ভূপেন উজীৰৰ জন্মদিন উপলক্ষে নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা

ভূপেন উজীৰৰ জন্মদিন উপলক্ষে নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা
  • 02 Mar, 2025

বি শিষ্ট সংগীত পৰিচালক, সংগীতজ্ঞ, শব্দযন্ত্ৰী প্ৰয়াত ভূপেন উজীৰৰ ৭২ সংখ্যক জন্মদিনটি অহা ৫ এপ্ৰিল, ২০২৫ ইং তাৰিখ শনিবাৰে ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিয়ে বিশেষভাৱে উদ্‌যাপন কৰিবলৈ দিহা কৰিছে। সেই উপলক্ষে তেখেতৰ নিৰ্বাচিত গীতৰ এখন অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

গীতৰ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব। ‘ক’ শাখা ১৪ বছৰৰ অনূৰ্ধ্বৰ আৰু ‘খ’ শাখা ১৪ বছৰৰ ঊৰ্ধ্বৰ। দুয়োটি শাখাতে তিনিটাকৈ বঁটা থাকিব। বিজয়ী প্ৰতিযোগীক ট্ৰফীৰ লগতে নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। প্ৰতিযোগিতাৰ নিয়মাৱলী তথা গীতসমূহ ইতিমধ্যেই ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিৰ ফেচবুক পেজত প্ৰকাশ কৰা হৈছে। প্ৰতিযোগীসকলে ২৫ মাৰ্চ, ২০২৫ তাৰিখৰ ভিতৰত গীতৰ ভিডিঅ’ সমিতিৰ ৱাটছএপ নাম্বাৰ যোগে অথবা ইমেইল যোগে প্ৰৰণ কৰিব লাগিব।

প্ৰয়াত শিল্পীজনাৰ জন্মদিনত, অৰ্থাৎ অহা ৫ এপ্ৰিল ২০২৫ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ প্ৰক্ষাগৃহত ‘হিয়া ভৰা শুভ কামনাৰে ২০২৫’ শীৰ্ষক এক অন্তৰংগ সুৰৰ সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত অসমৰ প্ৰতিষ্ঠিত আৰু ন-প্ৰজন্মৰ শিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে গীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক গীত পৰিৱেশন কৰিবলৈ দিয়া হ’ব আৰু পুৰস্কৃত প্ৰতিযোগীক বঁটা প্ৰদান কৰা হ’ব। উক্ত অনুষ্ঠানতে জীৱনজোৰা সাধনাৰ বাবে তিনিজন বাদ্যযন্ত্ৰী আৰু শব্দযন্ত্ৰীক বিশেষভাৱে সন্মানিত কৰাৰো সিদ্ধান্ত লোৱা হৈছে।

প্ৰতিযোগিতা আৰু অনুষ্ঠানত প্ৰতিযোগী তথা সংগীতানুৰাগী ৰাইজৰ সহায়-সহযোগিতা আয়োজক সমিতিয়ে কামনা কৰিছে।

❧ | আৰু পঢ়ক:

ভূপেন উজীৰৰ জন্মদিন উপলক্ষে নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা | ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ

Follow Nilacharai on Facebook