শিক্ষা আৰু শিক্ষক প্ৰসংগত

প্ৰকাশ: ২ ছেপ্তেম্বৰ, ২০১৮ | অন্তিম সম্পাদনা: ২ ছেপ্তেম্বৰ, ২০১৮

এই পৃথিৱীত মানুহেই হ’ল একমাত্র চিন্তাশীল জীৱ। এই গুণটোৰ বাবেই মানুহক কোৱা হয় জীৱশ্রেষ্ঠ। চিন্তাশক্তি বুলিলে যিখন ক্ষেত্রক চিহ্নিত কৰা হয়, সেই ক্ষেত্ৰখন হ’ল বৌদ্ধিক ক্ষেত্র। বৌদ্ধিক ক্ষেত্ৰৰ বিকাশত যিখন ক্ষেত্রই নিৰ্ণায়ক ভূমিকা গ্রহণ কৰে, সেই ক্ষেত্ৰখনেই হ’ল শৈক্ষিক ক্ষেত্র। গতিকে শিক্ষা অবিহনে আমাৰ জীৱন অর্থহীন। প্রকৃত অর্থত, ‘শিক্ষা’— এই শব্দটোৱেই সবাতোকৈ গভীৰ তথা মহত্তম শব্দ। শিক্ষাৰ জৰিয়তেহে মানুহে লাভ কৰে অনাবিল আনন্দ, উৎসাহ, উদ্যম, কর্মস্পৃহা, প্ৰেৰণা আদি। স্বামী বিবেকানন্দই কৈছিল— “আমাক সেই শিক্ষা লাগে, যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধাশক্তি বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰে।” শিক্ষা ব্যৱস্থাটোৰ ওপৰতেই এটা জাতি বা এখন দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে শিক্ষাৰ লক্ষ্য, নীতি, ভূমিকা আদি বিভিন্ন ৰূপত প্ৰকাশ পাই আহিছে। শিক্ষাৰ মূল লক্ষ্য হৈছে মানুহ গঢ়া। বিশিষ্ট শিক্ষাবিদ হাৰ্বাৰ্ট স্পেন্সাৰ (Herbert Spencer)-এ শিক্ষা সম্পর্কে কৈছিল— “শিক্ষাই এটি শিশুক প্রকৃত জীৱন যাপনৰ উপযোগী কৰি তুলিব লাগিব, শিক্ষাই ক’ব লাগিব কেনেকৈ আমি শৰীৰ প্রতিপালন কৰিব লাগে, কেনেকৈ মনৰ কৰ্ষণ কৰিব লাগে, কেনেকৈ সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু কেনেকৈ এজন সুনাগৰিক গঢ়ি তুলিব পাৰি।” শিক্ষাই সমাজৰ আৰু নিজৰ উন্নতিৰ কাৰণে প্রত্যেক ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক গুণাৱলীৰ সম্পূৰ্ণৰূপে বিকাশ সাধন কৰি তোলে। শিক্ষাই মানুহক সংবেদনশীল কৰি গঢ় দি তোলাৰ লগতে মানৱীয় গুণৰাজিৰ বিকাশ ঘটায়। জ্যেষ্ঠজনক সন্মান কৰাৰ মনোবৃত্তি গঠনত সহায় কৰে আৰু সর্বোপৰি মানুহক সংস্কৃতিবান আৰু ৰুচিসম্পন্ন কৰি তোলে, আত্মসন্মানবোধ জগাই তোলে আৰু সামাজিকভাৱে সজাগ কৰি তোলে। অৱশ্যে শিক্ষাৰ দিশত অভিজ্ঞতাৰ শিক্ষা আৰু আনুষ্ঠানিক শিক্ষা একে কথা নহয়। এজন নিৰক্ষৰ মানুহৰো এটা উচ্চশিক্ষিত মন থাকিব পাৰে আৰু তাৰ বিপৰীতে এজন আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত উচ্চ ডিগ্ৰীধাৰী লোকৰ মনো অশিক্ষিত মনৰ সাঁচৰ হৈ থাকিব পাৰে। মহামতি অশোক, আকবৰ অথবা চাওলুং চুকাফাই আনুষ্ঠানিক শিক্ষাৰে কিমানদূৰ শিক্ষিত হৈ ইতিহাসক কেনেধৰণৰে গতি প্রদান কৰি নিজৰ নাম আৰু কৰ্মক সোণালী আখৰেৰে কাললৈ জাকত জিলিকাবলৈ সক্ষম হৈছিল, সেইটো সর্বজন স্বীকৃত বিষয়। অৱশ্যে সাম্প্রতিক সময়ত ফটফটীয়া দিশটো হ’ল সভ্যতাৰ বিকাশত আনুষ্ঠানিক শিক্ষাৰ গুৰুত্বহে সৰ্বাধিক। তাহানিৰ গুৰুকুল শিক্ষা ব্যৱস্থাই হওক বা আজিৰ অত্যাধুনিক ছেটেলাইট ক্লাচৰুমৰ ব্যৱস্থাই হওক— সকলো সভ্যতাৰ সকলো শিক্ষা ব্যৱস্থাতে সত্তাৰ বিকাশৰ বাবে, প্রয়োজনীয় সচেতনতাক সমৃদ্ধ কৰিবৰ বাবে শৈক্ষিক পৰিস্থিতিৰ মূল্যায়ন যে অনস্বীকার্য, সেয়া প্রমাণিত। দৰাচলতে শিক্ষা মানৱ জীৱনৰ পূর্ণতাৰ স্বাক্ষৰ। শিক্ষাই মানৱ জীৱনত শুদ্ধ চিন্তা আৰু সৎ কর্মৰ পথ মোকলাই তোলে। জীৱনত কেনেদৰে সফলতা লাভ কৰিব পাৰি, কেনেভাৱে জীৱন নির্বাহ কৰিলে জন্মলাভৰ সার্থকতা হয়, সেই দিশৰ সন্ধান একমাত্র উপযুক্ত শিক্ষাইহে দিব পাৰে। শিক্ষাৰ লগতে জড়িত হৈ আছে মানৱ-জীৱনৰ ক্রমোন্নতিৰ সম্পর্ক।

এখন দেশৰ সমৃদ্ধি আৰু জীৱন নির্বাহৰ প্রগতি নিৰ্ভৰ কৰে মানসম্পন্ন শিক্ষা ব্যৱস্থাৰ ওপৰত। আচলতে দেশ এখন যিমানেই সম্পদশালী নহওক কিয়, শিক্ষাৰ দিশটো যদি পুতৌলগা হয়, তেতিয়াহ’লে দেশখনে কেতিয়াও প্রগতিৰ পথত আগবাঢ়িব নোৱাৰে। আজি যিবোৰ দেশে আধুনিক শিক্ষা-ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি নতুন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনেৰে আধুনিক জীৱনৰ লগত সংগতি ৰাখিবলৈ সক্ষম হৈছে, সেইবোৰ দেশৰ জনসাধাৰণে তেনে শিক্ষা লাভ কৰি স্বাভাৱিকতে উপকৃত হৈছে। সাম্প্রতিক সময়ত গোলকীকৰণৰ জৰিয়তে সমগ্র বিশ্বত শিক্ষা বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব প্রদান কৰি শিক্ষাৰ সামগ্রিক উন্নয়নৰ হেতু ‘সকলোৰে বাবে শিক্ষা’— এই ব্যৱস্থাৰ বাস্তৱ ৰূপায়ণৰ বাবে বিভিন্ন পন্থা গ্রহণ কৰিছে। দেখা গৈছে, বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্রতে আধুনিক শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে বিভিন্ন আঁচনি আৰু বিভিন্ন পৰিকল্পনা যুগুতাই শিক্ষানীতিক বাস্তৱমুখী কৰি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে। এটা কথা ঠিক যে ৰাষ্ট্রৰ শিক্ষা আয়োগসমূহে বা চৰকাৰে শিক্ষা পদ্ধতিৰ উন্নয়নৰ বাবে যিমানেই আঁচনি বা পৰিকল্পনা নলওক কিয়, এইবোৰক প্ৰকৃতাৰ্থত কার্যকৰী কৰাত মুখ্য ভূমিকা গ্রহণ কৰে সমাজ, ছাত্র-ছাত্রী আৰু শিক্ষকসকলে। সমাজৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ মান উন্নত কৰি গতিশীল সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই ছাত্র-ছাত্রীৰ সর্বতোপ্ৰকাৰৰ বিকাশ সাধন কৰি সুস্থ-সবল সুনাগৰিক হিচাপে গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰে শিক্ষকসকলে। শিক্ষক হৈছে এক চিৰপ্রজ্জ্বলিত বন্তি, যাৰ জ্যোতিয়ে আলোকিত কৰে এখন সমাজ, এটা জাতি। মানুহ গঢ়াৰ খনিকৰৰূপী শিক্ষকসকলেই আমৃত্যু কৃচ্ছসাধনৰ মাজেদি ভৱিষ্যৎ প্রজন্মক প্রতিনিয়ত জ্ঞানৰ পোহৰেৰে উদ্ভাষিত কৰি তোলে। কোৱা হয়— শিক্ষক জন্মহে হয়, গঢ় দিব নোৱাৰি (Teacher is born, not made)। শিক্ষকসকল সমাজৰ আটাইতকৈ উল্লেখনীয় আৰু সন্মানীয় ব্যক্তি। শিক্ষকসকলক ত্যাগ আৰু আদৰ্শৰ প্রতীক বুলি কোৱা হয়। শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কৰ বিষয়ে সকলোৱেই জ্ঞাত। শিক্ষক ছাত্র-ছাত্রীৰ বন্ধু, পথ-প্রদর্শক। প্রখ্যাত দার্শনিক এৰিষ্ট’টলে কৈছিল—“শিক্ষকসকল পিতৃ-মাতৃতকৈয়ো শ্রদ্ধাৰ পাত্র, কাৰণ পিতৃ-মাতৃয়ে সন্তান জন্মহে দিয়ে, জীৱন ধাৰণৰ প্রণালী নিৰূপণ কৰে শিক্ষকে।” শিক্ষকৰ পৰা লাভ কৰা জ্ঞান এজন ছাত্ৰই আজীৱন মনৰ মাজত আলফুলে কঢ়িয়াই লৈ ফুৰে। আমাৰ ভাৰতীয় সমাজতো শিক্ষকসকলৰ প্রতি সকলোৰে মনত এটা অতি উচ্চ ধাৰণা প্রোথিত হৈ আছে। প্রাচীন কালৰে পৰাই ছাত্ৰসকলে গুৰু বা শিক্ষকক দেৱতাতুল্য জ্ঞান কৰি আহিছে। গুৰুৰ আশ্ৰমত থাকি গুৰুৰ আদেশ আৰু উপদেশ বিনা-প্রতিবাদে আখৰে আখৰে পালন কৰিছিল। “গুৰুৰ্ব্রহ্মা গুৰুৰ্ৱিষ্ণু গুৰুৰ্দেৱো মহেশ্বৰঃ/ গুৰু সাক্ষাৎ পৰব্রহ্মা তস্মৈ শ্রীগুৰৱে নমঃ।।” (गुरुर्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः/ गुरु साक्षात परब्रह्मा तस्मै श्रीगुरवे नमः)

মহান দার্শনিক, আদর্শ শিক্ষাবিদ ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে কৈছিল— “শিক্ষকসকল সমাজৰ এক শাশ্বত প্রয়োজন। তেওঁলোকে বৌদ্ধিক, সাংস্কৃতিক আৰু প্রযুক্তিগত কৌশল এটা প্রজন্মৰ পৰা আন এটালৈ সংবহন কৰি সভ্যতাৰ চাকিগছি জ্বলাই ৰাখে।” এগৰাকী শিক্ষকৰ বাবে শিক্ষাদান এটা পবিত্র সেৱা। নিজৰ বিস্তৃত জ্ঞানেৰে ছাত্ৰ-ছাত্ৰীক শুদ্ধ-সত্য পথেৰে নিয়াটো শিক্ষকৰ মুখ্য কর্তব্য। শিক্ষকসকল ছাত্ৰৰ পৰম বন্ধু, শুভাকাংক্ষী, পথ-প্রদর্শক, জ্ঞানদাতা তথা পিতৃস্বৰূপ হৈ পৰিলেহে ছাত্র-ছাত্রীসকল জ্ঞানেৰে মহিমামণ্ডিত হৈ ভৱিষ্যৎ জীৱনত নিজকে সফল কৰি গঢ়ি তুলিব পাৰিব। এজন প্রকৃত আৰু আদর্শ শিক্ষক হ’বলৈ কিছুমান বিশেষ গুণৰ অধিকাৰী হোৱা একান্তই বাঞ্ছনীয়। যোগ্যতা, বিচক্ষণতা, দক্ষতা, চৰিত্ৰ, ৰসিকতা, বাকপটুতা আৰু তৎপৰতা হৈছে এজন সফল আৰু আদৰ্শবান শিক্ষকৰ প্ৰধান গুণ। শিক্ষকসকল হ’ব লাগিব জিজ্ঞাসু, অনুসন্ধিৎসু আৰু অধ্যয়নশীল। যি ভাষাৰ মাধ্যমত তেওঁ শিক্ষাদান কৰিব, সেই মাধ্যম তেওঁ পুংখানুপুংখকৈ আয়ত্ত কৰিব লাগিব। তেওঁ হ’ব লাগিব আদর্শৱান, সৎ, সহনশীল, সদাচাৰী, ধৈর্যশীল, স্নেহপৰায়ন, সমদৃষ্টিসম্পন্ন, ন্যায়নিষ্ঠ, নীতিনিষ্ঠ, সময়ানুৱর্তি, সত্যবাদী আৰু ত্যাগী। সহজ-সৰল জীৱন-যাপন আৰু উচ্চ চিন্তা পোষণ (Simple Living High Thinking)— এই আদর্শ শিক্ষকসকলে সাৰোগত কৰা উচিত। ইউনেস্ক’ই ১৯৯৬ চনত প্ৰকাশ কৰা What Makes a Good Teacher গ্রন্থত শিক্ষকৰ থাকিবলগীয়া গুণৰ বিষয়ে কোৱা হৈছে— “শিক্ষক এজন ধৈর্যশীল আৰু দয়ালু, নমনীয় আৰু প্রত্যুপন্নমতি, সহিষ্ণু আৰু মুক্ত মনৰ হোৱা উচিত। তেওঁ হাস্যৰসিক, উৎসাহী আৰু শিকাই আনন্দপোৱা বিধৰ হ’ব লাগে। শিক্ষকজন সৎ, কল্পনাপ্রৱণ, সৃষ্টিক্ষম, দক্ষ, আত্মশৃংখলিত, সহায়ক, নম্র আৰু নিৰহংকাৰী হোৱা উচিত।” শিক্ষক হোৱাৰ আগতে বহু ব্যক্তিৰ এই গুণসমূহ নাথাকিব পাৰে, কিন্তু শিক্ষকতাক বৃত্তি হিচাপে ল’লে এই গুণসমূহৰ অধিকাৰী হ’বই লাগিব। শিক্ষকতা মাথোঁ এক বৃত্তিয়েই নহয়, ই ত্যাগ আৰু দায়িত্ববোধৰ প্রতীকস্বৰূপ। প্রকৃতাৰ্থত গুণী, জ্ঞানী, সত্যবাদী, কর্তব্যপৰায়ণ, সুদক্ষ শিক্ষকসকলে বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে এটি উপযুক্ত জাতি তৈয়াৰ কৰিব পাৰে। শিক্ষকসকলে অনুধাৱন কৰা উচিত যে ছাত্র-ছাত্রীয়ে পঢ়িবলৈ লোৱা প্রথম কিতাপখন হৈছে তেওঁলোকৰ আগত উপবিষ্ট হোৱা শিক্ষকগৰাকী। তেওঁলোকে প্রথমতে শিক্ষকগৰাকীকহে অধ্যয়ন কৰে, পাছতহে তেওঁ কৰা পাঠদানত মনোনিৱেশ কৰে। শিক্ষকসকলক ছাত্র-ছাত্ৰীসকলে প্রতি মুহূর্ততে অনুকৰণ কৰে। সেয়ে শিক্ষকগৰাকীয়ে নিজকে আদর্শনীয় ব্যক্তিত্ব আৰু নিকা ভাৱমূর্তিৰ ব্যক্তি হিচাপে ছাত্র-ছাত্রীৰ সন্মুখত থিয় কৰাব লাগিব। তদুপৰি, দেশ আৰু জাতি অহৰহ প্রগতিৰ দিশত ধাৱমান হ’বলৈ হ’লে শিক্ষকসকলে ন ন জ্ঞানৰ অন্বেষণেৰে স্বয়ংসম্পূর্ণ হৈ থকাটো অতিকে প্রয়োজনীয়। জ্ঞানৰ আলোকেৰে সমাজক আলোকিত কৰি তোলাত শিক্ষক সমাজৰ কৰণীয় নিশ্চিতভাৱে অপৰিসীম আৰু ইয়াৰ সামান্য হীনদেঢ়ে হ’লেই ভৱিষ্যতৰ সমাজত এক বিৰূপ তথা নেতিবাচক প্রভাৱ পৰিব। কোৱা হয়, এগৰাকী চিকিৎসকৰ ভুল চিকিৎসাত এজন ৰোগীৰ মৃত্যু হয়, কিন্তু এগৰাকী শিক্ষকৰ ভুল শিক্ষাত এটা জাতি ধ্বংস হ’ব পাৰে। এই সম্পর্কে শিক্ষকসকল সদা-সচেতন হোৱা একান্ত প্রয়োজন। এজন প্রকৃত আদর্শবাদী শিক্ষক সদায় সমাজৰ বা দেশৰ আদৰণীয়, অণুকৰণীয় ব্যক্তি আৰু তেওঁ আগবঢ়াই যোৱা বৰঙণি ছাত্র-ছাত্রী তথা সমাজে সদায় শ্রদ্ধা আৰু সন্মানৰে গ্ৰহণ কৰাৰ লগতে তেওঁ দেখুৱাই যোৱা আদর্শ উজ্জ্বলময় ৰূপত কাললৈ সমাজত জিলিকি থাকিব।

আৰু পঢ়ক:  জামুগুৰিহাটত ‘সুন্দৰম’ৰ নাট্য-নিৱেদন: মহাত্মাৰ আত্মা

কোঠাৰী শিক্ষা আয়োগৰ Education and National Development শীর্ষক প্রতিবেদনত কোৱা হৈছিল— “ভাৰতবৰ্ষৰ ভৱিষ্যৎ ইয়াৰ শ্ৰেণীকোঠাসমূহত তৈয়াৰ হয়” (The destiny of India is now being shaped in her classroom)। বর্তমান শিক্ষা ব্যৱস্থা শিশুকেন্দ্রীক যদিও শিক্ষার্থীৰ কিছুমান প্রবৃত্তিগত প্রৱণতা, প্রতিক্রিয়া আৰু আচৰণ সুনিয়ন্ত্রিত কৰি সজ অভ্যাস গঢ়ি তোলাৰ লগতে শিক্ষার্থীৰ সৰ্বাংগীন বিকাশ সাধন কৰি এক সুস্থ ব্যক্তিত্ব গঠনত নিশ্চিতভাৱেই শিক্ষকগৰাকীয়ে সবল ভূমিকা পালন কৰে। সম্প্রতিক কালৰ শিক্ষা ব্যৱস্থাৰ মূল নীতি হৈছে আনন্দদায়ক আৰু ফলপ্রসু শিক্ষা। ছাত্র-ছাত্রীসকলে যাতে কোনো ধৰণৰ মানসিক আৰু শাৰিৰীক কষ্ট নোপোৱাকৈ শিক্ষাগ্রহণ কৰিব পাৰে, তাৰ প্রতি বিশেষ দৃষ্টি নিক্ষেপ কৰা হৈছে। বর্তমান সময়ত শিক্ষকসকলে শিশুৰ মনোবৈজ্ঞানিক দিশ অধ্যয়ন কৰি পাঠদান কৰিব লাগিব। শৈক্ষিক ক্ষেত্ৰত ছাত্র-ছাত্রীৰ যাতে স্থবিৰতাই দেখা নিদিয়ে আৰু মানৱ-সম্পদৰ অপচয় হ’ব নোৱাৰে, তাৰ বাবে শিক্ষা আয়োগে বিশেষ পদক্ষেপ গ্রহণ কৰিছে, যিখিনি শিক্ষক সমাজৰ সদিচ্ছা আৰু সহযোগিতা অবিহনে কেতিয়াও ফলপ্রসূ হ’ব নোৱাৰে। শিক্ষকসকলে নতুন নতুন কৌশল শ্রেণীকোঠাত প্রয়োগ কৰি প্রায়োগিক দিশত ছাত্র-ছাত্রীক উন্নত মানৰ শিক্ষাদান কৰিব লাগিব। একোটা শ্রেণীত বিভিন্ন পর্যায়ৰ বিভিন্ন ৰুচি-অভিৰুচিৰ ছাত্র-ছাত্রী থাকে। একেদৰে বিভিন্ন সমাজ ব্যৱস্থা আৰু পৰিৱেশৰ পৰা অহা ভিন ভিন আচৰণৰ অনেক ছাত্র-ছাত্রী থাকে। গতিকে এই সকলোবিলাক দিশলৈ লক্ষ্য ৰাখি এগৰাকী শিক্ষকে যদি শিশু মনঃস্তত্বৰ জ্ঞানেৰে আধুনিক বৈজ্ঞানিক শিক্ষা প্রণালী প্রয়োগ কৰি শিক্ষাদানত ব্ৰতী হয়, তেন্তে সেই শিক্ষা নিশ্চিতভাৱে ফলপ্রসূ হৈ উঠিব। তদুপৰি কেৱল পাঠ্যপুথিৰ সীমিত জ্ঞানৰ মাজতে ছাত্ৰ-ছাত্ৰীক সীমাবদ্ধ কৰি নাৰাখি শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক চৰিত্ৰগঠন, সৎ চিন্তা, সৎ কর্ম আদিৰে ব্যক্তিত্বৰ উৎকর্ষ সাধন কৰি দেশখনক ভাল পাব পৰা, জাতিটোক ভাল পাব পৰা একোগৰাকী ‘ভাল মানুহ’ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে সদা জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰিব লাগিব শিক্ষকসকলে। কিন্তু অতিসম্প্রতি, বিভিন্ন কাৰকৰ প্ৰভাৱত শিক্ষক সমাজৰ যি আপুৰুগীয়া মর্যাদা, সেই মর্যাদা বহু পৰিমাণে ম্লান পৰি আহিছে। ইয়াৰ অন্তৰালৰ কাৰণ বহুতো আছে যদিও একাংশ শিক্ষকৰ বৃত্তিগত দায়বদ্ধতা, সামাজিক দায়বদ্ধতা আৰু নৈতিক দায়বদ্ধতাৰ অভাৱ আৰু শিক্ষাদানৰ প্রতি প্রকাশ কৰা চৰম উদাসীনতা, বিভিন্ন কেলেংকাৰী তথা অপকৰ্মৰ সৈতে এচাম শিক্ষক জড়িত হোৱা, শিক্ষকতা বৃত্তিত যোগ্য আৰু মেধাৱী জনৰ বিপৰীতে অযোগ্য ব্যক্তিৰ সংখ্যা বৃদ্ধি আদি কাৰকে সমগ্র শিক্ষক সমাজৰে মৰ্যাদা বহু পৰিমাণে যে লাঘৱ কৰিছে সি সত্য। এক কথাত, শিক্ষকসকলে ইতিবাচক চিন্তা, কার্যপ্রণালী, সামাজিক দায়বদ্ধতা আৰু আদর্শ জীৱন যাপনেৰে ছাত্ৰ-ছাত্ৰীক জ্ঞান অর্জনৰ বাবে অনুপ্রাণিত কৰি ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাব পাৰিলেহে শিক্ষকতাৰ সার্থকতা থাকিব।

| আৰু পঢ়ক: শ্ৰেণীকোঠাৰ সংস্কাৰ সাধন

শেষত, ডঃ এ পি জে আব্দুল কালামে তেওঁৰ India 2020: A Vision Of The New Millennium গ্রন্থত লিখি থৈ যোৱা এষাৰ বাক্যৰেই সামৰিব খুজিছোঁ— “এগৰাকী শিক্ষক হিচাপে আপোনাৰ যিমানখিনি ক্ষমতা আছে, সেই ক্ষমতাৰে আপুনি ভৱিষ্যৎ প্রজন্ম গঢ় দিয়াৰ ক্ষেত্ৰত সমাজৰ অন্য এজনতকৈ বিশেষ ভূমিকাৰে অৱতীৰ্ণ হ’ব লাগিব।”

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “শিক্ষা আৰু শিক্ষক প্ৰসংগত”

  1. anjala Avatar
    anjala

    but val lagil sir lekhakhini pori …

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts