ক লিয়াবৰৰ ভঁৰালী নামঘৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰৱর্তিত নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাৰ এক মহিমামণ্ডিত ধর্মপীঠ। এই নামঘৰ কলিয়াবৰীয়া ধর্মীয় সংস্কৃতিৰ বিচিত্ৰতাৰ ধ্বজাবাহী এপাহি যেন স্বর্ণখচিত ফুল।
এই নামঘৰৰ প্রতিষ্ঠা, ধর্মাচৰণ আৰু বিৱৰ্তনৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে কলিয়াবৰীয়া ধর্মীয় সমাজখনৰ বিষয়েও যৎসামান্য আলোচনা কৰা নিশ্চয় সমীচীন হ’ব।
আহোম স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত (১৪৯৭-১৫৩৯ খ্রীঃ) উজনিৰ মৰঙিত আহোম আৰু কছাৰীৰ মাজত হোৱা ৰণত কছাৰীসকল পৰাস্ত হোৱাৰ পাছত আহোমে কাজলীমুখলৈকে আহোম ৰাজ্যৰ বিস্তাৰ ঘটায়। তেতিয়া আহোমসকল এই অঞ্চললৈ সোমাই আহি কলঙৰ দুয়োপাৰৰ সমতল আৰু পাহাৰীয়া অঞ্চলৰ বৃহৎ বৃহৎ বড় (বৰ) গছবোৰ দেখি টাই ভাষাতে ঠাইখণ্ডক ‘টুন-ৰুঙ-ডাম’ (টুন= ক’লা বৰণীয়া, ৰুঙ= বড়, ডাম= গছ) বুলিছিল। তাকে অসমীয়া ভাষাত ‘কলীয়াবড়’ বা ‘কলীয়াবৰ’ আৰু সাম্প্রতিক কালত ‘কলিয়াবৰ’ হৈছে। দিহিঙ্গীয়া ৰজাৰ দিনৰ পৰা সাম্প্রতিক সময়লৈকে কলিয়াবৰ এলেকাৰ সালসলনি হৈ বর্তমান কলিয়াবৰ ৰাজহ চক্ৰ এলেকাটোকে প্রধানকৈ কলিয়াবৰ বুলি ধৰা হয়।
কলিয়াবৰ হৈছে মধ্য অসমৰ এক ধর্মীয় বৈশিষ্ট্য আৰু বৈচিত্র্য পৰিলক্ষিত হোৱা ঠাই। আহোমসকলে কলিয়াবৰ দখল কৰাৰ আগতে এই অঞ্চলত বিভিন্ন জনজাতি সম্প্রদায়ৰ লোকে বসবাস কৰিছিল। তেওঁলোকৰ ধর্ম বিশ্বাসত শাক্ত আৰু শৈৱ পৰম্পৰাই বিশেষ প্রাধান্য লাভ কৰিছিল। অষ্টম-নৱম শতিকাত ৰচিত ‘কালিকা পুৰাণ’ আৰু ‘যোগিনীতন্ত্র’ত অঞ্চলটোৰ ভূ-ভাগৰ বিৱৰণ পোৱা যায় আৰু শিৱৰ প্ৰভাৱৰ কথা বিশেষভাৱে পোৱা যায়। পাল আৰু বর্মণ বংশীয় ৰজাসকলৰ দিনত প্ৰদান কৰা আৰু কলিয়াবৰ অঞ্চলত উদ্ধাৰ হোৱা একাধিক তাম্রলিপিত শিৱৰ প্রাধান্য থকাৰ প্ৰমাণ পোৱা যায়।
আহোম শাসন কালত কলিয়াবৰীয়া সমাজ তথা ধর্মীয় জীৱনে নতুন গতি লাভ কৰে। দিহিঙ্গীয়া ৰজাই আনুষ্ঠানিকভাৱে হিন্দু ধর্ম গ্রহণ কৰি ইয়াক ৰাজধর্ম কৰাৰ পাছৰ পৰাই কলিয়াবৰতো শাক্ত, শৈৱ, বৈষ্ণৱ আদি ধর্মীয় পৰম্পৰাই গা কৰি উঠে। মন কৰিবলগীয়া দিশটো হ’ল— ষোড়শ শতিকাৰ পৰাই কলিয়াবৰ অঞ্চলত সত্রানুষ্ঠান আৰু মহাপুৰুষীয়া ধর্ম পৰম্পৰাই বিভিন্ন পৃষ্ঠপোষকতা লাভ কৰাৰ ফলত বৈষ্ণৱ ধৰ্ম পৰম্পৰাই প্ৰসাৰ লাভ কৰে। একালত কলিয়াবৰত ‘ছঅঁৰা এখন’ (২৫খন) সত্র প্রতিষ্ঠা হয়। কলিয়াবৰীয়া ধর্মীয় সমাজখনক প্রধানকৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধর্ম পৰম্পৰাৰ বৰঘৰ বুলিব পাৰি।
এই কলিয়াবৰৰ ভঁৰালী নামঘৰ হৈছে মধ্য অসমৰ এক মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ প্রধান পীঠস্থান স্বৰূপ। উজনিত ঢেকীয়াখোৱা নামঘৰ বা আঠখেলীয়া নামঘৰৰ যি গুৰুত্ব, মধ্য অসমত ভঁৰালী নামঘৰৰো একেই গুৰুত্ব বুলিব পাৰি। হাটবৰৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দক্ষিণত ভঁৰালী নামঘৰ অৱস্থিত।
‘ঐতিহ্যমণ্ডিত কলিয়াবৰ’ গ্রন্থ প্রণয়ন কৰি কলিয়াবৰৰ ইতিহাস চর্চাৰ ভেটি গঢ়োঁতা ভঁৰালী গাঁও নিবাসী লীলাধৰ বৰাই কলিয়াবৰৰ ধর্মীয় অনুষ্ঠানসমূহৰো ইতিবৃত্ত উপৰিউক্ত গ্রন্থত উল্লেখ কৰি গৈছে। তদুপৰি ‘ভঁৰালী গাঁও আৰু ভৰালী নামঘৰ: অতীত আৰু বর্তমান’ শীর্ষক গ্রন্থযোগে ভঁৰালী নামঘৰৰ সুকীয়া ইতিবৃত্ত লিপিবদ্ধ কৰি থৈ গৈছে। আমাৰ এই নিবন্ধ উক্ত দুয়ো গ্রন্থত বর্ণিত ইতিবৃত্তৰ সংক্ষিপ্ত ৰেঙণি মাথোন।
আহোম ৰাজত্ব কালৰ কোন সময়ত ভঁৰালী নামঘৰ প্রতিষ্ঠা হৈছিল তাৰ সিদ্ধান্ত লীলাধৰ বৰাই স্পষ্টকৈ উল্লেখ কৰা নাই। পূর্ব প্রকাশিত ভঁৰালী নামঘৰৰ ইতিবৃত্ত সম্পর্কীয় আলোচনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে মানৰ আক্ৰমণৰ আগতেই বর্তমানৰ দৌলপুখুৰী অঞ্চলত এই নামঘৰ প্রথম প্রতিষ্ঠা কৰা হৈছিল। তেতিয়া ভঁৰালী নামঘৰ থকা গাঁওখনৰ নাম আছিল বামগাঁও। এই বামগাঁও বা বর্তমানৰ দৌলপুখুৰী অঞ্চলটো ঐতিহাসিকভাৱে এক গুৰুত্বপূর্ণ স্থানত অৱস্থিত আছিল। আহোম স্বৰ্গদেউ চুখামফা বা খোৰা ৰজাৰ ৰাজত্ব কালত (১৫৫২-১৬০৩ খ্রীঃ) মধ্য অসম খণ্ডৰ শাসনকর্তা হিচাপে সলাল গোহাঁইৰ পদ সৃষ্টি কৰা হৈছিল। তেওঁৰ বাসস্থানৰ নামৰ পৰাই সলাল নামৰ ঠাইৰ নামকৰণ হৈছিল। এই ৰাজ-বিষয়াজনৰ অধীনত অসংখ্য ৰাজবিষয়া আৰু বিভিন্ন খেলৰ মানুহৰ বসতি হৈছিল। বহু বৃত্তিয়াল মানুহে গাঁও পাতি বহিছিল।
পৰৱৰ্তী সময়ত মোমাই তামুলী বৰবৰুৱাই কলং, কপিলী আৰু ননৈৰ দুয়োপাৰে পৰিকল্পিতভাৱে গাঁও পাতি উজনিৰ পৰা কুঁড়ি, পাইক, চমুৱা খেলৰ মানুহ আনি বহুৱাইছিল। তেতিয়াৰ পৰাই কলিয়াবৰলৈ প্ৰব্ৰজনৰ ধাৰা অব্যাহত আছে।
লীলাধৰ বৰাই ভঁৰালী নামঘৰৰ প্রতিষ্ঠা কাল সঠিকভাৱে উল্লেখ কৰা নাই যদিও পৰোক্ষভাৱে তাৰে ইংগিত দিছে। ‘ভঁৰালী গাঁও আৰু ভঁৰালী নামঘৰ: অতীত আৰু বর্তমান’ শীর্ষক পুস্তিকা (চতুর্থ সংস্কৰণ, ২০০৯)ত তেখেতে লিখিছে— “এই বামগাঁও এতিয়াৰ দৌলপুখুৰী। তাতে নামঘৰটি প্রতিষ্ঠা হৈছিল।… তাতেই নামঘৰটি প্রায় ডেৰশ বছৰ থাকিল। তাৰ পাছত আহিল মানৰ বৰ্বৰ আক্রমণ। সেই আক্রমণৰ সময়তে মানে নামঘৰটি পুৰি ধ্বংস কৰিলে।”
মানৰ প্ৰথম আৰু দ্বিতীয় আক্রমণ (১৮১৭-১৮১৯ খ্রীঃ)ৰ প্ৰভাৱ কলিয়াবৰত পৰা নাছিল। মানৰ তৃতীয় আক্রমণ হৈছিল ১৮২১ খ্ৰীষ্টাব্দত। সেই তৃতীয় আক্রমণে কলিয়াবৰ তথা নগাঁও অঞ্চলত কেনে নাৰকীয় ৰূপ লৈছিল তাৰ বিৱৰণ হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জীত উল্লেখ আছে। যদি ১৮২১ চনত বামগাঁৱত থকা নামঘৰ ধ্বংস হৈছিল, তেন্তে তাৰ পৰা ডেৰশ বছৰ অতীতলৈ গ’লে ১৬৭১ চন হ’ব। এই সময়ছোৱা আহোম স্বৰ্গদেউ চুন্মুতফা বা উদয়াদিত্য সিংহৰ ৰাজত্ব কাল (১৬৭০-৭২ খ্রীঃ)। যদি লীলাধৰ বৰাৰ অনুমান সত্য হয়, তেন্তে এইজন ৰজাৰ দিনতে অর্থাৎ শৰাইঘাটৰ যুদ্ধৰ আগ-পাছৰ সময়তে ভঁৰালী নামঘৰ প্রতিষ্ঠা হোৱা বুলিব পাৰি।
মানে নামঘৰ পুৰি ধ্বংস কৰাৰ পাছত গাঁৱৰ মানুহে ভেটি এৰিলে আৰু প্ৰায়বোৰ মানুহ বামগাঁৱৰ সনাই পুখুৰীৰ পাৰ ত্যাগ কৰি ঐতিহাসিক চতাই আলিৰ কাষত গাঁও পাতিলেহি। বর্তমান য’ত ভঁৰালী নামঘৰ অৱস্থিত হৈ আছে, সেই ঠাইতে খেৰ-বাঁহেৰে নামঘৰটি পুনৰ নিৰ্মাণ কৰা হ’ল। পূর্বৰ বামগাঁৱৰ নামঘৰৰ পোৰা শালকাঠৰ টুকুৰা আনি অগ্নিগড়ত লগালে। পূর্বৰ নামঘৰৰ থাপনাৰ তলৰ মাটি আনি নতুন নামঘৰৰ থাপনাৰ ভেটি থাপিলে। এনেদৰেই ঐতিহাসিক পুৰুষ ভঁৰালী হাজৰিকাৰ স্মৃতি বিজড়িত নতুন গাঁৱত ভঁৰালী নামঘৰে পুনৰ প্ৰাণ পাই উঠিল।
প্রসঙ্গতে উল্লেখযোগ্য যে কলিয়াবৰৰ একালৰ ছঅঁৰা এখন সত্ৰৰ অন্যতম বালিসত্ৰৰ সত্ৰাধিকাৰ পৰম বৈষ্ণৱ, যিগৰাকীয়ে ল’ৰা ৰজাৰ কুশাসনৰ বিলুপ্তি ঘটাই তুংখুঙ্গীয়া ফৈদৰ গদাপাণি কোঁৱৰক কলিয়াবৰত ৰজা পতাসকলৰ অন্যতম মন্ত্রণাদাতা আছিল, সেইগৰাকী পৰম বৈষ্ণৱ গুৰু বাপুৰাম দেউৱে বামগাঁৱত প্রতিষ্ঠিত নামঘৰত প্রথম ভাগৱত প্রতিষ্ঠা কৰিছিল। সেয়েহে এই নামঘৰৰ ভক্তপ্রাণ ৰাইজৰ লগত বালিসত্ৰৰ যুগমীয়া সম্পর্ক গঢ়ি উঠিছে আৰু অদ্যবধি সেই সম্পর্ক অটুট আছে।
বৰ্তমানৰ ভঁৰালী গাঁৱত নতুন গাঁও পাতি নামঘৰ প্রতিষ্ঠা কৰা সময়ত বামগাঁৱৰ পৰা দেউৰি, পাচনি, মেধি, চাকি লগোৱা, ৰান্ধনি আদি কেইটিমান পৰিয়ালহে স্থানান্তৰিত হৈ আহিছিল। পৰৱৰ্তী সময়ত বিভিন্ন প্রান্তৰ পৰা অহা লোকেৰে গাঁৱৰ পৰিৱেশ সমৃদ্ধ হৈছে।
বর্তমান ভঁৰালী নামঘৰ থকা গাঁওখন বিষ্ণুচৰণ শাকখোৱা ভূঞাৰ বংশধৰসকলৰ গাঁও। পূর্বতে এই ভূঞাসকলে ব্রহ্মপুত্র নদৰ উত্তৰ কুলে বাস কৰিছিল; পৰৱৰ্তী সময়ত লুইতৰ দক্ষিণ কুলৰ কলং সুঁতিৰ দুয়োপাৰে বসতি কৰিবলৈ লয়।
ভঁৰালী গাঁৱত নতুনকৈ নিৰ্মাণ কৰা নামঘৰক লৈ কিছু অলৌকিক কাৰ্যৰ সমাহাৰ ঘটিছিল। লীলাধৰ বৰাই তেখেতৰ উল্লিখিত পুস্তিকাত তাক ৰসাল ভাষাৰে বৰ্ণনা কৰিছে। আমাৰ এই খুদীয়া নিবন্ধত পাঠকসকলক সেই ৰসাস্বাদন কৰোৱাব নোৱৰাৰ বাবে দুঃখিত। যি কি নহওক, ভঁৰালী নামঘৰে নৱৰূপ পৰিগ্ৰহ কৰিবলৈ আৰম্ভ কৰে ২০০৫ চনৰ পৰা। ৰাইজৰ দান-বৰঙণিৰ পৰা সংগৃহীত ধনৰেই প্ৰাৰম্ভিক নির্মাণ কাৰ্যৰ শুভাৰম্ভ ঘটোৱা হৈছিল।
❧ | আৰু পঢ়ক: কিম্বদন্তী-ইতিহাসৰ পৰা সাহিত্য-সংস্কৃতিলৈ বৈ থকা বৰলুইত
ভঁৰালী নামঘৰে কলিয়াবৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্মৰ ধ্বজা বহন কৰিছে। এই বৈষ্ণৱ পীঠৰ মূল বার্ষিক উৎসৱ হৈছে— বৌদ্ধ পূর্ণিমা আৰু মাঘী পূর্ণিমা। মাঘী পূর্ণিমাত এই পীঠ জনসমুদ্রত পৰিণত হয়। শঙ্কৰী কলা কৃষ্টিৰ বৈচিত্র্য আৰু বৈশিষ্ট্য ৰক্ষাত ভঁৰালী নামঘৰে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।