নি শা দুই কি আঢ়ৈমান বজাতেই দেউতা হালোৱাটোৰ সৈতে পথাৰলৈ ওলাই যায় দুহাল গৰু লৈ। মোৰ বয়স তেতিয়া ৬/৭ বছৰ। ঘৰৰ পৰা পথাৰৰ দূৰত্ব ৮/৯ কিলোমিটাৰমান হ’ব। মথৌখাট পথাৰ। নামটো আছিল মোৰ এক আকৰ্ষণ। দেউতাৰ মুখৰ পৰা শুনিছিলো, পথাৰৰ ওচৰৰ গাঁওকেইখন সৎনামী, কাৰ্বি আদি জনগোষ্ঠীৰ লোকৰ বসতিস্থল।
গৰমৰ বন্ধৰ দিনকেইটাত দূৰৰ পথাৰলৈ যোৱা দেউতাৰ সাময়িক অনুপস্থিতি আমাৰ বাবে আছিল আনন্দদায়ক আৰু অধীৰ প্ৰত্যাশাৰ। কিয়নো পথাৰৰ পৰা উলটি আহোঁতে প্ৰায় দুপৰীয়া ১১ মান বাজিছিল। পুৱা ৯ মান বজাৰ পৰা সেয়ে মুকলিমূৰীয়াকৈ খেলিব পাৰিছিলো লগৰীয়াৰ সৈতে। খেলাবোৰনো কি? কেতিয়াবা ৰবাব টেঙাৰ ফুটবল, ফটাকানি মেৰিয়াই মেৰিয়াই ৰূপ দিয়া ফুটবল। কেতিয়াবা শিলাদিত্যৰ পানীৰ বেজীৰে সীব পৰা শিলৰ চোলাৰ নাটক নাটক খেল। মাহঁতৰ চাদৰ একোখন চিনকাপোৰ কৰি জেওৰা এডালেৰে বান্ধি তল-ওপৰ কৰাৰ দায়িত্ব কোনোবা এটা নিমাখিত লগৰীয়াৰ গাত পৰে। মই হওঁ শিলাদিত্য। নাটক চলি থাকে,— কেতিয়াবা ঢেঁকীঘৰত, কেতিয়াবা গোহালিঘৰত।
আমাৰ ঘৰৰ পদূলিৰ পৰা পথাৰলৈ যোৱা ৰাস্তাটো আকৌ প্ৰায় এক কিলোমিটাৰমান পোন। ক’তো কেঁকুৰি নাই। য’ত কেকুঁৰি আৰম্ভ হৈছে, সেইকণ ঠাইৰ নামেই কেঁকুৰি মেচ। নাটকৰ মাজে মাজে কোনোবা এটাৰ দায়িত্ব পৰে, বাটলৈ গৈ দেউতাহঁত আহিছে নেকি চোৱাৰ। দুহাল গৰু লৈ কোনোবা আহি থকা দেখিলেই তৎক্ষণাত আমাৰ নাট্য নিবেদনৰ সমাপ্তি ঘটে। য’ৰ বস্তু ত’তে ততাতৈয়াকৈ সামৰি-সুতৰি কোবাকুবিকৈ ঘৰমূৱা হওঁ আটাইবোৰ। দেউতা আহি পাই পিছপিনৰ বাৰান্দাত টুল এখনত বহি মস্ত ডাঙৰ পিতলৰ ঘটিটোৰে এঘটি পানী খায়। পানীঘটি গোটাই দিয়াৰ কামফেৰা কৰিবলৈ হঠাৎ ঘৰলৈ আহি ভদ্ৰ ল’ৰাৰ দৰে সাজু হৈ থাকোঁ। পানীৰ ঘটিটো লৈ বীৰদৰ্পে আগবাঢ়ি যাওঁতেই প্ৰমাণ হৈ যায় যে মই পুৱাৰে পৰা পঢ়া-শুনা কৰি ঘৰতেই আছোঁ। তাৰ পাছত দেউতাই গা-পা ধুই জিৰণি লওঁতে মোৰ কাম হ’ল, পকা চুলি উঠোৱা। শাওণৰ বোকাৰে লুতুৰিপুতুৰি দেউতাৰ দেহাটো আছিল মোৰ বাবে জীৱনৰ উত্তাপ সনা প্ৰেৰণা।
লাহে লাহে ডাঙৰ হ’লো। মোৰ ডেকা বয়সলৈকে দেউতাৰ পথাৰখনৰ লগত সম্পৰ্ক আছিল। আঘোণমহীয়া লখিমী আনিবলৈ যোৱা দিনবোৰ আজিও মিঠা সোঁৱৰণি হৈ মনত ৰৈ আছে। পথাৰখনেই আছিল আমাৰ জীৱন আৰু জীৱিকা।
আজি সময় সলনি হ’ল। গাঁওবোৰ সলনি হ’ল। মানুহবোৰ সলনি হ’ল। জীৱন ধাৰণৰ প্ৰক্ৰিয়া উন্নত হ’ল। ঘৰবোৰ খেৰৰ সলনি পকী হ’ল। বেৰবোৰ ইকৰাৰ সলনি ইটাৰ হ’ল। গাঁৱৰ ল’ৰাবোৰ পথাৰলৈ নোযোৱা হ’ল। মাটিবোৰ আধিত গ’ল। সুন্দৰ-সুঠাম ল’ৰাবোৰ কাম বিচাৰি হায়দৰাবাদ, চেন্নাইৰ কোম্পানীৰ বহতীয়া হ’ল। শস্য হৰিল, মৎস্য হৰিল। গাঁওবোৰ যেন হেৰাই গ’ল! ককা-আইতাৰ কাষত নাতি-নাতিনীবোৰ নোহোৱা হ’ল। ইঘৰৰ চোতালৰ পৰা সিঘৰৰ চোতাললৈ দৌৰা-ঢপৰা কৰা ল’ৰাহঁতৰ দুভৰিৰ ‘দুপ দুপ দুপ দুপ’ শব্দবোৰ নগৰীয়া সভ্যতাই কাঢ়ি লৈ গ’ল। সকলো সলনি হ’ল; কিন্ত সলনি নহ’ল পথাৰখন। সলনি নহ’ল শাওণ। সলনি নহ’ল বৰষুণজাক। সলনি নহ’ল কঠীয়া পৰাৰ বতৰ। সলনি নহ’ল দেউতাৰ নিশাৰ চিন্তা-ভাৱনা— ‘বৰষুণ হ’বনে ঔ? কঠীয়া পৰাৰ সময়’, ‘বৰষুণ আৰু দুদিনমান নেলাগে গোসাঁই, কঠীয়া কেইডাল ওলাবলৈ দিয়া আৰু’, ‘এইবাৰ খৰাং হ’ব নেকি ঔ?’…
❧ | আৰু পঢ়ক: স্নেহে আমাৰ শত শ্রাৱণৰ: এটি পুনর্নির্মাণ
বৰষুণো হ’ব, কঠীয়াও গজিব। ধানে সঁজাল ধৰিব। পথাৰ সেউজীয়া হ’ব। সোণালীও হ’ব। কিন্তু মানুহবোৰৰ মনবোৰহে খৰাং হৈ পৰিব নেকি? ডেকাটো ঘূৰি আহি খেতিত ধৰিবনে? নে সিও খৰাং হৈয়ে কটাব জীৱনটো?
দেউতাৰ শাওণবোৰ মোৰ শাওণ হৈ থাকিবনে?