শ ৰৎকালৰ এটি আবেলি; চাৰিওফালে প্ৰেমময় পৰিৱেশ। হঠাৎ দেখিলো মোৰ লগৰীয়া পৰজীৱী বিকুলৰ সৈতে এটি নাৰী বাহিনীৰ হোষ্টেলত প্ৰৱেশ ঘটিছে। একো এটা নিকিনা বিকুলে ৰাইজৰ টুথপেষ্টৰ পৰা ছেণ্ডেললৈ হামলা দিয়েই হোষ্টেলত যোৱা তিনি বছৰ পাৰ কৰিলে; অতিষ্ঠ হৈ বিকুলক ৰাইজে সেয়ে বিকাল নাম দিছে। সেই বিকালক লগ ধৰিবলৈ অহা নাৰীৰ সুমধুৰ কণ্ঠ আৰু হাঁহিৰ মৃদু খলকনিত হোষ্টেলৰ ৰাইজ শহাকণীয়া হৈ পৰিল। নাৰীৰ এই হঠাৎ হোৱা প্ৰৱেশ ৰাইজৰ বাবে একেবাৰে অনাকাংক্ষিত। গতিকে পলকতে ৰাইজে নিজৰ নিজৰ নিৰাপদ ঠাই, যেনে— টয়লেটৰ ভিতৰভাগ, দুৱাৰৰ চুক, পৰ্দাৰ আঁৰ, খুঁটাৰ পিছফাল, মেলি থোৱা কাপোৰৰ সিটোফাল আদিত ভাগে-ভাগে দীঘে-পথালিয়ে নিজকে লুকুৱাই অৱস্থান কৰিলে; অল্প বসনধাৰীসকল যেন নিগনিৰ গাঁততহে সোমাল। গোটেই দিনটো ফুল ভলিউমত বাজি থকা টিভিটোও যেন হঠাৎ শুই নিঃপালি দিলে।
এনেকুৱা অতিথি আহিলে আকৌ টিউব লাইটৰ দৰে দেৰিকৈ সাৰ পোৱা দুই-এজনৰ যেন ‘য’তে বাঘৰ ভয়, ত’তেই ৰাতি হয়’ৰ লেখীয়া অৱস্থা হয়। চিৰি বগাই বিকুলৰ নাৰী বাহিনীয়ে প্ৰথম মহলাত ভৰি দিছেহি, ঠিক তেনেতে হোষ্টেলৰ সেই বিশেষ ইকনোমিকেল চিভিল-ড্ৰেছত টিউব লাইট দুজনৰ হঠাৎ আৱিৰ্ভাৱ ঘটিল; আৱিৰ্ভাৱ মানে একেবাৰে নাৰীবাহিনীৰ সমুখতে প্ৰকট হ’ল। এফালে বপুৰাহঁতৰ ‘ফাঁট মেলা বসুমতী পাতালে লুকাওঁ’ অৱস্থা আৰু আনফালে নাৰী বাহিনীৰ চকু থৰ; চাৱনিত— ‘এইবোৰ কোনটো গ্ৰহৰ অৰ্ধ উলংগ এলিয়েন’ ভাৱৰ বুৰবুৰণি। তেনেতে এই দৃশ্যটি আঁতৰৰ পৰা দেখি থকা দুই-এজনে হোষ্টেলৰ ট্ৰেডমাৰ্ক,— সেই বিশেষ উকিৰে আলহীক স্বাগতম জনালে। উকিৰ জোৰত বিকুল যেন অতি সক্ৰিয় হৈ পৰিল আৰু তেওঁৰ নিৰ্দেশতে নাৰী বাহিনীয়ে পলকতে মোৰ ৰূমত প্ৰৱেশ কৰিলে। মই আৰু ৰূমমেট অবাক। তেৰাৰ নিৰ্দেশত নাৰী বাহিনীয়ে আমাৰ দুখন চকী আৰু মোৰ জুনিয়ৰৰ বিছনাখন দখল কৰি ল’লে। অতিথিৰ সৈতে বিকুলে মোক তাৰ ৰূমমেট হিচাপে আৰু মোৰ ৰূমমেটজনক কাষৰ ৰূমতে থকা জুনিয়ৰ ৱালমেট হিচাপে চিনাকি কৰি দিলে; মানে মোৰ ৰূমমেটজন ঘৰতেই গৃহহাৰা হৈ পৰিল! বিকালৰ চকুৰ ইংগিতত সি ওঁঠ-মুখ চেলেকি ‘আপোনালোক বহিব দেই’ বুলি কৈ বাহিৰলৈ ওলাই গ’ল। বেচেৰা ৰূমমেটটো! আনৰ সম্পদ আপোনকৰণৰ পাছত পৰজীৱী বিকালৰ এই ৰূম দখলীকৰণে হোষ্টেলৰ ইতিহাসত যেন এক নতুন ৰূপৰ পেৰাচাইটিকেল-ষ্ট্ৰাইক সংযোজন কৰিলে। উপায়ো নাই, তেৰাৰ ৰূমৰ যিখনহে অৱস্থা! হোষ্টেলৰ ভতুৱা কুকুৰকেইটাইও তাৰ ৰূমৰ পৰা অহা দুৰ্গন্ধৰ বাবে ৰূমটোৰ সমুখেৰে গ’লে অলপ বেগেতে পাৰ হৈ যায়।
অতিথি একেবাৰে শিপাৰ পৰা আহিছে; দুজনী ভনীয়েক, বাকী দুজনী ভনীয়েকৰ লগৰীয়া। তাৰে মাজৰে এজনী তেৰাৰ প্ৰিয়া, মানে বিকুলৰ ভৱিষ্যতৰ ফুলেশ্বৰী। অ’ এতিয়াহে মন কৰিছোঁ,— কাৰোবাক হামলা দি আমাৰ বিকাল বাবুয়ে আজি তলে-ওপৰে, জোতাৰ পলিচৰ পৰা চুলিত লগোৱা জেলকণলৈকে সানি নিজকে একেবাৰে কাৰ্তিক প্ৰভুৰ দ্বিতীয় সংস্কৰণ কৰি তুলিছে!
হোষ্টেলত এতিয়া কাঁহ পৰি জীণ যোৱা পৰিৱেশ। হোষ্টেলৰ এই বিশেষ নীৰৱতা কেৱল পৰীক্ষাৰ দিনকেইটাতহে নামি আহে। ইয়ে এইটোও বুজায় যে বিকুলৰ আলহী অকল বিকুলৰ হৈ থকা নাই, সেয়া যেন হোষ্টেলৰ আলহী। আলহীৰ বডি-লেংগুৱেজৰ পৰা এনে লাগিল যেন আলহীয়ে হোষ্টেলৰ আৰু ৰূমৰ পৰিৱেশটো ভালেই পাইছে। তথাপি সৰু ভনীয়েকজনীৰ ককায়েকৰ ওপৰত কিবা সন্দেহ উপজিল নেকি, তাই চিআইডিগিৰি আৰম্ভ কৰি দিলে।
“দাদা, তই নিজৰ বিছনা, টেবুল, কিতাপ— এই সৱ ইমান পৰিপাটিকৈ ৰাখিছ যে! ঘৰত তইতো একো এটা কাম নকৰ, আনকি নিজৰ চোলাটোও তই ভালকৈ মেলি নিদিয়, তোৰ গোটেই বস্তু আমি দুজনীয়ে সামৰি-সুতৰি ঠিক কৰি থ’ব লাগে; কিন্তু ইয়াত ইমান ধুনীয়াকৈ কোনে ৰাখিছেনো? “নিজেই ভালকৈ ৰাখিছোঁ আকৌ, কোনে কৰি দিব এইবোৰ!”— বিকুলৰ চিধা উত্তৰ। “আৰু তই দেউতাই বেয়া পোৱা কামটো কিয় কৰিছ?” বিকুল চক খাই উঠিল। সি সুধিলে— “কোনটোনো?” “তই সেই কিতাপবোৰৰ চাইডৰ ফালে কি এইখন ডাঙৰ ডাঙৰকৈ BD BD লিখি থৈছ সৰু ল’ৰাৰ দৰে? ‘তই টেবুলৰ ওচৰৰ পৰা আঁতৰ হচোন’ বুলি বিকুলে চিআইডি ভনীয়েকক চকীৰ পৰা আঁতৰাই বিছনাত বহুৱালে। মই মনতে ভাবিলো— আও ই বেটা কম বস্তু নহয়! নিজৰ নাম মিলাই জেগা দখল কৰিছে; বিকুল ডেকা (BD)ৰ দ্বাৰা বিদ্যুৎ দত্ত (BD)ৰ ৰূম দখল।
“আৰু ইমানগাল কিতাপ আমি আহিম বুলি জানি সজাই থৈছ নেকি?”— এইবাৰ ডাঙৰজনীৰ জেৰা।
জেৰাত আমাৰ বিকুলক ভনীয়েকহঁতে আজি বিকল কৰিহে এৰিব। বন্ধুক বিপদৰ পৰা উদ্ধাৰৰ বাবে মই লাহেকৈ ক’লো— “এই যে তোমালোকে সোমায়ে জুনিয়ৰ ল’ৰাটো পাইছিলা, তাৰ নাম বিদ্যুৎ দত্ত। তাক বিকুলে টিউছন কৰে; তাৰো দুখনমান কিতাপ ইয়াতে আছে।” “দাদা, কিতাপবোৰত কেতিয়াবা আমাৰ মহাপুৰুষে চকু ফুৰাই চাই জানো?”— ভনীয়েকে মোক সোধা কথাৰ সুৰতে বুজিলো যে আমাৰ বপুৰাক ভনীয়েকহঁতে ভালদৰেই চিনি পায়। গতিকে ইয়াক বেছি বচাবলৈ গ’লে মই নিজেই ফচিম। তথাপি ক’লো— “পঢ়ে পঢ়ে, কেৱল অলপ কমকৈ পঢ়ে; তোমালোকৰ দাদা চোকা যে!” মোৰ কথাৰ প্ৰভাৱতে নেকি তাই সন্দেহী চকুহাল কিতাপৰ পৰা আঁতৰালে!
তেৰাৰ হ’বলগীয়া ফুলেশ্বৰীৰ নাম জবা। মই জবাক ক’লো— “বিকুলৰ নাম বকুল হোৱা হ’লে দুইজনে বিয়াৰ পাছত গছৰ ওপৰতে থাকিব পাৰিলা হয়।” সৱেই হাঁহিলে, চিআইডি ভনীয়েকজনীক বাদ দি। তাই ঘৰৰ সৰু, কিন্তু তীখৰ বুলি মনে ধৰিলে।
“তোৰ ইয়াৰ ৰূমত অকণো মকৰাজাল নাই, অথচ ঘৰত তোৰ ৰূমটোৰ চিলিংখনৰ, আনকি ফেনখনৰ এলান্ধুকণো আমি দুজনীয়ে চাফা কৰিব লাগে যে?” আকৌ সৰুজনীৰ চিধা প্ৰশ্ন। “নাই নাই, ই ক’ত কৰে, ই এটা মস্ত ধোদ; মইহে চাফা কৰোঁ এইবোৰ।” চাঞ্চ পাই ডেন্স মাৰি দিলো।
সৰু ভনীয়েকে মূৰ দুপিয়ালে, পিছে মোৰ ফালে চোৱা চাৱনিত এনে লাগিল যেন দেৱীয়ে কথাটো হাণ্ড্ৰেদ পাৰ্চেণ্ট গ্ৰহণ কৰিব পৰা নাই। মনতে ভাবিলো— মই বাৰু বিকুলক বেছি বচাইছোঁ নেকি! এনেতে তাই চিঞৰি উঠিল,— “দাদা, তোৰ ইমানবোৰ জোতা থাকোঁতে তই আকৌ জোতা লাগে বুলি দেউতাৰ পৰা পইচা বিচাৰিছ যে! অ’ মা, চা… এক, দুই, তিনি… আঠজোৰ, দেখিছ বা?” তাই বায়েকক আলমাৰিৰ তলত ৰখা জোতাবোৰ দেখুৱালে। সেইবোৰ গোটেই বিদ্যুতৰ জোতা, ভাগ্য ভাল যে দুইজনৰে জোতাৰ জোখ একে। বিকালৰ আজি গ্ৰহ বেয়া। বিকাল নিমাত। জবাও কিবা লেৰেলি যোৱা ফুলৰ দৰেহে হ’ল; তাই চাগে ভাবিছে— বিয়াৰ পাছত এই সৰুজনী নন্দেকক তাই কেনেকৈ চম্ভালিব বাৰু!
“আৰু তইতো জীৱনত ৰবাব টেঙাৰ বল এটাও লথিয়াই পোৱা নাই, কিন্তু ফুটবল খেলা বুতজোতা কিনিছ যে! আমি দুজনীয়ে ফটা ছেণ্ডেল কেইজোৰকে জোৰা-টাপলি, পিন মাৰি পিন্ধি থাকোঁ আৰু তই ইয়াত বুতজোতা কিনিছ…।” ‘সেইজোৰ মোৰ’ বুলি ক’ম বুলি ভাবিছিলো, পিছে বাটৰ কচুজনী বৰ চোকা; গতিকে ভয়তে চুপ হৈ থাকিলো।
“দাদা, ই বাৰু কেইটামান টিউছন কৰে?”
সৰ্বনাশ, হে প্ৰভু! এইবাৰচোন মোৰ উত্তৰ দিয়াৰ পাল। নিজকে বৰ ৰসৰাজ বুলি ভবা অমুকাৰ অৱস্থা চেপা কুঁহিয়াৰৰ জাবৰ যেন হ’ল। ৰস উৰি শুকান হৈ গ’লো। সেপ ঢুকি ক’লো— “হোষ্টেলত এটাই কৰে। বাহিৰত কৰে নেকি… দুই-এটা।”
এইবাৰ ককায়েকক দুইজনী ভনীয়েকে টিউছনৰ ইনকামৰ ওপৰত জেৰা আৰম্ভ কৰিলে; যেন ইনকাম টেক্স ডিপাৰ্টমেণ্টৰহে জেৰা। মই ৰূমৰ পৰা প্ৰস্থান কৰাই সমীচীন হ’ব বুলি ‘তোমালোক অলপ বহাচোন, মই খোৱা পানী অকণ লৈ আহোঁ’ বুলি বাহিৰলৈ ওলাই আহিলো।
উস ৰক্ষা! কিন্তু… বাহিৰলৈ ওলাই দেখিলো, ৰাইজে জুম পাতি কিবা গুপুত প্লেন কৰিছে। ইমানদিন ৰাইজৰ চাবোনৰ পৰা চাইকেললৈকে হামলা দিয়া এই পৰজীৱী বিকালক ৰাইজে হেনো এসেকা দিবলৈ মন মেলিছে। ৰাইজেই ৰজা; গতিকে মোৰ ক’ব লগা একো নাই। খোৱা পানী লৈ মই পুনৰ ৰূম পালোগৈ। মই কেৱল ৰাইজক এটাই ইনপুট দিলো যে বিকুলৰ ভনীয়েক দুজনীয়ে জেৰা কৰি তাৰ অৱস্থা কাহিল কৰি দিছে। তাৰ নামৰ আগত চন্দ্ৰ বহিছেই; বিন্দুটোহে বহিবলৈ বাকী। বেচেৰা!
মই ৰূম পালোগৈ। বিকুলক অলপ বচাবলৈ বুলিয়ে ক’লো— “তোমালোকে পানী এঢোক এঢোক খাই লোৱা। অলপ পাছত আমি চাহ খাবলৈ কেণ্টিনলৈ যাম।”
এনেতে মোৰ আচল ৰূমমেট বিদ্যুতৰ প্ৰৱেশ। সোমায়ে সি ‘বিকুলদা, আপোনাক লগ পাবলৈ আমাৰ লগৰ ময়ূৰাক্ষীয়ে অথনিৰে পৰা কেণ্টিনত ৰৈ আছে, আপোনাক এতিয়াই মাতিছে’ বুলি কৈয়ে সি গহীনত গুচি গ’ল।
এতিয়া মোৰ মাত্ৰ মৌন হৈ থাকি আলহীৰ ক্ৰিয়া-বিক্ৰিয়া-প্ৰতিক্ৰিয়া ইত্যাদি চাই থকাৰহে পাল; পাছত হোষ্টেলৰ ৰাইজক জনাব লাগিব। বিদ্যুতে কোৱা ‘ময়ূৰাক্ষী’ আৰু ‘এতিয়াই’ শব্দ দুটাই যেন হিৰোচিমা আৰু নাগাচাকিত পেলোৱা ব’মৰ দৰে কাম কৰিলে! আলহীৰ মাজত বিদ্যুতে তোলপাৰ লগাই থৈ গ’ল; এয়া যেন ৰূম দখল কৰাৰ পোটকহে। মই আঁৰ-চকুৰে চালো; জবাৰ মনটি যেন আহত হ’ল।
“কোন ময়ূৰাক্ষী অ।”— বিকুলে মোক সুধিলে।
জ্বলা জুইত ঘিঁউ ঢালিবলৈ মই ক’লো— “তইহে জানিবি, তোলৈহে অথনিৰে পৰা ৰৈ আছে। তহঁত দুইজন ক’ৰবালৈ একেলগে যোৱাৰ কথা আছিল নেকি?” ‘একেলগে’ শব্দটিত বিশেষ জোৰ দি কথাষাৰ সুধি আঁৰ-চকুৰে মই আকৌ জবালৈ চালো। আই অ’ দেহি, ভৰ বাৰিষাৰ কলীয়া ডাৱৰে যেন তাইৰ চকুত ভিৰ কৰিছেহি, কোন মুহূৰ্তত বৰষুণ হৈ নামি আহে ঠিকনা নাই। বৰ বেয়া হ’ল দেই! ছোৱালীজনীয়ে এনেয়ে শোক পালে।
অলপ পাছত দেখিলো জুনিয়ৰ ৰঞ্জন বৰকটকীয়ে ক’ল্ড-ড্ৰিংকছৰ ডাঙৰ বটল এটা আৰু কেইটামান ডিচপ’জিবল গিলাচ লৈ আলহীক আপ্যায়ন কৰিবলৈ সোমাই আহিল। কলেজত এখেত চেনিগুটি নামেৰে বিখ্যাত; ক্লাছৰ ল’ৰাতকৈ ছোৱালীৰ সৈতে এওঁৰ সম্পৰ্ক বেছি মধুৰ। কিন্তু আজি যেন এওঁৰ ৰূপ, কৰ্ম-কাণ্ড অলপ বেলেগ। এজন অতি অজলা, নিৰ্জু, শান্ত-শিষ্টৰ ৰূপত এখেতে নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছে। বটলৰ পৰা ক’ল্ড-ড্ৰিকংছ বাকী এজন এজনকৈ আলহীক দিছেহি, যেন এজন একান্ত বাধ্য সেৱকহে। মোৰ ষষ্ঠ ইন্দ্ৰিয়ই কিন্তু দুটামান কথা ধৰা পেলালে;— প্ৰথম, হোষ্টেলৰ ৰাইজে ক’ল্ড-ড্ৰিকংছ খুৱাই আলহীক বেছি সময়লৈ ৰখাৰ ই এক কাৰচাজি কৰিছে, যাতে বিকুলৰ ওপৰত বেছিকৈ আক্ৰমণ কৰিব পাৰে; দ্বিতীয়, ৰাইজে বিকুলৰ নামত কেণ্টিনৰ পৰা বাকীত কিনি আনি এনেকুৱা দুটামান ডাঙৰ বটল চাগে ইতিমধ্যে গলাধঃকৰণ কৰিলেই; তৃতীয়, ৰঞ্জন চেনিগুটিয়ে ক’ল্ড-ড্ৰিকংছৰ আলম লৈ আলহীৰ মাজৰে কোনোবা এজনীক মোহিনী বাণ মাৰিবলৈ আহিছে। অলপ পৰ মন কৰি দেখিলো, মোৰ ধাৰণাক শুদ্ধ প্ৰমাণ কৰি আমাৰ ৰঞ্জন বপুৰাই বিকুলৰ সৰু ভনীজনীৰ ফালে বিশেষ দৃষ্টি নিক্ষেপ কৰিছেই। বপুৰাই ভাবিছে মই যেন একোৱেই ধৰিব পৰা নাই; বেটা, তই যদি ডালে ডালে, ময়ো পাতে-পাতে! সি এগিলাচ নিজৰ কাৰণেও বাকী লৈ লাহে লাহে খাই নয়ন যুগলেৰে এংগল মিলাই আছে। লাগে ৰহো ৰঞ্জন ভাই।
এনেতে দেখিলো হোষ্টেলৰ ৰান্ধনী শৰ্মাদাই বিকুলক বিচাৰি আমাৰ ৰূম পালেহি। “অ’ আপুনি ইয়াত আছেহি; মই আপোনাৰ ৰূমলৈ তিনিবাৰ গৈ উভতি গ’লো। আজি বজাৰত লোকেল কুকুৰা নেপালো, ৰাতি ব্ৰইলাৰকে দিওঁ নেকি?”
দুই ভনীক নিৰীক্ষণ কৰি মোৰ এনে লাগিল, সিহঁতে যেন শৰ্মাদাৰ কথাত গম পাই গ’ল যে এই ৰূমটো ককায়েকৰ নহয়; গতিকে এক প্ৰকাৰ মিছাইল ৰেডি হৈ আছে, কেৱল শৰ্মাদা ৰূমৰ পৰা ওলাই যোৱাৰ পাছতেই আমাৰ বপুৰা আজি চেটেপ হৈ যাব।
মই বিকুলৰ ফালে চালো। শৰ্মাদাই যেন তাক বিধ্বস্ত কৰি পেলালে। বহুত শক্তি জোগাৰ কৰিহে ক’লে— “হ’ব হ’ব, শৰ্মাদা। আজি সেইভাগে চলাই দিয়ক।” এনেতে এটা উপস্থিত বুধিয়ে মোৰ মনত ঠাই ল’লে। মই ক’লো— “শৰ্মাদা, বিকুল মেছ-মেনেজাৰ হ’ল বুলি কিমাননো আৰু সেই মেছৰ সৰু ৰূমটোতে সোমাই থাকিব! তাতে আকৌ ঘৰৰ পৰা ভনীহঁত আহিছে।” শৰ্মাদা অঁকৰা লাগিল। ‘আজি ব্ৰইলাৰেৰে চলাই দিয়ক, বুইছে’ বুলি মই তেওঁক যোৱাৰ ইংগিত দিলো। শৰ্মাদা ৰূমৰ পৰা ওলাই যোৱাৰ লগে লগেই কিবা মিছাইল ফুটাৰ আগতেই মই জবাক উদ্দেশ্যি এটি গোকাট ফাঁকি দিলো— “বিকুল এই দুমাহ হোষ্টেলৰ মেছ-মেনেজাৰ; সেয়ে পূৱা-গধূলি মেনেজাৰৰ অফিচিয়েল ৰূমটোত সি বহিব লাগে। আজি তুমি আহিবা বুলিয়েই ই তাত বহিবলৈ পাহৰিলে।”
মোৰ জীয়া ফাকিয়ে বিকুলক যেন পুনৰ যমৰ দুৱাৰডলিৰ পৰা ওভোতাই আনিলে। হঠাৎ দেখিলো আমাৰ ক্লাছমেট কেৰালাৰ সঞ্জীৱ জৰ্জ সোমাই আহিল। উপযাচি আলহীৰ লগত চিনাকি হৈ যোৱাৰ পৰত জেপৰ পৰা বাইকৰ চাবিপাট উলিয়াই বিকুললৈ আগবঢ়াই ক’লে— “তই কাৰোবাক বাইকত লৈ টাউনলৈ যাবি বুলি কৈছিলি নহয়, ল। সোনকালে আহিবি; পেট্ৰোল ৰিজাৰ্ভত লাগি আছে, ভৰাই লবি।” আলহীক মাত লগাই জৰ্জ গ’লগৈ।
মই বিকুলৰ ফালে চালো; সোতোৰা পৰা থেকেৰাটো যেন হৈ পৰিছে বেচেৰা। হোষ্টেলৰ ৰাইজে তাক এতিয়া চকলা চকলকৈ কাটি ৰ’দত নুশুকুৱালেই হ’ল আৰু! আৰু কিবা অঘটন হোৱাৰ আগতে মই কেণ্টিনলৈ যোৱাৰ প্ৰস্তাৱ দিলো। জবাৰ মুখত প্ৰথমবাৰ মাত শুনিলো— “ব’লক দাদা, আমিও কেণ্টিনত ৰৈ থকা ময়ূৰাক্ষীজনীৰ লগত চিনাকি হওঁগৈ।” বিকুলৰ মনটো যেন ফৰকাল নহয়। এনে লাগিল, ইয়াৰ দৰে আৰু কিবা অঘটন কেণ্টিনতো হয় বুলিহে তাৰ ভয় হৈছে।
আলহীৰ দয়াতে আজি প্ৰথমবাৰৰ বাবে মই এই কৃপণ-সম্ৰাট বিকাল মহাৰাজৰ পইচাৰে চাহ একাপ খালো। কেণ্টিনত দুই ভনীয়েকে ককায়েকৰ ওপৰত শেনচকু দিছে, কিজানি ময়ূৰাক্ষীজনীক ধৰা পেলাব পাৰেই। এইবাৰ ঘৰলৈ গ’লে বিকুলক চাগে দুই ভনীয়েকে তুলাধুনা দিব। হ’লেও নিশামণি, মানে বিকালৰ সৰু ভনীয়েকজনী যেন কিবা কাৰণত আগতকৈ শান্ত হৈ পৰিল; সেয়া ‘ৰঞ্জন-এফেক্ট’ৰ বাবেও হ’ব পাৰে, সময়তহে গম পোৱা যাব!
আলহীৰ বিদায়ৰ সময়। কেণ্টিনৰ বাহিৰলৈ ওলাই গে’টৰ ফালে আগবাঢ়িছোঁ; এনেতে সমুখৰ হোষ্টেলটোৰ পৰা কোনোবা এজনে চিঞৰি ক’লে— “বিকুলদা, আপোনালৈ ৰৈ ৰৈ আমনি লগাত ময়ূৰাক্ষী হোষ্টেললৈ উভতি গ’লগৈ। বহুত খং উঠিছে তাইৰ।” খঙত নাকৰ পাহি ফুলাই লগৰীয়াজনীক প্ৰায় চোঁচোৰাই নিয়াৰ দৰে টানি নি জবা ইউনিভাৰ্ছিটৰ মেইন গে’ট পালেগৈ। মোৰ নিজকে কিবা ঢোলৰ লগৰ টেমেকা যেন লাগিল। ‘বিকুল, তই ইহঁতক আগবঢ়াই থৈ আহচোন’ বুলি কৈ মই উভতিলো। বিকুলৰ সৈতে পাছত ঘটিবলগীয়াখিনিৰ বিষয়ে ভাবিবলৈও মোৰ ভয় হ’ল। সৰল মনৰ জবাৰ অৱস্থাটি দেখি মোৰ সঁচায়ে দুখ লাগিল; বেচেৰীজনীক কোনে বুজালে পতিয়ন যাব যে ময়ূৰাক্ষী নামৰ কোনো ছোৱালী এই কেম্পাছতে নাই! জবা পতিয়ন যাব কেৱল সময়ৰ সোঁতত লোপ নোপোৱা বিকুলৰ সঁচা মৰমকণৰ সান্নিধ্যতহে।
মই হোষ্টেললৈ উভতিলো; আমাৰ ৰূমত ঘটা একচন-ৰিয়েকচনবোৰ মোৰ পৰা জানিবলৈ হোষ্টেলৰ ৰাইজ উদগ্ৰীৱ হৈ ৰৈ আছে। মোক কমন ৰূমটোলৈ ৰাইজে যেন আদৰি নিবলৈহে বাকী! কমন ৰূমত এতিয়া হাঁহিৰ উজান; পৰজীৱী বিকালৰ ওপৰত হোৱা কাউণ্টাৰ-ষ্ট্ৰাইকত ৰাইজ বিৰাট খুচ। ইফালে চেনিগুটি আৰু নিশামণিৰ মাজত ঘটক হ’বলৈ দুজন আগবাঢ়ি আহিল; কিন্তু ঘটকদ্বয়ৰ মাজৰ এজনক ৰাইজে ৰিজেক্ট কৰিলে, তেৰাই হেনো সময়ত ৰঞ্জনক লেং মাৰি নিজে জাগা লোৱাৰ চাঞ্চ আছে। কিছুমান ষ্ট্ৰেটেজি ৰাইজে সময়ৰ অভাৱত বিকুলৰ ওপৰত প্ৰয়োগ কৰিব নোৱাৰিলে; সেয়ে তাৰ অতিথিক দ্বিতীয়বাৰ আদৰিবলৈ ৰাইজে এতিয়াৰ পৰাই প্লেন আৰম্ভ কৰিলেই!