স ময় গতিশীল, এই গতিশীল সময়ৰ লগত খোজ মিলাই আগুৱাই যাব জানিলেই জীৱনটো সহজ হৈ পৰে। মানুহৰ জীৱনত সময়ৰ যি মূল্য, সেয়া আন একোৱেই দিব নোৱাৰে। সময় এবাৰ বাগৰি যোৱা মানে তাক আৰু কেতিয়াও ঘূৰাই পাব নোৱাৰি। সময় সকলোৰে কাৰণে একেই, যেনে ২৪ ঘণ্টাই এদিন হয়, এই সময়খিনি সকলোৰে বাবে সমান। যি উপযুক্তকৈ ব্যৱহাৰ কৰিব পাৰিছে, তেওঁ সফলতাৰ দিশত ধাৱমান হৈছে। মহান ব্যক্তিসকলৰ জীৱনীৰ পাত লুটিয়ালে এটা কথা স্পষ্ট হয় যে তেওঁলোকে সময়ৰ সঠিক মূল্যায়ন কৰিব জানে। মানুহে যি কামেই নকৰক কিয় নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি সেই কাম সম্পূৰ্ণ কৰিব নোৱাৰে, তেন্তে তাৰ সঠিক মূল্য পোৱাটো টান হৈ পৰে। ছাত্ৰ অৱস্থাত জ্ঞান আহৰণ কৰিব নোৱাৰিলে পাছৰ জীৱনটো জটিল হোৱাৰ সম্ভাৱনাই অধিক।
সৰুতে কোৱা এটা কথা এতিয়াও মনত আছে— সময়ৰ শৰ সময়ত মাৰিব নোৱাৰিলে শৰ পহুৰ মাংস খাবলৈ আশা কৰাটো মিছা। গতিকে সময়ৰ কাম সময়তে সমাধা কৰি যাব লাগে। সঠিক সময়ত সঠিক সিদ্ধান্তই মানুহৰ জীৱনৰ উন্নতিৰ মাপকাঠী স্বৰূপ। সেয়েহে আমি জানিব লাগিব, কেনেকৈ কম সময়ত অধিক কাম কৰিব পাৰি। নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি যদি এটা সুন্দৰ পৰিকল্পনাৰে আগবাঢ়ি যাব পাৰি, তেন্তে লক্ষ্যস্থানত উপনীত হোৱাৰ পথ প্ৰশস্ত হ’ব।
সকলো কামৰে একোটা নিজস্ব সময়সীমা থাকে। সময়তকৈ আগত আৰু সময়তকৈ পাছত সেই কামৰ সঠিক মূল্য পোৱাটো সহজ নহয়। যিদৰে সূৰ্য উদয় আৰু অস্ত যোৱাৰ সময় নিৰ্ধাৰিত হৈ থাকে, ফুলৰ কলি ওলোৱাৰ পৰা ফুল ফুলালৈ এটা নিৰ্দিষ্ট সময়সীমা থাকে, ঠিক সেইদৰেই মানুহৰ জীৱনৰো কিছুমান কামৰ সময় নিৰ্ধাৰণ কৰা থাকে। এই সময় সঠিকভাৱে অতিক্ৰম কৰিব পৰাজনেই সুফলৰ অধিকাৰী হয়। সূৰ্যৰ ৰশ্মিয়ে যিদৰে বৃহৎ অট্টালিকা আৰু ক্ষুদ্ৰ পঁজাৰ মাজত কোনো ধৰণৰ প্ৰভেদ নৰখাকৈ কেৱল প্ৰৱাহিত হৈ থাকে, ঠিক সেইদৰে সময়েও কোনো ধৰণৰ প্ৰভেদ নৰখাকৈ কেৱল প্ৰৱাহিত হৈ গৈ থাকে সকলোৰে বাবে। আনন্দ চন্দ আগৰৱালাদেৱে তেখেতৰ ‘জীৱন সংগীত’ নামৰ কবিতাত উল্লেখ কৰিছে এনেদৰে—
‘পল পল দণ্ড কৰি সময় গৈছে উৰি পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম, বহু দূৰ আছে গতি সময় তাকৰ অতি কৰিবলগীয়া আছে বহু কাম।’
আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই খুব গুৰুত্বপূৰ্ণ। শিশুকালৰ পৰা বৃদ্ধকাললৈকে সকলো মুহূৰ্ততে কৰিব লগা কিছুমান বিশেষ কাম থকাৰ উপৰিও প্ৰতিটো বয়সৰ কিছুমান মহান উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। এটি শিশুৱে মাকৰ গৰ্ভত অৱস্থান কৰাৰ পৰা আৰম্ভ কৰি ভূমিষ্ঠ হোৱালৈকে মাকৰ আচাৰ-ব্যৱহাৰ, চিন্তা-ভাবনা যথেষ্টখিনি আয়ত্ত কৰে। প্ৰতিটো মুহূৰ্ততে চাৰিউফালৰ বাতাৱৰণৰ পৰা জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে। এই জ্ঞানৰ প্ৰকৃত অৰ্থ বিচাৰিব জানিলেই জ্ঞানী মানুহৰ শাৰীলৈ উত্তৰণ কৰে।
বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আৱিষ্কাৰ জৰিয়তে বহুত জটিল কাম সহজে কম সময়তে কৰা সম্ভৱ হৈ উঠিছে। সময়ৰ লগে লগে সলনি হোৱা প্ৰযুক্তিয়ে বিভিন্ন ক্ষেত্ৰত, যেনে— শিক্ষা, চিকিৎসা, ব্যৱসায় আৰু অন্যান্য দৈনন্দিন কৰ্মত মানুহক বহু দূৰ আগুৱাই নিবলৈ সক্ষম হৈছে। সেয়েহে আমি বৰ্তমান পৰিৱৰ্তিত সময়ৰ লগত খোজ মিলাই আগুৱাই যাবলৈ হ’লে এই নতুন প্ৰযুক্তিৰ লগত মোকাবিলা কৰিবলৈ শিকিব লাগিব আৰু সেইমতে কামৰ আৰ্হি প্ৰস্তুত কৰি ল’ব লাগিব। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই নতুন প্ৰযুক্তিৰ যথাযোগ্য ব্যৱহাৰ নকৰিলে অবাটে গতি কৰা হ’ব, যেনে ধৰক, ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি বহুত নজনা কথা জানিব পাৰি, কিন্তু ইউটিউব, ফেচবুক, হোৱাটচেপ আদি সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে সময় অপচয় কৰাৰ লগতে বহুতক কুকৰ্মত লিপ্ত হোৱা দেখিবলৈ পোৱা যায়। বৰ্তমান যুগৰ ল’ৰা-ছোৱালীৰ বিভিন্ন দিশত অবাটে বাট বোলাৰ সুযোগ-সুবিধাই বেছি। সেয়েহে ভাবোঁ, আজিৰ উঠি অহা প্ৰজন্ম, যি ভৱিষ্যতে দেশৰ, সমাজৰ, ঘৰ-সংসাৰৰ, নিজৰ জীৱনৰ গধুৰ দায়িত্ব কান্ধ পাতি ল’ব লাগিব, সেইসকলক জীৱনৰ আদিতে সময়ৰ জ্ঞান দিয়াটো অতি জৰুৰী কথা।
সময় অনন্ত কাললৈ গতি কৰি থাকে, যিদৰে নদী সাগৰৰ বুকুলৈ নিৰৱচ্ছিন্নভাৱে প্ৰৱাহিত হৈ থাকে। গতিকে আমি জীৱনত যদি সময়ৰ প্ৰকৃত মূল্য দিব বিচাৰোঁ, তেতিয়া হ’লে ইয়াৰ সম্পূৰ্ণভাৱে মূল্যায়ন কৰিবলৈ চেষ্টা কৰিব লাগিব। পাছদিনা কৰিব লগা কামৰ এখন তালিকা আগদিনা ৰাতিয়েই প্ৰস্তুত কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব। তালিকাখন পাছদিনা কাৰ্যক্ষম কৰিবলৈ চেষ্টা কৰাৰ লগতে যিবোৰ মুখ্য কাম, সেইখিনি আগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাপ্ত কৰিবলৈ চেষ্টা কৰাটো দৰকাৰ। ইয়াৰ পৰা আমি প্ৰতিটো কামৰ বাবে কিমান সময় নিৰ্ধাৰণ কৰিব লাগে, তাকো জানিব পাৰিম আৰু যিখিনি সময় বাচি যায়, তাক কিছুমান গঠনমূলক কামত নিয়োজিত কৰিব পাৰিম।
আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই যদিও বৰ মূল্যৱান, তথাপি আমি জীৱনৰ কোনো কাৰ্য সম্পন্ন নোহোৱাকৈ বহু সময় অপেক্ষাৰ বাবে ব্যয় কৰিবলগা হয়। আমি দোকান, পেট্ৰ’ল পাম্প, ৰেষ্টুৰাঁ, ডাক্তৰক দেখা কৰাৰ সময়ত, বাচ তথা ট্ৰেইনৰ বাবে অপেক্ষা কৰি বহু সময় ব্যয় কৰোঁ। এক তথ্য অনুসৰি, এবছৰত মাত্ৰ যান-বাহনৰ দ্বাৰা পথৰোধত জাৰ্মানীৰ লোকসকলে ৪৭০ কোটি ঘণ্ট ব্যয় কৰে। কিছুমান ব্যক্তিয়ে গণনা কৰি পাইছে যে এই সময় প্ৰায় ৭, ০০০জন ব্যক্তিৰ জীৱন-কালৰ সমান। আলেকজেণ্ডাৰ ৰ’জ নামৰ এজন লেখকে কৈছিল— “আমাৰ জীৱনৰ আধা ভাগ কাল অপেক্ষাৰ বাবে ব্যয় হয়।” এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে, অপেক্ষা কৰিবলৈ শিকাটো আৱশ্যকনে? আচলতে হয়, অপেক্ষা কেনেকৈ কৰিব পাৰি, তাকো শিকাৰ আৱশ্যক। কিয়নো যিকোনো কাম গঠনমূলকভাৱে কৰিব পৰাটো এটা কলাৰ ভিতৰত পৰে। যিহেতু অপেক্ষা কৰাটো হৈছে জীৱনৰ এটা অনিবাৰ্য অংশ, সেইবাবে যেতিয়া আৱশ্যক হয়, তেতিয়া কেনেকৈ ধৈৰ্যশীল হৈ অপেক্ষা কৰিব পাৰি— তাক যদি আমি শিকোঁ, তেতিয়াহে আমি নিজকে এজন পৰিপক্ব ব্যক্তি ৰূপে প্ৰকাশ কৰিব পাৰিম। বাস্তৱিকতে, কেতিয়াবা এনে কিছুমান জৰুৰী পৰিস্থিতি আহি পৰে, যাৰ বাবে অধৈৰ্য হোৱাটো স্বাভাৱিক, কিন্তু আমি কেনেদৰে ধৈৰ্য সহকাৰে পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰোঁ, সেইটোহে আচল কথা।
শেষত, এটা কথা অনুভৱ কৰোঁ— বহু ব্যস্ততাৰ মাজতো অকণমান সময় নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰা উচিত, কাৰণ এইটো জীৱন আপোনাৰ একান্ত নিজৰ। জীৱনটো নিজৰ মতে উদযাপন কৰাৰ অধিকাৰ আপোনাৰ আছে। জীৱনত কৃতকাৰ্যতা লাভ কৰাটো যিমান জৰুৰী, আত্মসন্তুষ্টি লাভ কৰাটোও সমানে জৰুৰী। গতিকে সময়ৰ সঠিক মূল্যায়নৰ জৰিয়তে জীৱনটো সুন্দৰকৈ সজাই তোলাৰ লগতে জীৱনটো যাতে কাৰোবাৰ আদৰ্শৰ প্ৰতীক ৰূপে গঢ়ি তুলিব পাৰি, তাৰ বাবে চেষ্টা কৰোঁ আহক।