শব্দৰ সুহুৰিত জানো
সাৰ পায় মনৰ আকাশ
শুই থকা মনটোৱে
দেখে জানো সপোন!
বাস্তৱৰ পৰিধি ভাঙি
চুই চাব খোজে জীৱনে
নীলা আকাশ
ৰূপোৱালী জোনাক,
সেউজীয়াৰ স’তে কৰে
অন্তৰংগ আলাপ।
চকুপানীবোৰে ভেটা ভাঙে
জোৱাৰ উঠে সাগৰৰ দৰে
আৰু এদিন এনেকৈয়ে
বাট বুলে জীৱনে
যন্ত্ৰণাৰ কুঠৰীত আৱদ্ধ হ’বলে’।
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...