লুইত-পাটকাই সভ্যতাৰ পটভূমিত বিকশিত অসমীয়া জাতিৰ আঠশ বছৰীয়া পৰিক্ৰমা

লুইত-পাটকাই সভ্যতাৰ পটভূমিত বিকশিত অসমীয়া জাতিৰ আঠশ বছৰীয়া পৰিক্ৰমা
  • 21 May, 2024

বি শ্ব ইতিহাসৰ পৃষ্ঠা লুটিয়ালে দেখা যায় যে নদীক কেন্দ্ৰ কৰি বহু সভ্যতা গঢ় লৈ উঠিছে। আজিৰ অসম বুলি খ্যাত এই ভূ-খণ্ডতো লুইতক কেন্দ্ৰ কৰি এক সভ্যতা গঢ় লৈ উঠিল, যাক আমি লুইতপৰীয়া সভ্যতা বুলি ক’ব পাৰোঁ। লুইতৰ পাৰতে পলসুৱা মাটি, গছ-বন-বিৰিখ, চৰাই-চিৰিকটি, টিলা-টঙনা, চৰ-চাপৰি, নদীদ্বীপ আদি প্ৰাকৃতিক পৃষ্ঠভূমিত গঢ়ি উঠিছিল এই সভ্যতা। এই প্ৰকৃতিয়ে যুগে যুগে প্ৰব্ৰজন কৰি অহা মানুহক আশ্ৰয় প্ৰদান কৰি আহিছে। কেতিয়াবা পূবৰ পৰা, কেতিয়াবা পশ্চিমৰ পৰা, কেতিয়াবা উত্তৰৰ পৰা, কেতিয়াবা দক্ষিণৰ পৰা পদব্ৰজে পৰিভ্ৰমণ কৰি অহা সৰু-ডাঙৰ জনগোটসমূহে ইয়াতেই থিতাপি লৈছিল। তাতেই গঢ়ি উঠিছিল নানা সৰু-বৰ সাংস্কৃতিক ক্ষেত্ৰ। জনগোটসমূহৰ নিজা গাঁথনিবোৰত চাৰিও দিশৰ সাংস্কৃতিক চিন্তাধাৰাই এক নতুন সাংস্কৃতিক চেতনাৰ বিকাশ কৰিছিল। সেয়াই ঘাইকৈ লুইতপৰীয়া অসমীয়া সংস্কৃতি। যি স্বতন্ত্ৰ আৰু নিজা বৈশিষ্ট্য-বৈচিত্ৰ্যৰে গৰীয়ান। লুইতপৰীয়া সভ্যতাত ময়ৰংগ, বান, ঘটক, নৰক, ভগদত্ত, ভাস্কৰবৰ্মা, শালস্তম্ভ, দুৰ্লভনাৰায়ণৰ পৰা বিচাৰপতিফা, ৰত্নধবজ, নৰনাৰায়ণ-চিলাৰায়, বাৰভূঞা, পাঁচোৰজা-সাতোৰজাকে ধৰি বহুজনে গঢ়ি তুলিছিল নিজা নিজা ৰাজ্য-ব্যৱস্থা। কাহানিবা বিশাল, কাহানিবা ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম এই ৰাজ্য-ব্যৱস্থা। তাৰেই চানেকি দেখা যায় নানা শিলালিপি, ভাস্কৰ্য, স্থাপত্যশৈলীৰ মাজত। দেখা যায় লোক-সাহিত্য, লোক-পৰম্পৰা, ধৰ্মীয় বিশ্বাসৰ মাজত। চৌৰাশী সিদ্ধৰ পৰা মহাপুৰুষীয়া বৈষ্ণৱ পৰম্পৰা, পীৰ পয়গম্বৰ-আউলীয়াসকলৰ একেশ্বৰবাদলৈকে বহু সাংস্কৃতিক সুঁতি। এই সকলোকে আৱৰি-সামৰি লুইতপৰীয়া সভ্যতা।

অৱশ্যে লুইতপৰীয়া সভ্যতা বুলিলেই এই ভূ-খণ্ডৰ সঠিক মূল্যায়ন নহয়। সমগ্ৰ ভূ-খণ্ডকে পাহাৰ-পৰ্বতে আৱৰি আছে। এই পাহাৰ-পৰ্বতবোৰৰ কুৰুঙে কুৰুঙে, হৈয়াঙে-দৈয়াঙে, ক’ৰবাত শিলাময়, ক’ৰবাত সেউজী তটৰেখা, গিৰিপথ, গিৰিকন্দৰ, নাতিদীৰ্ঘ উপত্যকাকে সামৰি পাটকাই সভ্যতাকো বিচাৰি পাওঁ। ভৌগোলিক দিশেৰে চাবলৈ গ’লে পাটকাইৰ পৰিসৰ অতি বিশাল। লেখক সৌম্যদ্বীপ দত্ত আৰু ড° মৰমী তালুকদাৰে তেখেতসকলৰ ‘পাটকাই সভ্যতা’ শীৰ্ষক গ্ৰন্থত এই ভৌগোলিক পৰিসৰ চিহ্নিত কৰিছে। তেখেতসকলৰ মতে, “পূব অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দক্ষিণ-পূব প্ৰান্তত অসম আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলাৰ অৰণ্য পৰিপূৰ্ণ পাহাৰ শ্ৰেণীক আৱৰি লগতে মিচিমি পাহাৰৰ কিছু অংশক আৰু নগা পাহাৰক সামৰি যি পাহাৰ শ্ৰেণী পৰিলক্ষিত হয়, সেয়া আমাৰ ওচৰত পাটকাই পৰ্বতমালা বুলি খ্যাত। পাটকাই পৰ্বতমালা নাগাপাহাৰৰ বিস্তৃত ভৌগোলিক অঞ্চলৰ ভৌগোলিক তথা ভূতাত্ত্বিক সঞ্চাৰণা ভৌগোলিক দৃষ্টিভংগীৰ পৰা অতি জটিল। পাটকাই পৰ্বত হিমালয়ৰ গিৰিজনন প্ৰক্ৰিয়াৰ ফলতে সৃষ্টি হৈছে।” (সৌম্যদ্বীপ দত্ত আৰু ড° মৰমী তালুকদাৰ, পাটকাই সভ্যতা, পৃ. ১৬, ২০১৯) তেখেতসকলে আকৌ কৈছে, “সামগ্ৰিকভাৱে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগাভূমি অসম-অৰুণাচলৰ কিছু অংশ সামৰি সূচনা হৈছে পাটকাই সভ্যতা।” (পৃ. ২৩) আনহাতে, যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘অসমৰ সাংস্কৃতিক ইতিহাস’ৰ প্ৰথম খণ্ডৰ ১১ নং পৃষ্ঠাৰ ভূ-প্ৰাকৃতিক বিভাজন প্ৰসংগত পাটকাইৰ কথা উল্লেখ কৰি কৈছে, “অসমৰ উত্তৰ পাহাৰবিলাক হিমালয় পৰ্বতমালাৰ পূব অংশৰ ঠাল-ঠেঙুলি। কাঞ্চনজংঘাৰ পৰা উত্তৰ-পূব সীমান্তৰ নামছা-বাৰৱালৈ ক্ৰমান্বয়ে ঠাল-ঠেঙুলি মেলি পূব হিমালয়ৰ পৰ্বতমালা ক্ৰমান্বয়ে হেলনীয়া হৈছে আৰু অসমৰ পূব সীমান্তত দক্ষিণলৈ ঘূৰি পাটকাই পৰ্বতমালাৰ লগত মিলিছে। পাটকাই পৰ্বতমালা ক্ৰমান্বয়ে নগা পাহাৰ আৰু বৰাইল পাহাৰ শ্ৰেণীৰ সংলগ্ন হৈ কাৰ্বি-খাচি-গাৰো পাহাৰৰ লগত মিলিছে। অসমৰ সুদূৰ দক্ষিণৰ পাহাৰীয়া সীমান্ত-দুৰ্গৰ দৰে দুৰ্গম কুকি, চীন, লুছাই (মিজো) পাহাৰ, ত্ৰিপুৰা পাৰ্বত্যাঞ্চল, চিটাগাং পাৰ্বত্যাঞ্চল, ব্ৰহ্মদেশ (ম্যানমাৰ)ৰ পাৰ্বত্যাঞ্চলৰ লগত সংলগ্ন হৈছে। দক্ষিণৰ এই লানি নিছিগা উত্তৰ-দক্ষিণা পাহাৰ শ্ৰেণী মণিপুৰৰ পাহাৰীয় অঞ্চলেদি নগাপাহাৰ আৰু বৰাইল শ্ৰেণীৰ লগত সংলগ্ন হৈছে।” (পৃ. ১১) বৰগোহাঞিৰ মত অনুযায়ী পাটকাই পৰ্বতমালাই নগা পাহাৰেদি বৰাইল হৈ কাৰ্বি-খাচি-গাৰো পাহাৰ সামৰি লৈছে। সেই দিশৰ পথ পাটকাই সভ্যতা বুলিলে গাৰো পাহাৰলৈকে বিয়পি থকা জনসমাজৰ কথা ক’ব পাৰি। এই গাৰোপাহাৰ, নগাপাহাৰতে সংযোগী পাটকাই পৰ্বতমালাতে আবৃত পাটকাই সভ্যতা। নৱপ্ৰস্তৰ যুগৰ ডল’ৰাইট শিলেৰে তৈয়াৰী কুঠাৰ আকৃতিৰ আহিলাবোৰ, ডায়োৰাইট শিলেৰে তৈয়াৰী সৰু নালযুক্ত কুঠাৰ আকৃতিৰ আহিলা-পাতি, ডাউজালি হাভিঙত পোৱা হাত-কুঠাৰ জাতীয় আহিলা-পাতিৰ দৰে নৱপ্ৰস্তৰ যুগৰে পৰা পাটকাই সভ্যতা সমৃদ্ধ।

ভূ-প্ৰাকৃতিক গাঁথনিগত কথাবোৰৰ বাহিৰতো আমি বুৰঞ্জী সাহিত্য, শৈল ভাস্কৰ্যৰ এনে এখন জগত পাওঁ, যাক আমি এক প্ৰতীকৰ ৰূপত চাব পাৰোঁ। সেই প্ৰতীকেই লুইত-পাটকাই সভ্যতা। ই এক মেটাফৰ। অৱশ্যে সমগ্ৰ লুইত-পাটকাই সভ্যতাৰ নানা বৈচিত্ৰ্যৰ মাজতো এডাল এৱাঁ সূতা আছে। সেয়া হ’ল বিভিন্ন শিলালিপি, তাম্ৰলিপি, মুদ্ৰাত খোদিত অসমীয়া ভাষাৰ ‘ৰ’ বৰ্ণ। এই ‘ৰ’ ক’ত নাই! আৰাকান বা ৰাখাইন অঞ্চলৰ ৱাইদালি ৰাজ্যৰ শ্বিটাং স্তম্ভত খোদিত লিপি, ত্ৰিপুৰা ৰাজন্যবৰ্গৰ মুদ্ৰা, ডিমাচা ৰজাৰ শিলালিপিৰ পৰা কলিকতাৰ মন্দিৰ চিত্ৰলৈকে ‘ৰ’ বিদ্যমান। বাংলাদেশৰ জাতীয় যাদুঘৰে প্ৰকাশ কৰা সংস্কৃত আৰু বাংলা পাণ্ডুলিপি (Sanskrit and Bengali Manuscript, Ministry of Cultural Affairs, Government of the Peoples Republic of Bangladesh) সংকলনৰ বেটুপাতত ‘ৰ’ বৰ্ণৰ উপস্থিতি আছে। আনহে নালাগে আজি বিশ্বৰ বহু লোকৰ ভাষা বাংলাৰ প্ৰথমখন ব্যাকৰণ বুলি ভাষাবিদ পৱিত্ৰ চৰকাৰৰ দ্বাৰা সম্পাদিত নাথানিয়েল ব্ৰাছে হলহেডৰ A Grammar of the Bengali Language নামৰ গ্ৰন্থখনৰ বকলা পিঠিৰ পৰাই ‘ৰ’ বৰ্ণৰ উপস্থিতি লক্ষ্য কৰা যায়। পাহাৰ-পৰ্বতক কেন্দ্ৰ কৰি বিকাশ হোৱা এই সভ্যতা বিশ্বতে অনন্য। ঝুমতলীৰ হাঁহি-কান্দেন, সেউজীয়া সৃষ্টি, ৰণথলীৰ ধ্বংস, পাহাৰে পাহাৰে ঢালবোৰত বিয়পি থকা বৰ্ণিল জনসমাজৰ বৈচিত্ৰ্যময় সমাজ-সংস্কৃতিক বুকুত সামৰি সগৌৰৱে পাটকাই থিয় দি আছে। ভাষাৰে বুজাব নোৱৰা ৰামধেনু সদৃশ জনজীৱন, উৎসৱ, খাদ্যৰীতি, বস্ত্ৰকলা, নৃত্য-গীতৰ বৰপেৰাৰে সমৃদ্ধ এই পাটকাই সভ্যতা। সেয়ে সমগ্ৰ ভূ-খণ্ডক আৱৰি-সামৰি ল’বৰ বাবে আমি লুইত-পাটকাই সভ্যতা বুলি নামকৰণ কৰিব খোজোঁ। বিশ্বৰ বুকুত অনন্য জৈৱ-বৈচিত্ৰ্য, বৰ্ণিল জনজীৱন, হাজাৰ বছৰীয়া বুৰঞ্জী বুকুত সামৰি সমুজ্জ্বল এই নদী আৰু পাহাৰক কেন্দ্ৰ কৰি গঢ়ি উঠা লুইত-পাটকাই সভ্যতা। মেগালিথিক কালৰে পৰা আজিৰ মেগাপিক্সেল সময়লৈকে লুইত-পাটকাই সভ্যতাই বুকুত বহন কৰি আহিছে এক ঐতিহ্যময়, গৌৰৱশালী, স্বকীয় বৈশিষ্ট্যৰে, দঙৰ দোকমোকালিৰ দৰেই পোহৰমুখী এই জনসমাজ। বিকাশৰ ভিন্ন স্তৰত কেনো জাতি, কেনো জাতিসত্তা, কোনো জনগোষ্ঠী নামেৰে নামাংকিত মাথোঁ।

এই লুইত-পাটকাই সভ্যতাৰ দীঘলীয়া ইতিহাসত আমি ভালেকেইটা ৰাষ্ট্ৰ-ব্যৱস্থা গঢ় লৈ উঠা দেখিবলৈ পাওঁ। তাৰ ভিতৰত চাওলুং ছু-কা-ফাই গঢ়ি তোলা অসম ৰাষ্ট্ৰ-ব্যৱস্থা, বিশ্বসিংহই স্থাপন কৰা কোচ ৰাজ্য ব্যৱস্থা আৰু ডিমাচা-কছাৰীসকলৰ ৰাজ্য-ব্যৱস্থাৰ কথাই ঘাইকৈ মনলৈ আহে। কাল আৰু স্থায়িত্বৰ দিশেৰে এই তিনি ৰাষ্ট্ৰ-ব্যৱস্থাই সময়ৰ বুকুত ছাপ ৰাখি গৈছে।

ক.

শদিয়াৰ পৰা ডিমাপুৰ মাইবং হৈ খাচপুৰ হৰিটিক্কালৈকে ডিমাচা-কছাৰীসকলৰ ৰাষ্ট্ৰ-ব্যৱস্থা থন লৈ উঠাৰ সাক্ষ্য প্ৰমাণ পোৱা যায়। প্ৰব্ৰজন, প্ৰাৰম্ভিক বসতিকৰণ আৰু ৰাষ্ট্ৰগঠনৰ প্ৰক্ৰিয়া আদি ভিন্ন কাৰকৰ উপস্থিতিয়ে এই কথাৰ বিশেষ তাৎপৰ্য বহন কৰে। ডিমাচাসকলৰ মাজত প্ৰচলিত ডাউখু ব্যৱস্থাই ডিমাচাসকলৰ আদি বসতিকৰণৰ ৰূপৰেখা দেখুৱাই দিয়ে। জনশ্ৰুতি অনুসাৰে বাৰগৰাকী ডাইখু আছে। মাহুৰ আৰু দিয়ুং নদীৰ মাজত আলু, হাছাউছাৰ ভিতৰত বাইঘাই, দৈয়োং উপত্যকাত হামাৰী, শিলচৰত হাওৱাৰ, হাফলঙত লংমাই লাই, ধনশিৰি উপত্যকাত মিছিম, মাইবঙত মনগ্ৰাং, মাহুৰত ৰণচণ্ডী, লংকাত ৱেইব্ৰা আৰু সমগ্ৰ ডিমাচা বসতিপ্ৰধান অঞ্চলতে ইয়াৰ প্ৰভাৱ আছে।

বসতিস্থলৰ এই ধাৰণাৰ লগতে শদিয়াল শাখাৰ কথা অসম বুৰঞ্জীত পোৱা যায়। কছাৰী বুৰঞ্জীত সন্নিৱিষ্ট মাণিক কছাৰী আৰু মুকুতা ৰজাৰ পৰাই এই শদিয়াল শাখাৰ কথা পোহৰলৈ আহে। এই শদিয়ালসকল আৰু ডিমাপুৰৰ কছাৰীসকলৰ সংমিশ্ৰণৰ অপূৰ্ব নিদৰ্শন ধনশিৰি উপত্যকাৰ প্ৰত্নতাত্ত্বিক সম্পদসমূহে বহন কৰে। উল্লেখযোগ্য যে অসমীয়া ভাষাত এতিয়ালৈকে প্ৰথম শিলালিপি বুলি স্বীকৃত নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিখনেই ধনশিৰি উপত্যকাৰ অঞ্চলত পৰে। সেইদিনাৰ পৰা অসমীয়া ভাষাৰ আদি গাঁথনিত ডিমাচা-কছাৰীসকলৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। ডিমাপুৰৰ পৰা মাইবঙলৈ প্ৰব্ৰজন হোৱাৰ আগতে ডিমাপুৰক কেন্দ্ৰ কৰি ডিমাচাসকলৰ বিকাশ হোৱা ব্যৱস্থাৰ চানেকি আজিও ডিমাপুৰত বিদ্যমান। বিভিন্ন ঐতিহাসিক স্থাপত্য গাঁথনি, ৰংগাদাও, দেগাদাও, ডেনমালিক, হালদাও আদি বীৰসকল, ৱাইবাংগানা, ৱাইৰিংগামা আদি বীৰাংগনাসকলৰ স্মৃতিগাথা; বয়নশিল্প, মৃৎশিল্প আদিৰে ডিমাচাসকলৰ সেই গাঁথনিৰে পৰিচয় দিয়ে। আনহাতে মাইবং ডিমাচাসকলৰ পীঠস্থান। আজিও মাইবঙত শিলালিপি, ৰাজবাৰীৰ চানেকি আছে। এই মাইবঙতে ডিমাচা ৰাষ্ট্ৰ-ব্যৱস্থাই নতুন মোৰ ল’লে। মাইবঙত ডিমাচাসকলৰ সংস্কৃতায়ন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সি বিকাশ লাভ কৰে। ডিমাচা ৰাজ্যৰ ৰাজধানী কাছাৰৰ খাচপুৰলৈ বৈবাহিক সূত্ৰে পৰিৱৰ্তন হোৱাৰ পাছত এই সংস্কৃতায়ন প্ৰক্ৰিয়া তীব্ৰ হৈছিল। ডিমাচা প্ৰশাসনত হিন্দু-মুচলমান উভয় প্ৰজাই জড়িত হৈ পৰিছিল। ডিমাচা ৰজা গোৱিন্দচন্দ্ৰৰ দিনত ব্ৰাহ্মণ, কায়স্থ, হীদলা, পাটানী, নাথ আদি হিন্দু আৰু মুচলমান প্ৰজাসকলক চৌধুৰী, মজুমদাৰ, লস্কৰ আৰু ভূঞা আদি আদি উপাধি প্ৰদান কৰাৰ কথা পোৱা যায়। খাছপুৰৰ ৰাজবাৰীৰ খননকাৰ্যত পোৱা অসমীয়া লিপিৰ শিলালিপি, খাচপুৰত স্থাপত্য গাঁথনি, বদৰপুৰ দুৰ্গ আদিয়ে আজিও কাছাৰৰ ডিমাচাসকলৰ ঐতিহ্য সোঁৱৰণ কৰে।

ডিমাচাসকলৰ বিস্তৃতি মধ্য অসমৰ কলং নৈৰ পাৰৰ দক্ষিণপাট কছাৰী সত্ৰৰ পৰা যমুনাপাৰৰ দেৱস্থান, ৰজাপথাৰ আদিতো দেখা যায়। এই বৃহত্তৰ অঞ্চল তথা আজিৰ হোজাই জিলাখনো একালত তুলাৰাম সেনাপতিৰ ৰাজ্য। তাৰ সাক্ষ্য বিভিন্ন দলিল, লোকশ্ৰুতি আদিত পেৱা যায়।

লুইত-পাটকাই সভ্যতাৰ এক উল্লেখযোগ্য ৰাজনৈতিক গাঁথনি ডিমাচাসকলৰ ব্যৱস্থাই শদিয়াৰ পৰা ডিমাপুৰ হৈ কাছাৰলৈকে কলং-কপিলী অঞ্চললৈকে সামৰি লৈছিল। এই ব্যৱস্থাই হিন্দু উপাসক, জড় উপাসক, বৈষ্ণৱী, একেশ্বৰবাদী ইচলাম (যেনে কাছাৰী মুচলমান) আদি ভিন্ন আদৰ্শৰ লোকক সামৰি লৈছিল। সকলো মতৰ লোকক সামৰি লোৱা এই ৰাজনৈতিক গাঁথনিয়ে মধ্যযুগীয়া বুৰঞ্জীত নতুন মাত্ৰা প্ৰদান কৰিছে। সেইদৰে নগাজৰি গাঁৱৰ শিলালিপি, মাইবঙৰ শিলালিপি, খাচপুৰৰ শিলালিপি আদিয়ে সমগ্ৰ ৰাজ্য বাৱস্থাতে মধ্যযুগীয় অসমীয়া ভাষাৰ ব্যাপকতাৰ কথা তুলি ধৰিছে। পেটকটা ‘ৰ’ৰ ব্যৱহাৰ লিপিত বিদ্যমান। ‘কছাৰী’ বুলি খ্যাত জন-সম্প্ৰদায়ৰ অৱদানৰ মাজেৰে অসমীয়া ভাষা, স্থাপত্য, ভাস্কৰ্যৰ সাংস্কৃতি পটভূমি গঠিত হৈছিল।

লুইত-পাটকই উপত্যকাৰ এই বৰ্ণিল জনসমাজত ডিমাচা ৰাষ্ট্ৰ গঠন-ব্যৱস্থা, ইয়াৰ ইতিহাস, সমাজজীৱন সদায় এক উল্লেখযোগ্য স্থান আছে। ইয়াৰ ঐতিহাসিক তাৎপৰ্য চিৰজ্যোতিস্মান।

খ.

ৰাজনৈতিক গাঁথনিৰ ইতিহাস চালে দেখা যায় যে ৰাজনৈতিক ইতিহাস ক্ষণভংগুৰ। কোনো গাঁথনিয়েই স্থায়ী, চিৰন্তন নহয়। ৰজা আহে, ৰজা যায়। বংশ আহে, বংশ যায়। ৰাজ্যৰ সীমাবোৰো কেতিয়াবা বাঢ়ে, কেতিয়াবা টুটে। ৰাজ্য প্ৰশাসন, ৰাজস্বনীতি, সামৰিক নীতিবোৰো সময় আৰু পৰিস্থিতিৰ লগে লগে সাল-সলনি হৈ যায়। সেয়ে চাগৈ ইতিহাসৰ পাত মেলিলে আমি সদায় এক চিৰপৰিৱৰ্তনশীল ৰাজ্য, ৰাজ্য-ব্যৱস্থা দেখা পাওঁ। বিশ্ব ইতিহাসত খুব কমহে এক দীঘলীয়া শাসন ব্যৱস্থাৰ চানেকি দেখা যায়।

বিশ্ব ইতিহাসৰ এই বিশাল তুলনাত অসম ভূ-খণ্ডৰ অসম ৰাষ্ট্ৰ-ব্যৱস্থাই ১২২৮ চনৰ পৰা ১৮২৬ চনলৈকে এক দীঘলীয়া সময় সামৰি লৈছিল। বুৰঞ্জী চৰ্চাকাৰী হিচাপে আমাৰ বাবে এই ৰাষ্ট্ৰ ব্যৱস্থা সদায় আকৰ্ষণৰ কেন্দ্ৰ। প্ৰায় ছশ বছৰীয়া এই শাসন ব্যৱস্থাত আধুনিক অসমীয়া জাতিৰ ভেটি নানা দ্বন্দ্ব, সংঘাত, তেজ-ঘামৰ বিনিময়ৰ মাজেৰে গঢ় লৈ উঠিছিল। এই ভেটি গঢ়িবলৈ গৈ কত ৰণুৱা, বনুৱা, কাড়ী-পাইক-চমুৱা, বা-বিষয়া, ডা-ডাঙৰীয়াই নিজৰ দেহা উজাৰি দিছিল। কতজনৰ তেজ-ঘাম-শ্ৰমৰ মাজেৰে এই ভেটি গঢ় লৈ উঠিছিল; তাৰ কোনো লেখ-জোখ নাই। হয়তো কাকতত লিখি থোৱা এক তথ্য ভঁৰাল থকা হ’লে দেখা গ’লহেঁতেন যে ঘৰে ঘৰে একোজনৰ প্ৰাণ বলিদান, আত্ম-নিৱেদনৰ খতিয়ান।

লুইত-পাটকাই সভ্যতাৰ দুৱাৰডলিত ভৰি দিয়েই চাওলুং ছু-কা-ফাই কুকুৰা কাটি শপত ল’লে। মুং-দন-চ্যুন-খাম— সকলোৰে ঐক্যধ্বনিয়ে প্ৰতিধ্বনি তুলিলে পাহাৰ-পৰ্বতত। এয়া যে সূৰ্যোদয়ৰ দেশত অৰুণোদয়ৰ ধলফাট। থানগিৰি বা থলগিৰি সমাজক আৱৰি-সামৰি লুইত পাটকাই সভ্যতাৰ বিশাল বুকুত ছু-কা-ফাই প্ৰতিষ্ঠা কৰিলে বান-মুং। এই বান-মুংসমূহেই অসমৰ পোৱাঁতীশাল। সূচনা হ’ল এক নতুন যাত্ৰাৰ। বহুকেইটা দিশৰ পৰাই এই যাত্ৰাই ন ৰূপ ধাৰণ কৰিলে।

বহু সমাজ সামৰি এক সমাজ কৰাৰ বাবেই গঢ়ি তুলিলে এক প্ৰশাসন ব্যৱস্থাৰ গাঁথনি। যাক আমি চমুৱাই আহোম বুলিব পাৰোঁ। বহুতে ভবাৰ দৰে আহোম মানে কেৱল ত্তাঈমূলীয় লোকসকলেই নহয়। আহোম মানে ত্তাঈসকলক কেন্দ্ৰ কৰি গঢ়ি উঠা এক প্ৰশাসনীয় ব্যৱস্থা। যাৰ আওতাত নান বিষয়বাবৰ মাজেৰে থানগিৰি মৰাণ, বৰাহী, চুতীয়া, কছাৰী, দেউৰী, হাবুঙীয়া-ব্ৰাহ্মণ, কনৌজীয়া-ব্ৰাহ্মণ, বাৰভূঞা, কোচ, কলিতা, নগা, মিচিং, জয়ন্তীয়া, গৰীয়া, মৰীয়া আদি সকলো সমাজৰ লোকেই নানা সময়ত সোমাই পৰিছিল। এয়া এক নতুন পথ, নতুন বুনিয়াদ।

এই গাঁথনি গঢ়িবলৈকে ছু-কা-ফাৰ নীতিতে ত্তাঈসকলে নিজা ভাষা পৰিত্যাগ কৰি হাজাৰ বছৰ ধৰি লুইত-পাটকাই সভ্যতাত বিৰাজমান অসমীয়া ভাষাক আদৰি লৈছিল। নতুন ব্যৱস্থা গঢ়িবৰ বাবে স্বকীয় ভাষা ত্যাগ কৰাৰ নজিৰ বিৰল। সমান্তৰালভাৱে ছু-কা-ফাৰ নীতিতেই আহোম প্ৰশাসন ব্যৱস্থাত এক ধৰ্ম-ঊৰ্ধ্ব নীতি প্ৰৱৰ্তন কৰা হৈছিল। ত্তাঈ ধৰ্ম থানগিৰি সমাজত জাপি দিয়াৰ সলনি সকলো চিন্তাকে সমমৰ্যাদা দিয়া এই ধৰ্ম-ঊৰ্ধ্ব প্ৰশাসনীয় নীতিৰ বাবে লুইত-পাটকাই সভ্যতাৰ শক্তি-শাক্ত, ব্ৰজাধানী বৌদ্ধ, শৈৱ, বৈষ্ণৱ, একেশ্বৰবাদী, প্ৰকৃতি উপাসক, জড় উপাসক সকলো সমাজৰ লোকেই আহোম প্ৰশাসনীয় ব্যৱস্থাৰ আওতালৈ আহোঁতে কোনো জটিলতাৰ সৃষ্টি হোৱা নাছিল। অসমীয়া জাতিৰ জাতীয় জীৱনত অদ্যপি বিৰাজমান ধৰ্ম-ঊৰ্ধ্ব জাতীয়তা— এই আহোম প্ৰশাসনীয় ব্যৱস্থাৰ ঐতিহাসিক ফচল। হেংদান যদি আত্মৰক্ষা আৰু প্ৰতিৰোধ সংগ্ৰামৰ প্ৰতীক, তেন্তে গুটিয়া ম’হৰ নাঙল হ’ল সেই সময়ৰ উন্নত উৎপাদনৰ আহিলা। চাওলুং ছু-কা-ফাই হাতৰ হেংদানৰ জৰিয়তে বান-মুঙত গঢ়ি তুলিছিল এক সামৰিক সংস্কৃতি। পৰম্পৰাগত ত্তাঈ সমৰকলা বা মাৰ্চিয়েল আৰ্টৰ প্ৰশিক্ষণ, খেপ-দগা আদি যুঁজৰ কৌশল, গড়-প্ৰাঞ্চি-কোঠৰ সামৰিক বেহু নিৰ্মাণৰ পুৰুষৰ পৰা পুৰুষলৈ প্ৰৱাহিত সামৰিক সংস্কৃতিত বিতত হৈ ৰাজপুত বীৰ ৰামসিংহৰ দৰে বহুজনে প্ৰত্যাৱৰ্তনৰ পথ ল’ব লগা হৈছিল। সেইদৰে জলাহ, দ পথাৰবোৰত আলি মাৰি, গুটিয়া ম’হৰ নাঙলৰ হালেৰে পথাৰৰ মাটি নেফানেফ কৰি তোমত ভৰাই অনা কঠীয়াৰে শালি খেতি আৰম্ভ কৰা পৰম্পৰাই পথাৰবোৰ সেউজ-সোণোৱালী কৰি তুলিছিল। তাকে দেখি থানগিৰি সমাজে ক’লে বোলে— হা-শ্যাম। এই খেতিপথাৰ, ৰাহি হোৱা শস্যৰে আৰম্ভ কৰিলে সকলো মিলি ভোজ খোৱাৰ পৰম্পৰা। পথাৰৰ শস্য, বনৰ মঙহ, পানীৰ মাছেৰে এসাঁজ একেলগে বহি খোৱাৰ আত্মীয়তাই, বিয়া-বাৰুৰে মিতিৰ হোৱাৰ নিয়মেৰে সকলো ওচৰ চাপি আহিল। এই কৃষিনীতিকে সাৰোগত কৰি পৰৱৰ্তী সময়ত মোমাই তামুলী বৰবৰুৱাই বাৰী পতা, খেল বন্ধোৱা, পাইকৰ পিয়ল কৰা আদি পৰিকল্পনাৰে সবাকে আঁটি আঁটি বান্ধিলে। যাৰ চানেকি আজিও বিদ্যমান।

হেংদানকেন্দ্ৰিক সামৰিক সংস্কৃতি, গুটিয়া ম’হৰ নাঙলকেন্দ্ৰিক কৃষি-ব্যৱস্থাই লুইত-পাটকাই সভ্যতাৰ ভিন্ন জনগোটক এক স্বকীয়, স্বাভিমানী, জনসমাজলৈ ৰূপান্তৰিত কৰিব পাৰিছিল বাবেই এই জনসমাজে সকলো বহিঃআক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ শক্তি গঢ়ি তুলি স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰিছিল। বুৰঞ্জীৰ প্ৰতি পৃষ্ঠা তাৰ সাক্ষী।

বিশ্ব ইতিহাস চালে দেখা যায় যে একো একোজন যুগনায়কে তেখেতৰ সময় নেওচি সৃষ্টি কৰা নীতিসমূহেই সমাজৰ মৌলিক পৰিৱৰ্তন কৰে। নতুন এক সমাজ গাঁথনিৰ সৃষ্টি হয়। তেনে সকলেই একো একোজন ৰাজনীতিজ্ঞ। লুইত-পাটকাই সভ্যতাৰ বুকুত এনে নীতিৰে অসম সংগঠন বা ৰাষ্ট্ৰ-ব্যৱস্থাৰ জন্ম দিয়াৰ মাজেৰেই চাওলুং ছু-কা-ফা এজন শ্ৰেষ্ঠ ৰাজনীতিজ্ঞ হিচাপে পৰিগণিত হৈছে। তেখেতৰ নীতিৰে বিকাশ লাভ কৰা অসম সংগঠন বা মধ্যযুগীয় অসম ৰাষ্ট্ৰৰ বিকাশ, প্ৰসাৰ আৰু সমৃদ্ধিৰ মাজেৰেই এই নীতি প্ৰতিফলিত হৈছে। চাওলুং ছু-কা-ফাই প্ৰতিষ্ঠা কৰা অসম সংগঠনৰ বিশালতা আৰু গভীৰতা আজিও ইতিহাসৰ চৰ্চাকাৰীসকলৰ বাবে চিন্তাৰ সমল। আমাৰ নিজা দৃষ্টিত পৰা তেনে কেতবোৰ দিশ আঙুলিয়াই থ’ব খুজিছোঁ। প্ৰথমেই দেখা যায়— অসম সংগঠন বা অসম ৰাষ্ট্ৰৰ ব্যাপ্তি আৰু তাৰ লগত জড়িত কথাবোৰ। চাওলুং ছু-কা-ফাৰ পৰৱৰ্তী প্ৰজন্মই ঢাপে ঢাপে এই অসম ৰাষ্ট্ৰৰ ভেটি বহলাই গৈছিল। সময়ৰ বিভিন্ন খলপাৰে এই ভেটিৰ সীমাই কৰতোৱা নৈ পাইছিল। পাটকাই দাঁতিৰ পৰা কৰতোৱা নৈলৈকে এই পৰিসীমা মধ্যযুগৰ পটভূমিত বৰ বিশাল। এই বিশাল ভূ-খণ্ডক বিভিন্ন তৰফৰ প্ৰশাসনীয় ব্যৱস্থাৰে আৱৰি লোৱা হৈছিল। সমান্তৰালভাৱে এই অসম সংগঠনৰ গাঁথনিৰ লগত স্থাপিত-সঞ্চিত নীতিৰে কাছাৰত ডিমাচা ৰাজন্য, দৰঙিয়াল কোচকে ধৰি বহু কেইগৰাকী কোচক সামৰি লৈছিল। জয়ন্তীয়া, নগা, অঁকা, ডফলা আদি চুবুৰীয়া জনসমাজৰ লগত পঁচা প্ৰথাৰে এক সম্পৰ্ক গঢ়ি তুলিছিল। আনহে নালাগে কেতিয়াবা বৈবাহিক সূত্ৰে, কেতিয়াবা কন্যাদান আৰু কেতিয়াবা কটকী প্ৰেৰণ কৰি ত্ৰিপুৰা, মণিপুৰ, ব্ৰহ্মদেশ, গৌড় আনকি দিল্লী পাটছাহৰ লগতো এক কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হৈছিল। অসম ৰাষ্ট্ৰ বা অসম সংগঠনৰ লগত এনেদৰে বহিঃৰাষ্ট্ৰৰ সম্পৰ্কই অসম ৰাষ্ট্ৰৰ স্বীকৃতি আৰু স্বকীয়তা প্ৰতীয়মান কৰিছিল। নিসন্দেহে চাওলুং ছু-কা-ফাৰ নীতিৰে তেখেতৰ উত্তৰমুখীসকলে গ্ৰহণ কৰা ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতিসমূহ ইতিহাস চৰ্চাকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ।

মধ্যযুগীয়া এই অসম ৰাষ্ট্ৰৰ অভ্যন্তৰীণ সংগঠন বা বিশেষকৈ অৰ্থনৈতিক সংগঠন আৰু নীতিসমূহো পৰ্যালোচনা কৰাৰ থল আছে। আমি সকলোৱে মোমাই তামুলী বৰবৰুৱাৰ গাঁও সংগঠন, পাইক ব্যৱস্থাৰ কথাবোৰ জানো। এনে ব্যৱস্থাই ব্যৱস্থাটোৰ প্ৰাথমিক গোটসমূহক স্বাৱলম্বী কৰি তোলাৰ লগতে ব্যৱস্থাটোৰ হিত সাধন কৰিছিল। সেইদৰে খেল ব্যৱস্থাৰ সূচনা কৰি বিভিন্ন উৎপাদনী গোটৰ মাজেৰে উৎপাদন প্ৰক্ৰিয়া চলোৱা হৈছিল। এনে সুষম অৰ্থনৈতিক ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰ ব্যৱস্থাটোৰ বাবে প্ৰায়োজনীয় ৰাজহ আহৰণত সহায় হৈছিল। বজাৰ ব্যৱস্থাৰ কৰ-কাটল আদিয়ে ৰাজহ ব্যৱস্থা টনকিয়াল কৰিছিল। এনেদৰে সংগ্ৰহ হোৱা ৰাজহসমূহৰ ব্যয় ব্যৱস্থাৰ মাজতো বহু নতুন দিশ দেখা পোৱা যায়। প্ৰথমেই ডা-ডাঙৰীয়া, বা-বিষয়াৰে পৰিচালিত প্ৰশাসনৰ কথাকে ক’ব পাৰি। প্ৰশাসনীয় বিষয়াসকলৰ এক ঘাই বৈশিষ্ট্য যে এনে বিষয়বাব উত্তৰাধিকাৰ সূত্ৰে দিয়া নহয়। একোজন বা-বিষয়াই ব্যৱস্থাটোৰ তলৰ পৰাহে পদোন্নতি অনুযায়ী ওপৰলৈ উধাব পাৰে। উদাহৰণ: বৰবৰুৱাৰ পুত্ৰ লা-চিত। বৰবৰুৱাৰ পুতেক হোৱাৰ বাবেই সেইজন পোনে পোনে বৰফুকন হোৱা নাছিল। বৰং দোলাকাষৰীয়াৰ পৰা যোগ্যতাৰ বলত পদোন্নতি হোৱাৰ পাছতহে বৰফুকনৰ বিষয় পাইছিল। তেনেদৰে বা-বিষয়াই বিষয় হেৰুৱালে আন আন সা-সুবিধাৰ পৰাও বঞ্চিত হৈছিল। বিষয়া বাপেকৰ মৃত্যু হ’লে পুতেকে সেই সুবিধা পোৱা নাছিল। পুতেকে নিজা কৰ্মদক্ষতাৰ বলতহে পাবলগীয়াখিনি পাইছিল। নিসন্দেহে এয়া আধুনিক কালৰ আমোলাতন্ত্ৰৰ দৰেই বৈশিষ্ট্যপূৰ্ণ। দ্বিতীয়তে ৰাজভঁৰালত সংগৃহীত কৰ-কাটলসমূহ, পাইকৰ শ্ৰম-ব্যৱস্থা দ্বাৰা আলি বন্ধোৱা, পুখুৰী খন্দোৱা আদি উন্নয়নমূলক কামৰ চানেকি অদ্যপি বিদ্যমান। বানপানীৰ পৰা খেতি-পথাৰ ৰক্ষাৰ ব্যৱস্থাও আছিল। এয়া যেন আজিৰ দৰেই গড়কাপ্তানী, জনস্বাস্থ্য বিভাগৰ দ্বাৰা কৰোৱা হয়। দেখদেখকৈ এই নীতিসমূহে অসম ৰাষ্ট্ৰৰ এক কল্যাণকামী পৰিচয় তুলি ধৰিছিল, যি কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা বহু পলমকৈ বিশ্বৰ বিভিন্ন আধুনিক ৰাষ্ট্ৰৰ মাজত দেখা যায়।

বুৰঞ্জী আছিল চাওলুং ছু-কা-ফাই অসম সংগঠনলৈ আগবঢ়োৱা শ্ৰেষ্ঠ বৌদ্ধিক সম্পদ। “কাঠৰ গড় বান্ধিম পচিব, মাটিৰ গড় বান্ধিম খহিব, মই কথাৰ গড় বান্ধি দিছোঁ, প্ৰাণ-পৰিভোগী ৰ’ব” বুলি বুৰঞ্জী লিখিবলৈ আৰম্ভ কৰা পৰম্পৰা এক শ্ৰেষ্ঠ বৌদ্ধিক সম্পদ। চিৰিং ফুকনক প্ৰদান কৰা দায়িত্বৰ বাহিৰেও দেওধাই, মহন, বাইলুংসকলে বৌদ্ধিক কথাবোৰ জানিছিল। লিপিবদ্ধ কৰি ৰাখিছিল। পুৰুষৰ পৰা পুৰুষলৈ কথাবোৰ কঢ়িয়াই নিয়াৰ সামজিক পৰম্পৰা আৰম্ভ কৰিছল। ‘বু-লান জী’, ‘পু-লান-চি’ৰ দৰেই লাইলিক, লিট, টু-কু-লাই আদিৰ দৰে কথাৰ গড়বোৰ অবিনশ্বৰ। ব্যক্তিস্তৰত নাতি-পুতিলৈ পুথাসকলে থৈ যোৱা নথিৰ ভঁৰালৰ পৰা বৰপাহী বুৰঞ্জীৰে ৰাজনীতিৰ কথাবোৰৰ সাঁচি থোৱা, দেও বুৰঞ্জীৰ দৰে বুৰঞ্জীবোৰ; এতিয়াও অনাৱিষ্কৃত বা পোহৰলৈ নহা, পাঠ উদ্ধাৰ নোহোৱা বহু বু-লান-জী, পু-লান-চি ৰ দৰে সমগ্ৰ বৌদ্ধিক সম্পদৰে নাম বুৰঞ্জী। এনে বুৰঞ্জী চৰ্চাৰ পৰম্পৰা সমকালীনসকলৰ মাজত বিচাৰি পোৱা নাযায়। ই যেন এক অনন্য বৌদ্ধিক সম্পদ, বৌদ্ধিক পৰম্পৰা। এই পৰম্পৰা সম্পদৰ মাজেৰেই জ্ঞাতিৰ পৰা গঞালৈ, খেল-মেলৰ পৰা ৰাজসভালৈ, পাভটি চাঙৰ পৰা গন্ধীয়া ভঁৰাললৈ— এক বিশাল জ্ঞান ভাণ্ডাৰ, বৌদ্ধিক সম্পদৰ দ্বাৰা সমাজ, প্ৰশাসন সমৃদ্ধ হৈছিল। ইয়াৰ ৰেশ এতিয়াও সমাজ-জীৱনত বিদ্যমান।

স্বাভাৱিকতে মধ্যযুগীয় এই অসম ৰাষ্ট্ৰখনত আজিৰ গণতান্ত্ৰিকতাৰ অনুশীলন একেবাৰে নাই বুলি ক’ব নোৱাৰি। তাৰ উদাহৰণো আমি বুৰঞ্জীৰ পাতৰ পৰাই দিব পাৰোঁ। স্বৰ্গদেউগৰাকীক ভঙা-পতাত ডা-ডাঙৰীয়া বিশেষকৈ তিনিজন ডাঙৰীয়াৰ মত আছিল। আনকি স্বৰ্গদেউৰ সিদ্ধান্তও এই তিনিজনেই নাকচ কৰিব পাৰিছিল। এয়া ক্ষমতা সৌধৰ ওপৰৰ গাঁথনিত থকা ন্যূনতম গণতান্ত্ৰিকতা। সেইদৰে যিকোনো গুৰুত্বপূৰ্ণ বিষয়বোৰত মেল বহুৱাই সিদ্ধান্ত লোৱা, দাঁতি-কাষৰীয়া মিত্ৰসকলক লৈ বৰমেল অনুষ্ঠিত কৰাৰ দৰে গণতান্ত্ৰিকতাও দেখা যায়। এনে পৰম্পৰা থকাৰ বাবেই মালৌ বৰভেটি পতাৰ দৰে ৰাজহুৱা মত সৃষ্টি কৰা সভা অনুষ্ঠিত কৰাৰ নজিৰ দেখা পোৱা যায়।

চাওলুং ছু-কা-ফা আৰু তেখেতৰ উত্তৰসুৰীসকলৰ হাতত এনেদৰে ঠন ধৰি উঠা অসম সংগঠন বা অসম ৰাষ্ট্ৰ প্ৰায় ছশ বছৰ জিলিকি আছিল। শেষৰ ফালে আমোলাতান্ত্ৰিক দ্বন্দ্ব, ব্যাপক প্ৰজা বিদ্ৰোহেৰে অৰাজকতা সৃষ্টি হোৱাটো সকলোৰে জ্ঞাত। সমাজ-ইতিহাসৰ দিশেৰে চাবলৈ গ’লে সেয়াও অৱশ্যম্ভাৱী। যুগপোযোগী পৰিৱৰ্তন নোহোৱাৰ বাবে আমোলতন্ত্ৰৰ মাজত কেন্দ্ৰীয় নেতৃত্বৰ নিয়ন্ত্ৰণ হ্ৰাস পালে। প্ৰজাপালক ৰাষ্ট্ৰ প্ৰজানিপীড়কলৈ পৰিণত হেৱা সূত্ৰেই জন-ধনৰ ব্যাপক ক্ষতি হ’ল। তাতে হস্তক্ষেপ কৰিবলৈ মাতি অনা একালৰ মিত্ৰ মান ৰজা গোঁজ হৈ গোজালি হ’ল। ব্ৰহ্মদেশীয় ক্ৰমবৃদ্ধিমান অৱস্থান আৰু বৃটিছ ঔপনিবোশিক শক্তিৰ মাজৰ দ্বন্দ্বই ইয়াণ্ডাবু সন্ধিৰ পৰ্যায় পোৱালে। অসম ৰাষ্ট্ৰৰ প্ৰতিনিধিহীন ইয়াণ্ডাবু চুক্তিয়ে ছু-কা-ফাৰ ছশবছৰীয়া নীতিৰ অৱসান ঘটালে। অৱশ্যে ৰাষ্ট্ৰ-ব্যৱস্থাৰ পতন হ’লেও তাৰ পীৰি থাকি গ’ল। স্বাধীনচেতা অসম সন্তানে বৃটিছ ঔপনিৱেশিকৰ হস্তক্ষেপ মানি নল’লে। চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে সংগঠিত গমধৰ কোঁৱৰৰ বিদ্ৰোহৰ পৰা চামে চামে বিদ্ৰোহৰ ৰণশিঙা বজালে। ইতিহাস তাৰ সাক্ষী।

গ.

ষোল্ল শতিকাত কোচ দেশ ভ্ৰমণ কৰিবলৈ অহা বিলাতী পৰিব্ৰাজক ৰালফ ফিচে কোচসকলৰ শাৰীৰিক বৈশিষ্ট্য পৰ্যবেক্ষণ কৰি কৈছিল যে কোচসকলৰ কাণবোৰ দীঘল। এই দীঘল কাণৰ বৈশিষ্ট্যৰে কোচসকল মংগোলীয়ৰূপে অভিহিত। এনে বাৰটা কোচ বা মেচ পৰিয়ালৰ মুৰব্বী হিচপে আত্ম-প্ৰকাশ কৰা হাৰিয়া মণ্ডলৰ পুত্ৰ বিশুই কোচবিহাৰত ৰাজধানী পাতি কোচ ৰাজ্য স্থাপন কৰে। বিশু বা বিশ্বসিংহৰ ওঠৰজন পুত্ৰৰ নৰসিংহই তিব্বতৰ নামনি অংশৰ পাটচু আৰু মাটচু নদীৰ মোহনাত অৱস্থিত উপত্যকাত ৰাজ্য স্থাপন কৰি কোচৰ এটা খুঁটি পুতিছিল। তস্য ভাতৃ মহাৰাজ নৰনৰায়ণ আৰু যুৱৰাজ চিলাৰায়ৰ অমৰকীৰ্তি ইতিহাসত এতিয়াও সোণালী আখৰেৰে খোদিত হৈ আছে।

চিলাৰায় এগৰাকী সমৰণায়ক। অতি নিপুণতাৰে কোচসকলৰ সামৰিক সংগঠন গঢ়ি তোলা চিলাৰায়ৰ সেই বিশাল সেনা বাহিনীত ছয় লাখ সৈন্যৰ সমাৱেশ ঘটিছিল। নৌ আৰু স্থলপথত বিভক্ত এই সেনা সংগঠনৰ গাঁথনি অধ্যয়নৰ বিষয়বস্তু। ঠাকুৰীয়া, শইকীয়া, ওমৰা, নৱাব আদি ভিন্নস্তৰৰ বিষয়াবোৰৰ অধীনত সংগঠিত এই সামৰিক সংগঠনক বহু পৰিমাণে এক গণ-সামৰিক সংগঠন যেন ভাব হয়। কিয়নো সামৰিক ৰূপটো গণসূচী বা সমজুৱা নহ’লে ইমান বৃহৎ সংখ্যক সেনাৰ নিয়মীয়া প্ৰশিক্ষণ, ৰচদ-পাতি, যুঁজৰ আহিলা পাতি যোগান ধৰাটো বৰ সহজ কথা নহয়। সেয়ে এই বৃহৎ সংখ্যক সেনাৰ সমাৱেশে কোচসকলক এক সামৰিক জাতিৰ পৰিচয় প্ৰদান কৰে। এই সামৰিক জাতিক সংগঠিত কৰি সামৰিক অভিযানৰ বাবে প্ৰস্তুত কৰা, সামৰিক অভিযান পৰিচালনা কৰা আদি দিশবোৰলৈ চকু দিলে এগৰাকী সমৰনায়ক হিচাপে চিলাৰায়ৰ বৈশিষ্ট্য ফুটি উঠে। এনে এক বিশাল সেনা বাহিনী পৰিচালনাৰ মাজেদি কোচ ৰাজ্যৰ প্ৰসাৰ আৰু বিস্তাৰ ঘটাৰ বিৱৰণ পোৱা যায়।

চিলাৰায়ৰ এই ছয় লাখ সেনাৰ পাঁচ লাখ বত্ৰিছ হাজাৰে আহোমসকলৰ বিৰুদ্ধে ৰণযাত্ৰা কৰাৰ বিৱৰণ দৰং ৰাজ-বংশাৱলীত পোৱা যায়— ‘পাঞ্চলক্ষ বত্ৰিছ হাজাৰ লৈল বীৰ/ বলিষ্ঠ পাৰ্গত অতি নিৰূজ শৰীৰ’। এই ৰণত আহোমৰ পৰাজয় হয়। চামধৰা গড়কে কোচ আহোমৰ সীমা নিৰ্ধাৰণ কৰি উভয়পক্ষ মিত্ৰতা পাশত আবদ্ধ হয়। মধ্যযুগৰ পটভূমিত পূব আৰু পশ্চিমৰ এই দুই মহাশক্তিৰ মিত্ৰতাই লুইত-পাটকাই সভ্যতাত এক নতুন সমাজৰ ভেটি স্থাপন কৰাত অৰিহণা যোগাইছিল।

চিলাৰায়ৰ সামৰিক অভিযান কাছাৰত উপস্থিত হৈছিল। অৱশ্যে এই অভিযানত কিমান সেনাই অংশগ্ৰহণ কৰিছিল, সেয়া অজ্ঞাত। কাছাৰ জয় কৰি চিলাৰায়ে ভায়েক গোহাঁই কমলক কাছাৰৰ দেৱান পাতে। গোহাঁই কমলৰ বংশধৰসকলেই কাছাৰত দেৱান বা দেহান বুলি পৰিচিত। কাছাৰৰ পাছতেই মণিপুৰ অভিমুখী চিলাৰায় অভিযানৰ বতৰা পাই মণিপুৰৰ নৃপতিয়ে চিলাৰায়ৰ সন্মুখত উপস্থিত হয় আৰু বশ্যতা স্বীকাৰ কৰে। ইয়াৰ পাছত জয়ন্তীয়া ৰাজ্য জয় কৰে আৰু যুদ্ধত নিহত জয়ন্তীয়া ৰজাৰ পুত্ৰ বিজয় মাণিক্যক কৰতলীয়া ৰজা পাতে। এই অভিযানতেই শ্ৰীহট্ট আৰু ত্ৰিপুৰা দুয়ো ৰাজ্যৰ বশ্যতা আদায় কৰে।

মহাবীৰ চিলাৰায়ৰ এই ব্যাপক সেনা অভিযানে কোচ ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল। এই অভিযানৰ দ্বাৰাই কোচবিহাৰৰ পৰা শ্ৰীহট্টলৈ এক বিশাল ভূ-খণ্ডত কোচসকলৰ শাসন প্ৰতিষ্ঠা হয়। এই সীমাৰ লগত নৰসিংহৰ ৰাজ্যকো সামৰিলে মধ্যযুগীয় কোচসকলৰ ৰাজ্যৰ পৰিধিয়ে তিব্বতৰ ওচৰ পাইছিলগৈ বুলি ক’লে অত্যুক্তি নিশ্চয় নহ’ব।

আলোচ্য লুইত-পাটকাই সভ্যতাৰ মহাবীৰ চিলাৰায় আৰু তস্য নেতৃত্বাধীন কোচ সামৰিক অভিযান এক উল্লেখযোগ্য পৰিঘটনা। এই সৰ্ববৃহৎ সামৰিক অভিযানে বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য, গোষ্ঠীক এক বিশাল শাসন ব্যৱস্থাৰ আওতালৈ আনিছিল। এক সামৰিক সংস্কৃতিৰে সংঘবদ্ধ কৰা এই শাসন-ব্যৱস্থাই সমাজ-জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল।

চিলাৰায় ভাতৃ মহাৰাজ নৰনাৰায়ণৰ এই কোচ ৰাষ্ট্ৰৰ আন কেইবাটাও দিশ পৰ্যালোচনা কৰাৰ থল আছে। কোচসকলে লুইত-পাটকাই সভ্যতাৰ অন্যতম সাংস্কৃতিক ধাৰা শাক্ত-শক্তিৰ পৃষ্ঠপোষকতা কৰিছিল। ৰণবাউলী, কাছাকান্তি আদিৰ পৰম্পৰাগত উপাসনাৰ লগতে শক্তিপীঠ কামাখ্যা মন্দিৰৰ পুনৰ্নিৰ্মাণ কৰাৰ কথা পোৱা যায়। নৰনাৰায়ণ চিলাৰায়ৰ পৰৱৰ্তী ৰাজন্যবৰ্গ, সামন্তসকললৈকে এই পৰম্পৰা আছিল। তাৰ চানেকি শক্তি আৰধনা হিচাপে দুৰ্গা পূজাৰ কথাকে ক’ব পাৰি। আজিৰ বংগীয় সংস্কৃতি বুলি পৰিচিত দুৰ্গা পূজাৰ শিপা বিচাৰিলে কোচসকলৰ পৃষ্ঠপোষকতাত আয়োজিত দুৰ্গা আৰাধনাৰ কথাটোহে পৰিস্ফুট হৈ উঠে।

শক্তি আৰাধনাৰ সমান্তৰালভাৱে বৈষ্ণৱ পন্থাৰ পৃষ্ঠপোষকতাৰ কথাও কোচসকলৰ শাসন-ব্যৱস্থাত দেখা যায়। বিশেষকৈ যুৱৰাজ চিলাৰায়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ভতিজী, ৰামাৰায়ৰ দুহিতা ভুৱনেশ্বৰীৰ পাণিগ্ৰহণ কৰাৰ পাছৰে পৰা এই প্ৰক্ৰিয়া দ্ৰুততৰ হৈ পৰে। মহাপুৰুষ শঙ্কৰদেৱক পৃষ্ঠপোষকতা কৰাৰ মাজেৰে মহাৰাজ নৰনাৰায়ণৰ কোচ ৰাজ্য মধ্যযুগীয় অসমীয়া ভাষা-সাহিত্যৰ নাভিকেন্দ্ৰলৈ ৰূপান্তৰিত হৈ পৰে। অৱশ্যে অসমীয়া সাহিত্যৰ বুৰঞ্জী মেলি চালে পাঁচালী সাহিত্যৰ মনবৰ, দুৰ্গাবৰ আদি ৰচনাত কোচৰজা বিশু বা বিশ্বসিংহ আৰু শিশু বা শিৱসিংহৰ উল্লেখ পোৱালৈ চাই কোচসকলে আদিৰে পৰা অসমীয়া সাহিত্যৰ লগত সংপৃক্ত থকাৰ কথা ক’ব পাৰি। দুৰ্গাবৰী পাঁচালীত প্ৰাপ্ত ‘কমতা ঈশ্বৰ বন্দো বিশ্বসিংহ নৃপবৰ। আঠচল্লিশ মহিষী বন্দো ওঠৰ কোঁৱৰ’— বুলি বিশ্বসিংহৰ উল্লেখ আৰু মনবৰৰ ৰচনাত ‘কমতাইৰ ৰাজা বন্দো ৰাজা জল্পেশ্বৰ’— বুলি শিৱসিংহৰ উল্লেখ কৰাৰ কথা পোৱা যায়। সমৰনায়ক চিলাৰায়ৰ পাণ্ডিত্য সেনা সংগঠনতে সীমাবদ্ধ নাথাকি সাহিত্য কৰ্মৰ দিশেও ধাৱমান হৈছিল। ‘সাৰবতী’ শাস্ত্ৰৰ মাজেৰে মহাবীৰজনাৰ পাণ্ডিত্য, সুকুমাৰ কলাৰ ব্যুৎপত্তি প্ৰকাশিত হৈছে। মহাপুৰুষজনাৰ ভতিজী জোঁৱাই হোৱাৰ সূত্ৰে দুয়ো মহীৰুহৰ মিলন হয় আৰু সিয়ে অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত নতুন মাত্ৰা প্ৰদান কৰিলে। সমৰনায়কগৰাকীৰ যোগেদিয়েই মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত ‘মধু দানৱ দাৰণ দেৱ বৰম’ শ্লোক গাই প্ৰৱেশ কৰা মহাপুৰুষজনাৰো ‘দৰশিত সুন্দৰ গৌৰ কলেৱৰ/ যৈচন সুৰ পৰকাশ’ ৰূপ প্ৰত্যক্ষ কৰি মহাৰাজ নৰনাৰায়ণ সন্মোহিত হয়। এয়াও এক মণিকাঞ্চন সংযোগ। এফালে বিদ্যোৎসাহী মহাৰাজ নৰনাৰায়ণ, তস্য ভাতৃ চিলাৰায় আৰু আনফালে যুগসন্ধিৰ যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ। এই অতুলনীয় সংযোগে কোচবিহাৰক অসমীয়া ভাষা-সাহিত্যৰ নাভিকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে। এই নাভিকেন্দ্ৰৰ প্ৰভাৱ পৰৱৰ্তী কেইবাশতিকা ব্যাপি প্ৰসাৰিত হ’ল। প্ৰতিজন কোচ ৰজা, সামন্তই অসমীয়া ভাষা-সাহিত্যৰ পৃষ্ঠপোষকতা কৰিলে। শঙ্কৰদেৱৰ যুগৰ বৈষ্ণৱ সাহিত্যকাৰসকলে, চৰিত-তোলা পৰম্পৰাৰ মাজেৰে সৰু সৰু সাহিত্যৰ গোটসমূহে, ভিন্ন স্থানত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা নিৰৱচ্ছিন্নভাৱে চলাই গ’ল। কোচবিহাৰকেন্দ্ৰিক অসমীয়া ভাষা-সাহিত্যৰ এই নাভিকেন্দ্ৰত আমি কাক কাক যে বিচাৰি নাপাওঁ! অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জীত বিচাৰিলে এনে বহুবোৰ কথাই ভাস্বত হৈ পৰে। নৰনাৰায়ণৰ ৰাজসভাৰ সভাকবি ৰূপে স্বীকৃত ৰাম সৰস্বতী আছিল সেইসময়ৰ অন্যতম জ্যোতিষ্ক। অসমীয়া মহাভাৰতীয় সাহিত্যৰ জনক ৰাম সৰস্বতীৰ ৰচনাৰাজিৰ মাজত লক্ষণৰ শক্তিশেল, তাম্ৰধ্বজৰ যুদ্ধ, ব্যাধ চৰিত আদিৰ কথাও পোৱা যায়। মহাবীৰ চিলাৰায় বা সংগ্ৰাম সিংহৰ পৃষ্ঠপোষকতা লাভ কৰা পাঁচালী সাহিত্যৰ পীতাম্বৰ ৰচিত ঊষা পৰিণয়, ভাগৱতৰ প্ৰথম আৰু দশম স্কন্ধ, মাৰ্কেণ্ডেয় পুৰাণ, নল-দময়ন্তী, কুমৰহৰণ আদিৰ উল্লেখ পোৱা যায়। দৰঙী কোচ ৰজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা সুকবি নাৰায়ণদেৱৰ পদাৱলী সুকনানী বা সুকনান্নী ৰূপে সমাদৃত হৈ আছে। দৰঙী ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা গংগা দাসৰ পিতৃ ষষ্ঠীবৰৰ মাজেৰেও মহাভাৰতীয় সাহিত্যৰ ধাৰা প্ৰৱাহিত। দৰঙী ৰজাই ৰাজসভাত স্থান দিয়া গোৱিন্দ মিশ্ৰৰ ভক্তি বিবেক, শ্ৰীমদ্ভগৱদগীতা অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ সময়ছোৱাৰ ভাগৱত অনুবাদক শ্ৰীহৰিদাস, ৰঘুদেৱৰ বিশ্বাসী পাৰিষদ অনিৰুদ্ধ কায়স্থ, দৰঙী ৰাজসভাৰ গোপীনাথ পাঠক, দৰঙী ৰজা মকধ্বজৰ ৰাজসভাৰ দামোদৰ দ্বিজ, কোচবিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণৰ ৰাজসভাসদ কবীন্দ্ৰ পাত্ৰ আদিৰ মাজেৰে ভাষা-সাহিত্যৰ বোঁৱতী নৈ নিৰবধি বৈ আছিল।

নৰনাৰায়ণ ৰাজসভাত গণিত, জ্যোতিষ, চিকিৎসাবিদ্যা চৰ্চাৰ মাজেৰেও অসমীয়া ভাষা-সাহিত্য নাভিকেন্দ্ৰৰ বিকাশ হৈছিল। এইসকলৰ মাজত নৰনাৰায়ণৰ সভাপণ্ডিত বকুল কায়স্থই ‘কিত্যবৎ মঞ্জৰী’ৰ যোগেদি গণিত চৰ্চা কৰিছিল। এই কায়স্থসকলৰ পৰাই আমাৰ কাইথেলী অংকৰ বিকাশ হৈছিল। কোচ নৃপতি বিশ্বসিংহৰ ৰাজ জ্যোতিষী শ্ৰীবৰ ৰচিত ‘ৰাশি যোৰাগ্ৰন্থ’, নৰনাৰায়ণৰ পীতাম্বৰ সিদ্ধান্তবাগীশে ৰচনা কৰা ‘গ্ৰহণ কৌমুদী’ আৰু ‘সিদ্ধান্ত কৌমুদী’কে ধৰি ভালেমান জ্যোতিষ গ্ৰন্থ প্ৰণয়ন হোৱাটোৱে সেই সময়ৰ জ্যোতিবিদ্যা চৰ্চাৰ নিদৰ্শন দাঙি ধৰে।

লুইত-পাটকাই সভ্যতাৰ মাজত বিকাশ লাভ কৰা বিশ্বসিংহ-নৰসিংহ-নৰনাৰায়ণ-চিলাৰায়-পৰীক্ষিত নাৰায়ণ-ৰঘুদেৱ-লক্ষ্মীনাৰায়ণৰ পৰা ধৰ্মনাৰায়ণলৈকে ৰাজন্যবৰ্গ তথা সেইসকলৰ পুত্ৰ-পৌত্ৰাদি ক্ৰমে কোচ অমাত্য, সামন্তসকলক সামৰি গঠন হোৱা কোচ ৰাষ্ট্ৰ-ব্যৱস্থা নিসন্দেহে এক উল্লেখযোগ্য অধ্যায়। শ্ৰীহট্টৰ পৰা তিব্বতৰ পাদদেশলৈ বিয়পি থকা এই বিশাল ৰাজ্যখণ্ডৰ সমগ্ৰ ব্যৱস্থাপনাকে ছয় লাখ সেনাৰে সংগঠিত সামৰিক সংস্কৃতিয়ে দৃঢ় কৰি তুলিছিল। তাৰ মাজে মাজে এক দীঘলীয়া কাল জ্ঞানচৰ্চাক সাৰোগত কৰি কোচসকলৰ পৃষ্ঠপোষকতাত ঠন ধৰি উঠিছিল মধ্যযুগীয় অসমীয়া ভাষা-সংস্কৃতি। আলোচ্য কৃতবিদ্যসকলৰ লগতে বহুজনে পদাৱলী, পাঁচালী ভাষা-সাহিত্যৰ ভাঙণি সাহিত্যৰ মাজেৰে অসমীয়া ভাষা-সাহিত্যৰ ভেটি নিকপকপীয়া কৰি তুলিছিল। নিঃসন্দেহে কোচবিহাৰ হ’ল এই অসমীয়া ভাষা-সাহিত্যৰ নাভিকেন্দ্ৰ। দৰঙ এই নাভিকেন্দ্ৰৰ অসমীয়া ভাষা-সাহিত্যৰ ইৰা-পিংগলা-নাড়ী। প্ৰৱহমান ৰক্তনালিকা তন্ত্ৰই যেন অসমীয়া ভাষা-সাহিত্যৰ প্ৰাণগংগা। নৰনাৰায়ণ-চিলাৰায়ৰ পাছৰ সময়ছোৱা এক সামৰিক অস্থিৰতাৰ মাজেৰে পাৰ হৈছে। বাৰে বাৰে পশ্চিমৰ পৰা অহা সৰু-বৰ আক্ৰমণৰ বোজা জনসমাজে বহন কৰিব লগা হৈছে। এনে সামৰিক আক্ৰমণ, শিবিৰ, সেনা সঞ্চালন, তাৰ বাবে প্ৰয়োজনীয় ৰচদ সংগ্ৰহ অভিযানৰ বাবে জনজীৱন বিপৰ্যয়ৰ সন্মুখীন হৈছে। বহুবাৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে। সনাতন কোচ, সুমাৰূদেৱ, পৰশুৰামৰ দৰে সেনা প্ৰধানসকলে প্ৰতিৰোধ গঢ়ি তুলিছে। কিন্তু এই প্ৰতিৰোধ বিপৰ্যয়ৰ মাজতো সৰু সৰু গোটত ভাষা-সাহিত্যৰ চৰ্চা চলি আছে। কৃতবিদ্য সাহিত্যসাধক, জ্ঞান প্ৰচাৰকসকলৰ নিৰৱচ্ছিন্ন সাধনা, ভাষা-সাহিত্য বিকাশক কথাবোৰ এক পৰম্পৰালৈ ৰূপান্তৰিত হৈছে। এই সকলোৰে বাবে লুইত-পাটকাই সভ্যতাৰ ধাৰাবাহিকতাত কোচ ৰজা আৰু উত্তৰসুৰীসকলৰ সাধনা অসম বুৰঞ্জী চৰ্চাৰ এক গৌৰৱগাথা হিচাপে আজিও প্ৰেৰণাৰ অমল উৎস। ত্তাঈ পৰম্পৰাগত জ্ঞানচৰ্চা, বুৰঞ্জী সাহিত্য, কোচবিহাৰকেন্দ্ৰিক সাহিত্য চৰ্চাৰ মাজেৰে লুইত-পাটকাই সভ্যতাৰ জ্ঞান প্ৰৱাহ এক সমৃদ্ধ ঐতিহ্য।

সামৰণি

লুইত-পাটকাই সভ্যতাৰ ইতিকথাত ইয়াণ্ডাবু সন্ধিৰ কথা স্বাভাৱিকভাৱেই আহে। ব্ৰহ্মদেশীয় মান আৰু সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বৃটিছ শক্তিৰ মাজত স্বাক্ষৰিত এই চুক্তিয়ে ভূ-খণ্ডলৈ বৃটিছ ঔপনিৱেশিক শক্তি আগমনৰ পথ মোকলাই তুলিলে। ইতিপূৰ্বে ভূ-খণ্ডত ভ্ৰমণ কৰা কেপ্তেইন ৱেলচ চাহাবৰ টোকাত ভূ-খণ্ডৰ বাণিজ্যিক সম্ভাৱনাৰ কথা পোহৰলৈ আহিছিল। এই ভূ-খণ্ডৰ মাজেৰে দক্ষিণ-পূব এছিয়ালৈ বাণিজ্যিক পথৰ সম্ভাৱনাই দেখা দিলে। সেয়ে ইয়াণ্ডাবু সন্ধিৰ আলমতে ডেভিদ স্কট চাহাবে লুইতৰ পাৰতে টৌ-খুঁটি মাৰি বহি ল’লে। তাৰে বছৰদিয়েক পাছত পেম্বাৰটনৰ টোকাৰে বৃটিছৰ বাণিজ্যিক সম্ভাৱনা স্পষ্ট হোৱাৰ পাছত বৃটিছে কাছাৰ দখল কৰিলে। লাহে লাহে সমগ্ৰ লুইত-পাটকাই সভ্যতাতে বৃটিছ শাসন-প্ৰশাসন গজগজীয়া হ’ল।

ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসম ৰাষ্ট্ৰ, বদৰপুৰ চুক্তিৰ যোগেদি কাছাৰ বৃটিছ ভাৰতত অন্তৰ্ভুক্ত হৈ আসাম প্ৰদেশ ৰূপে চিহ্নিত হ’ল। কোচ ৰাজ্য সংকুচিত হৈ কোচবিহাৰ দেশীয় ৰাজ্য হৈ থাকিল।

বৃটিছ প্ৰশাসনৰ দুৱাৰডলিতে হাজাৰ বছৰীয়া অসমীয়া ভাষালৈ কাল অমানিশা নামি আহিল। প্ৰশাসনীয় কাম-কাজৰ পৰা অসমীয়া ভাষা আঁতৰাই পোলোৱা হ’ল। এই আন্ধাৰৰ মাজত চাকিগছ জ্বলালে আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে। ঘাইকৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবে ভূখণ্ডত প্ৰৱেশ কৰা মিছনেৰীসকলে স্থানীয় ভাষাৰে ধৰ্মপুস্তক ছপা কৰা নীতিৰ বাবেই ছপাখানা আহিল। সেই ছপাখানাৰ পৰা ঘাইকৈ পূব অসমৰ ভাষাৰে ‘অৰুনোদই’ (পাছলৈ ‘অৰুণোদয়’) সংবাদ পত্ৰ প্ৰকাশ পালে। অসমীয়া ভাষাৰ ব্যাকৰণ ওলাল। টেঙাই মহন পণ্ডিতৰ পথেৰেই অসমীয়া ভাষাৰ অভিধানো পোহৰলৈ আহিল। অসমীয়া ভাষা পুনৰ স্বস্থানত প্ৰতিষ্ঠিত হ’ল। পাছে ছপাশাল আৰু বিশ্ববিদ্যালয় নথকাৰ সূত্ৰে অসমীয়া ভাষাৰ বহু প্ৰাচীন গ্ৰন্থ সম্পদৰ বকলাপিঠিত নতুন মালিকৰ ছাপ-মোহৰ পৰিল। তাৰ বাবেই লাহে লাহে গা কৰি উঠা অসমীয়া বৌদ্ধিক সমাজখনে এখন নতুন শৰাইঘাটৰ সূচনা কৰিব লগা হ’ল। অসমীয়া ভাষা-উন্নতি সাধিনী সভাৰ পৰা অসম সাহিত্য সভা প্ৰতিষ্ঠা, বিস্তাৰৰ মাজেৰে অসমীয়া ভাষাক ন-ৰূপত গঢ়াৰ এই মহতী প্ৰয়াসে লুইত-পাটকাই সভ্যতাৰ বুকুত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল।

বৃটিছ ঔপনিৱেশিকতাই লুইত-পাটকাই সভ্যতাৰ আৰ্থ-সামাজিক পটভূমিত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিলে। ইংৰাজী ভাষা আৰু খ্ৰীষ্টধৰ্মৰ প্ৰসাৰ-প্ৰচাৰ হ’ল। পাটকাইমূলীয় বহু জনসমাজ খ্ৰীষ্টধৰ্মত দীক্ষিত হ’ল। খ্ৰীষ্ট ধৰ্ম আৰু ইংৰাজী ভাষাই সেই জনসমাজৰ বুকুত এক বৌদ্ধিক সমাজ গঢ়ি তুলিলে। এই বৌদ্ধিক সমাজৰ লগত লুইতপৰীয়া বৌদ্ধিক সমাজৰ এক মানসিক বিলগ্নতাৰ সৃষ্টি হ’ল। বৃটিছ প্ৰশাসনীয় ব্যৱস্থাৰ মজেৰে নিগৰি অহা গাঁথনি একেটাৰ মাজেৰে লুইত-পাটকাই সভ্যতাৰ বুকুত ন ন প্ৰশাসনীয় গোটৰ সৃষ্টি হ’বলৈ ধৰিলে। এই প্ৰশাসনীয় গোটবোৰতে ভেজা দি উত্থিত বৌদ্ধিক শ্ৰেণীয়ে স্বকীয় পৰিচয়ৰ দিশে ধাৱমান হ’ল।

ঔপনিৱেশিকতাই অৰ্থনৈতিক ক্ষেত্ৰখনতো আমূল পৰিৱৰ্তন সাধন কৰিলে। সমগ্ৰ ভূমি-ব্যৱস্থাৰ পৰিৱৰ্তন হ’ল। ভূমি আৰু ৰাজস্ব ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে লুইতপৰীয়া জনসমাজৰ মাজত নতুন সামাজিক গাঁথনি কেতবোৰ গঢ় ল’বলৈ ধৰিলে। সামাজিক সম্পৰ্কবোৰৰো নতুন বিন্যাস হ’ল। এই ভূমি ৰাজস্ব ব্যৱস্থাৰ আঁত ধৰিলেই গংগা-মেঘনা উপত্যকাৰ পৰা জন-প্ৰব্ৰজন আৰম্ভ হ’ল। ঘাইকৈ পতিত মাটিবোৰৰ খেতি কৰা আৰু ন উদ্ভাৱন— চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰিবৰ বাবে এই জনপ্ৰব্ৰজন ঘটোৱা হ’ল। এই জনপ্ৰব্ৰজনে ভূ-খণ্ডৰ জনগাঁথনিতো ব্যাপক প্ৰভাৱ পেলালে। প্ৰব্ৰজন এক সামাজিক-ৰাজনৈতিক বাগধাৰা হিচাপে পৰিগণিত হ’ল। তাৰ ৰেশ অদ্যাপি বিদ্যমান।

বৃটিছ পুঁজিৰ হাত ধৰিয়েই লুইত-পাটকাই সভ্যতালৈ গাংগেয় উপত্যকাৰ পৰাও জনপ্ৰব্ৰজন হ’ল। সংখ্যাৰ ফালৰ পৰা এই জনপ্ৰব্ৰজনৰ সংখ্যা কম যদিও আৰ্থিক দিশত এই প্ৰব্ৰজনৰ অৱস্থান অতি শক্তিশালী। বৃটিছ প্ৰশাসনীয় গোটবোৰৰ গাতে ভেজা দি গা কৰা নগৰ-চহৰৰ পৰা চাহ বাগানৰ সংযোগথলী, গাঁৱৰ সংযোগথলীলৈকে এই প্ৰব্ৰজিত লোকসকলৰ এক জাল-বিন্যাস আছে। বৃটিছ পুঁজি আৰু আৰু সহযোগীসকলৰ জাল-বিন্যাসৰ মাজেৰে ভূ-খণ্ডৰ সম্পদৰ বহিঃগমন আৰম্ভ হয়। সেই প্ৰক্ৰিয়া দীৰ্ঘম্যাদী আৰু স্থায়ী হৈ পৰে।

সামগ্ৰিকভাৱে বৃটিছ ঔপনিৱেশিক শক্তিসৃষ্ট এই গাঁথনি আৰু শৃংখলা ভূখণ্ডৰ জনগণে গ্ৰহণ কৰা নাছিল। ইয়াণ্ডাবু সন্ধিক বিৰোধ কৰি গমধৰ কোঁৱৰে আৰম্ভ কৰা যুঁজখন যেন শেষ নহ’বই! সময়, পৰিস্থিতি, পৰিৱেশ সাপেক্ষে মাথোঁ তাৰ ৰূপ বেলেগ বেলেগ। বৃটিছ ঔপনিৱেশিকতাৰ ওৰ পেলাই স্বাধীনতা লাভ কৰাৰ পাছতো, সেয়ে এনে বিষয়সমূহ লৈ সমাজ-জীৱন মাজে মাজে উত্তাল হৈ আছে। কেতিয়াবা ভাষাৰ প্ৰশ্নত, কেতিয়াবা সম্পদৰ অধিকাৰৰ প্ৰশ্নত, কেতিয়াবা প্ৰব্ৰজনৰ প্ৰশ্নত সমাজ-জীৱন উত্তাল হৈ পৰিছে। সমান্তৰালভাৱে লুইত-পাটকাই সভ্যতাত আৱহমান সময়ৰ পৰা বসবাস কৰা, এই সভ্যতাৰ চাবেক অধিকাৰী জনগোট, জনসম্প্ৰদায়সমূহৰ মাজতো বিশ্বাসহীনতাই গঢ় লৈ উঠিছে। উমৈহতীয়া বাসভূমি এই লুইত-পাটকাই সভ্যতাৰ ঐতিহ্য প্ৰৱাহী ভূমি গোষ্ঠী-দ্বন্দ্ব, সংঘাতৰ বাবে যেন চিৰ অশান্ত-অস্থিৰ। এক সামূহিক মতাদৰ্শ, উমৈহতীয়া কৰ্মসূচীৰ অভাৱত যেন জঁয় পৰি গৈছে লুইত-পাটকাই সভ্যতাৰ ঐতিহ্য, গৌৰৱ গাথা।

চাওলুং ছু-কা-ফাই লুইত-পাটকাই সভ্যতাত খোজ দিয়া ১২২৮ চনৰ পৰা ধৰিলে অসমীয়া জাতিয়ে বুৰঞ্জীৰ পাক লগা বাটেৰে আহি আহি আঠশ (৮০০) বছৰত ভৰি দিছে। জাতি হিচাপে এয়া বৰ কম নহয়। বৰং বিশ্বৰ সমসাময়িক বহু জাতিৰ তুলনাত এই ঐতিহাসিক পৰিক্ৰমা এক উল্লেখযোগ্য ঘটনা। বহু ঘাত-প্ৰতিঘাত, দ্বন্দ্ব-সংঘাতৰ মাজেৰে আহি অসমীয়া জাতিয়ে এই পৰ্যায় পাইছেহি। সেয়ে বুৰঞ্জী চৰ্চাকাৰী হিচাপে আমি এই সময়ছোৱা (১২২৮-২০২৮)ক অসমীয়া জাতিৰ এক সামূহিক, উমৈহতীয়া ঐতিহাসিক পৰম্পৰা বুলি ঠাৱৰ কৰোঁ আৰু ২০২৮ চনৰ ভিতৰত অসমীয়া জাতিৰ আঠশ বছৰীয়া পৰিক্ৰমাক উদ্‌যাপন কৰাৰ পোষকতা কৰোঁ। আমাৰ খুদীয়া মগজুসৃষ্ট এই আঠশ বছৰীয়া পৰিক্ৰমা উদ্‌যাপনৰ প্ৰস্তাৱ ৰাজহুৱা বিবেচনাৰ বাবে সময়ৰ আগতেই উত্থাপন কৰিলো। আমাৰ এই প্ৰস্তাৱ কালিৰ ছৱালে পৰহিৰ গীত গোৱাৰ দৰে নিন্দিত, ভৰ্ৎসিত হ’ব পাৰে, হ’ব পাৰে ই বহুজনৰ বাবে অহংকেন্দ্ৰিক এক কথা। তথাপি এই সমূহৰ বিপৰীতে দেশ বুলিলে আদেশ নালাগে বোলা কথাষাৰকে ভেটি হিচাপে লৈ সমজুৱা আলোচনাৰ বাবে উত্থাপন কৰিলোঁ।

আশা কৰোঁ এই সন্দৰ্ভত আলাপ-আলোচনা হ’ব। আমাৰ খুদীয়া মগজুৰ সীমাবদ্ধতাৰ বিপৰীতে যোগ্য, অভিজ্ঞ, প্ৰজ্ঞাৱানবৃন্দৰ সমূহীয়া প্ৰয়াসত এই ঘাই কথাষাৰে অধিক বিকাশ লাভ কৰিব। অসমীয়া জাতিৰ আঠশ বছৰীয়া পৰিক্ৰমা (১২২৮-২০২৮) উদ্‌যাপনৰ মাজেৰে অসমীয়া সাৰস্বত সমাজৰ নেতৃত্বত, নতুন পুৰুষে জাতীয় জীৱনৰ প্ৰাণ প্ৰৱাহৰ মহতী ধাৰাৰ লগত সংযুক্ত হোৱাৰ প্ৰয়াসৰে আমাৰ জাতীয় জীৱন সমৃদ্ধ হ’ব।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
লুইত-পাটকাই সভ্যতাৰ পটভূমিত বিকশিত অসমীয়া জাতিৰ আঠশ বছৰীয়া পৰিক্ৰমা | ড° ইন্দ্ৰজিৎ বেজবৰুৱা

Follow Nilacharai on Facebook