হীৰেন ভট্টাচাৰ্যৰ আৰু এমুঠি কবিতা

হীৰেন ভট্টাচাৰ্যৰ আৰু এমুঠি কবিতা
  • 12 Feb, 2018

কবিতাৰ কাৰণে: একক প্ৰাৰ্থনা

কঠোৰতাত ঠেকা খাই উভতি আহে কবিৰ মাত,
প্রতিদ্বন্দ্বীহীন প্ৰতিধ্বনি।
কলমৰ আগত কঁপে প্রতিশ্রুত কবিতা, কবিৰ সত্তা।
স্নায়ুভাৰত বিপন্ন অন্নহীন কবিৰ নাতিউচ্চ কণ্ঠত
শোকৰ শ্লোক, শিল্পৰ স্বাধীনতা।
মোক এই কবিতাটো শেষ কৰিবলৈ দিয়া মোৰ নিচিনাকৈ,
তেজৰ বাণী বিবস্ত্ৰ দেহৰ অবাঞ্ছনীয়তাত ছটফটাই মৰে,
হাতত ভবিষ্যতৰ অদ্ভুত পতাকা।
মোক অভয় দিয়া পৰিচিত শব্দবোৰৰ নিৰ্লিপ্ততাত
ভাঙি ছিঙি হাতুৰীৰে চূৰমাৰ কৰাৰ,
অথবা ৰক্তস্বল্পতাত মুমূৰ্ষু, নিষ্ফল বাস্তৱ টুকুৰা টুকুৰি কৰা
দুৰ্ধৰ্ষ তৰোৱালৰ বিচক্ষণ তেজস্বিতা। …

 

কবিৰ হাতৰ ছবি

১) বৰ্ষা

শাল বনেৰে বৈ আহে বতাহৰ কুলুকুলু বাঁহী।
বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক, বুকু ভৰি থাকে দুখ, দুখৰ সৰল হাঁহি।

২) শীত

পাতবোৰ পৰি আছে।
উদং গাৰে ৰ’দ লৈছে গছবোৰে।
শুকান ঘাঁহত বনকৰা পাট যেন ৰ’দ।
দূৰত ম’হৰ শিঙৰ দৰে ফেৰপাতি থকা
পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে।

৩) বসন্ত

জুনুক কৰি বাজিল জুনুকা।
“চেনিমৰা বাগিচাৰ চিঠি” লৈ
কোবাল খোজেৰে গুচি গ’ল ডাকোৱাল।
গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল!…

কাঠ হোৱা চকুলোৰ গান

গান আনা, নির্জনতাৰ পৰা।
কোলাহলৰ পৰা,
মোৰ সুৰ নাই
তোমাৰ সুৰীয়া হাতেৰে তুলি ধৰা
উজ্জ্বল গান, শান দিয়া গান, সতেজ সুগন্ধ।

গানৰ গাত আছে নেকি জোনাকী
এন্ধাৰেৰে বাট কাটি যায়!

গান আনা,
শুনো যুদ্ধৰ গান, শান্তিৰ গান
পলাতক প্রাচীন অথবা আগত তৰুণ;
জটিল দিনৰ প্রতীকী ভাষান্তৰ
কাঠ হোৱা চকুলোৰ সুঠাম নির্মাণ।

গান আনা,
তুলি লোৱা মাটিৰ মৃদং
নির্জনতাৰ পৰা,
কোলাহলৰ পৰা উঠি আহে গান,
মাটিৰ মাতত গানহীন মানুহৰ কল্যাণ।…

 

জন্মদিন

মোক ৰাতিটোৰ বাবে ওভোটাই দিয়া মোৰ ল’ৰালি,
আইৰ কোলাত আকৌ এবেলি শুম: লাই হালে জালে আবেলি বতাহে…

মোৰ সোঁৱৰণী গুমৰি উঠে
নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰবাহে প্ৰবাহে…

 

বসন্তৰ স্তৱক

“এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল।” এইবুলি কৈ
মোৰ কোলাত আহি পৰিল তেজৰঙা বুলবুলি এহাল!

কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি ছিঙি নিবহি যেন
মোৰ কলিজাৰ এফাল।

এতিয়া বসন্ত কাল ফুলতকৈ কাঁইটেই ভাল…

✽ | আৰু পঢ়ক: হীৰেন ভট্টাচাৰ্যৰ ‘আহক, আনন্দ উদ্যোগী কবিসকল, আপোনালোকৰ কবিতা পাঠ কৰক’

ভোগালি

তুমিতো জানায় এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ তাৰো ছিগোঁ ছিগোঁ চিলাই।

প্ৰেম নিশ্চয় এনেকুৱাই আবৰণ খুলি হৃদয় জুৰায়।…

 

লখিমী

মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ’লো।
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া।
আইজনীৰ মাকৰ গাত লেঠা;
এইবেলি ল’ৰা এটা হ’লে ভাল হয় বৰ
জানাইতো খেতিয়কৰ ল’ৰাৰ হাত বৰ চিধা।

মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে।
বন্দুকতো দূৰৰে কথা
ধনু-কাঁড়ো জুৰিব নোৱাৰোঁ।

আইজনীৰ মাকৰ
ল’ৰা এটা হ’লে ভাল হয় এথোন।
খেতিয়কৰ ল’ৰাৰ বোলে হাত বৰ পোণ!…

স্মৃতি তাৰ সুগন্ধি পখিলা

১)
গুণগুণনিতে কঁপে গছৰ নিৰীহ ছাঁ,
পাতৰ আগৰ ৰ’দ একেটা ফুটতে
মোৰ বুকুত উবুৰি খায় অবোধ দিন
এতিয়াও যাৰ পোছাকী নাম দিয়া হোৱা নাই!

২)
কবিতা মূলতঃ স্বাধীন,
স্মৃতি তাৰ সুগন্ধি পখিলা!

৩)
যাবৰ পৰত শেঁতা সাজযোৰ খুলি থৈ গ’ল
সেমেকা আঁচলত বোধৰ সঁচাৰ কাঠি,
পূৰ্ণিমাৰ ৰাতি লাহে লাহে
পাহাৰৰ সিপাৰেৰে জোনটো নামি যায়।

মোৰ নিফুট গানৰ সুৰে ৰাউচি জুৰি কান্দে…

✽ | আৰু পঢ়ক: হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা

হীৰেন ভট্টাচাৰ্যৰ আৰু এমুঠি কবিতা | হীৰেন ভট্টাচাৰ্য

Follow Nilacharai on Facebook