আ ৰু দুদিনমানৰ পাছতে বিশ্ব পৰিৱেশ দিৱস। সেয়ে পোৱাল ফুকনৰ গাত তৎ নাই। শোৱা-খোৱাটো বাদেই, পিছফালৰ কামফেৰা কৰিবলৈও তেওঁৰ সময় নোহোৱা হৈছে। আজিকালি এই কামটো ফুকনহঁতৰ কাৰণে এটা ডাঙৰ উৎসৱ। আৰু তিনি মাহৰ পাছতে তেওঁৰ জীয়েকৰ বিয়া, কিন্তু সেই চিন্তা তেওঁ তেহেলৈ থৈছে।
ফুকন চিকৰাতলী বনাঞ্চলৰ এজন বন বিষয়া। ওপৰৰ পৰা নিৰ্দেশ আহিছে— এই বেলি এই দিনটোত তেওঁ দুই লাখ গছপুলি লগাব লাগিব। ধেমালি কথা নহয়! অৱশ্যে সেইমতে তেওঁ পৰিকল্পনাও কৰিছে। মহকুমাধিপতিৰ লগত আলোচনা-বিলোচনা কৰি জব কাৰ্ডৰ মানুহৰ হতুৱাই বাটৰ কাষে কাষে গাঁত খন্দাইছে। গছপুলি ৰোৱাৰ পাছত তাৰ চাৰিওকাষে ঘেৰ দিবলৈ নে’টৰ যোগান ধৰাইছে। ফটো তুলিবলৈ স্পেচিয়েল ফটোগ্ৰাফাৰ বন্দৱস্ত কৰাইছে। বনমন্ত্ৰীক খুৱাবলৈ তাজা মাছ-মাংস আনিবলৈ ঠিকাদাৰক নিৰ্দেশ দিছে। অঞ্চলটোৰ ঠায়ে ঠায়ে বেনাৰ অঁৰাইছে। সজাগতা শিবিৰ পতাইছে। মাইক যোগে প্ৰচাৰ চলাইছে।… মুঠতে ফুকনৰ কামেই কাম!
সেইদিনা ছাইডলৈ যাবলৈ সাজু হৈ ফুকন অফিছতে বহি আছিল। মন উগুল-থুগুল। তেনেতে সাংবাদিক এজন তেওঁৰ কোঠালৈ সোমাই আহিল। ফুকনে সাংবাদিকসকলক বৰ ভয় কৰে। ডিব্ৰুগড়ত চাকৰি কৰি থাকোঁতে এজন সাংবাদিকৰ এটা কলমৰ খোঁচতে তেওঁ এবছৰ চাকৰিৰ পৰা নিলম্বিত হৈ আছিল, ৰঙা ঘৰৰ ভাত খাব লগা হৈছিল। সাংবাদিকজন অতি সৎ আৰু একা-চেকা ধৰণৰ আছিল। ফুকনে ধনৰ বিনিময়ত কথাটো ৰফা-দফা কৰিব খুজিছিল যদিও তেওঁ প্ৰলোভিত হোৱা নাছিল। বৰঞ্চ সেইটো কথাৰে সাংবাদিকজনে আন এটা বাতৰিহে কৰিছিল। ফুকনে তেতিয়াই বুজিছিল— পৃথিৱীত এতিয়াও সংখ্যাত তাকৰ হ’লেও কেইজনমান সৎ মানুহ আছে আৰু তেওঁলোকৰ কাৰণেই পৃথিৱীখন এতিয়াও ‘পৃথিৱী’ হৈ আছে। অৱশ্যে ফুকনে ওপৰত তেল-পানী দি কে’ছটো সোনকালেই নিষ্পত্তি কৰি পেলাইছিল। সেইটো আছিল চন্দন কাঠৰ কেলেংকাৰি। প্ৰায় পাঁচ কোটি টকাৰ। ওপৰৱালাসকল বাচি গৈছিল, অকল ফুকনহে জালত ফচিছিল। সেই সময়ত তেওঁ চাকৰিত নতুন। তলা-নলাবোৰ ভালকৈ বুজি পোৱা নাছিল। এতিয়া অৱশ্যে কথা দোচোৰা। ক’ত, কেনেকৈ, কেতিয়া চাবি পকাব লাগে— এইবোৰ সৱ ফুকনৰ নখ-দৰ্পণত।
ফুকনে সাংবাদিকজনক আথে-বেথে বহিবলৈ দিলে। খালাচী বাইলুঙক শুদা গাখীৰতে দুকাপ স্পেছিয়েল চাহ বাকিবলৈ ক’লে।
‘কওকচোন, কি সকামত আহিল।’— ফুকনৰ মাতত বিনয় ফুটি উঠিল।
সাংবাদিকজনে আন কথাৰ অৱতাৰণা নকৰি চিধাই ক’লে— ‘শুনিছোঁ আপোনালোকে হেনো এইবাৰ গছপুলি ৰোৱাৰ এখন বৃহৎ আঁচনি লৈছে!’
‘হয়, হয়। আপুনি ঠিকেই শুনিছে।’
‘আৰুবেলিওতো আপোনালোকে পঞ্চাছ হাজাৰ পুলি ৰুইছিল! তাৰ কেইটা পুলি জীয়াই আছে আপোনালোকে কেতিয়াবা খবৰ ৰাখিছেনে? মোৰ হাতত থকা তথ্য মতে, আপোনালোকে আৰুবেলি ৰোৱা পুলিবোৰৰ মাত্ৰ এশ দুটা পুলিহে জীলে। তাকো কেইজনমান বেচৰকাৰী, গাঁৱলীয়া লোকৰ প্ৰচেষ্টাত। এনেকুৱা হ’লে আপোনালোকে গছপুলি ৰোৱাৰ লাভ কি?’
‘চাওক মহাশয়, আমাৰ কাম হ’ল— গছপুলি ৰোৱা আৰু সেই কামৰ ফটো তোলা। ফটোবোৰ গৰমে গৰমে ছচিয়েল মিডিয়া, টিভি আৰু পেপাৰত দি প্ৰচাৰ কৰা। তাৰ পাছত গছপুলি জীলেই নে মৰিলেই, তাৰ খবৰ ৰখাৰ আমাৰ কোনো প্ৰয়োজন নাই। আৰু এটা কথা।’
‘কওক।’
‘আমি প্ৰতি বছৰে ৰোৱা গছপুলিবোৰ যদি জীয়েই থাকে, পাছৰ বছৰ গছপুলি ৰুবলৈ ঠায়েই নাথাকিব দেখোন! তেতিয়া আমি আঁচনিবোৰ প্ৰস্তুত কৰিম কেনেকৈ?’
‘তেনেহ’লে আপোনালোকে অকল আঁচনি প্ৰস্তুত কৰিবলৈহে গছপুলি ৰোৱে?’
‘আৰুনো কি!’
‘তেনেহ’লে এই কাৰবাৰটোতো চৰকাৰী ধনৰ অপচয়ৰ বাহিৰে আন একো নহয়! এনেকৈ হ’লে দেখোন ৰাজকোষ উদং হৈ যাব!’
‘হেৰি, আপুনি মিছায়ে চিন্তা কৰি মৰিছে। আমাৰ হে’ড ছাৰে প্ৰতি বছৰে এক লাখ কোটি টকা ঋণ লোৱাৰ এখন আঁচনি প্ৰস্তুত কৰি লৈছে। যিমানবোৰ ৰাজহুৱা প্ৰতিষ্ঠান আছে, আটাইবোৰ এটা এটাকৈ ব্যক্তিগত বণিক গোষ্ঠীক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। বিছ কিল’মিটাৰৰ অন্তৰে অন্তৰে টোলগে’ট বহুওৱাৰ সিদ্ধান্ত লৈছে। বস্তু-বাহানিৰ দাম প্ৰতি মাহে মাহে বঢ়াবলৈ ব্যৱসায়ীবোৰক নিৰ্দেশ দিছে। যিখন মদৰ দোকানে আটাইতকৈ বেছি মদ বিক্ৰী কৰিব, সেইখনক পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছে। গতিকে ৰাজকোষ কেতিয়াও উদং হৈ নাযায়। আৰু প্ৰতি বছৰে যদি এনেকুৱা একোখন বৃহৎ আঁচনি প্ৰস্তুত কৰা নহয়, আমাৰ ঠিকাদাৰসকল, নাৰ্ছাৰিৰ মালিকসকল আৰু বনুৱাসকল কেনেকৈ চলিব কওকচোন? তেওঁলোকৰ জেপ গধুৰ হ’লেহে আমিও দুই-চাৰি পইচা পাম!’
‘হয় দিয়ক। আপুনি একদম ষোল্ল অনাই সঁচা কথা কৈছে। আপোনাক এইবাৰ নিশ্চয় শ্ৰেষ্ঠ পৰিৱেশ ৰক্ষকৰ বঁটাটো প্ৰদান কৰিব।’
‘হেঃ হেঃ হেঃ!’
‘আচ্ছা, আপোনালোকৰ মানুহে ৰাস্তাৰ কাষৰ ইলেক্ট্ৰিক তাঁৰৰ তলতো গাঁত খন্দা দেখিছোঁ। এইটোতো আপোনালোকে ডাঙৰ ভুল কাম কৰিছে!’
‘কিয়?’
‘তাত ৰোৱা গছপুলিবোৰ বাঢ়ি যদি ওপৰৰ তাঁৰত লাগেগৈ, তেনেহ’লে বিপদ ঘটিব দেখোন!’
‘হেঃ হেঃ হেঃ! আপুনি ভাল কথা কৈছে! আগতে গছপুলিবোৰ জীৱলৈ দিয়কচোন। যদি জীয়েও, বিজুলীৰ তাপে দেখোন সেইবোৰ মাৰিয়েই পেলাব!’
সাংবাদিকজনে তস্মান খালে। হে ভগৱান, এইবোৰ মানুহৰ হাততে পৰিৱেশ সংৰক্ষণৰ ভাৰ পৰিছে! সাংবাদিকজনে ফুকনক পৰামৰ্শ এটা দিব বুলি মনতে ভাবি গৈছিল। সেইটো আছিল এনে ধৰণৰ— গছপুলিৰ সংখ্যা কমাই ৰোৱাখিনিৰ আপডালত বাকী পইচাখিনি খৰচ কৰা উচিত। তেতিয়াহে আঁচনিখন ফলপ্ৰসূ হ’ব। কিন্তু ফুকনৰ আগত সেয়া ‘গালো বালো খোলাকটিৰ তাল’ হ’ব বুলি ভাবি সাংবাদিকজনে একো নক’লে।
তেওঁ এইবাৰ আন এটা প্ৰসংগ উলিয়াল— ‘আচ্ছা, ধৰি ল’লো দুই লাখ পুলিৰ এটাও নমৰিল, আটাইবোৰ বাচি গ’ল, তেতিয়া অহাবাৰ আপোনালোকে ক’ত পুলি ৰুব?’
‘সেই কাৰণেইতো আমি বনাঞ্চলসমূহ এফালৰপৰা ধ্বংস কৰি নিছোঁ!’
‘মানে?’
‘মানে সেইবোৰ ঠাইত যাতে আমি নতুন আঁচনিৰ গছপুলি লগাব পাৰোঁ! অসমলৈ এটা নতুন পৰিৱৰ্তন আনিব পাৰোঁ!’
সাংবাদিকজনে এইবাৰ মূৰে-কপালে হাত দিলে। এই মানুহটোৰ লগত আৰু অলপ সময় কথা পাতিলে তেওঁ চাগৈ বলিয়া হৈ যাব! আৰু কথা নবঢ়াই সাংবাদিকজনে লৰালৰিকৈ সেই ঠাই ত্যাগ কৰিলে।
নিৰ্দিষ্ট দিনা বন মন্ত্ৰী হালৈ ডাঙৰীয়াই আহি গছপুলি ৰোৱা কাৰ্যৰ শুভ উদ্বোধন কৰিলেহি। মন্ত্ৰী মহোদয়ে ভাষণ প্ৰসংগত সকলো মানুহেই যে গছ-গছনিৰ লগতে জীৱ-জন্তুবোৰো সংৰক্ষণ কৰিব লাগে, সেই কথা দঢ়াই দঢ়াই ক’লে।
সভাৰ পাছত ভাতৰ পাতত বহিয়েই মন্ত্ৰী মহোদয়ে ফুকনক সুধিলে— ‘মই কোৱা বস্তুকেইপদ যোগাৰ কৰিব পাৰিলা নে নাই ফুকন?’
‘পাৰিলো ছাৰ। আপুনি অৰ্ডাৰ দিব আৰু আমি তাক পালন নকৰিমনে!’— ফুকনৰ মুখত গৰ্বৰ হাঁহি এটা ফুটি উঠিল।
মন্ত্ৰী মহোদয়ৰ বস্তুকেইটা আছিল সম্প্ৰতি দুষ্প্ৰাপ্য হৈ পৰা কেঁটেলা পহু, ঘিলা হাঁহ আৰু দুৰা কাচৰ মঙহ আৰু এখন ঘোঙৰ ছাল। ঘোঙৰ ছালখন তেওঁ গোপন প্ৰেমিকা এজনীক উপহাৰ দিব। প্ৰেমিকাই নিয়মিত যোগাসন-প্ৰাণায়াম কৰে। সেইবোৰ ঘোঙৰ ছালত বহি কৰিলে হেনো শক্তি বৃদ্ধি পায়!
ফুকনে নিজেও ভালেখিনি খাব পাৰে। কিন্তু মন্ত্ৰী মহোদয়ৰ ‘বকাসুৰ খাৱন’ দেখি তেওঁৰ চকু কপালত উঠিলগৈ। কেঁটেলা পহু, ঘিলা হাঁহ, দুৰা কাচ— প্ৰতিবিধৰে আধা কেজিমানকৈ মঙহ খালে মন্ত্ৰী মহোদয়ে। লগত বাকী ব্যঞ্জনবোৰতো আছেই!
খোৱাৰ মাজতে ছেগ বুজি ফুকনে তেওঁক সুধিলে— ‘ছাৰ, এইবেলি মোৰ প্ৰমোছনটো হ’বগৈনে?’
‘হ’বগৈ লাগে।’— মন্ত্ৰী মহোদয়ে ঘাউৎকৈ প্ৰকাণ্ড উগাৰ এটা মাৰিলে।
‘ছাৰ, এইবাৰ যেনে-তেনে কামটো কৰি দিব আৰু!’
‘দিম দিম, নিশ্চয় দিম। আপুনি মোক ইমানখিনি সহায় কৰি দিছে!’
মন্ত্ৰী মহোদয়ে বিদায় লোৱাৰ পাছত ফুকনে তেওঁৰ সোঁহাত স্বৰূপ, চোৰাং কাঠৰ কাৰবাৰী ৰহমানৰ লগত সুৰাৰ বটল উলিয়াই ল’লে। প্ৰথম পেগটো গলাধঃকৰণ কৰিয়েই তেওঁ ৰহমানক ক’লে— ‘ৰহমান, সিদিনা ছাইটলৈ যাওঁতে নদীৰ পাৰৰ ৰেঞ্জটোত বুঢ়া চেগুনকেইজোপামান দেখি আহিছোঁ। তুমি গছকেইডালৰ সোনকালেই সদ্ব্যৱহাৰ কৰা।’
‘ইমান লৰালৰি কিয় ছাৰ? গছকেইজোপাৰ ভৰি নাই নহয় যে ৰাতিৰ ভিতৰতে ক’ৰবালৈ পলাই যাব!’
‘সেইটো হয় বাৰু। ভগৱানে চাগৈ আমাৰ উপকাৰৰ কথা চিন্তা কৰিয়েই সিহঁতক ভৰি নিদিলে!’
‘তেনেহ’লে?’
ফুকনে পহুৰ কলিজা ভজা এটুকুৰ মুখত ভৰাই ক’লে— ‘আৰু তিনি মাহৰ পাছতে মোৰ ছোৱালীৰ বিয়া বুলি তুমি নাজানা জানো?’
‘জানো ছাৰ। আপুনিয়েই কৈছিল।’
‘ও, সেই কাৰণেই তুমি লৰালৰি কৰা। মোৰ ছোৱালীৰ বিয়াৰ ফাৰ্নিচাৰখিনি তাৰেই কৰিব লাগিব।’
❧ | আৰু পঢ়ক: