অ সমৰ জাতীয় জীৱনৰ পুৰোধা, গণশিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল একাধাৰে গীতিকাৰ, সংগীত শিল্পী, নাট্যকাৰ, অভিনেতা, নৃত্যশিল্পী, প্ৰবন্ধকাৰ। অসমৰ জাতীয় জীৱনক মহীয়ান কৰাৰ ক্ষেত্ৰত কলাগুৰুৰ অৱদান অনস্বীকাৰ্য। বিষ্ণু ৰাভা অসমৰ সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ভাষা-ভাষী লোকৰ বাবেই অতি আদৰৰ নাম। প্ৰত্যেকৰে এজন অতি পৰিচিত আপোন মানুহ। সব্যসাচী ৰাভাৰ পৰিচয় মিহলি হৈ আছে বৰ্ণিল অসমৰ কলা-কৃষ্টি-সংস্কৃতিৰ চহকী পথাৰখনত, অসমৰ ৰসাল মাটিত, নিপীড়িত জনগণৰ মুক্তিৰ স্বপ্নত। অসমৰ বিভিন্ন জনগোষ্ঠী আৰু জাতিসত্তাৰ মাজত ঐক্য-সম্প্ৰীতি প্ৰতিষ্ঠা কৰি আকাশৰ দৰে সুবিশাল উদাৰতা আৰু হিমালয়ৰ দৰে সুউচ্চ মানসিকতা লৈ আগবাঢ়ি আহিছিল মহান সংস্কৃতিৱান, আজন্ম বিপ্লৱী, ৰাজনীতি, সমাজনীতি, সংস্কৃতি— সকলোতে স্বকীয় ব্যক্তিত্ব আৰু প্ৰতিভাৰে প্ৰোজ্জ্বল বিষ্ণুপ্ৰসাদ ৰাভা।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শেৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰে অসমৰ জাতীয় সংহতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা এই গৰাকী জনতাৰ শিল্পীয়ে প্ৰকৃতাৰ্থত অসমৰ সকলো থলুৱা ৰাইজৰ মাজত সঁচা সমন্বয়-সংহতি আৰু ভ্ৰাতৃত্ববোধ গঢ়িবলৈ হাতে-কামে অৰিহণা আগবঢ়াই গোটেই জীৱনটোকে সংগ্ৰামময় কৰি তুলিছিল। এইবাবেই হয়তো কলাগুৰুৱে অংগীকাৰ কৰিছিল— ‘নানা জাতি-উপজাতি আৰু বিশাল সাংস্কৃতিক বিনিময়েৰে গঢ়ি উঠা অসমৰ জাতীয়-সংহতিক নিঃশেষ কৰি দিয়াৰ শকতি কাৰো নাই।’ অসমৰ জনগোষ্ঠীয় লোকসকলক ‘নিছলা আইৰে খাঁটি অসমীয়া’ বুলি গীত-কবিতা তথা চিত্ৰৰ মাজেদিও নিৰ্দিষ্ট কৰি থৈ যোৱা সুন্দৰৰ পূজাৰী কলাগুৰুৱে হৃদয়েৰে চিনি পাইছিল অসমৰ সকলো জাতি-উপজাতি আৰু জনগোষ্ঠীৰ মানুহক। বিষ্ণু ৰাভাই অঁকা ছবিসমূহেই প্ৰতিপন্ন কৰে তেওঁৰ অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ ৰাইজৰ প্ৰতি থকা আত্মীয়তাবোধৰ কথা।
ৰাভা আছিল অসমৰ প্ৰথমগৰাকী সাংস্কৃতিক বিপ্লৱী। এই বিপ্লৱ তেওঁ তিনিটা দিশেৰে আগবঢ়াই নিছিল। এটা আছিল বৃহত্তৰ অসমীয়া সমাজৰ সাংস্কৃতিক উত্তৰণ। দ্বিতীয়তে জাতীয় জীৱনৰ কৃষ্টি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু তৃতীয়তে দলিত নিষ্পেষিতৰ মুক্তিৰ বাবে সাম্যবাদৰ প্ৰাণ প্ৰতিষ্ঠা। মহাপুৰুষ শঙ্কৰদেৱে নৱবৈষ্ণৱ আন্দোলনৰ মাধ্যমেৰে যি সমন্বয় সৃষ্টি কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল, সেই আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ বিষ্ণু ৰাভাই এখন সমন্বিত অসমীয়া সমাজ গঢ়াৰ মানসৰে সাংস্কৃতিক বিপ্লৱৰ পোষকতা কৰিছিল। ৰাভাৰ মতে, সমন্বয়ৰ অৰ্থ কেৱল অসমীয়া ভাষীৰ ঐতিহ্য-সংস্কৃতিৰ লগত পৰম্পৰাগত অন্য গোষ্ঠীৰ ভাষা-সংস্কৃতি জীণ যোৱাটো নহয়; তেওঁৰ মতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে স্বকীয় সাংস্কৃতিক বিকাশৰ যোগেদি মহিমামণ্ডিত হৈ নিজ নিজ অস্তিত্বৰ সৌন্দৰ্যৰে জাতীয় সংস্কৃতি চহকী কৰিব লাগিব। সেয়ে ৰাভাদেৱে ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰো সকলো কৃষ্টি-সংস্কৃতি অধ্যয়ন কৰি শ্ৰদ্ধাৰে তাক আয়ত্ত কৰিবলৈ চেষ্টা চলাইছিল। তেওঁ অনুভৱ কৰিছিল, অসমৰ জাতীয় জীৱনৰ গৌৰৱময় সাংস্কৃতিক সৌধটোৰ ভিত্তি হ’ল অসমত যুগ যুগ ধৰি বসবাস কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক আহিলাসমূহ। সেয়ে তেওঁ এই জনগোষ্ঠীসমূহক বুজিবৰ বাবে নিৰলস চেষ্টা চলাইছিল। ৰাভাদেৱে কৈছিল— ‘কৃষ্টি-সংস্কৃতি আৰু সভ্যতা ধনী অসমীয়াৰ হাতত নাই। চফল নগৰীয়াৰ প্ৰাণত নাই। আছে দুখীয়া-হজুৱা-হালোৱা-বনুৱাৰ দৰে গাঁৱলীয়া অসমীয়াৰ হিয়াৰ কোণত।’ সেয়ে তেওঁ বিপ্লৱৰ লগে লগে সমন্বয়ৰ চোকটোও তীব্ৰ কৰি তুলিছিল। কাৰণ বিষ্ণু ৰাভাই সপোন দেখিছিল— এখন বৃহত্তৰ অসম, এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ। তেওঁ কৈছিল— ‘ধনতান্ত্ৰিক আৰু সামাজ্যবাদৰ হেঁচাত অসমীয়া গাঁৱলীয়া দুখীয়া, হালোৱা, হজুৱা, বনুৱা বাচি নাথাকিব। যদি অসমীয়াৰ দুখীয়া শ্ৰেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, অসমীয়া কৃষ্টি-সংস্কৃতি, অসমীয়া সভ্যতা সকলো লয় পাব। অসমীয়াক বচাব পৰা যাব একমাত্ৰ বিপ্লৱৰ মাজেদি।’ সেয়ে তেওঁ সকলো হালোৱা-হজুৱা, কৃষক-শ্ৰমিকক সংগ্ৰামৰ বাবে আহ্বান জনাইছিল।
জনতাৰ শিল্পী বিষ্ণু ৰাভাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে জনগণক জাগ্ৰত কৰিবলৈ হ’লে গণসংস্কৃতিৰ মাধ্যমেৰে জনতাৰ প্ৰাণৰ চেতনাক জাগ্ৰত কৰিব লাগিব। এগৰাকী প্ৰকৃত শিল্পী, সুন্দৰৰ পূজাৰী, জনসেৱক হিচাপে বিষ্ণু ৰাভাই সৰ্বসাধাৰণ লোকক কলা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি প্ৰতিজন নাগৰিককে সংস্কৃতিৱান কৰি তুলিব বিচাৰিছিল। ৰাভাৰ গোটেই জীৱনটোলৈ লক্ষ্য কৰিলে আমি দেখা পাম— গীত আৰু সুৰেৰে সজোৱা এখন হৃদয় লৈ আৰু মানৱীয় এটা বহল মন লৈ প্ৰান্তে প্ৰান্তে খোজকাঢ়ি, সাঁতুৰি-নাদুৰি, পাহাৰ বগাই, ছদ্মবেশ ধৰি তেওঁ সৰ্বসাধাৰণ জনতাৰ একেবাৰে কাষ চাপি গৈছিল, খোৱা-বোৱা কৰিছিল, নৃত্য-গীত-আনন্দ কৰিছিল বা তেজোদ্দীপ্ত ভাষণ প্ৰদান কৰিছিল। গণচেতনাৰ ওপৰত তেওঁৰ আছিল অগাধ বিশ্বাস। তেওঁ বজ্ৰকণ্ঠে ঘোষণা কৰিছিল— ‘ৰাইজৰ মৰম-চেনেহই আমাৰ ৰক্ষাকৱচ। ৰাইজৰ আশিসেই আমাৰ পাশুপত অস্ত্ৰ। এই ৰক্ষাকৱচ আৰু পাশুপত অস্ত্ৰৰ বলতেই আমি সুস্থ-বলিষ্ঠ আৰু নিৰ্ভীক সৈনিক।’ জননেতা বিষ্ণুপ্ৰসাদ ৰাভাই সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিও ডেৰ হাজাৰ বিঘা মাটিৰ মালিকীস্বত্ব লাভ কৰিও এই সকলো মাটি-সম্পত্তি ত্যাগ কৰি সাধাৰণ মানুহৰ দৰেই জীৱন-নিৰ্বাহ কৰিছিল। ব্যক্তিগত কথালৈ তিলমানো কাণসাৰ নিদি জনসাধাৰণৰ কাষলৈ গৈ তেওঁলোকক জগাই তুলি কৰ্তব্য সোঁৱৰাই দিছিল। তেওঁ বিচাৰিছিল জনগণৰ মানৱীয় প্ৰমূল্যৰ উত্তৰণ। এনে মহান লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়েই বিষ্ণু ৰাভাই উছৰ্গা কৰিছিল ওৰেটো জীৱন। তাকে কৰিবলৈ যাওঁতে কাৰোবাৰ দৃষ্টিত ৰাভা হৈ পৰিছিল বিপ্লৱী আৰু কাৰোবাৰ দৃষ্টিত হৈ পৰিছিল বিভীষিকা।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক সাংস্কৃতিক সংগ্ৰামৰ আৰ্হি হিচাপে লৈ বিষ্ণু ৰাভাই অসমৰ ডেকাশক্তিক কৰ্ম আৰু সাংস্কৃতিক বিপ্লৱৰ অগণি জ্বলাই আগবঢ়াই নিয়াৰ কাৰণে ‘শঙ্কৰ হওক আমাৰ আৰ্হি’ বুলি গীতৰ মাজেদিও ব্যক্ত কৰিছিল। ‘আমি অহিংস ৰণলৈ যাওঁ’— এনে হৃদয়ৰ আহ্বানেৰে কলাগুৰুৱে ‘সাম্য-মৈত্ৰী-স্বাধীনতা/ ত্ৰিবিধ আদৰ্শ জ্যোতিষ্মান’ আদৰ্শেৰে প্ৰকৃতাৰ্থত দেশৰ জনগণৰ মুক্তিৰ হকে অহিংস সংগ্ৰামৰহে পোষকতা কৰিছিল। সাম্প্ৰতিক সময়তো অসমৰ জাতীয় জীৱনৰ হকে ৰাভাৰ এনে আদৰ্শ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী হৈ ভুল পথে পৰিচালিত অসমীৰ সন্তানসকলক ঘাঁইসূতি তথা মানৱতাবোধৰ মাজলৈ ওভোতাই আনিবৰ কাৰণে অতিকে প্ৰাসংগিক। দেশৰ পৰাধীন কালতেই অসমৰ ডেকাশক্তিক লৈ বিষ্ণু ৰাভাই অনুভৱ কৰিছিল কৰ্ম-বিমুখতাই পংগু কৰাৰ কথা। গীতৰ মাজেদিও বিষ্ণু ৰাভাই চিঞৰি উঠিছিল— ‘আজি তোৰ তেজাল বদন মলিন কিয় হ’ল?’ অসমীয়া ডেকাদলক কৰ্ম আৰু সাংস্কৃতিক সংগ্ৰামৰ পথলৈ আনিবৰ কাৰণে বিষ্ণু ৰাভাই শঙ্কৰদেৱৰ সাংস্কৃতিক তথা জাতীয়তাবোধৰ চেতনাৰে জগাই তুলিবৰ কাৰণে ‘কীৰ্তন-দশম-নামঘোষা হওক প্ৰাণৰ শৌৰ্য’ বুলি ‘নাট-গীত-নাম-বৰগীতক ৰণৰ তুৰ্য’ ৰূপে যুৱ সমাজক সংস্কৃতিৱান কৰাৰ কাৰণে গুৰুত্ব দি সংগ্ৰামী পদক্ষেপ লৈছিল।
গণশিল্পী বিষ্ণু ৰাভাই সংগ্ৰাম কৰিছিল সমাজৰ দুৰ্গতজনৰ বাবে। তেওঁৰ অন্তৰাত্মাত প্ৰৱাহিত হৈ আছিল এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠাৰ সপোন। তেওঁৰ সপোন আছিল হালোৱা-হজুৱা, কৃষক-শ্ৰমিক, বনুৱা-মজদুৰ শ্ৰেণীক লৈ এখন নতুন সমাজ প্ৰতিষ্ঠা কৰাৰ, য’ত মানুহৰ মাজত ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ ভেদাভেদ নাথাকিব আৰু সকলোৱে সম-অধিকাৰৰ মাজেদি জীয়াই থাকিব পাৰিব। জনতাৰ শিল্পী, সাংস্কৃতিক সংগ্ৰামী এই মহান গণ-শিল্পীগৰাকীয়ে ৰাইজকেই ৰজা পাতি, ৰাইজৰেই অধিকাৰ সাব্যস্ত কৰিবলৈ যি চিন্তা কৰিছিল, যি কৰ্ম কৰিছিল সেয়াই মানৱ প্ৰেম আৰু দেশপ্ৰেমৰ উজ্জ্বল আদৰ্শ। দলিতজনৰ, নিঃকিনজনৰ সন্মান ঘূৰাই আনিবলৈ গীত কবিতাৰ মাজেদি গণতান্ত্ৰিক আদৰ্শ ব্যক্ত কৰি ‘ৰাইজেই ৰজা মোৰ/ প্ৰজায়েই ৰজা মোৰ / সুখেৰে পঞ্চায়তীৰাজ’ বুলি সত্য আৰু ন্যায়ৰ পক্ষত থিয় হৈ বিষ্ণু ৰাভাই সংগ্ৰাম অব্যাহত ৰাখিছিল। ৰাভাই দেখিছিল সৰ্বসাধাৰণ মানুহৰ পূৰ্ণ স্বাধীনতাৰ সপোন। কিন্তু তেওঁ যি স্বাধীনতাৰ সপোন দেখিছিল, তাক বাস্তৱ ক্ষেত্ৰত বিচাৰি পোৱা নাছিল। সেয়ে বৃটিছে এৰি থৈ যোৱা দেশৰ স্বাধীনতা আৰু গণতন্ত্ৰক সমৰ্থন নকৰি ১৫ আগষ্টৰ দিনাই টিহুৰ দীঘেলীত ক’লা পতাকা উৰুৱাই ৰাভাই চিঞৰি উঠিছিল— ‘য়ে আজাদী ঝুথা হ্যায়— এই স্বাধীনতা ভুৱা!’ বিষ্ণু ৰাভাৰ এই শ্ল’গান আছিল ৰাইজৰ মুক্তিৰ, ৰাইজৰ প্ৰকৃত স্বাধীনতাৰ অৰ্থে এক দুৰন্ত আহ্বান। প্ৰকৃততে বিষ্ণু ৰাভাই নিজৰ দূৰদৰ্শিতা আৰু অনুভূতিৰ বলত বৃহত্তৰ অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ দিশত এক গণ জাগৰণৰ সপোন ৰচনা কৰিছিল। সেইটোৱেই আছিল বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন!
‘পৃথিৱীৰ শেষ যুদ্ধৰ ৰণুৱা/ পৃথিৱীৰ হালোৱা-বনুৱা’ বুলি গীত-কবিতাৰ মাজেদি চিঞৰি উঠা বিষ্ণু ৰাভাই প্ৰকৃতাৰ্থত কৰ্ম বিপ্লৱৰ কথাৰেই পৃথিৱীৰ হালোৱা-বনুৱাক শেষ যুদ্ধৰ ৰণুৱা সাজি হাতত কোৰ, নাঙল, দা, হাতুৰী, বটালিক অস্ত্ৰ ৰূপে তুলি দি সাধাৰণ মানুহৰ জয়গান গাইছিল। ৰাইজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে জীৱনটোকে সংগ্ৰামময় কৰি তোলা কলাগুৰুৱে দলিতৰ সন্মান ফিৰাই আনিবৰ কাৰণে দেহৰ শেষ টুপি তেজ দিয়াৰ বাবেই সাজু হৈ ‘ব’ল ব’ল ব’ল/ কৃষক শক্তিৰ দল/ অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব’ল’ বুলি সৰ্বসাধাৰণ মানুহক কৰ্ম আৰু সাংস্কৃতিক সংগ্ৰামৰ পথলৈ আনিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি কৃষক-শ্ৰমিক তথা ডেকাশক্তিক ‘তোৰ বাহুতে লুকাই আছে অসীম শক্তি ব’ল’— এনে ধাৰণাৰে প্ৰেৰণা আৰু সাহস জোগাই গণ-চেতনাৰে সংগ্ৰামী শক্তি বৃদ্ধি কৰিছিল। অসমৰ জাতীয় জীৱনক জাগ্ৰত কৰিবৰ কাৰণে কৰ্ম-বিমুখ মানুহক কৰ্মমুখী কৰি শক্তিশালী কৰাৰ উদ্দেশ্যে বিষ্ণু ৰাভাৰ এনে আদৰ্শ আৰু কৰ্মৰ কথা খুবেই প্ৰাসংগিক। ‘তেজৰ বোলেৰে লিখি যাম ইতিহাস/ মচি যাম দীন সমাজৰ হীন পৰিহাস’ বুলি প্ৰাণৰ ভাষাৰে অংগীকাৰ কৰা বিষ্ণু ৰাভাই ‘ৰাইজেই ৰজা মোৰ’ ধাৰণাৰে ‘পঞ্চায়তীৰাজক সুখী’ বুলি অভিহিত কৰাৰ কথাই সৰ্বসাধাৰণ ৰাইজৰ বাবে প্ৰকৃত গণতান্ত্ৰিক চেতনাৰ আদৰ্শ আনি দিছে। শোষকসকলৰ বিৰুদ্ধে সংগ্ৰামী প্ৰত্যাহ্বান জনাই সংগ্ৰামী আদৰ্শ দেখুওৱা বিষ্ণু ৰাভাই সৰ্বসাধাৰণ ৰাইজৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ কাৰণেহে দেশে পোৱা স্বাধীনতাক ‘জুথা’ বুলি কৈ দেশৰ মানুহৰ বাবে প্ৰকৃত স্বাধীনতাৰ কথাৰে কৰ্ম আৰু সাংস্কৃতিক বিপ্লৱক আগবঢ়াই নিয়াৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। দেশৰ কৃষক-শ্ৰমিকে কৰ্ম কৰিলেহে দেশৰ প্ৰগতি সম্ভৱ আৰু এই ক্ষেত্ৰত ৰাইজৰ অধিকাৰ সাব্যস্ত হ’বই লাগিব। এনে প্ৰসংগতহে জাগৰণ আনিবৰ কাৰণে কৰ্ম-বিপ্লৱক দৃঢ় কৰিবলৈ পৃথিৱীৰ হালোৱা-বনুৱাক বিষ্ণু ৰাভাই শেষ যুদ্ধৰ ৰণুৱা সাজি গণ-চেতনা যোগাই সংগ্ৰামী পদক্ষেপ গ্ৰহণ কৰিছিল। এয়া আছিল বিষ্ণু ৰাভাৰ প্ৰগতিশীল চিন্তা আৰু আদৰ্শ।
বিষ্ণু ৰাভা গৱেষক-পণ্ডিত নাছিল যদিও তেওঁৰ লিখিত ভাষণসমূহৰ লগতে প্ৰবন্ধবিলাক গৱেষণা বৈশিষ্ট্যৰে পাণ্ডিত্যপূৰ্ণ। ‘অসমীয়া সংস্কৃতি’ গ্ৰন্থখনত বিষ্ণু ৰাভাই আলোচনা-গৱেষণাৰে বাস্তৱ দৃষ্টিভংগী ব্যক্ত কৰি অসমীয়া সংস্কৃতিৰ প্ৰকৃত ধাৰণা আৰু সমলৰ কথা নিৰ্দিষ্ট কৰি গৈছে। অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীৰ মানুহৰ কলা-সংস্কৃতিৰ সমাহাৰেৰে অসমীয়া সংস্কৃতি পূৰ্ণাংগ হোৱা আৰু এই দিশত প্ৰতিটো জাতি-জনগোষ্ঠীৰ অৰিহণা আৰু তেনে কলা-সংস্কৃতিৰ গুৰুত্ব আৰু মহত্ত্ব-বৈশিষ্ট্যৰ কথা বিষ্ণু ৰাভাই উক্ত গ্ৰন্থত গৱেষণামূলকভাবে প্ৰকাশ কৰিছে। ৰাভাৰ এনে অৱদান অসমৰ জাতীয় জীৱনৰ কাৰণে অতুলনীয়। কলাগুৰু ৰাভাই সাহিত্য আৰু কলা-কৃষ্টিৰ চিন্তাৰে আগবঢ়াই যোৱা অৱদানসমূহো অসমৰ জাতীয় জীৱনৰ কাৰণে অনৱদ্য সম্ভাৰ। শঙ্কৰী কলা-কৃষ্টিৰ বিনন্দীয়া সুৰেৰে নিজকে কলাকাৰৰ ৰূপত সংস্কৃতিমান কৰি তোলা বিষ্ণু ৰাভাই অসমৰ যুৱ-সমাজক তেনে সংস্কৃতিৰ সুৰেৰে হৃদয়ত সংস্কৃতিবোধৰ সৃষ্টি কৰি জ্ঞান আৰু কৰ্মৰ অন্বেষণেৰে জ্যোতিপ্ৰসাদৰ আলোক যাত্ৰাত ভাগ লোৱাই সংস্কৃতিমান কৰি তোলাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। ৰাভাই সাহিত্য চিন্তাৰ মাজেদি দেশপ্ৰেম, মানৱপ্ৰেম আৰু জাতীয়তাবোধৰ যেনে মহৎ চিন্তা আৰু আদৰ্শৰ প্ৰতিফলন কৰি থৈ গৈছে, সেয়া অসমৰ জাতীয় জীৱনৰ কাৰণে অমূল্য অৰিহণা। অসমীয়া গীতি-সাহিত্যলৈ বিষ্ণু ৰাভাই গীতিকাৰ, সুৰকাৰ আৰু সংগীতজ্ঞ ৰূপে আগবঢ়োৱা অৰিহণা অতিকে গুৰুত্বপূৰ্ণ। ইয়াৰ লগে লগে এগৰাকী নৃত্য-শিল্পী ৰূপে বিষ্ণু ৰাভাই অসমীয়া কৃষ্টিলৈ আগবঢ়োৱা অৰিহণাও অসমৰ জাতীয় জীৱনক কলা-কৃষ্টিৰে মহীয়ান কৰাৰ প্ৰসংগত অতুলনীয়। অসমীয়া আধুনিক সংগীতৰ বিকাশৰ দিশত সংগীত শিল্পী হিচাপে সৃষ্টি কৰা কালজয়ী গীতসমূহ অসমৰ জাতীয় জীৱনৰ কাৰণে অমূল্য সম্পদ। প্ৰকৃতাৰ্থত কলা-কৃষ্টিৰ সাধক ৰূপে বিষ্ণু ৰাভা অসমৰ জাতীয় জীৱনৰ কলাগুৰু। কলাগুৰুৱে শঙ্কৰ-মাধৱৰ বৰগীতসমূহৰ ক্ষেত্ৰত এখন স্বৰলিপিৰ গ্ৰন্থ যুগুত কৰিছিল। গ্ৰন্থখন পাবলৈ নাই যদিও কলাগুৰুৱে নিৰ্দিষ্ট কৰি দিয়া ৰাগ-সুৰ-তালত পৰৱৰ্তী কালত বৰগীতৰ চৰ্চা অব্যাহত আছে। সংগীতজ্ঞ ৰূপে অসমৰ জাতীয় জীৱনলৈ ৰাভাৰ এয়া অনৱদ্য অৱদান।
বিষ্ণুপ্ৰসাদ ৰাভাই নাট্য-চিন্তা আৰু অভিনয় প্ৰসংগতো বিশিষ্ট অৰিহণা আগবঢ়াই গৈছে। শঙ্কৰী কলা-কৃষ্টিৰ মূল উপাদান ভাওনা সংস্কৃতিৰ পৰা আধুনিক নাটক, নাট্যাভিনয় তথা চলচ্চিত্ৰ জগতৰ অভিনয়লৈকে নিজস্ব চিন্তা আৰু ধাৰণাৰে ৰাভাই আগবঢ়োৱা অৱদানে সেই দিশতো অসমৰ জাতীয় জীৱনক মহীয়ান কৰাত সহায় কৰিছে। ৰাভাই জীৱনৰ শেষ ক্ষণত ৰচনা কৰা গীতটিয়ে নাট্যশিল্পীৰূপে জীৱনটোক কলাময় কৰি তোলাৰ কথা ব্যক্ত কৰে। বিষ্ণু ৰাভাই নিজৰ শিল্পী সত্তাময় জীৱনটোক এখন ভাওনাৰ পূৰ্বৰাগৰ পৰা কল্যাণ-খৰমান গোৱালৈকে ৰিজনি কৰি সংস্কৃতিমান কৰাৰ আদৰ্শ অসমবাসীৰ কাৰণে প্ৰেৰণাৰ উৎস। বিষ্ণু ৰাভাই লিখিছিল— ‘এয়ে মোৰ শেষ গান/ মোৰ জীৱন নাটৰ শেষ ৰাগিণী/ কল্যাণ খৰমান।’ বাস্তৱ জীৱনৰ কল্যাণ খৰমান গাই আমাৰ মাজৰ পৰা আঁতৰি গ’লেও অসমৰ জাতীয় জীৱনৰ কাৰণে ৰাভাই দি যোৱা চিন্তা, আদৰ্শ, কৰ্মৰ অৱদানৰ বাবে কলাগুৰু কালজয়ী হৈ থাকিব। আজিৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ ৰাইজৰ কাৰণে জাতীয় জীৱনৰ পুৰোধা আৰু সাংস্কৃতিক জীৱনৰ কাৰণে প্ৰকৃত কলাগুৰু।
সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক নিজৰ পথ-প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰা বিষ্ণু ৰাভাই মাৰ্ক্স এংগেলছ গভীৰভাৱে অধ্যয়ন কৰিছিল, তথাপি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰোধা শঙ্কৰদেৱে দেখুৱাই থৈ যোৱা আদৰ্শক নিৰ্মলচিত্তে গ্ৰহণ কৰিছিল। ৰাভাই নিজেই কৈছিল— ‘কাৰ্ল মাৰ্ক্সৰ সাম্যবাদ আৰু গান্ধীজীৰ সাম্যবাদৰ বহু আগতেই যুগনায়ক শঙ্কৰদেৱে আমাৰ দেশত সাম্যবাদী নীতি প্ৰচাৰ কৰি থৈ গৈছে।’ শঙ্কৰদেৱৰ অতুলনীয় গুণ আৰু বহুমুখী প্ৰতিভা সাৰ্থকভাৱে উপলব্ধি কৰি গুৰুজনাক ৰাভাদেৱে পৃথিৱীৰ শ্ৰেষ্ঠ তিনিগৰাকী মহাপুৰুষৰ মাজত স্থান দি থৈ গৈছে। গুৰুজনাৰ লগতে বিষ্ণু ৰাভাৰ দৃষ্টিত শ্ৰেষ্ঠ আন দুজন মহাপুৰুষ হ’ল— ভাৰতীয় মানসিকতা আৰু ধৰ্মতত্ত্বত ভগৱানৰূপে অধিষ্ঠিত শ্ৰীকৃষ্ণ আৰু ইটালীৰ বিখ্যাত শিল্পী লিঅ’নাৰ্ড ডা ভিন্সি।
বিষ্ণু ৰাভা আঁহে-কোঁহে আছিল ৰাইজৰ মানুহ। জনতাৰ লগত তেওঁৰ আছিল আত্মিক সম্পৰ্ক। তেওঁ কাম কৰিছিল কৃষক শ্ৰমিক, সাধাৰণ মানুহৰ মাজত থাকি। কৃষকৰ মাজত কৃষক পঞ্চায়ত গঠনৰ বাবে যিদৰে তেওঁ প্ৰচুৰ চেষ্টা চলাইছিল, সেইদৰে নিপীড়িতা নাৰীসকলকো প্ৰগতিশীল সংগঠনত ঐক্যবদ্ধ কৰিবৰ বাবে চেষ্টা চলাইছিল। ক’লা চাহাব আৰু বগা চাহাব— দুয়োটা পক্ষকে নিৰ্মূল কৰি ৰাইজে বিচৰা প্ৰকৃত গণতন্ত্ৰ স্থাপনৰ বাবে তেওঁ এহাতে ষ্টেনগান আৰু আন হাতত কলম-তুলিকা লৈ জনগণৰ মাজত সোমাই পৰি জনতাৰ মুক্তিৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ নিৰলস সংগ্ৰাম চলাই গৈছিল। নিজৰ সকলো স্বাৰ্থ জনগণৰ মুক্তিৰ স্বাৰ্থত বলি দি অক্লান্তভাৱে কাম কৰি যোৱা ৰাভাদেৱৰ জনপ্ৰিয়তা এচামৰ বাবে চকুৰ পোৰণি আছিল। সেই সময়ত চৰকাৰে তেওঁৰ মূৰটোৰ বাবে দহ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল। ইয়াতে ক্ষান্ত নাথাকি ৰাভাৰ বিশাল ভাৱমূৰ্তিক নষ্ট কৰাৰ পৰিকল্পনাৰে স্বাধীনতাৰ বহু বছৰ পাছতো চীনা আক্ৰমণৰ সময়ত তেওঁক হাতে-কঁকালে শিকলি লগাই সুদুৰ বৰহমপুৰ কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছিল। পাছে ৰাভাৰ বিৰাট জনপ্ৰিয়তাৰ প্ৰমাণ পাবলৈ ৰজাঘৰৰো বৰ বেছি দিন নালাগিল। গণনায়ক বিষ্ণু ৰাভা তাৰ মাত্ৰ পাঁচ বছৰৰ পাছতেই ১৯৬৭ চনত ডিঙিত ফুলৰ মালা পিন্ধি তেজপুৰীয়া ৰাইজৰ অকৃত্ৰিম মৰম চেনেহ আঁকোৱালি বিধান সভাৰ সন্মানীয় সদস্য হৈ অসম বিধান সভা শুৱনি কৰিলেগৈ।
এইগৰাকীয়েই বিষ্ণু ৰাভা, যাক লৈ গৌৰৱ কৰে অসমীয়া জাতিয়ে। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৯৬৯ চনৰ ২০ জুনৰ দিনটোতেই বিষ্ণুপ্ৰসাদ ৰাভাই ইহলোক এৰি চিৰসুন্দৰৰ দেশলৈ গতি কৰে। ২০ জুনৰ বিষ্ণু ৰাভাৰ স্মৃতি দিৱসৰ দিনা অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে-ভূঞে সৰ্বত্ৰে ৰাভাৰ স্মৃতি দিৱস জাক-জমকতাৰে অনুষ্ঠিত কৰা হয়। ৰাভাদেৱৰ কৰ্মৰাজি আলোচনা কৰা হয়, ৰাভাদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কিন্তু এনেদৰে ৰাভাদেৱকে হওক বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে হওক, এই বৰেণ্য পুৰুষসকলৰ আদৰ্শক তেখেতসকলৰ কৰ্মক স্থায়ী ৰূপ দিবৰ বাবে আমি কি কৰিছোঁ কি কৰা উচিত— এই সম্পৰ্কে চিন্তা-চৰ্চা চৰকাৰ পক্ষয়েই হওক অথবা বেচৰকাৰী পক্ষৰ মাজতেই হওক, কিমান হৈছে?
বিষ্ণু ৰাভাই সদায় সমাজৰ নিম্নশ্ৰেণীৰ হকে মাত মাতি আহিছিল। বৃহত্তৰ অসমীয়া জাতিৰ সমন্বয় গঢ়াৰ ক্ষেত্ৰত বিষ্ণু ৰাভাৰ অৱদান আছিল অসীম। শাসক শ্ৰেণীয়ে যেতিয়া দুখীয়া-নিছলাৰ ওপৰত নিৰ্যাতন চলাইছিল, সেই সময়ত বৰ্তমানৰ শিল্পী-সাহিত্যিকসকলৰ দৰে মৌন হৈ থকা নাছিল। দুখীয়া-নিছলাৰ বাবে তেওঁ পৈতৃক সম্পত্তি এশ বিঘা মাটিও দান কৰিছিল। নিৰ্যাতিত শ্ৰমিকৰ হকে মাত মাতিবলৈ গৈ তেওঁ শাসক শ্ৰেণীৰ ৰোষত পৰিছিল। এইজন মনীষীক স্থায়ীভাৱে জীয়াই ৰাখিবলৈ আমি সকলোৱেই চিন্তা-চৰ্চা কৰা অতিশয় জৰুৰী হৈ পৰিছে। তেতিয়াহে বিষ্ণু ৰাভাৰ আদৰ্শ প্ৰকৃতাৰ্থত জীয়াই থাকিব।
❧ | আৰু পঢ়ক: