সাধাৰণতে অসমীয়া মানুহৰ ইতিহাস চেতনা কম বুলি এক বদনাম আছে। ক’বলৈ গ’লে অসমত আহোম ৰাজত্বৰ দিনৰ পৰাহে স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত ইতিহাসচৰ্চাৰ প্ৰচলন হৈছিল বুলি ক’ব পাৰি। অৱশ্যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেৰাৰ প্ৰিয় আৰু প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ বন্দনা বা প্ৰশস্তিৰ বাবে পৰৱৰ্তী কালৰ শিষ্য-প্ৰশিষ্যৰ দ্বাৰা ৰচিত চৰিতপুথিৰ জৰিয়তে সেই সময়ৰ সমাজৰ কিছু দিশ পোহৰলৈ অনাৰ বাবে এক চেষ্টা অব্যাহত আছিল।
আহোম ৰাজত্বকালৰ দুখন বিখ্যাত ৰণ ক্ৰমে ১৬৭১ চনৰ শৰাইঘাটৰ ৰণ আৰু ১৮২২ চনৰ হাদিৰাচকীৰ ৰণ ঐতিহাসিকভাৱে প্ৰসিদ্ধ। শৰাইঘাটৰ ৰণত আহোমে মোগলৰ বিৰুদ্ধে আৰু হাদিৰাচকীৰ ৰণত আহোমে মানৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হৈছিল। হাদিৰাচকীৰ ৰণত কেৱল বীৰত্বৰ কাহিনীয়েই সন্নিৱিষ্ট হোৱা নাছিল, তাত আছিল হিন্দু, শিখ আৰু মুছলমানৰ এক সন্মিলিত যুঁজৰ কাহিনী।
শৰাইঘাটৰ ৰণে আহোমৰ বিজয়ৰ গৌৰৱ কঢ়িয়াই আনিলেও হাদিৰাচকীৰ ৰণে সেই একেখিনি মানুহকে দিছিল পৰাজয়ৰ গ্লানি। পৰৱৰ্তী কালত মানৰ আক্ৰমণে অসমীয়া মানুহক এনেদৰে দুৰ্বল কৰি তুলিছিল যে পৰিত্ৰাণ বিচাৰি বৃটিছৰ শৰণাপন্ন হ’বলগীয়া হৈছিল। বৃটিছ সেনাই মানসেনাক পৰাস্ত কৰি অসম উদ্ধাৰ কৰিছিল ঠিকেই, কিন্তু তাৰ বিনিময়ত বৃটিছে অসম অধিকাৰ কৰি ম্যানমাৰ ৰাষ্ট্ৰৰ ইৰাৱতী নদীৰ পাৰত অৱস্থিত ইয়াণ্ডাবু নামৰ ঠাইত এখন চুক্তি কৰিলে। সেয়াই আছিল ঐতিহাসিক ইয়াণ্ডাবু চুক্তি। ইয়াণ্ডাবু চুক্তিৰ তাৰিখ আছিল ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী। সম্প্ৰতি ইয়াণ্ডাবু চুক্তিৰ দুশ বছৰ পূৰ্ণ হ’ল।
এই দুশ বছৰীয়া পৰিক্ৰমাত অসমীয়া ৰাইজৰ মাজত সঁচাকৈয়ে জাতীয় চেতনা জাগ্ৰত হ’ল নে নাই তাক বিশ্লেষণ কৰাৰ সময় উপস্থিত। আমি অসমীয়াসকল ক’লৈ গৈ আছোঁ? কি হ’ব অসম আৰু অসমীয়াৰ ভৱিষ্যৎ? অসমীয়া মানুহৰ মনত ইতিহাসৰ এনেবোৰ ঘটনাপ্ৰৱাহে জাতীয় চেতনাক জাগ্ৰত কৰি তুলিবনে? এনেবোৰ বিষয়-বস্তুক লৈয়ে এখন গ্ৰন্থ প্ৰণয়ন কৰা হৈছে— ‘হাদিৰাচকীৰ পৰা ইয়াণ্ডাবুলৈ’।
শৰাইঘাটৰ ৰণৰ কথা আমাৰ মানুহে কিছু কথা জানে যদিও অসমৰ সৰহ সংখ্যক লোকেই হাদিৰাচকীৰ ৰণৰ কথা নাজানে। নাজানে হাদিৰাচকী কি, ক’ত আৰু কিয় বিখ্যাত। অসমক লৈ সততে গৌৰৱ কৰা জাতীয়তাবাদী শিবিৰৰ বহুতেই হয়তো নাজানে যে হাদিৰাচকী আছিল আহোম ৰাজ্যৰ পশ্চিম সীমান্তৰ এখন প্ৰখ্যাত চকী বা দুৱাৰ। আহোমসকলৰ ছশ বছৰীয়া ৰাজত্বৰ বেলি মাৰ যোৱাৰ এক ঐতিহাসিক সাক্ষী আছিল এই হাদিৰাচকী।
এজন নাট্যবোদ্ধাৰ জীৱন কথা
সপোনজ্যোতি ঠাকুৰ
১৮১০ চনত চন্দ্ৰকান্ত সিংহই আহোম ৰাজতন্ত্ৰৰ ৩৭ সংখ্যক স্বৰ্গদেউ হিচাপে শাসনভাৰ গ্ৰহণ কৰিছিল। মাত্ৰ বাৰ বছৰ বয়সতে ৰাজপাট গ্ৰহণ কৰা এইগৰাকী স্বৰ্গদেউৰ দিনত ৰাজ্য শাসনৰ প্ৰায়বোৰ দায়িত্ব অৰ্পণ কৰা হৈছিল প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ওপৰত। ৰাজনৈতিক আদৰ্শগত সংঘাতৰ ফলস্বৰূপে বদন বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰভাৱ প্ৰতিহত কৰিবৰ বাবে মানসেনাক আমন্ত্ৰণ কৰি আনিছিল।
১৮২২ চনৰ ২১ জুন তাৰিখে হোৱা হাদিৰাচকীৰ ৰণত আহোম সেনাৰ নেতৃত্ব দিছিল চাৰু নামৰ এগৰাকী সেনাপতিয়ে আৰু মান সেনাৰ নেতৃত্ব প্ৰদান কৰিছিল মিঙ্গিমাহা তিলোৱাই। এই ৰণত মানসেনাই আহোম সেনাক পৰাস্ত কৰি বিজয় ধ্বজা উৰুওৱাতেই ক্ষান্ত নাথাকি শুভা, চেঙা, বৰপেটা, যোগীৰপাম, হাউলী, বৰনগৰ পাৰ হৈ মইনবৰিত কোঠ মাৰিছিল। বৰনগৰৰ শাসক চণ্ডী বৰুৱাক বন্দী কৰি নি হত্যা কৰিছিল।
ইতিহাসবিদ ড° সূৰ্য কুমাৰ ভূঞাই ‘হাদিৰাচকীৰ পৰা গণ পৰিষদলৈ’ শীৰ্ষক এটা লেখাত “১৮২২ চনৰ ২১ জুনেই হৈছে অসমৰ স্বাধীনতাৰ শেষৰ দিন” বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। অৰ্থাৎ হাদিৰাচকীতেই অসমৰ স্বাধীনতাৰ বেলি মাৰ গৈছিল চিৰকাললৈ।
‘হাদিৰাচকীৰ পৰা ইয়াণ্ডাবুলৈ’ নামৰ নৱকুমাৰ মিশ্ৰই সম্পাদনা কৰা এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ ষ্টুডেণ্টচ্ ষ্ট’ৰচ নামৰ প্ৰকাশন গোষ্ঠীয়ে। গ্ৰন্থখনৰ বিষয়-বস্তু আৰু লেখকসকল হ’ল ক্ৰমে— নৱকুমাৰ মিশ্ৰৰ ‘হাদিৰাচকীৰ পৰা ইয়াণ্ডাবুলৈ’, ড° দীনেশ বৈশ্যৰ ‘হাদিৰাচকীৰ দুখ’, ড° দেৱব্ৰত শৰ্মাৰ ‘হাদিৰাচকীৰ পৰা বিকশিত আনন্দৰাম ঢেকিয়াল ফুকনৰ স্বপ্ন আৰু স্বপ্নভংগ’, থানেশ্বৰ মালাকাৰৰ ‘কিদৰে জীয়াই ৰাখিম হাদিৰাচকীৰ ৰণৰ স্মৃতি’, গুৰুমাইল সিঙৰ ‘চন্দ্ৰকান্তৰ শেষ ৰণ’, তপন কুমাৰ শৰ্মাৰ ‘ইয়াণ্ডাবুৰ পৰা কৈছোঁ’, টুনুজ্যোতি গগৈৰ ‘মানৰ অসম আক্ৰমণ আৰু অবিভক্ত গোৱালপাৰা’, ড° ৰুমী নাথৰ ‘অসম আৰু মেঘালয়ত বাস কৰি থকা টাই মানসকল’, ড° ভৱেশ দাসৰ ‘হাদিৰাচকীৰ গুৰুত্ব: আহোমৰ দিনত অসমৰ বাণিজ্য’, ড° অৰবিন্দ ৰাজখোৱাৰ ‘ইয়াণ্ডাবু সন্ধি আৰু অসমীয়া ভাষাৰ বিপৰ্যয়’, সুন্দৰ চাংমাৰ ‘ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰীয়া পৰিক্ৰমা আৰু ইয়াণ্ডাবু গাঁওখন’, দীপক শৰ্মা মেধীৰ ‘হাদিৰাচকী, ফুলৰা আৰু চতলা’, কৰুণাকান্ত ৰায়ৰ ‘ইয়াণ্ডাবু চুক্তিৰ দুশ বছৰ’ আৰু উপেন বৰুৱাৰ ‘ইতিহাসপ্ৰসিদ্ধ হাদিৰাচকী’।

হাদিৰাচকীৰ পৰা ইয়াণ্ডাবুলৈ (প্ৰবন্ধ সংকলন)
সম্পাদনা: নৱকুমাৰ মিশ্ৰ
প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট’ৰচ, কলেজ হোষ্টেল ৰোড, পাণবজাৰ, গুৱাহাটী-৭৮১০০১
মূল্য: ২৫০.০০ টকা।

গোৱালপাৰা জিলাৰ অতীত আৰু বৰ্তমান
ড° ভৱেশ দাস

আহোমৰ সংকটকালত ভোটাই ডেকা
কুমাৰ বিভূতি

সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্যৰ প্ৰতিফলন
বিদ্যুৎ দত্ত
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক


