নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

প্ৰেমৰ আঢ়ৈটা আখৰ: কবীৰৰ সাতোটা দোহা

প্ৰেমৰ আঢ়ৈটা আখৰ: কবীৰৰ সাতোটা দোহা

মূল: কবীৰ দাস
অনুবাদ: মমতাজ আনচাৰি

১.
বাণী হ’ব লাগে এনুৱা মধুৰ, শ্ৰোতাৰ যি মন হৰে।
আনক দিয়ে মহা আনন্দ, নিজৰো মন শাঁত পৰে।।

২.
দুচটা শিলৰ মাজত কোননো থাকে বাচি।
ঘূৰণ দেখি যাঁতৰ দিলে কবীৰাই কান্দি।।

৩.
পুৰিলো আপোন ঘৰ, লৈ জোৰ মই হাতত।
নিজৰ ঘৰ জ্বলোৱা যদি, ওলোৱা মোৰ লগত।।

৪.
গুৰু গোবিন্দ দুয়ো আহিল, পূজোঁ কাক পহিলা।
প্ৰণাম হে গুৰু আপোনাকে, গোবিন্দক মিলাই দিলা।।

৫.
দুখত স্মৰণ কৰে সকলোৱে, সুখত কোনেনো কৰে।
সুখত স্মৰণ কৰাজন দুখত কেতিয়াও নপৰে।।

৬.
চপাই ৰাখিবা নিন্দুকক সাজি চোতালত পঁজা।
চাবোন তেল নোহোৱাকৈয়ে কৰিব স্বভাৱ নিকা।।

৭.
পুথি পঢ়ি পঢ়ি কত গ’ল, পণ্ডিত কেও নহ’ল।
প্ৰেমৰ আঢ়ৈটা আখৰ পঢ়ি পণ্ডিতপ্ৰৱৰ হ’ল।।

কবীৰ দাস

কবীৰৰ দোহা

কবীৰৰ নামত জাৰী কৰা ডাক টিকেট

সন্ত কবীৰ দাস পঞ্চদশ শতিকাৰ এগৰাকী মহাপুৰুষ তথা অতিন্দ্ৰীয়বাদী কবি। তেওঁৰ জন্ম আৰু মৃত্যুৰ সময় সম্পৰ্কে সঠিক তথ্য পাবলৈ টান যদিও তেওঁৰ ১৩৯৮ খ্ৰীষ্টাব্দত উত্তৰ প্ৰদেশৰ বাৰনসীত জন্ম হৈছিল আৰু ১৫১৮ খ্ৰীষ্টাব্দত মৃত্যু হৈছিল বুলি মানি লোৱা হৈছে। তেওঁৰ কবিতা বা ‘দোহা’সমূহে তদানীন্তন ভক্তি আন্দোলনত বিশেষ প্ৰভাৱ পেলাইছিল।

দোহাসমূহ কথিত হিন্দী ভাষা, মূলতঃ ব্ৰজভাষা, অৱধী আৰু ভোজপুৰী ভাষাৰ মিশ্ৰণত ৰচিত হৈছিল। সহজ-সৰলভাৱে ৰচিত, কিন্তু ভাবোদ্দীপক আৰু সমৰ্পণৰ সুৰেৰে সমৃদ্ধ কবীৰৰ দোহাসমূহে যুগে যুগে মানুহক বিমল আনন্দ দি আহিছে।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Twitter
HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

ব’হাগ

ব’হাগ

মূৰ্তি

মূৰ্তি