মা নৱ জীৱনত নৈতিকতা আৰু ধৰ্মৰ বিশেষ গুৰুত্ব আছে। ই ব্যক্তিক আদৰ্শবান কৰি গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰিব পাৰে। ধৰ্ম হৈছে সাধাৰণতে কোনো অতিপ্রাকৃত সত্তাত মানুহৰ বিশ্বাস, যি বিশ্বাসে মানুহৰ প্ৰায় সকলো প্ৰকাৰৰ অনুভূতি আৰু ক্ৰিয়া-কলাপক নিয়ন্ত্রণ কৰে। ধৰ্মবোধ— জ্ঞান, অনুভূতি আৰু কৰ্ম, এই ত্ৰি উপাদানৰ সংমিশ্ৰিত এক ধাৰণা। আনহাতে নৈতিকতা হ’ল সমাজত বাস কৰা মানুহৰ আচৰণৰ এক আদর্শনিষ্ঠ বিষয়, যিয়ে জীৱনৰ পৰমাৰ্থৰ আলোকত মানুহৰ আচৰণৰ ভাল, বেয়া বিচাৰ কৰোৱাই বা ব্যক্তিৰ আচৰণৰ অতি শ্ৰেয়ত্বৰ ধাৰণা দিয়ে।
নৈতিকতা বনাম ধৰ্ম
মানুহৰ জীৱনত নৈতিকতা আৰু ধর্ম এনে ঘনিষ্ঠভাৱে সম্পর্কযুক্ত যে নৈতিকতাক বাদ দি ধর্ম বা ধৰ্মক বাদ দি নৈতিকতাৰ আলোচনা সম্ভৱ নহয়। সেয়ে ডেকার্ট (René Descartes), লক্ (John Locke) আদিৰ দৰে দাৰ্শনিকে ধর্মক নৈতিকতাৰ উৎস বুলি আখ্যা দিয়ে৷ তেওঁলোকৰ মতে ধৰ্মৰ পৰাই নীতি তথা নৈতিকতাৰ উৎপত্তি। পৰম সত্তা বা ঈশ্বৰৰ বিধান মানি জীৱন নিৰ্বাহ কৰাই মানুহৰ প্ৰকৃত কৰ্তব্য। এই বিধান মানি চলিলে মানুহে পৰম কল্যাণ লাভ কৰিব, অন্যথা মানুহৰ অমংগল হ’ব, অর্থাৎ প্রথমে ঈশ্বৰ আৰু তেওঁৰ বিধান, তাৰ পিছতহে নৈতিকতা।
কিন্তু কাণ্ট (Immanuel Kant), মার্টিনিউ (Harriet Martineau) আদি দাৰ্শনিকৰ মতে আকৌ নৈতিকতা বা নীতিৰ পৰাহে ধৰ্মৰ বুৎপত্তি হৈছে। কাণ্টৰ মতে, এই বিশ্বত এনে এটা নৈতিক শক্তিয়ে কাম কৰিছে যি ধৰ্মক সুখৰ লগত আৰু অধৰ্মক দুখৰ লগত সংযুক্ত কৰিছে। এই জীৱনত নহ’লেও পৰৱর্তী জীৱনত হ’লেও সৎ ব্যক্তি পুৰস্কৃত হ’বই। এই নৈতিক শক্তিয়েই হ’ল সর্বশক্তিমান আৰু সৰ্বজ্ঞ ঈশ্বৰ৷ গতিকে নীতিয়ে আমাৰ মনলৈ ঈশ্বৰৰ ধাৰণা আনি দিয়ে।
এইটো স্বীকাৰ্য যে নৈতিকতাই শ্ৰেয়ৰ আদৰ্শক লৈ আলোচনা কৰে আৰু নৈতিক আদৰ্শৰ লগত পৰম সত্তাৰ প্ৰশ্নও জড়িত থাকে। মানুহৰ বাবে পৰম কল্যাণৰ ৰূপটি এক আদর্শ, কিন্তু ঈশ্বৰৰ মাজত এই আদর্শই বাস্তৱ ৰূপ পায়। নৈতিক পূৰ্ণতাৰ প্ৰতীক ঈশ্বৰৰ মাজত এই পৰম কল্যাণৰ আদৰ্শই বাস্তৱ ৰূপ ধাৰণ কৰিছে। গতিকে নৈতিকতা ধৰ্মৰ লগত ঘনিষ্ঠভাৱে যুক্ত।
নৈতিক আদৰ্শ কি?
লোকৰীতি অনুসৰি নৈতিক আদর্শ এনে এক আদৰ্শ, যাক এটা জীৱনতে সম্পূর্ণভাবে আয়ত্ত কৰিব পৰা নাযায়। নৈতিক আদর্শ অসীম আৰু অনন্ত। গতিকে মানুহে জন্ম-জন্মান্তৰৰ মাধ্যমেৰে ধাপে ধাপে এই আদৰ্শৰ ফালে আগুৱাই যাবলগীয়া হয়। আত্মাৰ অমৰত্ব স্বীকাৰ নকৰিলে এই নৈতিক আদৰ্শক পোৱাৰ প্ৰচেষ্টাৰ কোনো সাৰ্থকতা নাথাকে। এই দিশৰ পৰা নীতিবিদ্যা ( Ethics) আৰু ধৰ্ম উভয়েই আত্মাৰ অমৰত্ব স্বীকাৰ কৰি লয়। সেয়ে নৈতিকতা আৰু ধৰ্মৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ কথা মানি ল’ব লগা হয়।
নৈতিকতা আৰু ধৰ্ম একেই নে?
অৱশ্যে নৈতিকতা আৰু ধৰ্মৰ মাজত ঘনিষ্ঠ সম্পর্ক থাকিলেও উভয়কে একেই বুলিও ক’ব পৰা নাযায়। নীতি তথা নৈতিকতা আৰু ধৰ্মৰ উদ্ভৱ স্বতন্ত্রভাৱে হৈছে। ধৰ্মৰ উদ্ভৱ হৈছে মানুহৰ নিৰ্ভৰতাবোধৰ (feeling of dependence) পৰা। এনেকুৱা অনেক শক্তি আছে, যাৰ ওচৰত মানুহৰ নিজকে ক্ষুদ্ৰ আৰু অসহায় যেন ভাব হয়। এই জাতীয় শক্তিত দেৱত্ব আৰোপ কৰি সেই দেৱতাৰ অনুগ্রহ লাভ কৰাৰ ব্যাকুলতা মানুহৰ মনত জাগে। নীতিবিদ্যা তথা নৈতিকতা উদ্ভৱ হৈছে মানুহৰ বিবেকৰ পৰা, মানুহে তেওঁৰ বিবেকৰ পৰা এটা নৈতিক আদৰ্শৰ সৃষ্টি কৰি সেই আদর্শ অনুসৰি নৈতিক জীৱন যাপন কৰিব বিচাৰে। গতিকে মানুহৰ ক্ৰমবিকাশৰ অতি উচ্চ স্তৰত নীতিবিদ্যাৰ উদ্ভৱ হৈছে। কিন্তু ধৰ্মৰ উদ্ভৱ ইয়াৰ বহু আগতেই।
নৈতিকতা আৰু ধৰ্মৰ মাজৰ সম্পৰ্ক
সিদ্ধান্ত হিচপে আমি উভয়কে সংপৃক্ত কৰিব লাগিব। এক কথাত ধৰ্ম আৰু নীতি পৰস্পৰ নিৰ্ভৰশীল। ধর্মভাৱ প্ৰৱল হ’লে সৎ আচৰণ কৰাৰ প্ৰৱণতাও গভীৰ হ’ব। ধার্মিক ব্যক্তি হ’ল সৎ ব্যক্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। ঈশ্বৰত বিশ্বাস থাকিলে মানুহে ধর্মপথত থকাৰ আৰু চলাৰ প্ৰেৰণা পায়। আকৌ নীতিবোধ বা নৈতিকতা যিমান গভীৰ হ’ব, ধৰ্মভাবো সিমানেই প্ৰৱল হ’ব। নৈতিকতা বিনা ধৰ্ম অন্ধ কুসংস্কাৰ মাত্ৰ। আনহাতে ধৰ্ময়ো নীতিক উন্নত কৰি পূৰ্ণতাৰ পথত পৰিচালিত কৰে। নীতিয়ে ধৰ্মৰ মাজেদিহে পৰিণতি লাভ কৰে আৰু ধৰ্ম নীতিৰ মাজেদিহে প্রকাশিত হয়।
❧ | আৰু পঢ়ক: