গাঁৱত গুলী কোনে ফুটুৱায়

গাঁৱত গুলী কোনে ফুটুৱায়

মূল: জাছিন্তা কেৰকেট্টা
অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা

ৰাতি হ’লেই গাঁওখন শোৱাপাটীত পৰে
কিন্তু তেনে টোপনিৰ সৈতে
এতিয়া সপোনৰ কোনো সম্পৰ্ক নাই
যোৱাৰাতি আটাইবোৰ সপোনকে বন্দী কৰি
জেলত ভৰোৱা হৈছে
য’ত সম্ভাৱনা আছিল সপোন‌ গজি উঠাৰ
তাতেই কাঠফুলাৰ দৰে গজি উঠিছে ছাউনী

দিন ৰাতি একাকাৰ অদ্ভুত আতংকত
গাঁৱৰ আদিবাসী ল’ৰা
সপোন আছিল‌ যাৰ আপোন‌ মাটিক সেৱা কৰাৰ
মাজৰাতি সাৰ পাই উঠে সি
এতিয়া সপোনত দেখে ঘাতক বন্দুকবোৰ
তাৰ টোপনিজুৰি আছে
অনেক দুৰ্ঘটনাৰ স্মৃতি
মাজৰাতি সাৰ পাই উঠে সি
নিজৰ মুখখন মচে
ৰৈ ৰৈ এনে ভাব হয়
কোনোবাই যেন বন্দুকৰ কুন্দাৰে কোবাইছে তাৰ হনুত
আৰু তেজে তুমৰলি দাঁতখিনি
সৰি পৰিছেহি হাতৰ তলুৱাত
মাজৰাতি সাৰ পাই উঠে সি
খেপিয়াই চায় নিজৰ ভৰি
ক’ৰবাত গুলী সোমাই আছে নেকি?

এতিয়া বাৰে বাৰে তাৰ এনেকুৱা লাগে
সেইদিনা দুখ পাই পৰি যোৱাত
পলাব নোৱৰা আধামৰা বিৰছাক দেখি কেনেকৈ
সেই মানুহটোৱে প্ৰথমে ইফালে-সিফালে চালে
আৰু কাকো নেদেখি মনে মনে
তিনি জাঁই গুলী সুমুৱাই দিলে তাৰ বুকুত
আনটো বিৰছা, যাৰ ভৰিত গুলী লাগিছিল
জোপোহাৰ আঁৰত নিঃশব্দে পৰি থাকিল উশাহ বন্ধ কৰি

আজিও কাগজৰ পুৰিয়াত সেই গুলীটো লুকুৱাই
ঘূৰি ঘূৰি ভাগৰি পৰিলেও সি দেখুৱায়
চোৱা, এয়াই সেই প্ৰমাণ, যিয়ে কয়
আচলতে গাঁৱত
প্ৰথম জাঁই গুলী কোনে ফুটুৱায়!

আৰু পঢ়িব পাৰে
ভালপোৱাৰ শেষবাণী

ভালপোৱাৰ শেষবাণী

ময়ূৰী শৰ্মা বৰুৱা

জাছিন্তা কেৰকেট্টা

image

জাছিন্তা কেৰকেট্টা (জ. ১৯৮৩) ভাৰতীয় প্ৰতিবাদী কবিতা জগতৰ এক সুপৰিচিত নাম। ঝাৰখণ্ডৰ এই যুৱতী কবি, ফ্ৰিলেন্স লেখক আৰু সাংবাদিকগৰাকীৰ উল্লেখনীয় কবিতা পুথি হৈছে ‘আংগুৰ’ (আদিবাণী, কলকাতা) আৰু ‘জড়োঁ কী জমীন’ (ভাৰতীয় জ্ঞানপীঠ, নতুন দিল্লী)।

অনূদিত কবিতাটো তেওঁৰ শেহতীয়া কবিতা সংগ্ৰহ ‘ঈশ্বৰ আৰু বজাৰ’ৰ পৰা লোৱা হৈছে। উল্লেখ্য যে ছত্তিশগড়ৰ পুলিচ কেম্পৰ বিৰুদ্ধে যুঁজ দি থকা গাঁওবাসীৰ সমৰ্থনত এই কবিতাৰ সৃষ্টি। অসমীয়ালৈ অনুবাদ কৰোঁতে বাংলা, হিন্দী আৰু ইংৰাজী অনুবাদৰ সহায় লোৱা হৈছে। — অনুবাদক।

গাঁৱত গুলী কোনে ফুটুৱায় | ময়ূৰী শৰ্মা বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: