নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মই আৰু মোৰ দেউতা

মই আৰু মোৰ দেউতা

দেউতাৰ হাতত আছিল নাঙল
মোৰ হাতত উঠিল কলম

দেউতাই পিন্ধিছিল ধুতি বনিয়ন
মই পিন্ধিছো লংপেণ্ট টিচাৰ্ট— লী, অন *

দেউতাৰ গাৰ বৰণ আছিল পকা ঔবৰণীয়া
মোৰ বগীজামুৰ দৰে কাঢ়া

দেউতাৰ মাতটো আছিল সুগৰী পহুৰ দৰে হুতা
মোৰটো কুন্দত-কটা— মসৃণ

দেউতাৰ আছিল আঠোটা ল’ৰা
এগোহালি গৰু
দুকোঠালীয়া ভঁৰাল
তাৰ মাজতো কৰিছিল নাট-ভাওনা
বাইছিল ঢোল-খোল
মোৰ এটা ল’ৰা
এখন চৰকাৰী চকী
লগত এখন সৰু টেবুল

দেউতা নিজৰ বৃহৎ সংসাৰখনৰ বাবে আছিল নিজে
সৌৰজগতৰ সূৰ্য
সকলোকে সমানে চাইছিল
দিছিল শক্তি
প্ৰয়োজনীয় পোহৰ
পানী
মই চন্দ্ৰ

আনকি দেউতাই আছিল মোৰ
শৈশৱ কৈশোৰ যুৱা
কিন্তু মই হ’লোহি
গছৰ মুঢ়া

দেউতাই চাইছিল বেলি
মূৰ তুলি
মই চাওঁ ঘড়ী
তলমূৰ কৰি

দেউতা আৰু মই
তেজ বতাহেৰে নিকটতম সম্বন্ধৰ
অথচ পাৰ্থক্য আমাৰ তেল-পানীৰ

মূলতে
আমাৰ মাজত এখন সময় সাগৰ ৷

* লী, অন— Lee, Onn (ব্ৰেণ্ড নাম)

❧ | অধিক কবিতা:

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...