তাজমহলটো এদিন ভাগিব
কুটুবমিনাৰো আৰু যিমানবোৰ—
মিনাৰ স্মৃতিস্তম্ভ বা সৌধ আছে বুৰঞ্জীৰ
ঐতিহ্যৰ অট্টালিকাত অহৰ্নিশে পৰি আছে
হাতুৰীৰ কোব
ফটৰ ফটৰ ছিগিছে গাঁঠি
চটাচট এৰাইছে গাঁথনি
খহি পৰিছে সমাজ আৰু মানুহ-মানুহৰ
সম্বন্ধৰ এনাজৰী
ভাঙি পেলোৱা হৈছে মন-মন্দিৰ মানুহৰ
পুতি পেলোৱা হৈছে স্মৃতিৰ সৰোবৰ
বিচ্ছিন্নতাৰ হাৱা-মহলত মাতৃক বন্দী কৰি
অন্ধকাৰ আৰু অনিশ্চয়তাৰ মাজত
মেলি দিয়া হৈছে অনাথ শিশু এজাকক
ন্যায় আৰু ভাতৃত্বৰ ভাবনাই যদি নাথাকে মনত
মাৰ্বলৰ সুদৃশ্য স্থাপত্যই কি দিব দেশক
এনে দিন নাহক—
ভাগিব লালকিল্লা
খহি পৰিব ত্ৰিৰংগা বনত৷
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।