গীত: চাওলুং চুকাফা

গীত: চাওলুং চুকাফা
  • 27 Oct, 2016

পে ছাত শিক্ষক নয়নজ্যোতি শইকীয়াই শিশু কালৰে পৰা নিৰলসভাৱে সংগীতৰ চৰ্চা কৰি আহিছে। জন্মস্থান কলিয়াবৰ আৰু নিজৰ ঘৰখনৰ সাংস্কৃতিক পৰিৱেশে নয়নজ্যোতি শইকীয়াৰ মনটোক সমৃদ্ধ কৰাত বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। ঘাইকৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতসমূহ আৰু নিজৰ ৰচিত, সুৰাৰোপিত গীত গাই ভাল পোৱা শ্ৰীশইকীয়াৰ ইতিপূৰ্বে কেইবাটাও শ্ৰাব্য এলবাম প্ৰকাশিত হৈছে।

অসমৰ ইতিহাস সুৰীয়া ৰূপত তুলি ধৰা এই ‘চাওলুং চুকাফা’ গীতটো ‘নীলা চৰাই’ৰ পাঠক-শ্ৰোতালৈ আগবঢ়াবলৈ পাই সুখী হৈছোঁ।

প্ৰিয় পাঠক-শ্ৰোতা, আমাৰ এই উদ্যম আপুনি কেনে পাইছে, আশা কৰোঁ আমাক জনাব যাতে পৰৱৰ্তী সময়ত আমি নয়নজ্যোতি শইকীয়াৰ লগতে আন গায়কসকলৰ গীত নিয়মীয়াকৈ আগবঢ়াব পাৰোঁ। আপোনাৰ পৰামৰ্শ আমাৰ ই-মেইল যোগে জনাব পাৰিব। আমাৰ ঠিকনা: [email protected]

গীত: চাওলুং চুকাফা | নয়নজ্যোতি শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক