিছিল। পাছলৈ নাট্যকাৰ মুনীন ভূঞাই নাটকখনৰ সংশোধন আৰু পৰিৱৰ্ধন কৰি মঞ্চোপযোগী কৰি তোলে। ১৯৮৪ চনত অসমৰ এগৰাকী উল্লেখযোগ্য নাট্যকাৰ-পৰিচালক আলি হাইদৰে উত্তৰ লখিমপুৰত ‘নাবিক’ৰ উদ্যোগত নাটকখন প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰে। পৰৱৰ্তী সময়ত পাঠশালাৰ সাংস্কৃতিক গোষ্ঠী এটাইও এই নাটকখন গুৱাহাটী, পাঠশালাৰ বিভিন্ন স্থানত মঞ্চস্থ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল। পাছত তেজপুৰৰ ‘দিগবলয় গোষ্ঠী’য়েও ১৯৮৫ চনত নাটকখন মঞ্চস্থ কৰিছিল। নাট্যকাৰ মুনীন ভূঞাৰ পৰিচালনাত ‘নাট্যচৰ্চা’ৰ উদ্যোগত ১৯৮৬ চনতহে নাটকখন মঞ্চস্থ কৰা হৈছিল। অৱশ্যে, সেই সময়ত “নাটকখনৰ আনৰ মঞ্চৰূপটো সলনি কৰি নতুনকৈ সজাই তুলিহে নাটকখন মঞ্চস্থ কৰা হৈছিল।” নাটকখনৰ কাহিনীভাগ গঢ় লৈ উঠিছে মুহীৰাম নামৰ ফান্দী এজনক লৈ। সৰ্বমুঠ ৬টা দৃশ্যত বিভক্ত এই নাটকখনিৰ মৰ্মবস্তু হৈছে মৃত্যুৰ সৈতে বাজী ৰাখি বনৰীয়া হাতী ধৰাকেই বৃত্তি হিচাপে গ্ৰহণ কৰা এচাম দুখীয়া মানুহৰ ওপৰত কৰা শোষণৰ বিৰুদ্ধে প্ৰতিবাদ।
‘জৰৌৰৌৱা পৰজা’ মুনীন ভূঞাৰ দ্বিতীয়খন পূৰ্ণাংগ মঞ্চ নাটক। এই নাটকখন অসম বুৰঞ্জীৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় মোৱামৰীয়া বা মায়ামৰীয়া গণ অভ্যুত্থানৰ পটভূমিত ৰচিত। নাটকখনত ঐতিহাসিক তথ্যক বিকৃত নকৰাকৈ নাট্যকাৰে মাথোঁ গণ অভ্যুত্থানৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা কৰিছে। সাধাৰণ প্ৰজাৰ দৃষ্টিকোণৰ পৰা চাই নাট্যকাৰে পাইক প্ৰথাত এক প্ৰজাপীড়নৰ ৰূপ প্ৰত্যক্ষ কৰিছে। চাৰিজনীয়া গোটৰ পৰা তিনিজনীয়া গোট কৰাৰ ফলত পীড়নৰ তীব্ৰতা বৃদ্ধি পাইছে। পীড়নত অতিষ্ঠ প্ৰজাই স্বতঃস্ফূৰ্তভাৱেই এক নতুন ব্যৱস্থা বিচাৰি বিপ্লৱ কৰিছে। নাটকখনত ৰজাৰ কঠোৰ নীতি-নিয়ম, বিষয়াৰ দুৰ্নীতি তথা ৰজা আৰু গোসাঁইৰ দ্বন্দ্বৰ মাজেদি নাট্য কাহিনীয়ে বিকাশ লাভ কৰিছে।
জনগণ হৈছে ইতিহাসৰ নিৰ্মাতা। এই জনগণে অন্যায়ৰ প্ৰতিবাদ কৰিবই। মন কৰিবলগীয়া যে নাটকখনৰ কাহিনী অসম বুৰঞ্জীখ্যাত মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত গঢ় লৈ উঠিলেও বুৰঞ্জীৰ ৰাজতান্ত্ৰিক ব্যৱস্থাৰ নাটকীয় ৰূপায়ণ ইয়াত নাই। ইয়াত ‘ৰাইজেই ৰজা’— গণতন্ত্ৰৰ এই বাণীটোৰ সত্যতা প্ৰতিপন্ন কৰিবলৈকে ৰাজশক্তিৰ দ্বাৰা শোষিত পুৰুষ-মহিলা প্ৰায় আটায়েই ৰাজশক্তিৰ বিৰুদ্ধে কিদৰে মাৰ বান্ধি থিয় দিছে, সেয়া হৃদয়গ্ৰাহীকৈ উপস্থাপন কৰা হৈছে। নাট্যকাৰৰ জীৱন-বীক্ষা ইয়াত স্পষ্ট হৈ জিলিকি আছে। ১৯৮২ চনত লিখি উলিওৱা প্ৰাথমিক ৰূপ এটাক পৰিৱৰ্ধিত ৰূপত ১৯৮৪ চনত মুনীন ভূঞাৰ নাট্যদল ‘নাট্যচৰ্চা’ৰ যোগেদি শ্ৰাৱ্যনাট হিচাপে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত পৰিৱেশন কৰা হয়। পাছলৈ ১৯৮৫ চনত প্ৰগতি সংঘই প্ৰথমবাৰৰ কাৰণে মঞ্চস্থ কৰে দৃশ্য-শ্ৰাৱ্য মাধ্যমত।
মুনীন ভূঞাই ৰচনা কৰা তৃতীয়খন মঞ্চ নাটক হ’ল— ‘সন্ধিক্ষণ’। এইখন নাটক ১৯৮৮ চনত ৰচনা আৰু একে চনতে তেজপুৰ নাট সমাৰোহত মঞ্চস্থ কৰা হয়। নাট্যকাৰে নাটকখনত ভূমিহীন কৃষকৰ এক অবিৰত সংগ্ৰামৰ কাহিনী সৰ্বমুঠ ১২টা দৃশ্যৰ মাধ্যমেৰে দাঙি ধৰিছে। এই নাটকখনিৰ মূল বক্তব্য হ’ল শোষণৰ বিৰুদ্ধে শোষিত, বঞ্চিত, নিপীড়িত জনতাৰ ঐক্যবদ্ধ সংগ্ৰাম। নাটকখনত এফালে আছে কণ্ঠি-মঙলুহঁতৰ দৰে ভূমিহীন প্ৰজা, আনফালে আছে শোষক শ্ৰেণীৰ প্ৰতিভূ হৰিষ মহাজনৰ দৰে ব্যক্তি। এফালে আছে মহী-ৰমেশৰ দৰে সাহসী ত্যাগী, উদাৰ সৎ চৰিত্ৰ, আনফালে আছে দালাল আৰু মদগৰ্বী ধীৰেনৰ দৰে চৰিত্ৰ। এফালে আছে অগণন জনতাৰ আশা-আকাংশা, অৱলম্বনৰ প্ৰশ্ন, অন্যফালে আছে সুবিধাবাদী মাষ্টৰৰ দৰে তথাকথিত শিক্ষাৰে শিক্ষিত চৰিত্ৰ।
নাটকখনৰ নামকৰণৰ প্ৰসংগত নাট্যকাৰে কোৱা বক্তব্য এইখিনিতে প্ৰণিধানযোগ্য— “অসমীয়া বুলিলে ধনী অসমীয়াও যিদৰে অসমীয়া, দুখীয়া অসমীয়াজনো অসমীয়া। এতিয়া প্ৰশ্ন হ’ল কাক প্ৰাধান্য দিয়া হ’ব— ধনীক নে দুখীয়াক? এই সিদ্ধান্তটো আজি শাসনত থকা মধ্যবিত্ত অসমীয়াই যদি শান্ত মগজুৰে গ্ৰহণ নকৰে, তেন্তে ভৱিষ্যতে দেখোন অসমীয়া-অসমীয়াৰ মাজতে দ্বন্দ্ব হ’ব। এই আহুকলীয়া সিদ্ধান্তটো সমসাময়িক সময়ত লোৱাটো প্ৰয়োজনীয় বাবে ইয়াৰ ‘সন্ধিক্ষণ’ নামকৰণ কৰা হৈছে।” নাটকখনৰ কাহিনীৰ দিশলৈ দৃষ্টি ৰাখি হীৰেন গোহাঁয়ে মন্তব্য কৰিছে— “…গতানুগতিকভাৱে উৎকণ্ঠাৰ শীৰ্ষবিন্দুলৈ নগৈ নাটকখন যেন ঘটনাৰ পিনৰ পৰা শীৰ্ষবিন্দুত আৰম্ভ কৰা হৈছে— নাটকৰ পিছৰ অংশ তাৰ ক্ৰমপৰিণতি মাত্ৰ।”
মুনীন ভূঞাই ৰচনা কৰা তিনিওখন নাটকৰে বিষয়বস্তু তথা উপস্থাপন পদ্ধতি পৃথক পৃথক যদিও ক’ৰবাত যেন এডাল সূতাৰে আটাইকেইখন নাটকৰ মূলভাব গ্ৰথিত হৈ আছে। সেই দিশসমূহ বিচাৰ কৰি আমি তেওঁৰ নাটকৰ কেইটামান বিশেষ বিশেষত্ব লিখি উলিয়াব পাৰোঁ— মুনীন ভূঞাৰ তিনিওখন নাটকতে প্ৰকাশ পাইছে অন্যায়ৰ বিৰুদ্ধে এক সূক্ষ্ম তথা মননশীল হুংকাৰ। সেই হুংকাৰ ধ্বনিক শৈল্পিক মাত্ৰা দিবৰ বাবে তেওঁ আশ্ৰয় লৈছিল অসমৰ আপুৰুগীয়া লোকসংস্কৃতিৰ বৰঘৰত। লোকজীৱনৰ পৰা তুলি অনা সুৰ, ধ্বনিৰে সজাই তুলিছিল তেওঁৰ নাটককেইখন। তিনিওখন নাটকতে মুনীন ভূঞাই বিদ্ৰোহৰ ধ্বনি তুলি জনগণক সজাগ কৰি চেতনাৰ পৰিৱৰ্তন আনিব বিচাৰিছিল। কিয়নো তেওঁ বিশ্বাস কৰিছিল— শ্ৰমজীৱী জনগণৰ চেতনাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে; কাৰণ সমাজৰ ৰূপান্তৰৰ শক্তি তেওঁলোকৰ পেশী আৰু তেওঁলোকৰ হৃদয়ৰ পৰাই আহিব লাগিব। শ্ৰমজীৱী জনগণৰ মুক্তিয়ে আজি মানৱ সমাজৰ অগ্ৰগতিৰ আমোঘ পূৰ্ব-চৰ্ত। একেদৰে, মুনীন ভূঞাই জনসমাজৰ তেনেই চিনাকি বিষয়বস্তুকে বিশ্বাসযোগ্যভাৱে দাঙি ধৰি কোনো প্ৰপাগেণ্ডাৰ সৃষ্টি নকৰাকৈ কৃষকৰ ওপৰত চলা নিকৰুণ নিপীড়ন, শ্ৰমিক বিক্ষোভ, মধ্যবিত্তৰ অসহায় আত্মদ্বন্দ্ব আদি জীৱন্ত খুতি-নাতিৰে মৰ্মস্পৰ্শী ৰূপত উপস্থাপন কৰে। নাটককেইখনৰ পৰিসমাপ্তিত শোষিত হয় প্ৰজাৰ বিজয় ঘোষিত হৈছে, নহয় পুনৰ সংগ্ৰামৰ সৃষ্টি হৈছে।
সংলাপৰ প্ৰয়োগৰ ক্ষেত্ৰত মুনীন ভূঞাই যথেষ্ট সিদ্ধহস্ততাৰ প্ৰমাণ দিব পাৰিছে। সংক্ষিপ্ততা, পৰিমিতিবোধ আৰু একমুখিতা তেওঁৰ সংলাপৰ ঘাই বৈশিষ্ট্য। ৰমূলতঃ অনাতাঁৰ বাবে বিভিন্ন লেখা প্ৰস্তুত কৰিছিল বাবেই তেওঁৰ নাটকতো এই বিশিষ্টতাৰ সৃষ্টি হৈছিল বুলি আমি ধাৰণা কৰিব পাৰোঁ। নাটককেইখনৰ চৰিত্ৰসমূহ নাটকীয় গুণসম্পন্ন আৰু মঞ্চায়নৰ বাবে উপযুক্ত। ফলস্বৰূপে চৰিত্ৰসমূহে নাটকীয় বাস্তৱতাৰে কাহিনীৰ ব্যঞ্জনা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভূঞাৰ নাটকত অংক বিভাজন নাই, দৃশ্যবোৰ চুটি চুটি, নাটকীয় গতি ত্বৰান্বিত কৰিবৰ কাৰণে গীতৰ ব্যৱহাৰ কৰিছে। দৃশ্য ৰচনাৰ মাজত প্ৰতীকী কৌশল প্ৰয়োগ তেওঁৰ নাটকৰ এক অন্যতম বৈশিষ্ট্য। মুনীন ভূঞাৰ প্ৰতিখন নাটকতেই নাটকীয় ঐক্য ব্যাহত নোহোৱাকৈ সাৱলীল গতিৰে কাহিনী পৰিসমাপ্তিৰ দিশলৈ আগবাঢ়িছে। নাটকীয় দ্বন্দ্ব বা সংঘাতে দৰ্শক-পাঠকক আকৃষ্ট কৰি ৰাখিবলৈ সক্ষম হৈছে। সেই বাবেই ক’ব পাৰি— মুনীন ভূঞাৰ নাটককেইখনত সাহিত্য মূল্যৰ লগতে মঞ্চমূল্যৰ সু-সমন্বয় সাধিত হৈছে।
পৰিশেষত ক’ব পাৰি, নিঃসন্দেহে অসমীয়া নাটকৰ সাম্প্ৰতিক প্ৰেক্ষাপট আৰু আধুনিক নাট্যচৰ্চাৰ বিকাশলগ্নৰ গুৰুত্বপূৰ্ণ সময়ছোৱাত মুনীন ভূঞাৰ নাট্যকৰ্মই মৰ্যাদাপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। নাটকৰ উপস্থাপন আৰু শৈলীৰ দিশতো তেওঁৰ নাট্যচিন্তাই বৰ্তমান সময়ৰ অসমীয়া নাট্যক্ষেত্ৰত যি নিত্য-নতুন পৰম্পৰা, পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে, সেইসমূহৰ সুস্থ বিকাশ তথা অগ্ৰগতিক অধিক ফলপ্ৰসূ কৰাত সহায় কৰাই নহয়, নাটকক সৰ্বসাধাৰণ দৰ্শক ৰাইজৰ কাষ চপাই নিয়াৰ দিশতো সবল ভূমিকা পালন কৰিছে।
❧ | আৰু পঢ়ক: