মাটিত খামুচি ধৰি সিহঁতে
আৰম্ভ কৰে সেউজীয়া যাত্ৰা
ক্ৰমশঃ সেউজীয়া হয় হৃদয়
ক্ৰমশঃ সেউজীয়া হয় মন
সেউজীয়াৰ সৈতে সিহঁতৰ
জন্ম-জন্মান্তৰৰ মিতিৰালি
সিহঁতে মাটিৰ ঠিকনা জানে
জানে বৰষুণৰ নিটোল সংজ্ঞা
সিহঁতে দিব জানে সূৰ্যৰ প্ৰেমৰ প্ৰতিদান
কাণ পাতি শুনিব জানে বতাহৰ স্তুতি-বন্দনা
মাটিৰ সামান্য উশাহত
শিলৰ ফাঁকেৰেও বৈ যাব পাৰে নৈৰ দৰে
সিহঁতে আকাশৰ ফালে চাই কথা ক’ব জানে
বৰষুণৰ চুম্বনত সিহঁত জী উঠে
যেনেদৰে ৰ’দৰ পৰশত—
চিৰনিদ্ৰাত জিন যাবলৈকো ভয় নকৰে
জন্ম আৰু মৃত্যুৰ সংজ্ঞা
হয়তো সিহঁতৰ নিজস্ব সৃষ্টি
কৃত্ৰিমতাই কোষলৈকে শিপালেও
কোমলতা সিহঁতৰ অজন্ম লগৰী
এনেদৰেই সিহঁতে
গঢ়ি ল’ব পাৰে নিজস্ব আকাশ
সাজি ল’ব পাৰে আপোন পৃথিৱী
অথচ সেউজ দলিচা বুলি গৈ থকা আমাৰ খোজে
উমানেই নাপাই সেই ত্যাগৰ কাহিনী।
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।