বি পৰীত লিংগৰ প্ৰতি আকৰ্ষণ এক ঈশ্বৰ-প্ৰদত্ত স্বাভাৱিক স্পৃহা বা প্ৰবৃত্তি; ই যেন প্ৰজাতি এটিৰ বংশ বৃদ্ধিৰ আধাৰশিলাৰ ৰঙা ফিটাডালহে। হোষ্টেলত থকা ল’ৰা এচামৰ আকৌ এই ফিটাডাল লগাতকৈ বেছি ৰঙচঙীয়া; তেৰাসৱক আমি চেনিগুটি নাম দিছিলো। ঈশ্বৰে দিয়া দৈহিক বা বৌদ্ধিক সমলকণত অধিক মূল্য যোগ দি তেখেতসকলে নিজকে সজাই-পৰাই তুলিছিল মূলতঃ ছোৱালীক আকৰ্ষণ কৰিবলৈ। কলেজত পঢ়িবলৈ আহিয়ে মাক-দেউতাকে এডমিছন দিয়া ডিগ্রীটিৰ উপৰিও তেৰাসৱে এডমিছন নোলোৱাকৈয়ে চেনিয়ামিৰ ওপৰত চাৰ্টিফিকেট ক’ৰ্ছ এটি আৰম্ভ কৰি দিয়ে।
তাহানি একলব্যই লোকচক্ষুৰ অজ্ঞাতে জংঘলত দ্ৰোণাচাৰ্যৰ পৰা লোৱা ক’ৰ্ছটোৰ কথা আমি সৱেই জানো; মিছা ক’লে কিডাল হ’ব,— জংঘলৰ সেই ধনুৰ্বিদ্যাৰ ক’ৰ্ছটি আছিল এই পৃথিৱীৰ প্রথম অনলাইন ক’ৰ্ছ। একলব্যই ধনু-কাঁড়ত নিজৰ তীক্ষ্ণ অন্তঃইন্দ্ৰিয়ৰ নেনো চেন্সৰৰ সহায়ত জুম লিংক (zoom link) লগাই দ্ৰোণাচাৰ্য আৰু অৰ্জুনৰ গোটেই ভিডিঅ’ ক্লাউডত ভৰাই ল’লে। তাহানিৰ একলব্যৰ সেই ক’ৰ্ছটোৰ লগত চেনিয়ামিৰ আধুনিক ক’ৰ্ছটিৰ বহুত মিল আছে; চেনিধৰসকল আছিল একলব্য আৰু এচাম চিনিয়ৰ যেন দ্ৰোণাচাৰ্য। একলব্যৰ দৰে কোনো শ্ৰেণীকোঠাত নবহাকৈ সৰ্বত্ৰে সৰ্বব্যাপী চেনিয়ামিৰ ক্লাছ চলিয়ে থাকে।
বিশ্বৰ আটাইতকৈ বেছিকৈ ব্যৱহাৰ হোৱা চেনিযন্ত্র হ’ল ঈশ্বৰ-প্ৰদত্ত নয়নযুগল। ই যেন চেনিয়ামিৰ প্ৰধান চেন্সৰ, যেন ক্লাছৰূমৰ স্মাৰ্ট ব’ৰ্ডখনহে। সন্মুখৰ জনী যিমানেই ধুনীয়া হয়, আমাৰ চেনিধৰহঁতৰ চকুদুটাৰ শ্বাটাৰ দুখন বন্ধ কৰাৰ যেন সিমানেই নাম নলয়! এচাম ছাত্রই আকৌ হায়াৰ চেকেণ্ডাৰীতে সেই মহা জ্ঞানবিধৰ চাৰ্টিফিকেট সম্পূৰ্ণ কৰি থয়; গতিকে একদম পকি-মিলি একোজন দুৰ্দান্ত চেনিকাই হৈহে কলেজৰ মজিয়া পায়হি। স্বাভাৱিকতে তেনেকুৱা পকা চেনিকাইবোৰ নিজৰ ক্লাছৰে আনবোৰৰ দ্ৰোণাচাৰ্য হৈ পৰে।
“হেৰা, বজাৰৰ পৰা চেনি আনিবলৈ কৈছিলো যে, কি হ’ল? মোনাত নাই যে! তোমাৰ দ্বাৰা মানে একো এটা কামেই পূৰাকৈ নহয়!”— সুবিধা পালেই মোৰ সৰু ভুল এটিক ডাঙৰ ব্ৰেকিং নিউজ বনোৱাটো ফুলেশ্বৰীয়ে মাকৰ ঘৰৰ পৰা যৌতুকত অনা তৰ্কবিদ্যাৰ এটি অংশ। ই যেন মূল নাটকৰ আগৰ নৃত্য-নাটিকা বা মূল সভাৰ আৰম্ভণি গীত।
“তুমি হোৱাটচএপত যি লিখি দিছা, মই তাকেই আনিছোঁ।”— একান্ত বাধ্য পতিৰ দৰে নিম্নস্বৰত মই ক’লো। নিম্নস্বৰত মানে তাতকৈ তলৰ স্কেলত মোৰ কণ্ঠই মাত উলিয়াব নোৱাৰে। নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ হাতত ফোনটো লৈ উধাতু খাই ফুলেশ্বৰী মোৰ ওচৰ পালেহি।
“চশমা ল’বা, বুইছা। লিষ্টখনৰ এই চাৰি নম্বৰত এইটো কি লিখিছোঁ চোৱা, ভালকৈ এবাৰ চাই লোৱা!”— ফুলেশ্বৰীয়ে হোৱাটচএপত নিজে দিয়া মেছেজটো দন্দুৰা আঙুলিটোৰে দেখুৱাই মোলৈ ইতিকিং সনা বাণ এপাট নিক্ষেপ কৰিলে।
মই মেছেজটো চাই সুধিলো,— “ক’তা, চেনি ক’ত লিখিছা?”, আকৌ সেই নিম্নস্বৰত।
“তোমাৰ লগত আৰু নোৱাৰিছোঁ দেই! তুমি… তুমি বুঢ়া হ’লা; এই চাৰি নম্বৰত দেখা নাই নেকি; এয়া চোৱা কি লিখিছোঁ,— চুগাৰ, এচ… ইউ… জী… এ’… আৰ…।”
“হেৰা মোৰ সোণপাহীজনী, তুমিয়ে ভালকৈ চোৱাচোৱা, নিজে কি লিখিছা। তুমি লিখিছা,— এচ… এ’… জী… এ’… আৰ…।” গতিকে মুন দোকানীয়ে সাগৰ কোম্পানীৰ কৰ্পূৰৰ সৰু পেকেট কেইটামান দি পঠিয়াইছে, পায়স ৰান্ধোতে তাৰে অকণ অকণ দিবা, বুইছা।”
নিজৰ ভুল দেখি দেৱী যেন থিতাতে প্ৰস্থান কৰিবলৈ উদ্যত হ’ল। এতিয়া মোৰ পাল; মই কিবা ইমান সহজে যাবলৈ দিম নে! এনেই ইতিকিং সনা বাণপাটে বুকু বিদাৰি আছে! গধূলি ভগৱানৰ প্ৰাৰ্থনা বাদ দি হ’লেও ’পতিনাং চিৰিয়েল-দৰ্শনং তপঃ’ কথাষাৰিক সাৰোগত কৰি ইমানদিনে টিভিত চোৱা সেই ঘৰ ভঙা চিৰিয়েলবোৰৰ পৰা শিকা কৌশলেৰে ফুলেশ্বৰীক কাবু কৰাৰ মন মেলিলো। তাতেই আকৌ মোক বুঢ়া বুলি অলপ আগতে ভেঙুচালি কৰিছেই; গতিকে সহজে যাবলৈ দিম নে কিবা! মনতে পাতলকৈ হ’লেও হোমিওপ্যাথিক ড’জ এটা দিবলৈ মন কৰিলো। মন কৰিলেই চন; গতিকে…!
“হেৰা, চেনিকণ ভুলতে নানিলো কাৰণে তুমি মোক বুঢ়া সজাই দিলা যে! বৰ দুখ পালো, জানা! এবাৰ ভাবি চোৱাছোন…, তুমি মোক কিমান দুখ দিলা। মোৰ মায়েতো দেউতাক এনেকৈ কেতিয়াও কথা শুনোৱা নাই। তোমাৰ মায়ে তোমাৰ দেউতাক তেনেকৈ কয় নেকি?” (শহুৰৰ ঘৰৰ বাঁহেৰে ভেটিলে জেওৰা হেনো বেছি মজবুত হয়!)
সেমেনা-সেমেনিকৈ ফুলেশ্বৰীয়ে ক’লে,— “মোৰ মায়ে কিয় ক’ব বাৰু?”
“তেন্তে তুমি মোক কিয় তেনেকৈ কৈছা?”— আগতকৈ অলপ উচ্চস্বৰত প্ৰশ্নটো কৰোঁতে নিজকে কিবা বিধান সভাৰ বিৰোধী দলৰ দলপতি যেন লাগিল।
“এনেয়ে কৈছোঁ অ’, ম…ৰ…ম…তেহে…।”— ফুলেশ্বৰীয়ে পেনপেনালে।
“চোৱা, মোৰ দেউতা আৰু মাৰ মাজৰ সম্পৰ্কটো কেৱল স্বামী-স্ত্ৰীৰহে আছিল; হয়তো তোমাৰ মা-দেউতাৰো। তাত আমাৰ দৰে বন্ধুসুলভ সম্পৰ্কটো কম আছিল। তোমাৰ বাবে মই বন্ধু আৰু স্বামী দুইটাই। তোমাৰ এই বন্ধুজনক উপলুঙা কৰিবলৈ যাওঁতে মোত লুকাই থকা স্বামীজনে যাতে মনোকষ্ট নেপায় তালৈ মন দিবা আকৌ। বিজ্ঞজনে কোৱা শুনিছো, সংসাৰখন হেনো স্বামী-স্ত্ৰীয়েহে গঢ়ে…।”
এবাৰ চাওঁ-নাচাওঁকৈ লাহেকৈ ফুলেশ্বৰীলৈ চালো। মুখৰ জেউতিকণ কমা যেন লাগিল; ভবাতকৈ ড’জটো অলপ বেছি কাঢ়া হ’ল যেন লাগিল; গতিকে মিহিকৈ তৈলবাণ এভাগ এৰি দিবলৈ মন মেলিলো।
“হেৰা, তভক মাৰিলা যে! এনেয়েহে কৈছোঁ এইবোৰ। কোভিদৰ বাবে বহুদিন অফলাইন ক্লাছ লোৱা নাই যে! কলেজৰ ল’ৰা-ছোৱালীক গালি দিব নোৱাৰি মুখৰ চোকটো কমিছে নেকি তাকেইহে অলপ টেষ্ট কৰি চালো; ঠিকে আছেনে বাৰু চোকটো?”
“তুমি কিন্তু পটককৈ কথা সলাব পাৰা দেই! ৰাজনীতিত কেলেই নগ’লা বাৰু? যোৱাহেঁতেন আজি চাগে মই মন্ত্রীৰ ঘৈণীয়েক হৈ থাকিলোহেঁতেন জানা” বুলি কৈ মন্ত্রীয়নী পাকঘৰত সোমাল। ফুলেশ্বৰীয়ে মোক মন্ত্ৰী বুলি ভেঙুচালি কৰিলেনে কি বাৰু, ধৰিবই নোৱাৰিলো। স্বয়ং দেৱগণে ভালকৈ চিনি নোপোৱা প্ৰজাতিক মই নৰাধমেনো কেনেকৈ চিনি পাম বাৰু! গতিকে নুবুজা অংকৰ পৰা দূৰতে বিদূৰ হৈ দিলো। বুঢ়া-মেথাই কয়— এইবিধ অংকৰ টিউশ্যনো হেনো লৈ লাভ নাই!
তাহানিৰ হোষ্টেলৰ চেনিগুটি এটালৈ ফোন লগালো। তাৰ চেনিৰ ৰসত আমাৰ ক্লাছমেট এজনী সেই তাহনিয়ে বুৰ গ’ল। এতিয়া দুইটা মুম্বাইত থাকে, ল’ৰা-ছোৱালী এহাল; সুখৰ সংসাৰ। দুইজনৰ লগতে কথা পাতিলো, গতিকে অলপ দীঘলীয়া হ’ল। এনেতে দেখিলো, দুকাপ চাহ লৈ ফুলেশ্বৰী হাজিৰ।
“স্বামীদেৱ, অভাগিনীয়ে দুগ্ধ আৰু শৰ্কৰাৰহিত চাহ প্ৰস্তুত কৰি আনিছোঁ। দায়-দোষ মৰিষণ কৰি চাহ পিয়লা গ্ৰহণ কৰে যেন।” কটাক্ষ বাণ মাৰি ফুলেশ্বৰীয়ে মোলৈ চাহকাপ আগবঢ়াই দিলে।
“হেৰা, আজি হোষ্টেলৰ চেনিগুটিবোৰলৈ বৰ মনত পৰি আছে হে। ৰ’ব নোৱাৰি এজনৰ লগত ফোনতে কথা পাতিলো।”
“তোমাক কিন্তু মানিছোঁ দেই! হোষ্টেলৰ সেই কথাবিলাক ভাল পাগুলি থাকিব পাৰা।”
“হোষ্টেল এৰাৰ অত যুগ হ’ল, অথচ এনে লাগে যেন সেইদিনাখনহে এৰি আহিছোঁ। সকলোবোৰ জল-জল পট-পটকৈ মনত আছে জানা! কিমান যে বিচিত্র ছাত্রৰ সমাহাৰ এই হোষ্টেলবোৰ। হোষ্টেলৰ জীৱন অবিহনে কিন্তু শিক্ষা-জীৱন সঁচায়ে আধৰুৱা হৈ ৰয়।”
“চেনিগুটিবোৰক কিন্তু আমি ছোৱালীবোৰেও ভালকৈয়ে চিনি পাইছিলো জানা। সিহঁতবোৰৰ চেনিয়ামিৰ ষ্টাইল কি যে ভিন ভিন আছিল অ’, মনত পৰিলে হাঁহিয়ে উঠে।”
“হয় দেই, ল’ৰা হোষ্টেলৰ চেনিধৰসকলৰ কিবা মাথাৰ চাৰ্কিটেই বেলেগ। ইউনিভার্চিটিৰ প্ৰতিজনী ধুনীয়া ছোৱালীৰ নাম, ফোন নম্বৰবোৰ নখ-দৰ্পণতে আছিল।”
“তুমিও কম চেনি নাছিলা দিয়া!” কথাষাৰ কৈ বেঁকা হাঁহি এটা মাৰি দুপৰীয়াৰ ভাতসাজৰ বাবে ফুলেশ্বৰী দ্বিতীয় ইনিংচ খেলিবলৈ ভিতৰ সোমাল। নহৰু কেইকোঁহমানৰ বাকলি চেলাই বি..ৰা..ট সহায় কৰিবলৈ ময়ো অন্নদাত্ৰীৰ পিছ ল’লো।
❧ | আৰু পঢ়ক: