দুগ্ধৰামৰ জলপিয়াৰী বেমাৰ

দুগ্ধৰামৰ জলপিয়াৰী বেমাৰ

দে শী গাইৰ গাখীৰ বিদেশী গাইতকৈ ভাল বুলি ভাইৰেল হোৱাৰ পাছৰে পৰা এচাম গোৱাল Hydrophilia বেমাৰত ভুগিছে। অধমে অসমীয়া ভাষাত বেমাৰটোৰ নাম দিছোঁ— জলপিয়াৰী বেমাৰ; মানে এক কথাত জলাতংক বেমাৰৰ এক্কেবাৰে ওলোটা! এইটো বেমাৰ হ’বলৈ পিছে কোনো শিয়াল-কুকুৰে কামুৰিব নেলাগে; গাখীৰৰ গ্ৰাহক বাঢ়িলে, দামুৰিজনী ডাঙৰ হৈ অহাৰ লগে লগে গাইবোৰৰ গাখীৰ কমিলে এচাম গোৱালক এই বেমাৰটিয়ে লগ দিয়েহি। বংশগত বেমাৰ। গাইৰ গাখীৰ কমিলেও “বাইদেউ, কেইদিনমানৰ পৰা গাই এজনীৰ গাখীৰ কমিছে; কাইলৈৰ পৰা আপোনালোকক এপোৱা গাখীৰ কমকৈ দিম, বেয়া নেপাব” বুলি কেইজন গোৱালে কয় বাৰু? ভুলতো নকয়! বিয়া, পূজাৰ সময়ত এই বেমাৰটোৱে বৰ বেছিকৈ উক দিয়ে। বিশেষকৈ শিৱৰাত্ৰিৰ আগদিনা আৰু ব’লবমৰ দিনকেইটাত এই বেমাৰত পৰি গৰুৰ মালিকৰ অৱস্থা ডাইবেটিচ হোৱা বেমাৰীৰ দৰে হয়গৈ। কেৱল ডাইবেটিচ হোৱাজনে পানী বিসৰ্জন দি তৎ নেপায়, আমাৰ ইজনে গাখীৰত পানী মিহলাই তৎ নেপায়। কেৱল প্ৰভু ভোলেবাবাইহে জানে শিৱলিংগত ঢলা বগা জুলীয়াবিধ কিমান পানীসেৰীয়া!

ল’ৰা-ছোৱালীহালক দেশী গৰুৰ গাখীৰ খুৱাবলৈ বুলি এজন গোৱালক ঠিক কৰিম বুলি ভাবিছোঁ। আজিকালি চাৰিঠেঙীয়া শিয়ালতকৈ দুঠেঙীয়া শিয়ালৰ সংখ্যা আৰু টেঙৰামি বেছি। গতিকে ময়ো দুঠেঙীয়া শিয়ালৰ মাথা খটুৱাই গাখীৰৰ পানী জোখা এটা টাইম মেচিন উলিয়াইছোঁ। পেটেণ্ট-ফেটেণ্ট নকৰোঁ, কেৱল ৰাইজৰ কামত আহিলেই হ’ল। দেশৰ গৃহিণীয়ে ভাল পালে আৰু ল’ৰা-ছোৱালীহঁতে বিশুদ্ধ গাখীৰকণ খাব পাৰিলেই মই সন্তুষ্টি পাম।

টাইম মেচিনৰ প্ৰথম কাম হিচাপে সদায় দেখি থকা গোৱাল এজনক টাৰ্গেট কৰক আৰু এদিন হঠাৎ ৰাস্তাতে সুধি দিয়ক,— “হেৰি নহয় দুগ্ধৰাম, শইকীয়ানীয়ে আমাৰ এওঁক কৈছে— তুমি বোলে বৰ ভাল গাখীৰ দিয়া। উতলাওঁতে হেনো বৰ সৰ ওলায়। পানীৰ বোলে নাম-গোন্ধই নাই! তোমাৰ গাই কেইজনী বাৰু?”

— “দাদা, চাৰিজনী।”
— “বৰ ভাল কথা। যাৰ নাই গৰু, সি সবাতোকৈ সৰু । আমাৰ নিজৰ বুলিবলৈ এজনীও গৰু নাই। গতিকে আমাৰ তুলনাত তুমি ডাঙৰ মানুহ। বাৰু, কিমানমান গাখীৰ দিয়ে গৰুকেইজনীয়ে?”
— “দাদা, এদিনত এজনীয়ে ৩লিটাৰ মানকৈ ১২লিটাৰ মান দিয়ে।”

এটি সুখী মন লৈ দুয়োজন এৰা-এৰি হওক।

পাছৰ কেইদিনমান বাটত দুগ্ধৰামক দেখিলে মূৰ দুপিয়াওক, মিচিকিয়াই হাঁহক; কিন্তু গহীন ভাৱ এটি দি থাকক যাতে তেওঁ “দাদা, কেতিয়াৰ পৰা গাখীৰ ল’ব” বুলি সুধিবলৈ সুযোগ নেপায়। আৰু এদিন হঠাৎ আকৌ কথা পাতক—
— “হেৰা দুগ্ধৰাম, তোমাৰ গাইকেইজনী বৰ লখিমী দেই! ৰাইজে সিহঁতকেইজনীক আকৌ শলাগিছে। চাবুকধৰাৰ সৰুজনী ছোৱালীৰ তোলনি বিয়াত দৈ খাই সকলোৰে মুখে মুখে তোমাৰেই নাম! ৰাইজে হেনো দৈ নে ক্ৰীম ধৰিবই নোৱাৰিলে! বাৰু কোৱাচোন, তোমাৰ গৰু ৫জনীৰ খোৱাত খৰচ কিমানমান হয়গৈ?”

বপুৰাই ঘৰত থকা ৩জনী গাইক ৪জনী সজাই আপোনাক সিদিনা কোৱা কথাটি পাহৰি আজি যদি এজনী গাইৰ মাহিলি খোৱা খৰচ ১ হেজাৰ হিচাপত ৫জনী গাইৰ ৫ হেজাৰ বুলি কয়, তেন্তে মনত ৰাখক,— এইজন গোৱালৰ বাবে ৩ লিটাৰ গাখীৰত পানী ঢালি ৫ লিটাৰ বনোৱাটো বাঁই-হাথ-কা-খেল!

এই মুলুকত আশা কম; তথাপি যদি কেনেবাকৈ তেওঁ কয়— “দাদা, মোৰ গৰু ৫জনী নহয়, ৪জনীহে”, তেতিয়াহ’লে এই ভেজালৰ দিনতো আপুনি অলপ ভাল গাখীৰ খোৱাৰ থল আছে। পিছে টাইম মেচিনত আৰু এবাৰ টেষ্ট কৰিবলৈ বাকী আছে!

কনফাৰ্মেচনলৈ কেইদিনমান ৰৈ দিয়ক। দুগ্ধৰামক বাটত লগ পালে আকৌ আগৰ দৰে মিচিকাওক, কিন্তু গহীন দিয়ক। দুদিনমান পাছত আকৌ এদিন হঠাতে সুধি দিয়ক— “দুগ্ধৰাম, মই সৰু থাকোঁতে আমাৰ গাঁৱৰ ঘৰত দুজনী গাই আছিল। এজনীৰ নাম লখিমী, আনজনীৰ পমিলী। তুমিও এটা কাম কৰা। গাইকেইজনীৰ নাম অসমীয়াতে ৰাখা।”

— “মইনো কি নাম ৰাখিম, দাদা। আপুনিয়েই দিয়ক।”
— “ঠিক আছে। লখিমী, পমিলী, মমতা, পাহাৰী, ডালিমী,— হ’ব নে?”

আজিও যদি দুগ্ধৰামে নকয় যে তেওঁৰ গৰু চাৰিজনীহে, তেন্তে দুগ্ধৰামক বিদায় দিয়ক,— তেওঁ পানীৰাম!

❧ | আৰু পঢ়ক:

দুগ্ধৰামৰ জলপিয়াৰী বেমাৰ | ড° অৰূপ কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

১৭ নম্বৰ

১৭ নম্বৰ