আকস্মিক

আকস্মিক
  • 12 Nov, 2021

‘স পোনৰ শেষ নাই ৰ’দে কয়
ভালপোৱাৰ ৰ’দালি তুমি হয়…’

গানটো গাই গাই ভিতৰলৈ সোমাই আহিল তৰালি। তাইক দেখি বৰমাকে জোকালে— ‘কোন অ’ সেইজন ভালপোৱাৰ ৰ’দালি?’ — ‘কি যে কোৱা আৰু বৰমা, গানটোহে গাইছোঁ কিবা!’ অপ্ৰস্তুত হৈ তৰালিয়ে কৈ উঠিল।
— ‘অ’…, মই বোলো ভালপোৱাৰ ৰ’দালি গাত পৰিলেই নেকি!’ বৰমাকে জোকালে আকৌ।
— ‘এহ্ তুমি বৰ বেয়া, মই যাওঁগৈ।’ মুখখন কৃত্ৰিম অভিমানত ফুলাই তৰালি যাবলৈ ঘূৰিলেই।

‘হ’ব হ’ব দে আহ বহহি, মই চাহ কৰোঁ।’ হাঁহি হাঁহি কথাষাৰ কৈ বৰমাক চাহ কৰিবলৈ পাকঘৰত সোমাল। তৰালিও পিছে পিছে গৈ ডাইনীং টেবুলৰ চকী এখনতে বহিল। টেবুলখনত টুকুৰিয়াই টুকুৰিয়াই তাই ইফালে-সিফালে চাই থাকোঁতে হঠাতে কিবা এটা মনত পৰাৰ দৰে বৰমাকক ঘপকৈ সুধিলে— ‘আচ্ছা বৰমা, তুমি বাৰু বৰদেউতাক কেনেকৈ লগ পালা? মানে তোমালোকৰ লাভ মেৰেজ নে এৰেঞ্জ?’

বৰমাকে তাইৰ প্ৰশ্নত আচৰিত হৈ তাইলৈ চালে আৰু হাঁহি মাৰি ক’লে— ‘সেইবোৰ বহুত কথা বুজিছ। আমাৰ লাভ মেৰেজো নহয় আৰু এৰেঞ্জ মেৰেজো নহয়। তই চাহ খা, ল। হোঁ ধৰ।’

তাইলৈ চাহ কাপ আগবঢ়াই দি তেওঁ নিজেও খোৱাত লাগিল। তৰালিয়ে আকৌ ক’লে— ‘এতিয়া কোৱা কাহিনীটো কি। লাভও নহয়, এৰেঞ্জো নহয়, তেন্তে কি?’
— ‘বেলেগ এদিন ক’ম থ। তই আজি ঘপকে ওলালিহি যে ঘৰলৈ কেতিয়া আহিলি?’ বৰমাকে প্ৰসঙ্গ সলালে।
— ‘কালি সন্ধিয়া আহিলো। সেইবোৰ বাদ। কেচটো কি কোৱা, নহ’লে মই নাহিমেই আৰু তোমাৰ ওচৰলে।’

তৰালিৰ নেৰানেপেৰা অনুৰোধ এৰাব নোৱাৰি অৱশেষত বৰমাকে পুৰণি স্মৃতিৰ টোপোলাটো খুলিবলৈ সাজু হ’ল। তাইক মৃদু ধমক এটা দি তেওঁ কৈ গ’ল।

— ‘বাৰু শুন তেন্তে। মোৰ মাৰ ঘৰ বুঢ়াপাহাৰত। বৰদেউতাৰ আৰু মোৰ বিয়াখন আকস্মিকভাৱে আৰু আচম্বিতে হৈ গৈছিল। মানুহে যে কয়— জন্ম, মৃত্যু আৰু বিবাহ ক’ত, কেনেকৈ, কেতিয়া হৈ যায় ক’ব নোৱাৰি, সেই কথাষাৰ মোৰ লগত আখৰে আখৰে খাটিছিল। হয়তো তোৰ বৰদেউতাৰ আৰু মোৰ বিবাহ কেতিয়াবাই ভগৱানৰ ওচৰত লিখা হৈ গৈছিল। কাৰণ তেওঁক স্বামী ৰূপে গ্ৰহণ কৰাৰ দিনা তেওঁ মাত্ৰ মোৰ এদিনৰ চিনাকি আছিল।’
— ‘মাত্ৰ এদিনৰ চিনাকি? কি অদ্ভুত!’
— ‘ওঁ। কৈছোৱেই তোক, মোৰ মাৰ ঘৰ বুঢ়াপাহাৰত আছিল। মোৰ এজন ককাইদেউ আছিল। তেওঁ নুমলীগড়ত থাকি এন আৰ এলত চাকৰি কৰিছিল। নবৌ তেওঁৰ লগতে নুমলীগড়ত কোৱাৰ্টাৰত থাকিছিল। মোৰ আজিও মনত আছে, সেইদিনা আছিল জানুৱাৰীৰ ১১ তাৰিখ, সোমবাৰ। মোক ককাইদেউ আৰু নবৌয়ে থকাকৈ মাতিছিল বাবে সেইদিনা মই নুমলীগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলো। গাড়ীখন আহি বোকাখাতৰ ওচৰত ৰাখিছিল। তাতে বৰদেউতাৰ গাড়ীখনত উঠিছিল আৰু মোৰ কাষৰ খালী ছিটটোতে বহিছিল। প্ৰথম দেখাতেই তেওঁক মোৰ ভাল লাগি গৈছিল। সুন্দৰ মুখমণ্ডল, পৰিপাটি কাপোৰেৰে তেওঁক বৰ শুৱনি দেখাইছিল। আমি ইজনে সিজনৰ লগত কথা পতা আৰম্ভ কৰি চিনাকি পৰ্বৰ সমাপ্তি ঘটাইছিলো। সেইখিনিতেই মোৰ জীৱনে গতি সলাইছিল।’
— ‘মানে?’
— ‘তেখেতৰ লগত হাঁহি হাঁহি কথা পাতোঁতে পাতোঁতে কেতিয়া যে আমি নুমলীগড় পাৰ হৈ বাদুলিপাৰ পালোহি মই গমকে নেপালো। তেখেত যেতিয়া বাদুলিপাৰত নামিবলৈ বুলি সাজু হ’ল, তেতিয়াহে মোৰ হুঁচ আহিল। ইতিমধ্যে বেলি লহিয়াইছিলেই। উভতি যাবলৈও মোৰ উপায় নাছিল। কাৰণ সেইখনেই শেষৰ বাছ আছিল। কথাবোৰ ভাবি ভাবি মোৰ চকুপানী বৈ আহিল।’
— ‘তাৰ পাছত?’ তৰালিয়ে উৎকণ্ঠাৰে সুধিলে।
— ‘মই হঠাৎ তেনেকৈ কন্দা দেখি তেখেতে সুধিলে— কি হ’ল? মই সমস্ত ঘটনা বিৱৰি ক’লো। তেখেতে উপায় দি ক’লে যে আজি ৰাতিটো মই তেওঁলোকৰ ঘৰতে থাকি পাছদিনা ৰাতিপুৱাই বাছত গুচি যাব পাৰিম। অচিনাকি ঠাইডোখৰত মোৰ চিনাকি একমাত্ৰ সেই মানুহজনেই। সেয়ে ময়ো তাকেই কৰিলো।’
— ‘আচ্ছা! তেতিয়াই তোমাক ইয়াত পচন্দ কৰিলে নে কি?’ তৰালিয়ে উচপিচাই সুধিলে।
— ‘ওহোঁ নহয়। মই যেতিয়া কাণিমুনি সন্ধিয়া বৰদেউতাৰৰ ঘৰত সোমাইছিলো, তেখেতৰ মাক-দেউতাক, ওচৰ-চুবুৰীয়া সকলোৱে ভাবিলে যে মোক পলুৱাই আনিছে। ঘটনাটো কি নুসুধি তেওঁলোকে ক’ত, কেনেকৈ চিনাকি, এতিয়া কি কৰিবি— এইবোৰহে সোধাত লাগিল। বৰদেউতাৰে মুখেৰে একোৱেই নামাতিলে। মোৰো দেখোন কথাবোৰ মিছা বুলি ক’বলৈ মন নগ’ল। গাঁৱৰ মানুহে কথাটো সঁচা বুলি ভাবি সেইদিনাই তেওঁৰ হাতেৰে মোৰ শিৰত সেন্দূৰ দিয়ালে। আমি কোনোজনেই প্ৰতিবাদ নকৰিলো। বৰঞ্চ যেন কিবা এটা ভালহে লাগিছিল। এনেকৈয়ে আমাৰ বিয়া হৈ গ’ল।’
— ‘হে হৰি, কি অদ্ভুত বিয়া।’ তৰালিয়ে যেন বিশ্বাসেই কৰিব পৰা নাই, তেনে এক ভংগিমাত মূৰে-কপালে হাত দি ৰ’ল।

তৰালিৰ ভংগিমা দেখি বৰমাকে হাঁহি এটা মাৰি ক’লে— ‘মোৰ আৰু বুঢ়াপাহাৰলৈ যোৱা নহ’ল। মাৰ ঘৰখনৰ লগত মোৰ সম্পৰ্ক চিৰদিনৰ বাবে হেৰাই গ’ল। আজিও নাই। তেওঁলোকেও খবৰ পাই অহাৰ চেষ্টা নকৰিলে।’ এটা হুমুনিয়াহ আপোনাআপুনি তেওঁৰ মুখৰ পৰা সৰি পৰিল।

টেবুলৰ পৰা কাপ-প্লেটবোৰ ধুবলৈ বুলি হাতত লৈ উঠি তেওঁ প্ৰসঙ্গ সলাবলৈকে তৰালিক সুধিলে— ‘এয়াই কাহিনী। বাৰু এতিয়া ক, তই হোষ্টেললৈ কেতিয়া যাবি?’
— ‘ছেকেণ্ড ইয়েৰৰ ক্লাছ দুই-এদিনতে আৰম্ভ হ’ব। অহা সপ্তাহ মানে যামগৈ। বাৰু তুমি কাম কৰা, মই ঘৰলৈ যাওঁ। মায়ে সোনকালে মাতিছিল।’ কথাষাৰ কৈয়েই তৰালিয়ে পদূলিৰ ফালে খোজ দিলে।

❧। আৰু পঢ়ক: আন্ধাৰৰ আঁৰলত

সঁচায়ে মানুহৰ জীৱনটোত কেতিয়া, ক’ত, কেনেকৈ, কি হৈ যায় ক’ব নোৱাৰি— কথাটো ভাবি ভাবি তাই ৰাস্তাত উঠিলগৈ।

আকস্মিক | তেজশ্ৰী বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক