বিহ-উঃ!

বিহ-উঃ!
  • 14 Apr, 2012

ৰা তিপুৱাৰে পৰা ল’ৰা-ছোৱালীহালে থেনথেনাই আছে— বিহুৰ কাপোৰ কিনিবলৈ বজাৰলৈ নিব লাগে। দেওবাৰৰ দিনটো দহোবন সামৰি দুপৰীয়াৰ ভাতসাঁজ খাই-মেলি আজৰি হওঁ মানে বেলা ভাটিয়েই দিয়ে। হওঁতে পাৰ্ট্-টাইম কাম কৰা বাই এজনী নথকা নহয়। পিছে তেখেতো মহীয়সী। ক্ষণে তুষ্ট, ক্ষণে ৰুষ্ট! সপ্তাহটোৰ সাতোটা দিনৰ তিনিদিন তেওঁৰ নিজৰ জেং মাৰোঁতেই যায়। বাকী চাৰিদিন তেখেতৰ বদান্যতাত আমি শিৰ নত কৰি চলিব লাগে। মন গ’লে দৰ্শন দিয়ে, তাকো তেখেতৰ স্বনিৰ্ধাৰিত সময় মতেহে। ৰাতিৰ সাঁজৰেই বাচন-বৰ্তনেৰে কেতিয়াবা দুপৰীয়ালৈ বেছিনটো ঠাহ খাই থকে। ভিতৰৰ পৰা আকৌ নিত্য ব্যৱহাৰ্যখিনিৰ বাদে ওপৰঞ্চিকৈ থকা বাচনখিনি উলিয়াই পুৱাৰ ভাগৰ ৰন্ধা-বঢ়া, খোৱা-লোৱাৰ শেষত ভাগে ভাগে অফিচ-স্কুললৈ পঠিয়াই আটাইসোপা বাচন ধুই শেষ কৰোঁ, ওঁঠত তামোলৰ সেলেঙি লগাই মহাশয়াই আহি ইস-আসখন কৰে— “এঃ এঃ বাইদেৱেনো কিয় ধুব লাগে, মই আহিলোহেঁতেনেই নহয়।” সমস্ত ক্ষোভ সমৰি নিজকে চম্ভালি কোনোমতে কওঁ— “আহিবা জানিয়েই ধুই থ’লো! নহ’লে ৰাতিৰ সাঁজলৈ যোগাৰ কৰিবলৈ মোৰ আৰু বেলেগ বাচন নাই নহয়।”

তেওঁলোকৰ এই স্বেচ্ছাচাৰিতাৰ কৈফিয়ৎ পিছে আপুনি বিচাৰিব নোৱাৰে। যিমান মোলয়েম সুৰতেই আপুনি নোসোধক কিয়, ভেকাহি মাৰি তেওঁলোকহে উঠিব। গৰজ পৰিলে তেওঁলোকেহে আপোনাক এৰিব, আপুনি নহয়। গতিকে নীৰৱে তেওঁলোকৰ লগত সহাৱস্থান কৰাই ভাল। পিছে তেওঁলোকৰ চাহিদা অনুসৰি যোগান ধৰাটোহে দুৰ্বিষহ হৈ পৰে কেতিয়াবা।

—“এঃ বাইদেউ, আজিকালিনো আৰু নাৰিকলৰ বাকলিৰে বাচন মাজেনে ক’ৰবাত! স্টীলঊল আনিব।”
—“হাঁ? সেইটো আকৌ কি?”
—“বজাৰত পায় কিনিবলৈ, ‘বিগ বজাৰ’তে পাব।”
—“নেজানিছিলোৱেই নহয়। বৰ বৰ পিতলৰ টৌ, হাড়ী, কেৰাহী, কাঁহৰ কাঁহী-বাটি মাহঁতেচোন নাৰিকলৰ বাকলি আৰু ছাইৰে মাজিয়েই চিক্-মিকাই ৰাখিছিল।

—“অমুকৰ ঘৰত যে কাপোৰকেইখন হ’লে বৰ চাফা হ’ব লাগে, চাৰ্ফ দিব যিচিকুটহে।”

ভয়তে নিজৰ ঘৰত গোটেই পেকেটটোৱেই উলিয়াই দিওঁ আদনাৰ্জি কৰিবলৈ। এওঁলোক আকৌ বৰ সৰবৰহী; বৈদ্যুতিক তাঁৰতকৈও ক্ষিপ্ৰ। অলপ হেৰফেৰ হ’লেই, আপোনাৰ ঘৰৰ আবুৰ খহাই পেলাব। এওঁলোকৰ যহত অমুকৰ ঘৰৰ শাহু-বোৱাৰীৰ কথা তমুকৰ ঘৰৰ আখলঘৰৰ আড্ডা, তমুকৰ ঘৰৰ শোৱনিকোঠাৰ কাহিনী ভহুকৰ ঘৰৰ দুপৰীয়াৰ সাঁজৰ চাটনি হয়গৈ।

চেহ্! ময়ো কিবাখনহে বকলা মেলিছোঁ। উৰহৰ খং ভগা ঢাৰিত জাৰিছোঁ। মানে আজিও সেই একেখন ভাওনাৰে পুনৰাবৃত্তি। দেওবাৰ বুলিয়েই শ্ৰীমানৰ অফিচলৈ নিয়া কাপোৰ, সিহঁতহালৰ স্কুলৰ কাপোৰেই, ইখন সিখনকৈ মুঠতে এদ’ম কাপোৰ চাৰ্ফত তিয়াই ৰাতিপুৱাৰে পৰা ৰৈ আছোঁ। বেলি মূৰৰ ওপৰত উঠিল, মহাশয়াৰ আগমনৰ কোনো লক্ষণেই নাই। শেষত খঙে-বিৰক্তিয়ে গৈ কঁকালৰ বিষটোকো নেওচি ধম্ ধমকৈ কাপোৰসোপা এচাৰি শেষ কৰাৰ পিছতহে মহাৰাণীয়ে গপচত পদাৰ্পণ কৰিলেহি। সেইসোপা সেইদৰেই থেকেচা মাৰি এৰি ঘৰৰ ইটো-সিটো লাপি-লুপা, চাফ্-চাফাই শেষ কৰি ভাত-পানী ৰান্ধি-বাঢ়ি খাই-বৈ আজৰি হৈ বিচনাৰ ওচৰ পাইহে এতিয়া কঁকালখন পোনাব নোৱৰা হ’লো। আঁৰচকুৰে শ্ৰীমানলৈ চাই দেখিলো, চকুত চশমা, হাতত মেলা প্ৰান্তিক মেলাই লৈ দিন-দুপৰতে নাক বজাইছে। এঘুমটি মাৰি লওঁ বুলি ময়ো বিচনাত বাগৰিছোঁহে, সিহঁতহালে জপটিয়াই ধৰিলেহি। অগত্যা শ্ৰীমানকো দিবানিদ্ৰাৰ সুখৰ পৰা বঞ্চিত কৰি সপৰিয়ালে বিহুৰ বজাৰ কৰিবলৈ ওলালো।

বজাৰখনত বিৰ দি বাট পাবলৈ নাই! নাই ক’তো গাড়ী পাৰ্কিং কৰাৰ সুবিধা। পৰুৱাৰ নিচিনা লানি নিছিগা ভিৰ ফালি বৰলোকৰ গাড়ী-ঘোঁৰাৰ ফাঁকে-ফাঁকে আমিও পদব্ৰজে আগবাঢ়িছোঁ। ইখনৰ পিছত সিখন দোকান বগাই ফুৰিছোঁ, পিছে পুত্ৰধনৰ কাপোৰ পছন্দ নহয় হে নহয়। আও! এইকণ পেন্দুকণা ল’ৰাই ক’তনো ইমান বৰ বৰ দোকানৰ নামবোৰ জানিলে, তাকো একেবাৰে ঠিকনা সহিতে!

—“আমাৰ ক্লাছৰ অমুকে তমুক দোকানখনৰ পৰা কিনিছে নহয়, ব’লা তালৈ।” অ’ এতিয়াহে বুজিলো পুত্ৰধনৰ ভৌগোলিক জ্ঞান আহৰণৰ উৎস! পিছে তালৈ গৈয়ো একেই ওজৰ-আপত্তি।

—“এনেকুৱা নহয়, ইয়াতে ইমান ডাঙৰ ড্ৰেগনৰ ফটো থকা, মুখেৰে জুই ওলাই থকা…, ৰাউণ্ড গলৰ টি-চাৰ্ট…।”

হাঁ? ঘিঁউৱে-মৌৱে হেজাৰ খুৱালেও জঁকাটোত মঙহ ধৰিবলৈ নিশিকা জেং খৰি যেন দেহটো কোনোমতে কাপোৰেৰে বোজাই মানুহৰ ৰূপ দিবলৈ চেষ্টা কৰোঁ। বপুৰাক আকৌ কামিহাৰ গণিব পৰা বুকুখনত ড্ৰেগনৰ ফটো লাগে। ইয়াতো, তাতো, ক’ত-ক’ত যে পকেট নথকা জিন‌চ্ পেণ্ট! কোনো জোখৰেই পেণ্টে কঁকালত খোপনি পুতিব নোখোজে। এইবাৰ আকৌ চিলাই ফটা কেঁথাৰ দৰে চাৰিওকাষে সূতা ওলাই থকা ‘ঝাক্কাছ’ ডিজাইনৰ বেল্ট লাগে। পুত্ৰৰ যহতে আজিকালি আমাৰ ভাষাজ্ঞানো বাঢ়িছে নহয়। অভিধান বহিৰ্ভূত নতুন নতুন অসমীয়া (!) শব্দবোৰৰ তাৰ জৰিয়তেই আমাৰ ঘৰলৈ আমদানি ঘটে। দিনচেৰেক আগতে এটা শব্দৰ বৰ পয়োভৰ ঘটিছিল— ‘চ্ছালিয়া’! অৰ্থটো বুজি-বাজি লওঁ মানে আন এটা শব্দই দখল দিলেই নহয়— ‘ঝাক্কাছ’! ধোনীয়ে ছিক্স মাৰিলেও ঝাক্কাছ, মাকে মাংস ৰান্ধিলেও ঝাক্কাছ, পৰীক্ষাও হয় বোলে ঝাক্কাছ। তাৰ মুখতে শুনিছোঁ,— এইবেলি বিহুও হ’ব বোলে ঝাক্কাছ! কি কয়? অৰ্থ নাজানে আপুনি? এঃ ঝাক্কাছ!

কোনোমতে পুত্ৰধনক সন্তুষ্ট কৰি এইবাৰ চাৰি বছৰীয়া ছোৱালীজনীৰ কাপোৰ কিনিবলৈ গৈহে বিচুৰ্তি খালো। স্কাৰ্ট যেন কিবা এটা হাতত তুলি লৈ সুধিলো— “এইটোৰনো টপটো কেনি গ’ল?” মোৰ অজ্ঞানতাক পুতৌ কৰি ছেলছ বয়জনে উত্তৰ দিলে— “বাইদেউ, এইটো ডিজাইনেই।” কি কোৱাহে দেও! এইটোনো আকৌ কি ডিজাইন হ’লহে? স্কাৰ্টৰ ওপৰভাগটো সমুখৰফালে ডিঙিলৈকে ফিটা এডালেৰে ডিঙিত ওলমাই ৰাখিছে, পিঠিখন গোটেই উদং। অ’ বুজিছোঁ বুজিছোঁ। এইহেন ফেশ্বনৰ যুগত আপোনাৰ কণমানিজনীক এতিয়াৰ পৰাই অৰ্ধউলংগ বেশত নসজালে পিছলৈ গৈ তাই কেটৰিনা, মালাইকাহঁতৰ ভেশ ল’ব কেনেকৈ? পিছে ইমান উচ্চাকাংক্ষী মই নহয় আৰু ল’-ছালিহালকো কৰিব খোজা নাই! দীগ দি দি বেছি ওপৰলৈ হাত মেলোঁতে ক’ৰবাত ভৰিৰ তলৰ খোপনি হেৰুৱাই ওলোমা বাদুলি হৈ ওপঙি থাকিব লগা নহওক বুলি তাৰ পৰা ওলাই আহিব খুজিহে হাহাকাৰ! ছোৱালীক মোৰ সেইসাজ কাপোৰেই লাগে; টিভিত পিন্ধে বোলে। কৰা এতিয়া কি কৰা! শ্ৰীমান নিৰ্বিকাৰ। মানুহজন তেনেই নিমাখিত। হাঁহেৰেও চলে, মাহেৰেও চলে। যি হাতত তুলি দিওঁ, তাকেই নিৰ্বিবাদে গ্ৰহণ কৰে। তেওঁৰ পৰা সহায় আশা নকৰি শেষত চোঁচৰাই অনা দি তাৰপৰা উলিয়াই আনি তাইক কোনোমতে ফুচুলাই-মেলি ফুটফুটীয়া ফ্ৰক এটিৰে সেই পৰ্বৰ সামৰণি মাৰিলো।

বজাৰ সমাৰ শেষ কৰি ভাগৰি-জুগৰি ঘৰ আহি পাই চাহ একোকাপকে কৰোঁ বুলি পাকঘৰত সোমালো। চাহৰ পানী উতলিবলৈ লৈছিলহে, কলিং বেলৰ শব্দ শুনি দুৱাৰ খুলি দিবলৈ গৈ দেখোঁ ওচৰৰে ক্লাবটোৰ ল’ৰাকেইজন বিহুৰ চান্দা তুলিবলৈ আহিছে। বহিবলৈ কৈ লৰালৰিকৈ আৰু দুকাপমান পানী তুলি দিলো। পিছে লাৰু-পিঠাৰে প্লেটখন সজাই চাহ যাঁচিবলৈ গৈ যিটোহে চৰ্চৰণি খালো, নকৈ নোৱাৰোঁ। শ্ৰীমানৰ পৰা মোটা অংকৰ বৰঙণি এটা সৰকাই শ্ৰদ্ধাত গদগদ হৈ বিহুৰ শেষত অকণ স্ফূৰ্তি-তামাছা কৰিবলৈও নিমন্ত্ৰণ দিছে তেওঁক!

ঘাইকৈ কৃষিভিত্তিক হ’লেও আমাৰ জাতীয় জীৱনৰ সংগ্ৰাম, আশা-আকাংক্ষা জড়িত হৈ আছে বিহুটিৰ লগত। বছৰজোৰা কৰ্মব্যস্ততাৰ অন্তত ন-উদ্যমেৰে নতুন বছৰটোক আদৰিবলৈ খেতি-খোলাৰ পৰাও বিৰতি লৈ ৰং-ৰহইচ কৰিবলৈয়ে অতীজৰে পৰা এই উৎসৱ পাতে। পিছে ঢোলৰ চেও, নাচনীৰ নাচকো নেওচি স্ফূৰ্তি কৰিবলৈ তেৰাসৱক আকৌ বিহুৰ শেষত বেলেগে ভোজ-ভাত এটা লাগে! লগভাত আমাৰ ভোগালীৰহে দস্তুৰ আছিল যেন পাওঁ! এওঁলোকৰ কৃপাত কেতিয়ানো ৰঙালীলৈও প্ৰমোচন পালে গমেই নাপাও দেহি! লগতে সেই বৈদিক যুগৰে পৰা প্ৰচলিত যাগ-যজ্ঞ সকলোতে অপৰিহাৰ্য সোমৰসটুপি! এৰা, প্ৰসাদ বোলা বস্তু নহ’লে কেনেকৈ হ’ব? আমিনো তাৰ কি মোল বুজিম! চৰ্চৰণিটো বেছি দকৈ সোমাই ডিঙিটোত সোপা মাৰি ধৰিলে যেতিয়া লোকেল দাদাজাতীয় এজনে আঞ্চলিকতাবাদৰ সুৰ টানি মোলৈ তিৰ্যক বাণ এৰিলে— “বৌদেউ, আপোনালোকেতো দূৰৈৰ লতাশিল, চানমাৰিৰ ডাঙৰ বিহুহে চাবলৈ যায়। আমাৰ লোকেল বিহুতো পাক এটা মাৰি লোকেল টেলেণ্টবোৰকো উৎসাহ দিবচোন।”

প্ৰতিবছৰে আমাৰ ইয়াত স্থানীয় ক্লাবটোৰ ল’ৰাবোৰে দুদিনীয়াকৈ ব’হাগী বিদায় পাতে। সেই দুই নিশাৰ কথাই নাই; মঞ্চ সজাবলৈ আৰম্ভ কৰাৰে পৰা দিনে-নিশাই মাইকত যিহে কিৰীলি, বিহুগীতৰ নামত পেনপেনীয়া হুলস্থূলৰ কেছেট বজোৱাৰ প্ৰকোপ, তিনিমূৰীয়া বুঢ়াৰ গধুৰ কাণো পাতল কৰি দিব। মূৰৰ বিষ থকাসকলে ডিছপ্ৰিন্, নাইচ যোগাৰ কৰি ৰখা ভাল। বিহুৰ কাৰ্যসূচীৰ ভিতৰত বিধে বিধে মদাৰ্ন ডান্স, ডুৱেট, গ্ৰুপ ডান্স, মিউজিকেল চেয়াৰ প্ৰতিযোগিতা। নিশালৈ গীতৰ নামত আস্ফালন, নৃত্যৰ নামত যি লম্ফ-জম্ফ, সেয়া সংহাৰ মূৰ্তি শিৱৰ তাণ্ডৱ নৃত্যই নে গোসাঁনী লম্ভা দেওধনী নৃত্যই, নটৰাজ মূৰ্তিসকলৰ অংগি-ভংগিলৈ চাই ঠাৱৰ কৰাই টান। তাতে আকৌ চোলা সোলোকাই ঠেও ধৰা এচাম দৰ্শকৰ নৃত্য আছেই! এনে বিহু দেখুৱাবলৈ ল’ৰা-ছোৱালী লৈ ওলাই যাবলৈ নিজেই নিৰুত্সাহিত হওঁ দেখোন। ক’বলৈ বহু কথাই মনটোত উকমুকাই আছিল যদিও চুবুৰিয়ে চুবুৰিয়ে লোকেল বিহু পাতি স্ফূৰ্তি কৰা আমাৰ উত্তৰসুৰীৰ হাততেই বাপতিসাহোন ৰক্ষাৰ গুৰুভাৰ এৰি নিশব্দে ওঁঠৰ ফাঁকেৰে সেমেকা হাঁহি এটা নিগৰাই সেমেনা-সেমেনিকৈ তাৰ পৰা প্ৰস্থান কৰিলো।

বিহ-উঃ! | ডিম্পল কাকতি

Follow Nilacharai on Facebook