(১৮ জুনৰ বিশ্ব পিতৃ দিৱসৰ অনুভৱ সাঙুৰি)
মোৰ দেউতা, মোৰ ডেউকা।
—হয়তো তোমাৰো!
ডেউকা-ভগাজনক সোধাগৈ,— জীৱনত তেওঁ কি হেৰুৱাইছে
শহুৰৰ পদূলিত বোৱাৰীজনীক সুধিবা,
দেউতাকৰ ঘামত ওমলা শৈশৱ তেওঁ ঘূৰাই পাব জানো?
দেউতা,
তোমাক কেৱল পিতৃ দিৱসতে সামৰিব নোৱাৰোঁ
তোমাক সুঁৱৰিবলৈ মোক নেলাগে কোনো দিৱস অথবা অনুষ্ঠান।
তুমিয়ে কোৱা,—
হাওঁফাওঁক লাগে জানো অক্সিমিটাৰ অথবা তাৰ মাপকাঠি?
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...