আজহাৰ ইকবালৰ কবিতা: মোৰ সপোনৰ ঘৰ

আজহাৰ ইকবালৰ কবিতা: মোৰ সপোনৰ ঘৰ
  • 18 Sep, 2021

মূল (উৰ্দু): আজহাৰ ইকবাল (‘मेरे ख्वाबों का घर’)
অনুবাদ: দিপীমা বুঢ়াগোহাঁই

মোৰ সপোনৰ ঘৰ—
এটা সৰু পুখুৰী আৰু মাছবোৰ
আগ-চোতালত খুঁটিয়াই থকা কুকুৰাবোৰ
চফা-নিকা কেইটামান পোহনীয়া জন্তু
খীৰতী গাই আৰু ছাগলীবোৰ

মোৰ সপোনৰ ঘৰ—
সাধু শুনোৱা বুঢ়ী আইতাজনী
‘ৰহট’*ৰ সুৰে সুৰে গুণগুণোৱা শুৱনি তিৰোতাজনী
খঙত ৰঙামুৱা হোৱা মৌলবী চাহাব আৰু
মূৰত ওৰণি লোৱা হাঁহিচম্পা ছোৱালীকেইজনী

মোৰ সপোনৰ ঘৰ—
মিঠা পানীৰ এটা পুৰণা কুঁৱা
য’ত থমকি ৰয় তৃষ্ণাতুৰ ছোৱালীবোৰ
ৰংচঙীয়া ঝুলনা ওলমি থকা এজোপা বৰগছ
চকুৰে নেদেখালৈকে লহপহীয়া পথাৰ

মোৰ সপোনৰ ঘৰ—
বুকুৰ মাজত আমোলমোলোৱা হাচনাহানা
যেন জুহালত দপদপাই জ্বলি থকা জুইকুৰা
ঢাঁহিমুহি নিয়া জোনাকী ৰাতি আৰু
কলিজাত উৰি থকা স্মৃতিৰ এছাটি ধোঁৱা

মোৰ সপোনৰ ঘৰ—
ফ্লেটৰ মুখ ভেঙুচাই চুপতি কৰা খিৰিকীবোৰ
চৌদিশে ভিৰ, চৌদিশে অট্টালিকাৰ সমাহাৰ
ৰাতিপুৱা ট্ৰেফিক চিগনেলত ৰওঁ যেতিয়া
মনত পৰে পথৰুৱা আলিবোৰলৈ

মোৰ সপোনৰ ঘৰ
মোৰ সপোনৰ ঘৰ…

টোকা:
* ৰহট: খেতি পথাৰত জলসিঞ্চনৰ এক পুৰণি যন্ত্ৰ। সাধাৰণতে বলধ গৰুৰ দ্বাৰা দুটা ডাঙৰ আকাৰৰ চকা ঘূৰাই নাদৰ পৰা পানী উত্তোলন কৰি পথাৰলৈ বোৱাই নিয়া হয়। এই বিষয়ে স্পষ্ট ধাৰণা ল’বলৈ এই ভিডিঅ’ চাব পাৰে।

❧ | আৰু পঢ়ক: গাঁৱত গুলী কোনে ফুটুৱায়

আজহাৰ ইকবাল

[Photograph of Azhar Iqbal

সাম্প্ৰতিক সময়ৰ উৰ্দু কবিতা জগতত আজহাৰ ইকবাল এটা পৰিচিত নাম। কবিতা ৰচনাৰ উপৰি তেখেতে উৰ্দু সাহিত্যৰ সমালোচনক আৰু চিত্ৰনাট্য লেখক হিচাপেও সুনাম অৰ্জন কৰিছে। জীৱনৰ প্ৰথমৰ ফালে উত্তৰ প্ৰদেশনৰ বুধানাত কটোৱা আজহাৰ ইকবালে সম্প্ৰতি মীৰাটত বাস কৰে।

আজহাৰ ইকবালৰ কবিতা: মোৰ সপোনৰ ঘৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক