‘অল’ মেন ৰিভাৰ’ আৰু ‘বিস্তীৰ্ণ পাৰৰে’ৰ কভাৰ গীত

‘অল’ মেন ৰিভাৰ’ আৰু ‘বিস্তীৰ্ণ পাৰৰে’ৰ কভাৰ গীত
  • 04 Nov, 2018

মেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ গৈ ভূপেন হাজৰিকাই সান্নিধ্য লাভ কৰিছিল মানৱতাবাদী শিল্পী পল ৰবচনৰ। ইফালে খাটিখোৱা জনতাৰ শিল্পী বিষ্ণু ৰাভাৰ শিষ্যত্ব লাভ কৰা ড° হাজৰিকাই সমগ্ৰ পৃথিৱীৰ মানুহৰ জীৱন সংগ্ৰামক উপজীব্য কৰি সৃষ্টিকৰ্মত ৰত হৈছিল। আফ্ৰিকাৰ নিগ্ৰোসকলৰ মহাসংগ্ৰাম অথবা মিছিছিপিৰ পাৰৰ কোনোবা কৃষকৰ বিননি লুইতৰ পাৰৰ ৰংমনৰ বিননিৰ সৈতে একাকাৰ হোৱা উপলব্ধি কৰি গভীৰ জীৱনবোধেৰে ৰবচনৰ সৃষ্টিৰাজিৰ লগত সংপৃক্ত হৈ পৰিছিল। ৰবচনৰ Ol’ Man River শুনাৰ পাছত লুইতৰ পাৰৰ মানুহৰ বেদনাক মিছিছিপিৰ পাৰৰ মানুহৰ বেদনাৰ লগত ৰিজাই গীতেৰে প্ৰকাশ কৰিলে নিজস্ব শৈলীৰে। সৃষ্টি হ’ল ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’। মিছিছিপি বৈ আছে, লুইতো বৈ আছে। আৰু বৈ আছে মানৱতাবাদৰ চিৰন্তন স্ৰোত তেওঁলোকৰ গীতৰ মাজেৰে। বৈ থাকিব অনন্তকাললৈ অবিৰাম।

পল ৰবচনৰ গীত আৰু তাৰ অনুপ্ৰেৰণাত ভূপেন হাজৰিকাই ৰচনা কৰা গীত— দুয়োটাৰে এটি কভাৰ গীত নয়নজ্যোতি শইকীয়াই গাইছে। ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ প্ৰাক ক্ষণত সেই গীতেৰেই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি— নয়নজ্যোতি শইকীয়াৰো, নীলা চৰাই পৰিয়ালৰো।

Video unavailable
This video is no longer available because the YouTube account associated with this video has been terminated.

‘অল’ মেন ৰিভাৰ’ আৰু ‘বিস্তীৰ্ণ পাৰৰে’ৰ কভাৰ গীত | নয়নজ্যোতি শইকীয়া

Follow Nilacharai on Facebook