পূৰ্বৰাগ

পূৰ্বৰাগ
  • 13 Feb, 2023

“ও কোৱা এতিয়া কিয় মাতিছিলা।”
“ক’ম ৰ’বাচোন। তাৰ আগতে তুমি ভালদৰে বহি লোৱা।”
“ভালদৰেই বহিছোঁ দেখোন!”

“ক’ত ভালদৰে বহিছা! তুমি চোফাখনত এনেকৈ বহিছা— কুশ্বনখনৰ তলত জানিবা সাপ এডালহে সুমুৱাই থোৱা আছে! তুমি অলপ লৰচৰ কৰিলেই সেইডাল ওলাই আহি তোমাক খোঁট মাৰি দিব!”
“সমুখত তোমাৰ দৰে এজনী কালনাগিনী বহি থাকোঁতে মই কাল্পনিক সাপ এডাললৈ কিয় ভয় কৰিম কোৱাচোন! তেনেকুৱা এটা সম্ভাৱনা মোৰ মনলৈ আহিবই বা কিয়?”
“ঠাট্টা কৰিছা?”
“নাই কৰা। এইষাৰ কেৱল মোৰ মুখৰ পৰা ওলোৱা কথা নহয়, এক বুজনসংখ্যক পুৰুষে নাৰীক ফেঁটীসাপৰ লগত তুলনা কৰে। আনকি কোনোবা এজন মহান কবিয়েও হেনো এনেকৈ কৈ গৈছে।”
“হ’ব হ’ব। মই তোমাৰ কথাৰ চাফাই বিচৰা নাই। মাত্ৰ তুমি ভালদৰে, আৰামকৈ বহা।”

“বহিছোঁ বাৰু। এতিয়া কোৱা।”
“উস্! তুমি ইমান লৰালৰি কিয় লগাইছা? আজিতো দেওবাৰ!”
“ব্যৱসায়ী মানুহৰ দেওবাৰ-সোমবাৰ বুলি কি কথা আছে?”
“জিৰণি বোলা কথা এটাতো আছে! অকল বেহালৈ চালেই নহয়, দেহালৈও চাব লাগে।”
“তুমি মোৰ স্বাস্থ্য কি বেয়া দেখিছা?”
“স্বাস্থ্য নহয়, চেহেৰা। স্বাস্থ্য আনে নেদেখে, চেহেৰাহে দেখে।“
“চেহেৰাই বাৰু। তুমি মোৰ চেহেৰা কিবা বেয়া দেখিছা নেকি কোৱা।”
“চেহেৰাতো ভালেই দেখিছোঁ! কিন্তু তোমাৰ কাৰ্তিক হেন চেহেৰাই এইটো নুসূচায় যে তোমাৰ স্বাস্থ্যও ভাল!”
“স্বাস্থ্য ভাল হ’লেহে চেহেৰা ভাল হয়।“
“নহয়। এনেকুৱা কিছুমান বেমাৰ আছে— যিবোৰে চেহেৰাৰ একো হৰণ-ভগন নকৰে।”
“যেনে?”
“যেনে এচিডিটি, থাইৰয়দৰ সমস্যা…।”
“থাইৰয়দৰ সমস্যা থাকিলে মানুহ জোখতকৈ বেছি শকত হৈ যায় বুলি কয় দেখোন!”
“চবৰে ক্ষেত্ৰতে এনেকুৱা নহয়।”

“তোমাৰ দেখিছোঁ মেডিকেল চাইন্সৰ জ্ঞান যথেষ্ট আছে!”
“আছেতো!”
“এই বিষয়ে নিশ্চয় যথেষ্ট কিতাপ-পত্ৰ পঢ়া?”
“নপঢ়োঁ।”
“তেনেহ’লে?”
“আজিকালি প্রায় প্ৰতিখন বাতৰি কাকত, আলোচনীতে স্বাস্থ্যৰ শিতান এটা থাকেই। তাতে এইবোৰ কথা পাবা।”
“হ’ব, মোৰ হৈ তুমিয়েই পঢ়িবা। এইবোৰ পঢ়িবলৈ মোৰ সময় নাই।”
“সময় উলিয়াব জানিব লাগিব। আজিকালি কাৰ সময় থাকে কোৱাচোন?”
“অন্ততঃ তোমাৰ দৰে নাৰীৰ থাকে।“
“নাৰী বুলি নক’বাচোন।”
“কিয়? তুমি নাৰী নহয় কি?”
“নাৰীয়েই। কিন্তু নাৰী বুলি ক’লে বহুত ডাঙৰ ডাঙৰ যেন লাগে। মোৰতো এতিয়াও বিয়া হোৱা নাই!”
“তেনেহ’লে কি বুলি ক’ম?”
“যুৱতী বুলি ক’বা। গাভৰু বুলিও ক’ব পাৰা।”
“এটা কথা সোধোঁ, বেয়া পাবা নেকি?”
“বেয়া পাব লগা কথা হ’লেতো পামেই। কিন্তু তুমি যে তেনেকুৱা কথা নোসোধা, মই জানো।”
“নাৰীয়ে— মানে তোমালোকে নিজকে ডাঙৰ বুলি ভাবিবলৈ কিয় বেয়া পোৱা?”
“কাৰণ নাৰী সৌন্দর্য-সচেতন। নাৰীয়ে নিজৰ ৰূপৰ জুইত পুৰুষ চগা হৈ জাহ যোৱাটো বিচাৰে। পুৰুষক বশ কৰিবলৈ সেইপাটেই একমাত্র অস্ত্ৰ বুলি ভাবে।”

“সেয়ে তুমি আজি ইমান স্বল্পবসনা হৈ মোৰ আগলৈ ওলাইছা?”
“ভুল বুজিছা।“
“কাক? তোমাক? নে তোমাৰ কথাটোক?”
“দুয়োটাকে। তুমি যে নাৰীৰ ৰূপত ভোল নোযোৱা, সেই কথা মই ভালদৰেই জানো।“
“তেনেহ’লে?”
“গৰমৰ বাবে। আজি ৰাতিপুৱাই ৰ’দটো কিমান কাঢ়াকৈ ওলাইছে দেখা নাই?”
“দেখিছোঁ। কেৱল দেখাই নহয়, তোমাৰ ওচৰলৈ মহানগৰীৰ যান-জঁটৰ মাজেদি পাঁচ কিলোমিটাৰ ৰাস্তা বাইক চলাই আহি সেই কথা ভালদৰেই উপলব্ধি কৰিব পাৰিছোঁ। কিন্তু সেইবুলিয়েই তুমি ইমান চুটি পোছাক পিন্ধি থকাটো মোৰ অকণো পছন্দ হোৱা নাই।”
“মোৰ সৌন্দৰ্য-সুধা পান কৰি তোমাৰ ভাল লগা নাই?”
“এয়া সৌন্দর্য নহয়, যৌনতাহে।”
“যৌনতাওতো ভাল লগা বস্তুৱেই!”
“কিন্তু এয়া যৌনতাৰ সময় নহয়, যৌনতাৰ জাগাও নহয়।”
“এই কাৰণেই তোমাক মোৰ ভাল লাগে।”
“কি কাৰণে?”
“তুমি কোনো কথাতে অধৈর্য নোহোৱা। তোমাৰ দৃষ্টিভংগী আন বহুততকৈ ভিন্ন…।“
“হ’ব। মোক প্ৰশংসা কৰিব নালাগে। এতিয়া কোৱা মোক কিয় মাতিছিলা। মোৰ হাতত সময় বৰ কম।”
“ফাঁকি দিছা?”
“মই মিছা কথা নকওঁ বুলি তুমি ভালদৰেই জানা।”
“ছৰি! কিন্তু দেওবাৰে কোনো ব্যৱসায়ীৰে সময়ৰ ইমান টনা-টনি নাথাকে। ব্যৱসায়ৰ কামো নাথাকে।“
“মোৰো আজি ব্যৱসায়ৰ কাম নাই।”
“তেনেহ’লে তোমাৰ ইমান লৰালৰি কিয়? মোৰ লগত অকণমান সময় বেছিকৈ থাকিবলৈ তোমাৰ মন নাযায়?”
“যায়। থাকোওঁতো! নিশা মোৰ ব্যৱসায়ৰ কাম-কাজ সামৰি প্ৰায় সদায়েই তোমাৰ লগত অলপ সময় কটাই যাওঁ দেখোন মই!”
“মোৰ লগত নে মা-দেউতাৰ লগত?”
“লগতে তুমিওতো থাকা!”
“থাকিলে কি হ’ব? তুমিতো বেছিকৈ মা-দেউতাৰ লগতে কথা পাতা!”
“চোৱা— তোমালোকৰ ঘৰলৈ আহি মই যদি মাৰা-দেউতাৰাক গুৰুত্ব নিদি ড্রয়িং ৰুমত বা আগফালৰ বাৰাণ্ডাত বহি কেৱল তোমাৰ লগতে আড্ডা মাৰি থাকোঁ, এয়া জানো চূড়ান্ত অভদ্রামি নহ’ব?”

“সেয়ে আজি মা-দেউতা ঘৰত নথকা অৱস্থাত তোমাক মাতিছোঁ, যাতে গোটেই সময়খিনি মই তোমাৰ লগত কটাব পাৰোঁ।”
“তাৰ মানে এই সময়ত খুৰা-খুৰী ঘৰত নাই?”
“থকাহেঁতেন ইমান সময়ে তোমাক অন্ততঃ মাত এষাৰ লগাই গ’লহেঁতেন।”
“ঠিকেই। হয়তো ইমান সময়ে খুৰীৰ স্পেচিয়েল চাহকাপো হৈ গ’লহেঁতেন।”
“অ’, তোমাক সোধাই হোৱা নাই— তুমি চাহ-কফি কিবা খাবা নেকি?”
“আলহীক সুধি চাহ খুওৱাটো অসমীয়া মানুহৰ সংস্কৃতি নহয়।”
“জানো। কিন্তু তুমি যে অসময়ত একো নোখোৱা! খোৱা যদি বাকি আনো।”
“নাখাওঁ। মই ঘৰত ব্রেকফাষ্ট কৰি বীৰুৰ হাতৰ সুন্দৰ কফি একাপ খাই আহিছোঁ। এতিয়া আৰু দুই-তিনি ঘণ্টালৈ মোৰ চাহ-কফি একোৰে প্ৰয়োজন নাই।“
“এদিন মই তোমাৰ ঘৰলৈ যাব লাগিব।”
“কিয়?”
“বীৰুৰ পৰা কফি কৰিবলৈ শিকিবলৈ।”
“কেৱল কফিয়েই নহয়, বীৰুৱে ভাত-পানীও বৰ জুতি লগাকৈ ৰান্ধিব জানে।”
“সেয়ে তুমি য’তে-ত’তে খাই ভাল নোপোৱা!”
“একছেপ্ত তোমালোকৰ ঘৰ। খুৰীৰ হাতৰ ৰন্ধা বীৰুতকৈও ভাল।”
“ঠিকেই কৈছা। মায়ে সঁচাকৈয়ে ধুনীয়া ৰান্ধে। মাৰ হাতৰ ৰন্ধা খায়েই দেউতা হেনো মাৰ প্ৰেমত পৰিছিল।“
“হয় নেকি?”
“ওঁ, মই পিছে ৰন্ধা-বঢ়াত সিমান পাকৈত নহয় দেই।“
“সেই কথাৰ প্ৰমাণ সিদিনা তুমি ৰন্ধা মাংস আঞ্জাখন খায়েই পাই থৈছোঁ।“
“তেনেহ’লে মা-দেউতাৰ আগত ভাল হৈছে বুলি কিয় কৈছিলা? তুমিতো মিছা কথা নোকোৱা!”
“যিবোৰ মিছা কথাই কাৰো একো অপকাৰ নকৰে, তেনেবোৰ মিছা কথাহে কওঁ।”
“যেনে মই ধুনীয়া বুলি, মোৰ লগত সময় কটাই তুমি ভালপোৱা বুলি! নহয় জানো?”
“সেই দুটা মিছা কথা হোৱাহেঁতেন মই এনেকৈ তোমাৰ লগত মোৰ বহুমূলীয়া সময় কেতিয়াও নষ্ট নকৰিলোঁহেঁতেন।”

“কি হ’ল? তুমি যে ঘনাই ঘঁড়ীলৈ চকু দি আছা!”
“দিবই লাগিব। তোমাৰ লগত বহি এনেকৈ কথা চোবাই থাকিলে মোৰ কাম নহ’ব নহয়!”
“তোমাৰতো আজি ব্যৱসায়ৰ কাম নাই বুলি কৈছা!”
“বেলেগ কাম থাকিব নোৱাৰে নেকি?”
“দত্তৰমত পাৰে। কিন্তু কামটো কি?”
“মোৰ এফালে যাব লগা আছে।“
“কলৈ যাবা?”
“তোমাক এটা কথা কোৱাই হোৱা নাই। আমাৰ ‘হেল্পিং হেণ্ড’ নামৰ এটা এন জি অ’ আছে। ইয়াৰ জৰিয়তে আমি নানা সামাজিক কাম-কাজত জড়িত হৈ থাকোঁ।”
“যেনে?”
“যেনে ডাইনী-হত্যাৰ বিৰুদ্ধে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰা, বানাক্ৰান্ত লোকসকলক সাহায্য প্ৰদান কৰা, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক যৎপৰোনাস্তি অৰ্থ-কড়ি দান দিয়া, প্রকৃতি ধ্বংস কৰাত বাধা দিয়া, আৰু…।“
“ৰৈ গ’লা যে? আৰু কি?”
“আৰু অনাথ শিশুসকলক প্রতিপালন কৰা।“
“অর্থাৎ?”
“অৰ্থাৎ আমাৰ এখন সৰু অনাথ আশ্ৰমো আছে। অৱশ্যে এইখন মই সম্পূর্ণ মোৰ একক প্রচেষ্টাৰে গঢ় দিছোঁ। আমাৰ এন জি অ’ৰ ধনৰ উপৰি মোৰ ব্যক্তিগত উপাৰ্জনৰো এক বুজন অংশ এই আশ্ৰমখন চলাবৰ কাৰণে মই ব্যয় কৰোঁ।”
“তোমাৰ লগত মোৰ চিনাকি হোৱা প্ৰায় তিনি বছৰ হৈ গ’ল, ইমান দিনে এই কথাটো তুমি মোক কোৱা নাছিলা কিয়?”
“কোৱাৰ প্ৰয়োজনবোধ কৰা নাছিলো। মানে ক’বলৈ সুযোগ পোৱা নাছিলো। কাৰণ তুমি দেওবাৰে এই সময়ত আগেয়ে কেতিয়াও মোক তোমাৰ ওচৰলৈ মতা নাছিলা। নামাতি অৱশ্যে ভালেই কৰিছিলা।“
“কিয়?”
“দেওবাৰে সদায় এই সময়তে মই অনাথ আশ্ৰমখনলৈ যাওঁ।“
“আজিও যাবা?”
“ও, যাম।“
“আজি নগ’লে নহ’বনে?”
“নহ’ব। যাবই লাগিব।“
“তাৰ মানে অনাথ আশ্ৰমৰ শিশুহঁত মোতকৈ বেছি গুৰুত্বপূৰ্ণ তোমাৰ বাবে?”
“অভিমান নকৰিবা৷ এয়া মোৰ দায়িত্ব, কর্তব্য। দেওবাৰে সদায় এই সময়ত মই সিহঁতলৈ কিবা-কিবি খোৱাবস্তু লৈ যাওঁ। গতিকে সিহঁতে মোৰ কাৰণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে।“
“মই নাথাকোঁ?”
“দম্ভৰমত থাকা। কিন্তু তোমাৰ ওচৰলৈ মই প্ৰায় সদায় আহোঁ, সিহঁতৰ ওচৰলৈ সপ্তাহত মাত্ৰ এটা দিনতহে যাওঁ।”

“যাবা বাৰু। কিন্তু তাৰ আগতে তুমি মোৰ কথাটো শুনি যাব লাগিব।”
“কোৱা আকৌ। মইতো শুনিবলৈকে বহি আছোঁ। তুমিহে আল্টু-ফাল্টু কথা উলিয়াই সময় নষ্ট কৰি আছা! মোৰ হাতত আৰু মাত্ৰ দহ মিনিট সময় আছে। এইখিনি সময়ৰ ভিতৰত তুমি যদি কথাটো নোকোৱা, মই আৰু এক ছেকেণ্ডো তোমাৰ ওচৰত বহিব নোৱাৰিম।”
“অ’কে বাবা, অ’কে। মই আৰু তোমাৰ সময় নষ্ট নকৰোঁ। কিন্তু…।“
“কিন্তু আকৌ কি?”
“কিন্তু তোমাক কথাটো কোৱাৰ আগেয়ে তোমাৰ বিষয়ে মই আৰু অলপ ভালদৰে জানি ল’ব লাগিব।”

“চোৱা— মোৰ বিষয়ে তোমাৰ জানিবলৈ আৰু কিবা বাকী আছে বুলি মই নাভাবোঁ। তোমাৰ লগত চিনাকি হোৱাৰ এমাহ পাছতে মই মোৰ সকলো কথা তোমাক কৈ পেলাইছোঁ— মই পিতৃ-মাতৃৰ পৰিচয় নথকা এটা অনাথ ল’ৰা। দয়ালু, দৰিদ্ৰ মানুহ এঘৰে মোক তুলি-তালি ডাঙৰ-দীঘল কৰিছে, মই সম্পূর্ণ নিজৰ প্ৰচেষ্টাৰে পঢ়ি-শুনি, ব্যৱসায় কৰি সমাজত নিজকে প্ৰতিষ্ঠা কৰিছোঁ, মোৰ তোলনীয়া পিতৃ-মাতৃৰ যোৱা বছৰ আকস্মিক মৃত্যু ঘটিছে, মই বৰ্তমান বীৰু নামৰ, মোৰেই নিচিনা অনাথ ল’ৰা এটাৰ লগত অকলে থাকোঁ, মোৰ বন্ধু-বান্ধৱ বিশেষ নাই, মই ৰাতিপুৱা সদায় এঘণ্টা জিমত কটাওঁ, আধা ঘণ্টা যোগাসন কৰোঁ, মই ভ্ৰমণ কৰি ভাল পাওঁ, টেনিছ মোৰ প্রিয় খেল আৰু মই নিজেই বাওঁহতীয়া কাৰণেই হ’বলা ৰাফেল নাডাল মোৰ প্রিয় খেলুৱৈ, মই জয়ন্ত হাজৰিকাৰ গান নিয়মিত শুনো, দীপালী বৰঠাকুৰ মোৰ প্রিয় গায়িকা, মই ধূমপান নকৰোঁ, কিন্তু ৰাতি খোৱাৰ আগেয়ে নিতো দুই পেগ হুইস্কি পান কৰোঁ, শোৱাৰ আগেয়ে ডায়েৰী লিখোঁ…।”

“ৰ’বা, ৰ’বা। মই জনা কথাবোৰকে তুমি ৰিপিট কৰিব নালাগে। তুমি অনাথ আশ্রম খোলাৰ নিচিনা কিবা নজনা কথা আছে যদি কোৱা।“
“সদ্যহতে মনত পৰা নাই দেখোন!”
“মনত পেলোৱা।”
“পেলাম বাৰু মনত। কিন্তু তাৰ আগতে তুমি কোৱাচোন— তোমাৰ কথাটোৰ লগত মোৰ জীৱনটোৰ কি সম্পর্ক?”
“সেয়া পাছত জানিবা। মানে মই কথাটো কোৱাৰ পাছত।”
“অ’, মনত পৰিছে ৰ’বা।“
“কি?”
“তোমাক নোকোৱা মোৰ জীৱনৰ দুটামান কথা।”
“কৈ যোৱা।”

“তেতিয়া মই অষ্টম নে নৱম শ্রেণীত। লগৰ ল’ৰা এটাই কিবা কথা এটাত মোক জহৰা বুলি জোকাইছিল। মই ঘুচিয়াই তাৰ নাক ভাঙি দিছিলো।“
“তাৰ মানে তোমাৰো খং আছে!”
“নাথাকিব কিয়?”
“তোমাক দেখি, তোমাৰ লগত কথা-বতৰা পাতি তোমাৰ খং আছে বুলি কিন্তু ধৰিব নোৱাৰি।“
“মোৰ খং গভীৰ পানীৰ সোঁতৰ দৰে। পানীৰ পৃষ্ঠভাগ দেখি কোনেও ধৰিব নোৱাৰে।”
“আৰু?”
“কলেজৰ পৰীক্ষা এটাৰ মাজত এবাৰ মোৰ পেটৰ অসুখ হৈছিল। তাৰেই পৰীক্ষাত বহিছিলো। পৰীক্ষাত লিখি থকাৰ মাজে মাজে তিনি-চাৰিবাৰকৈ পায়খানালৈ গৈ থাকিব লগা হৈছিল। তিনি ঘণ্টাৰ আধা সময় তেনেকৈয়ে শেষ হৈছিল। তথাপি মই সেইটো পৰীক্ষাত শতকৰা ষাঠি নম্বৰ পাইছিলো।“
“তোমাৰ মগজটো যে চোকা, সেয়ে পাইছিলা। মই হোৱাহেঁতেনতো শতকৰা ত্ৰিশ নম্বৰেই নাপালোহেঁতেন।“
“নিজকে ইমান আণ্ডাৰ এষ্টিমেট নকৰিবাচোন।”
“নাই কৰা, সঁচা কথাই কৈছোঁ।“
“তোমাক দেখিলে, তোমাৰ সান্নিধ্যলৈ আহিলে তোমাক ইমান গাধী যেন নালাগে দেখোন!”
“মোৰ কথা বাদ দিয়া। আৰু কি মনত পৰিছে কোৱা।”
“পৰিছে ৰ’বা।”
“কোৱা।”

“এদিন লৰালৰিত মই পেণ্টৰ জীপাৰডাল মাৰিবলৈ পাহৰি গ’লো। বাছষ্টপত ৰৈ থাকোঁতে ছোৱালী দুজনীমানে মোৰ শৰীৰৰ মধ্যবিন্দুলৈ চাই ফিচিঙা-ফিচিং কৰাত মোৰ গা চেবালে— ক’ৰবাত কিবা এটা গণ্ডগোল হৈছে। তৎক্ষণাৎ তললৈ চকু দি দেখিলো— অকল পেণ্টৰ জীপাৰডালেই খোল খাই থকা নাই, তাৰ ফাঁকেদি পেণ্টৰ তলত সুমুৱাই লোৱা চোলাটোৰো কিয়দংশ ওলাই আছে। বৰ লাজ পালো বুইছা? মই আৰু সেই ঠাইত নৰ’লো। খোজ কাঢ়ি গৈ আগৰ ষ্টপটোত ৰ’লোগৈ৷”
“অ’, সেয়ে তুমি মাজে মাজে তললৈ চাই থাকা?”
“এৰা। সেইদিনাই মনত এটা ভয় সোমাই গ’ল— কিজানি…!”
“এইটো যে তোমাৰ এটা মুদ্ৰাদোষত পৰিণত হৈছে, তুমি গম পাইছানে?”
“পাইছোঁ। কিন্তু কি কৰিবা, উপায় নাই!”
“উপায় আছে।”
“কি?”
“তুমি পেণ্ট পিন্ধবলৈ এৰি ধুতী পিন্ধিব লাগিব৷ নাইবা পায়জামা।”
“উপায়টো একেবাৰে বেয়া নহয়। চোলাৰ লগত ধুতী আৰু পায়জামা— এইটো এটা নতুন ফেশ্বনো হৈ যাব পাৰে।”

“আমি মূল কথাৰ পৰা বাৰে বাৰে ফালৰি কাটি গৈছোঁ। আৰু কিবা মনত পৰিছে যদি কোৱা।”
“ৰ’বা। এটা জবৰদস্ত কথা মনত পৰিছে।”
“কোৱা।”

“তোমাকতো কৈছোঁৱেই— মোৰ শৈশৱ আৰু কৈশোৰ গাঁৱত কাটিছিল। গাঁৱৰ পৰা অলপ দূৰত, সৰু জাৰণি এখনৰ মাজত ৰজাদিনীয়া পুখুৰী এটা আছিল৷ তাত গাঁৱৰ গাভৰুবোৰে মাজে মাজে গা ধুইছিলগৈ। দুটামান অঘাইতং ল’ৰাই সিহঁতৰ গা-ধোৱা দৃশ্য প্রায়ে মনে মনে উপভোগ কৰিছিল৷ সিহঁতৰ পাল্লাত পৰি এদিন ময়ো ওলালো সেই নিষিদ্ধ আনন্দ ল’বলৈ। সেই মতে আমি আগেয়েই গৈ জোপোহাৰ আঁৰত লুকাই থাকিলোঁগৈ। কিন্তু গাঁৱৰ পৰীহঁত জলকেলী কৰিবলৈ নাহেহে নাহে! এঘণ্টামান বোন্দাপৰ দিয়াৰ পাছত অৱশেষত জানিবা এজনী এজনীকৈ ওলালহি। আমি চকুৰ পচাৰ পেলাবলৈও পাহৰি গ’লো। গাভৰুহঁতে পুখুৰীৰ পাৰতে এপদ এপদকৈ বস্ত্ৰ সোলোকাই, প্রায় বিবস্ত্র হৈ পানীত নামিব খোজোঁতেই মই হঠাতে সোঁ-কাণখনত কোনোবাই ব্ৰহ্মচেপা এটা দিয়া অনুভৱ কৰিলো। লগে লগে পিছলৈ ঘূৰি চাই দেখিলোঁ— স্বয়ং দেউতা! চকুৰ দৃষ্টি অগ্নিবৰ্ষা। দেউতাই মুখেৰে একো ক’বলৈকে নাপালে। মই নিজেই সুৰ সুৰকৈ ঘৰ পালোগৈ৷”

“তাৰ পাছত?”
“তাৰ পাছত আৰু কি হ’ব! গোটেই দিনটো চোতালত আঁঠুকাঢ়ি থাকিলো। দেউতাই সেইদিনাৰ কাৰণে মোৰ খোৱা-বোৱা বন্ধ কৰি দিছিল। ৰাতি মায়ে মনে মনে খাবলৈ নিদিয়াহেঁতেন সেইদিনা মই লঘোণেই থাকিব লাগিলহেঁতেন।”
“তোমাৰ দেউতাৰা দেখিছোঁ বৰ কাঢ়া মানুহ আছিল!”

“ও, সন্তানক বাঘৰ চকুৰে চাবা, হাতীৰ খাৱনেৰে খুৱাবা— দেউতাই এই নীতিটো বিশ্বাস কৰিছিল। সেই কাৰণেই চাগৈ মই নিজৰ ভৰিত নিজে থিয় দিব পাৰিলো। আদর্শ, নৈতিকতা, চৰিত্ৰ সঠিক ৰূপত ৰাখিব পাৰিলো। কাৰণ গাঁৱত অসৎ হ’ব পৰা, নিজকে স্খলন কৰিব পৰা অনেক থল আছিল— গাঁৱৰ মূৰৰ মানুহ এঘৰত দেশীয় সুৰাৰ ভাটী আছিল, গাঞ্জাৰ মুকলি বেহা আছিল, গাঁৱত দুজনীমান ৰচকী পখিলা, অসতী তিৰোতাও আছিল।”

“মোৰ দেউতা পিছে তেনেকুৱা নহয়। মোক আজিলৈকে ধম্‌কি এটাও দি পোৱা নাই।”
“তুমি মাৰা-দেউতাৰাৰ একমাত্ৰ সন্তান। গতিকে তেওঁলোকে তোমাক অপর্যাপ্ত মৰম কৰিবই।”
“তুমি আমাৰ মাজলৈ অহাৰে পৰা কিন্তু মোতকৈ তোমাকহে বেছি মৰম কৰা হৈছে। কেতিয়াবা তোমালৈ মোৰ হিংসাই লাগি যায়!”
“হয় দিয়া। সেইদিনা তোমাৰ লগত যদি অপকর্মটো হ’বলৈ নগ’লহেঁতেন, তোমালোকৰ লগততো মোৰ চিনাকিয়েই নহ’লহেঁতেন!”
“মানুহৰ জীৱনত কিছুমান ঘটনা এনেকৈয়ে ঘটি যায়— আকস্মিকভাৱে, অভাৱনীয়ভাৱে।”
“সেইদিনাৰ ঘটনাটোৰ বাবে মই কিন্তু তোমাৰ গাতহে দোষ দিম।”
“কিয়?”
“ইমান নিজান ৰাস্তাটোৰে, গধূলি সময়ত তুমি অকলশৰে কিয় আহিব লাগিছিল?”
“কি কৰিবা! সেইদিনা ৰিক্সাৱালাৰ ধর্মঘট, সেইপিনে অ’টোও নাযায়। ইপিনে মোৰ কামটোও জৰুৰী। নগ’লেই নহয়।”
“তেনেকুৱা হ’লে কাৰোবাক লগত লৈ যাব লাগে।”
“দিন বেয়া থাকিলে মনলৈ সুবুদ্ধি নাহে নহয়!”
“সেই সময়ত মই যদি সেইখিনি নোলালোগৈহেঁতেন, কি হ’লহেঁতেন বাৰু কোৱাচোন?”
“ভাবিলেই ভয় লাগে। ভগৱানেহে তোমাক লৈ আহিছিল। আৰু এক মিনিটো পলম হোৱাহেঁতেনেই…।”
“মইতো গাড়ীখনৰ কাষেদি গুচিয়েই গৈছিলো। তোমাৰ চিঞৰ শুনিহে বাইকখন ঘূৰাই আনিলো।”
“আৰু তাৰ পাছত এখন হিন্দী চিনেমা চলি গ’ল!”
“হয় দিয়া। মোৰ গাত ইমান বল আছিল বুলি মই নিজেই গম পোৱা নাছিলো। আচলতে তাৰ আগলৈকে মই কাৰো লগত মাৰপিট কৰি পোৱা নাছিলোতো!”

“সেই ল’ৰাকেইটাক এতিয়া ক’ৰবাত দেখানে?”
“সিহঁততো এতিয়া মোৰ লগতে!”
“কি?”
“অঁ। জেলৰ পৰা ওলোৱাৰ পাছতে সিহঁতক মই সৎ পথলৈ ঘূৰাই আনিলো। মোৰ এন জি অ’টোত সুমুৱাই ল’লো। তোমাক মোৰ এন জি অ’টোৰ কথা নোকোৱাৰ এইটোও এটা কাৰণ— তুমি ভুল বুজিব পাৰা— গুণ্ডা, বদমাছকো মই সংগ কৰি লৈছোঁ!”
“এইটো তুমি খুব ভাল কাম কৰিলা। মানুহ ভালৰ পৰা বেয়া হোৱাটো সহজ। কিন্তু বেয়াৰ পৰা ভাল হোৱাটো ইমান উজু নহয়। ৰত্নাকৰৰ পৰা বাল্মীকি কেইজন হ’ব পাৰিছে? বাৰু, সেইবোৰ কথা এতিয়া বাদ দিয়া। আৰু কিবা নতুন কথা মনত পৰিছে যদি কোৱা।”

“সদ্যহতে নাই পৰা। পৰাৰ আশাও নাই।”
“তেনেহ’লে লাভ নহ’ল।“
“কি?”
“তোমাৰ এই নতুন কথাকেইটা নজনাহেঁতেনো মোৰ কথাটো ক’ব পাৰিলোহেঁতেন। এই কথাকেইটাৰ লগত মোৰ কথাটো ক’ব পৰা-নোৱৰাটোৰ একো সম্পর্ক নাই।”
“তেনেহ’লে মোৰ বহুমূলীয়া সময়বোৰ অযথা নষ্ট হ’ল!”
“ছৰি! বেয়া নাপাবা।”
“হ’ব। এতিয়া আৰু একো ভণিতা নকৰাকৈ চিধা-চিধি কথাটো কৈ পেলোৱা।”
“নৰেন্দ্ৰ মোদীৰ দৰে?”
“তাৰ মানে?”
“টিভিত নৰেন্দ্ৰ মোদীৰ বক্তৃতা শুনা নাই? তেওঁ আনবোৰ ৰাজনীতিকৰ দৰে চালে-বেৰে কোবাই কথা নকয়, যি ক’ব খোজে চিধা-চিধিকৈ দিয়ে।”
“তাৰমানে তোমাৰ শৰীৰটোৰ দৰেই নির্মেদ ভাষা।”
“মোৰ শৰীৰটো নিৰ্মেদ নেকি?”
“ও, মুম্বাই-চুম্বাইত থকাহেঁতেন তুমি সহজেই মডেলিঙৰ জগতখনত দপদপাই ফুৰিব পাৰিলাহেঁতেন!”
“আজিকালি ইয়াতো তাৰ দেধাৰ সুবিধা পোৱা যায়।”
“তেনেহ’লৈ চেষ্টা এটা চলাই নোচোৱা কিয়?”
“মোৰ সেই লাইনটোৰ প্ৰতি অকণো আগ্রহ নাই।”
“কিহৰ প্ৰতি আছেনো?”

“এতিয়া তুমিহে কিন্তু মূল কথাৰ পৰা ফালৰি কাটি গৈছা! মোৰ গাত দোষ নিদিবা।”
“ছৰি! কোৱা কোৱা। কথাটো কোৱা।”
“মাহঁতে মোৰ বিয়াৰ কথা উলিয়াইছে।”
“এইটো কথা ক’বলৈকে তুমি মোক ইমান সময় ৰখালা?”
“নহয়। আচল কথাটো বেলেগ।”
“মাহঁতে মোৰ পছন্দৰ কোনোবা ল’ৰা আছে যদি ক’বলৈ কৈছে। তেতিয়া তেওঁলোকে আৰু দৰা বিচাৰি অযথা সময় নষ্ট নকৰে।”
“ভাল কথাহে! আছে যদি কৈ দিয়া।”
“সেইটোৱেইতো আচল কথা! মই মাহঁতক এতিয়া কি কওঁ ভাবি পোৱা নাই।”
“তাৰ মানে তোমাৰ পছন্দৰ কোনোবা আছে?”
“তুমি কোৱাচোন আছেনে নাই!”
“মই আকৌ কেনেকৈ জানিম? মইতো সৰবজান নহয়! নহয় যাদুকৰ, বেজ-জ্ঞানী, জ্যোতিষী…।”
“কিছুমান কথা জানিবলৈ সেইবোৰ একো হ’ব নালাগে।”
“তেনেহ’লে কি কৰিব লাগে? মগজুৰ কচৰৎ?”
“ওহোঁ, মাথোঁ হৃদয়ক সুধিব লাগে।”
“কি?”
“ও, কিছুমান কথাৰ উত্তৰ হৃদয়ক সুধিলেই পোৱা যায়। কিয়নো সেইবোৰ কথাৰ জন্ম হৃদয়ত হয়। আৰু মৃত্যুও হয় হৃদয়তে।”

“উস্! কি ক’ব খুজিছা চিধা-চিধি কৈ দিয়া। নহলে মই বলিয়া হৈ যাম এতিয়া।“
“তুমিহে মোক বলিয়া কৰিছা।”
“কি?”
“ও, তোমাৰ লগত প্রথম সংযোগ ঘটাৰ দিনাৰে পৰা মই তোমাৰ প্ৰেমত বলিয়া হৈ আছোঁ।”
“ইমান দিনে তুমি মোক সেই কথা কোৱা নাছিলা কিয়?”
“ভয় লাগিছিল।”
“কিয়?”
“কিজানি তোমাৰ কোনোবা হৃদয়ৰ ৰাণী আছেই বা!”
“হৃদয়ক নুসুধিলা কিয়?”
“ভয় লাগিল।”
“কিয়?”
“মই ভবাৰ দৰে হৃদয়ে উত্তৰ নিদিয়ে বুলি।”
“তুমি কি ভাবিছিলা?”
“নাই বুলি।” ”
“হৃদয়ে কেতিয়াও মিছা কথা নকয়।”
“জানো।”

“এতিয়া সোধাচোন।”
“নোসোধোঁ।”
“কিয়?”
“এতিয়া তুমি সমুখত আছা। গতিকে তোমাৰ মুখৰ পৰাই শুনিম।”
“যদি উত্তৰটো তুমি ভবাৰ দৰে নহয়?”
“উপায়তো নাই!”
“দুখ নালাগিব?”
“কিয় নালাগিব?”
“হতাশ হ’বা নেকি?”
“হ’ম। কিন্তু ভাগি নপৰোঁ। তোমাৰ দৰে ল’ৰা এজনক বন্ধু হিচাপে পোৱাটোও পৰম ভাগ্যৰ কথা।”
“আৰু উত্তৰটো যদি তুমি ভবাৰ দৰে হয়?”
“তেতিয়া মোৰ সমান সুখী মানুহ এই পৃথিৱীত আৰু কোনো নহ’ব। সুখৰ বন্যাত মই উটি-ভাহি যাম।”

“এটা কথা কোৱাচোন।”
“কি?”
“তোমাক আজিলৈকে মই কিবা কথাত দুখ দি পাইছোঁ নেকি?”
“নাই পোৱা।”
“কিবা কাৰণত হতাশ কৰি পাইছোঁ নেকি?”
“নাই পোৱা।”
“তেনেহ’লে আজিনো কিয় দুখ দিম? কিয় হতাশ কৰিম?”
“কি?”
“মোৰ কথা বুজা নাই?”
“বুজিছোঁ, বুজিছোঁ। আৰু বুজাব নালাগে।”

আৰে, তোমাৰ দুচকুৰে দেখোন হঠাৎ বর্ষা নামি আহিছে…

“আৰে, তোমাৰ দুচকুৰে দেখোন হঠাৎ বর্ষা নামি আহিছে। মইতো তোমাক একো আঘাত লগা কথা কোৱা নাই!”
“তুমি নুবুজিবা। এয়া দুখৰ অশ্ৰু নহয়, আনন্দৰ।”
“কিন্তু তোমাৰ চকুৰ কাজল নষ্ট হৈ যাব যে!”
“হওক। আকৌ লগাই ল’ম৷”
“তোমাৰ নাকেদিও নৈ ব’ব ধৰিছে দেখোন! ওঁঠৰ লিপষ্টিক উটাই নিব এতিয়া!”
“নিয়ক। মোৰ লিপষ্টিকৰ অভাৱ নাই।”
“তোমাৰ দৰে সৌন্দর্য সচেতন ছোৱালী এজনীয়ে এনেকুৱা কথা কৈছা? মোৰ নিজৰ কাণ দুখনকে বিশ্বাস হোৱা নাই!”

“মোক আজি সেইবোৰ একোৰে প্রয়োজন নাই। মই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী মানুহ।”
“ইমান আৱেগিক নহ’বাচোন।”
“মই তোমাৰ দৰে বুকুত শিল বান্ধি থোৱা নাই। তোমাৰ যদি অকণমানো আৱেগ থাকিলহেঁতেন, মোক নিশ্চয় কেতিয়াবাই ক’লাহেঁতেন…।“
“মানুহৰ মুখত এতিয়ালৈকে আটাইতকৈ বেছি ব্যৱহৃত হোৱা কথাষাৰ নহয় জানো?”
“ও।”

“বাৰু, এতিয়া সেইবোৰ কথা বাদ। খুৰা-খুৰীয়ে তোমাৰ বিয়াখন কেতিয়া পাতিম বুলি ভাবিছে?”
“সোনাকালেই পাতিব।”
“সোনকালে মানে কেতিয়া?”
“এই মাহতে।”
“কি?”
“ও, এই মাহতে। ঠিকেই শুনিছা।“
“ইমান লৰালৰি কিয়?”
“এতিয়া যে ব’হাগ!”

❧ | অধিক গল্প:

পূৰ্বৰাগ | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook