পা ৰত দ’ম হৈ পৰি থকা কয়লাৰ পাহাৰবোৰ, গৰা-খহনীয়াত জুৰুলা হোৱা ব্ৰহ্মপুত্ৰৰ পাৰ, পানী শুকাওঁতে ওলাই পৰা ঝাওবন ভৰা বালিচাপৰিৰ সেউজীয়া ঢৌবোৰ চকুৰে নেদেখা হোৱালৈকে লৰিয়ে আছে। বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী গৈ শিলগুটি দিয়া ৰাজ-আলিৰ কাষ পায়গৈ। এতিয়া শুকাই যোৱাৰ লগে লগে বাটলৈ ভালেখিনি নামি আহিব লাগে। বালিৰ ওপৰত বাঁহৰ চঁচ, টৰ্জা আদি পেলাই মানুহ অহা-যোৱা বাট কৰি দিছে। একমাত্ৰ চাহৰ দোকানখন বালিত পোতা বাঁহৰ চাঙৰ ওপৰত খেৰৰ চালি এখনত আত্মপ্ৰকাশ কৰি আছে। কেৰাচিনৰ টিনৰ টাপলি দি সজা বহল জাপ-দুৱাৰখন দাঙি থোৱা অৱস্থাত চালিখনেৰে আন এখন চালি হৈ গ’ল। তাৰ তলৰ বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ পেলাই দিয়াৰ লগে লগেই সেইখন এখন সুন্দৰ বেঞ্চ, তাত বহি চাহ খাওক, বিড়ি কিনক, চিগাৰেট জ্বলাওক, কথা পাতক।
মই সেইবিলাকৰ একোকে কৰা নাছিলো, মাত্ৰ প্ৰকাণ্ড সেন্দূৰ বাটি যেন হৈ পৰা বেলিটোলৈ চাই আছিলো। জাহাজ আহিব ৰাতি ন বজাতহে, অৰ্থাৎ সেইটোৱেই নিয়ম। দিনে-পোহৰেই আহি মই ঘাট পালোহি। চাওঁতে চাওঁতে সৰু সৰু ঢৌবিলাকে সৰু সৰু আঙুলিৰে সেন্দূৰবিলাক টপাটপ সানি ক’ৰবাত মৌ-মেল চাবলৈ লৰ ধৰিলে।
কোনোবাই খঙত যেন গোটেই সেন্দূৰখিনি থেকেঁচা মাৰি সিহঁতৰ গাতে পেলাই দিলে, উকা কপালৰ তিৰোতা এগৰাকী যেনেই লাগিল।
মনটো অকলশৰীয়া হৈ পৰিল। যাত্ৰী নায়েই দেখোন। দুজনমান নেপালী, সস্ত্ৰীক। কেইজনমান চাহ-বাগিচাৰ বনুৱা। চাহ বাকচ অনা আৰু কয়লা নিয়া চাহবাগানৰ মটৰবিলাকেই ইমান সময় কাঠনিবাৰী ঘাতক জীয়াই ৰাখিছিল। দূৰণিৰ চাহ বাগিচাৰ কল-ঘৰৰ অস্পষ্ট ধোঁৱাবোৰ ইতিমধ্যে আন্ধাৰৰ লগত মিলি যাবলৈ ধৰিছে। ক’লা অসুৰ যেন বুটখন, তাত কাম কৰা খালাচি, বনুৱা শ্ৰেণীৰ মানুহ কেইটা, চাহ দোকানখনৰ সৰু পৰিয়ালটো আৰু আমি যাত্ৰী নামৰ প্ৰাণীকেইটাক আন্ধাৰবোৰে অকলে পাই আগুৰি পেলালে।
হৰ হৰ শব্দ এটাৰ লগত জুনুকাৰ জুনজুননিয়ে কৌতূহল বঢ়াই তুলিলে। দোকানৰ খেৰ-ইকৰাৰ বেৰৰ ফাঁকেদি চকুত পৰিল এখন গৰু-গাড়ী। গড়োৱানটোৱে নামি লাহেকৈ যুঁৱলিখন মাটিত নমাই দিলে। গৰুহালে অ’ত-ত’ত দুই-এডাল খাই শুঙিবলৈ ধৰিলে। গাড়ীৰ সন্মুখৰ পৰ্দাখনৰ সেউজীয়া বৰণটো তেতিয়াও চকুত পৰিল, লগে লগে মনটোও সেউজীয়া হৈ পৰ্দাখনৰ দৰেই কঁপিবলৈ ধৰিলে। চটফটীয়া পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা এটা জাঁপ মাৰি নামি আহিল। গাড়োৱানেৰে সৈতে ধৰাধৰি কৰি টিনৰ ট্ৰাঙ্ক এটা নমাই আনি মাটিত থ’লে। কেঁকোজেকোকৈ বাকচটো গাড়োৱানৰ মূৰত উঠিল। আগে আগে ল’ৰাটোৱে বাট দেখুৱাই বুটলৈ লৈ গ’ল।
আকৌ এবাৰ মনটো কঁপিবলৈ ধৰিলে। গাড়ীৰ ভিতৰৰ পৰা ওলাই অহা মূৰ্তিটো স্পষ্ট হৈয়ে চকুত পৰিছে। কাৰণ পোহৰৰ ওপঙি থকা শেষ কণাবোৰ তেতিয়াহে অদৃশ্য হৈ পৰিছে। গাৰ কাপোৰ-কানি জাৰি-জোকাৰি নৈখনৰ ফালে চাই থিয় হ’ল, ল’ৰাটো আৰু গাড়োৱানটো আহি ওচৰ পালেহি। হল্ড-অল আদি দুই-এপদ বস্তু গাড়ীৰ ভিতৰৰ পৰা উলিয়াই লৈ লাহে লাহে বুটলৈ খোজ দিলে। মোৰ চকুৱে তেওঁলোককে অনুসৰণ কৰিলে।
অলপ পিছত ল’ৰাটো আৰু গাড়োৱানটো ওলাই আহিল। তাক দোকানৰ ওচৰত চাহ খাবলৈ পইচা দি সোনকালে গৰু জুটিবলৈ নিৰ্দেশ দিলে, “ভালে-ভালে পালেহি বুলি কবি, বুজিছ?”
তাক বুজাই ল’ৰাটো বুটলৈ উভতি গ’ল। গাড়োৱানে চাহ এক চিঙ্গল আৰু ‘কল’ বিস্কুট এটা নাকে-কাণে গিলিলে। দোকানৰ ওচৰত থকা তাৰ সগোত্ৰ যাত্ৰী বনুৱাটোৰ প্ৰশ্নৰ উত্তৰ দিলে। দহ মাইল যাব লাগিব।
গাড়ীৰ দহ মাইল যাত্ৰা আৰম্ভ হ’ল। বহু দূৰলৈ ঘাটত জ্বলাই নিয়া লেমটোৰ পোহৰ টিমিকি টিমিকি জ্বলিছিল, পাক এটাত হঠাতে লুকাই পৰিল।
বুটৰ এমূৰত মমবাতিৰ ক্ষীণ পোহৰ এটা জিলিকি উঠিল। বোধ হয় তেওঁলোকেও সেইখিনি ঠাইকে বাছি লৈছে। মোৰ লাগেজটোও তাতে আছে। গোটেই বুটখনৰ ভিতৰত সেইখিনিয়েই মাত্ৰ আৰামৰ ঠাই। বুটখনৰ বাটৰ মুখতো এটা হাৰিকেন অলপ আগতে জ্বলি উঠিছিল, দোকানৰ মুখতো এটা। এই তিনিটা পোহৰৰ খুঁটিয়ে আন্ধাৰৰ তামীঘৰাটো মজবুতকৈ তৰি পেলালে। ক’ৰবাত, এৰাই থকা চপৰা এটা লৰ মৰি গৈ পানীত জাঁপ দিলেগৈ। টুপুং। নীচেই কাষতে, পানীৰ যুঁৱলিত চেলেকণা মাছ কেইটামানে খিকখিককৈ হঁহাৰ শব্দ স্পষ্ট শুনা গ’ল। কয়লাৰ দমকিটালৈ চালোঁ। সাধুকথাৰ ছদ্মবেশী ৰাক্ষসকিটাৰ দৰে মোলৈ খাওঁ খাওকৈ খেদি আহিল।
বুটৰ মোৰ ঠাইকণলৈ যাবলৈ (নতুন যাত্ৰীৰ বিষয়ে জানিবলৈ ) মনটোৱে কাও-বাও লগাই দিলে। কাঠৰ মজবুত সাঁকোৱেদি আগবাঢ়িলো বুটৰ ভিতৰলৈ। বুটৰ মিটমিটীয়া আন্ধাৰত চাহৰ বাকচ, ৰং, আলকঁতৰা, শুকান মাছ, পোৰা কয়লা সকলোবিলাক গেন্ধে লাওপানী খাই লৈ কোৰাছ আৰম্ভ কৰি দিছে। বহু বছৰৰ মূৰত বৰপেৰা এটাহে যেন কোনোবাই নাকৰ আগত মেলি ধৰিলে। ফ্লেটবিলাকৰ এই গোন্ধটো মোৰ বৰ প্ৰিয়। খালাচি আদি শ্ৰেণীৰ মানুহকেইটাই জাহাজ অহাৰ আগতে খোবা-বোৱা শেষ কৰাত ব্যস্ত।
মোৰ লাগেজ থোৱা ঠাইৰ পৰা আঁতৰত নেপালী পৰিয়ালটোৱে কম্বল পাৰি লৈ দীঘলীয়া সুৰৰ গান এটা আৰম্ভ কৰি দিছে। তাৰপৰা অলপ আঁতৰলৈ ৰেলিঙৰ মাজত কম্বল এখনত চাঁওতালী কি উড়িয়া মানুহকেইটাই বৃত্তাকাৰে বহি লৈ মুৰমুৰকৈ কিবা চোবাব লাগিছে। বোধ হয় চাউল ভজা, আৰু ঠিক মোৰ মালৰ ওচৰতে, মোৰ ছুটকেছ আৰু অলপ কাষৰীয়া কৰি হ’ল্ডঅলটো মেলি ল’ৰাজনে শুই শুই মমবাতিৰ পোহৰত ইংৰাজী ফিল্ম আলোচনী এখন মেলি তন্ময় হৈ গৈছে। শিতানত বহি আছে ছোৱালীজনী, কাকতখনলৈ নিৰ্লিপ্তভাৱে চাই।
মই কি কৰিম একো ঠিক কৰিব নোৱাৰি ছুটকেছটোকে অলপ লৰচৰ কৰিলো। ছোৱালীজনীয়ে মোলৈ চকু দাঙিলে। কিন্তু মমৰ পোহৰৰ মাজৰ পৰা মোক দেখিবলৈ অলপ সময় মোলৈ চাই থাকিবলগীয়া হ’ল। লাভৰ ভিতৰত মমৰ পোহৰে ফ্ৰেম বান্ধি দিয়া তেওঁৰ মুখখন মইহে খন্তেকতে চাই লবলৈ সুবিধা পালো। লৰাটোৱে আলোচনীখনত হাতখন থৈ সেই অৱস্থাৰে মোলৈ চাইছিল। মই অলপ হালি ছুটকেছটো লৰচৰ কৰোঁতে মোৰ মুখখনো মমৰ পোহৰে চেলেকি গ’ল।
ল’ৰাটো ধৰমৰকৈ উঠি বহিল। আৰু ছোৱালীজনীয়েও দেখোন খোপালৈ ওৰণিখন তুলি ল’লে।
“আপোনাৰ ছুটকেছ? আমি অলপ একাষৰীয়াকৈ থ’লে দেই। আমি কোঁচাই বহিম, আপুনি বিছনা পাতক।”
ল’ৰাটোৱে ইমান চিনাকি সুৰত কথাষাৰ ক’লে যে মই থতমত খাই গ’লো। সোনকালে মানুহৰ চিন পাহৰাৰ কাৰণে কেবা ঠাইতো লাজ পাই থৈছোঁ। কিন্তু মিছা হ’ল— ক’তো দেখা মনত নপৰে।
“নাই নাই, ঠিক আছে, তোমালোক (ওৰণি! ) মানে তুমি ভালকৈ বহা। মোৰ ব্যৱস্থা হ’ব।”
মই মোৰ কম্বলেৰে মেৰিওৱা বিছনাৰ টোপোলাটো (লেতেৰা হৈ গৈছে) আঙুলিৰ ট্ৰিকেৰে ইতিমধ্যে ছুটকেছৰ আঁৰ কৰি দিলো। কিন্তু প্ৰহৰী কৰি দিয়া ৰং এৰোৱা ছুটকেছটো চম্ভালোঁ কেনেকৈ? অৱশ্যে সি ভাল বংশৰে আছিল, গুৰি-গোৰা ইংৰাজী ষ্টীলৰ। কিন্তু গুৰি-গোৰা বিচাৰে কোনে? বস্তু দুটা উঠাই লোৱা দেখি ল’ৰাজনে অভিমানতে চিঞৰি উঠিল, “আপুনি আন ঠাইলৈ যাব খুজিছে নেকি? আমি বেয়া পাম হ’লে।”
ল’ৰাটোৱে সঁচাকৈয়ে পাৰি লোৱা হণ্ডঅলটো কোঁচাবলৈ ধৰিলে।
“নহয়, তোমালোকে আৰাম কৰা। জাহাজ বা কোন ৰাতি আহে! সময়ৰ ঠিক নাই, আৰু কেতিয়াবা নাহেও।” “সেই কাৰণেইতো আপুনি ইয়াতে থাওক। যাত্ৰীও নাই, তাতে অসমীয়া মানুহ নাই, বাইদেৱে ময়ে তাকেহে আলোচনা কৰি আছোঁ। কোনোবা এজন লগ পোৱা হ’লে-!”
বুজিলো, ল’ৰাটোৰে বায়েকৰ সমান ভয় লাগিছে। ময়ো মোৰ ভেগাবণ্ড মাৰ্কা ছুটকেছ আৰু কাপোৰ টোপোলা আঁতৰ কৰিবলৈ এইখিনি কৌশল কৰিছিলো। এতিয়া মোৰ কাপোৰৰ টোপোলাই ওৰণি-আঁৰৰ পৰা ভুমুকি মাৰিব পাৰে। টোপোলাটো মেলি লৈ তেওঁলোকৰ ভৰিৰ ফাললৈ বহি পৰিলো।
“টিকট কটিবৰ হ’বই যেন পাওঁ। মই খবৰ লৈ আহোঁ। কলৈ কটিব লাগিব?” টিকট কটালৈ তেতিয়াও সময় আছিল। কিন্তু সুধিবলৈ আৰু একো কথাই বিচাৰি নাপালো। “আমি যোৰহাটলৈ যাব লাগে।” ল’ৰাজনে ইতিমধ্যে আস্তব্যস্তকৈ বহি লৈ উত্তৰ দিলে। “যোৰহাটলৈ? আজি জাহাজ ডাউনহে?” চক খোৱাৰ দৰে মই উত্তৰ দিলো। কাৰণ জাহাজৰ ভু আদাৰ বেপাৰীয়েহে নাৰাখে। এওঁলোকৰতো তেনে হোৱাৰ কোনো লক্ষণেই নাই।
ল’ৰাটোৱে মোৰ চিন্তাৰ ভাৰ লঘু কৰিবলৈ পাই বৰ পুলকিত হৈ উঠিল। পঞ্চম মানৰ ল’ৰাই ষষ্ঠ মানৰ ল’ৰাক কিবা এটা বুজাই দিব লগা হ’লে যি পুলক অনুভৱ কৰে, সেই উলাহেৰে মোক বুজাই দিলে যে তেওঁলোক ডাউন ষ্টিমাৰত গৈ শিলঘাটত নামিব, তাৰপৰা ষ্টেট ট্ৰেন্সপোৰ্টত গৈ যোৰহাট পাবগৈ।
“আমি কাইলৈৰ ভিতৰত যেনে তেনে যোৰহাট পাবগৈ লাগে, বৰ জৰুৰী।”
অৰ্থই নহয়, কথাবিলাকেহে মোক আকৰ্ষণ কৰিছিল বেছি। বোৱাৰীজনী স্বাভাৱিক লাজেৰে একাষৰীয়াকৈ বহি আছিল যদিও, একোবাৰ চকামকাকৈ মুখলৈ চাই, এনেহে ধাৰণা হৈছিল, যেন তেৱোঁ সক্ৰিয় অংশ গ্ৰহণ কৰিছে এই আলাপত। মুখেৰে টু এষাৰ নকৰাকৈ নিজক এনেভাৱে জীৱন্ত কৰিব পৰা এই অদ্ভুত গুণটোৰ কথাকে মই গুণা-গথাঁ কৰিছিলো। বিয়া হোৱা নিশ্চয় বেছি দিন হোৱা নাই, গাৰ মাহ-হালধিৰ বোল মমৰ ক্ষীণ পোহৰতে মই স্পষ্টকে দেখিছোঁ। গাৰ দোলাইখনৰ পৰা, চুলিৰ মাজৰ পৰা অহা বিয়াৰ মাহ-হালধি-তেলৰ মলমলীয়া গোন্ধৰ সোঁত এটাই মোৰ নাকত মোহনা পাতিছেহি। এখন পৰিপূৰ্ণ মুখ, দীঘলীয়া বেলুন যেন গোল গোল হাত, গাৰ উজ্জ্বল হালধীয়া ৰং আৰু অসমীয়া পাটৰ সাজযোৰৰ ৰংটোৱে ছবিৰ দৰে তুলি ধৰিছে। এনেকুৱা গঠন আজি-কালি বৰকৈ দেখিবলৈ পোৱা নাযায়।
হঠাৎ মোৰ মনত পৰি গ’ল— লৰাজনে মোক কিবা সুধিছিল, উত্তৰ নাপাই অলপ সেমেনা-সেমেনিও কৰিছে।
“ওঁ, ওঁ, কি সুধিলা— মোৰ কথা? ময়ো যাম শিলঘাটলৈ, শিলঘাটৰ ওচৰতে মোৰ ঘৰ।” “তেন্তে ভালেই হ’ব। জাহাজ ৰাতিয়েই শিলঘাট পায়গৈ। আপোনাক লগ পোৱাত বহুত সুবিধা হ’ব নহয় নে বাইদেউ?”
‘বাইদেৱে’ আলোচনীখনকে লিৰিক-বিদাৰি আছিল। কাণ আছিল আমাৰ কথাত। সন্মতিসূচকভাৱে ভায়েকলৈ মূৰ তুলি চাই ৰ’ল। হাঁহিটো কোনোবাই পকা ৰঙেৰে গোটেই মুখখনত চাব মৰি থৈছিল। নহ’লে কপালখনে হাঁহিব কেনেকৈ? নাক, চকু থুঁতৰিয়েও হাঁহেনে। এনেকুৱা ডাঠ ক’লা চেলাওৰিয়ে মিহিকৈ হাঁহিব পাৰে নে?
আন দিনৰ মতে জাহাজ অহাৰ সময় হ’ল। মই খা-খবৰ লৈ আহিবলৈ থিয় হ’লো। টিকট কাটিবলৈ পইচা উলিয়াব খুজিছিল ল’ৰাটোৱে। মই বাধা দি ক’লো যে তেতিয়াও টিকটৰ ঘণ্টা দিয়া নাই, আৰু টিকট দিলেও মোৰ পইচাৰে আনিব পাৰিম। পিছত পইচা দিলেও হ’ব।
“জাহাজ অহাৰ সময় থাকিলে নিশ্চয় চাহ খাব পাৰোঁ?” ল’ৰাজনে বায়েকৰ মুখলৈ চালে। বায়েকে হল্ড-অলটো আঙুলিৰে দুই-এবাৰ খেপিয়াই নিজকে ক’লে, “ফ্লাস্কটো ক’ত থাকিল!”
এই প্ৰথম মাতষাৰ শুনিলো। গভীৰ অথচ মাখনৰ দৰে কিবা এটা কোমলতা থকা— এনে ধৰণৰ বৰ্ণনা মানুহৰ মাতত খাপ খায় নে, ক’ব নোৱাৰোঁ।
ল’ৰাজনে ফ্লাস্কটো উলিয়াই দিলে। মই ফ্লাস্কটো লৈ ৰেলিঙৰ কাষলৈ গ’লো। ওচৰতে শিহু এটাই মূৰ দাঙি ৰাতি কিমান হ’ল এবাৰ চাই ল’লে। ক’ৰবাত হৰহৰাই মাটি অলপ খহি পৰিল। নৈৰ বুকুত দূৰৰ বাগিচাৰ পৰা মাদলৰ ক্লান্ত ছেও ভাহি আহিছে।
টিকট দিয়াৰ আশা নাই বোলে। জাহাজ কিজানি কৰবাত বালি-চৰত লাগি ৰ’ল। বিৰক্তিৰে টিকট-মাষ্টৰে কৈ উঠিল। যোৱা ভূইকঁপেই বোলে টিকট মাষ্টৰৰ টোপনিত বালিচৰ বহুৱাই গৈছে।
চাহ-দোকানীৰ পৰিয়াল খাই-বৈ উঠিল। ল’ৰা-ছোৱালীকেইটাই বাঁহৰ চাং এখনৰ পৰা দোকানৰ বস্তু আদি নমাই শুবলৈ কাৰবাৰ কৰিছে। সন্মুখৰ চাংখনত গাদী পাতি আদহিয়া শকত দোকানীজনে আৰু তিনিজন মানুহৰ সৈতে ব্ৰীজ খেলত মগ্ন। মই গৈ পোৱাৰ লগে লগে এজনে কৈ উঠিল, “দহ বাজিল, যাব লাগিল।” “এই খেল”— আন এজনে তাঁচটো শ্বাফল কৰাৰ লগে লগে উত্তৰ দিলে। মোক কোনেও দেখা পোৱা নাই। মই ৰস ভঙ্গ নকৰি খেল চাবলৈ ধৰিলো। হাৰ্ট ওৱান, স্পেড ওৱান, ন’ ট্ৰাম্প, টু ক্লাবছ, থ্ৰি ডায়মণ্ডচ, ডবল আদি ফটকাৰ আৱাজ হ’ব ধৰিলে। খেল আৰম্ভ আৰু শেষ হ’ল। শেষ খেলৰ কাৰণে জোৰ কৰা ফালটো অৰ্থাৎ দোকানীজনেও বহুত ‘ডাউন’ খালে। তাৰ পাছত তিনিওজন যাবলৈ ওলাল। বুজিলো, তিনিও চাহ-বাগানৰ চাকৰিয়াল, ৰাতি ইয়াত ব্ৰীজ খেলে।
দোকানীৰ ‘স্পেড’ যেন হৈ পৰা মুখখনলৈ পুতৌৰে চাই আছিলো। এইবাৰহে মোক মন কৰিলে। “আপোনাক কিবা লাগিব জানো?”, কোমল মাতেৰে সুধিলে। “চাহ লাগিছিল, দিব পাৰিব জানো?” শুবলৈ আয়োজন কৰা ল’ৰা-ছোৱালীকেইটিলৈ চকু দি মই সুধিলো। “নিশ্চয়, আজি বোধ হয় জাহাজ নাহিবই!” সৰু ল’ৰা এটা ইতিমধ্যে জাপ মাৰি আহি ওচৰত থিয় দিলেহি। “একাপ?” মই ফ্লাস্কটো ল’ৰাটোলৈ আগবঢ়াই দিলো— “তিনি।” “অ’ আপোনাৰ পৰিয়াল আছে?” চাহ-দোকানীয়ে কৈ গ’ল, “কিবা অসুবিধা হ’লে জনাব। খোৱা-লোৱা কৰিব খুজিলেও সকলো সুবিধা কৰি দিম। ৰাতিও চাহ, গৰম পানী কিবা লাগিলে নিব।”
বৰ শকত ক’লা বৰণৰ আদহিয়া মানুহজন। মুখখনত কোমলতা এটা আছে। মাতত আন্তৰিকতাৰ সুৰ। দুই-এষাৰ কথাৰ পৰা বুজিলো ল’ৰা-ছোৱালীকিটাৰ মাক নাই, সিহঁতক লৈ ব্ৰহ্মপুত্ৰৰ বালিতে সৰু সংসাৰখন পাতি আছে।
পৃথিৱীৰ মানুহবিলাক ইমান ভাল লাগি গৈছে। ইমান মৰম, চেনেহ, সহানুভূতি। মনটো ভাল লাগিল। ধন্যবাদসূচক কথা-বতৰা দুআষাৰমান কৈ চাহৰ দাম দি বুটলৈ উভতিলো, প্ৰায় এঘণ্টামানৰ মূৰত। টিকট-মাষ্টৰৰ পৰা বুজিলো, জাহাজ অহাৰ আশা নাই। আহিলেও পুৱা-ৰাতিত। দুশাৰী চাহ-বাকচৰ মাজৰ লুংলুঙিয়া বাটেদি আমাৰ ঠাইলৈ আগবাঢ়িলো।
চাউল-ভজা পাৰ্টিটোৱে নাকত মুড়ি ফুটাইছে। নেপালী পৰিয়ালৰ তেতিয়া গানটোৱেই মাজতে সপ্তমত উঠা কাণত পৰিছিল। এতিয়া সেয়ে অষ্টম পাই একোটা এঙামুৰি আৰু দীঘলীয়া হামিত পৰিছেগৈ।
‘ফিল্ম মেগাজিন’খনো আৰামেৰে শুই পৰিছে-ল’ৰাজনৰ বুকুত। বেচেৰাই ৰাতিৰ লগৰীয়া এজন পাই সম্পূৰ্ণ নিশ্চিন্ত হৈ পৰিল। বাইদেৱেকে শিতানতে বহি মোলৈ বাট চাই আছিল নিশ্চয়। মোক দেখা পাই, লাহে লাহে তাক জগালে, “বৰুণ, চাহ নাখাৱ?” মাতত অনাৱশ্যক ব্যস্ততা নাই, কাৰ্যত একো অস্বাভাবিকতা নাই। বুজিলো আত্ম-বিশ্বাস তেওঁৰ আছে আৰু আনৰ ওপৰতো আস্থা ৰাখে। মোৰ সংকোচ ভালেখিনি শাম কাটি গ’ল।
“বৰুণ”, মই মাতিলো। তিনিও চাহ খাবলৈ বহি গ’লো। মাটিৰ গিলাচ তিনিটা দোকানৰ পৰাই আনিছিলো। তেওঁলোকে ছুটকেছৰ পৰা নাৰিকলৰ লাৰু আৰু দুই-এবিধ খোৱা বস্তু উলিয়ালে। মই মোৰ ভাগটো লৈ অলপ আঁতৰলৈ যাবলৈ ধৰোঁতে আপত্তি উঠিল। বাধ্য হৈ বহা ঠাইতে খালো।
“তোমালোকৰ বিছনাখন ভালকৈ পাৰি লোৱা বৰণ, আঁঠুৱাখনো তৰি লোৱা। তোমালোকে ভালকৈ শুব পাৰিবা।” “জাহাজ নাহে?” মোৰ ভাব হ’ল দুয়ো একেলগে কৈ উঠিছিল। “কি হ’ব বৰুণ?” বৰ চিন্তাগ্ৰস্তভাৱে বাইদেৱেকে সুধিলে। চিন্তাই যে মানুহক শুৱনি কৰিও তুলিব পাৰে আগতে বিশ্বাস নহলহেঁতেন। কিন্তু ইমান যে চিন্তা হ’ল? “বৰ জৰুৰী কাম আছে নেকি, বৰুণ? যোৰহাটত?” হঠাৎ মুখৰ পৰা ওলাই পৰিল কথাষাৰ। “কাইলৈ যেনে তেনে যোৰহাট পাবগৈ লাগে” এইবাৰ পোনে পোনে বাইদেৱেকে মোক উত্তৰ দিলে, অৱশ্যে তলমূৰকৈ। “কাইলৈৰ ব্যৱস্থা কাইলৈ ভাবিম, নহয় জানো বৰুণ?” মোৰ কথাত বৰুণে ডাঙৰ সমৰ্থন এটা পালে। “এৰা। মিছামিছি বাইদেউজনীয়ে কিবিলাক ভাবে। ন’ ৱৰি বুলি লিখিছেই। তয়োতো মাইনৰ পাছ, ন’ ৱৰি মানে নাজান নেকি?” “কিন্তু কাম শ্বাৰ্প যে?” ভায়েকৰ মুখলৈ চাই অলপ লাজকুৰীয়াভাৱে হাঁহি ক’লে। “ভিনীহিদেউ অলপ-ধতুৱা মানুহ। মূৰৰ কামোৰ এটা হলেও মৰিমহে-জীমহে কৰি তোক বিচাৰে। সেই কাৰণেই কাম শ্বাৰ্প।”
মমবাতিৰ পোহৰত দেখিলো গোটেই মুখখন ধুনীয়া হৈ ৰঙা পৰিছে। ন’ ৱৰি, কাম শ্বাৰ্প— কি ৰহস্য সোমাই আছে কথাকেইটাত!
“কিবা অসুখ নেকি?” “ভিনীহিদেউৰ চাইকেল এক্সিডেণ্ট। হাস্পতালত, টেলিগ্ৰাম পোৱা দুদিন হ’ল, মই নাছিলো, স্কুল বন্ধ হোৱাত কালি আহি পাইছোঁ। বাগানৰ পাতৰ সময়, চিজন টাইম, দেউতায়ো ছুটী ল’ব নোৱাৰে।”
মই বাৰে বাৰে অনুৰোধ কৰাত বৰুণে আহল-বহলকৈ বিছনাখন পাৰিলে। বৰ যত্নেৰে আঁঠুৱাখনো তিনি কোণীয়াকৈ তৰা হল। বইদেৱেক বিনা বাক্যব্যয়ে শুই পৰিল। দুই-চাৰি আষাৰ কথাৰ পৰা বৰুণহঁতৰ বিষয়ে আৰু অলপ জানিব পৰিলো। মোৰ এড্ৰেছটোও লিখি ল’লে। অলপ পিছত বৰুণো শুই পৰিল।
ব্ৰহ্মপুত্ৰৰ সিপাৰৰ কাজিৰঙাৰ এন্ধাৰৰ মাজত বাঘ এটাই চিকাৰৰ বাটত জোপ লৈ আছে (নিশ্চয়! ) দূৰণিৰ বালি চাপৰিত। কঁহুৱা আৰু ঝাওবনৰ মাজত ব্ৰহ্মপুত্ৰৰ বহল, ক’লা পানীধৰাত একোটা ৰহস্য শুই শুই পিৰিকিয়াব লাগিছে। তৰাকেইটামানে জুম বান্ধি ৰহস্যটোনো কি, ভুমুকিয়াই ফুৰিছে। বুটৰ নিচেই কাষতে থকা পাৰটোত বহি বহি জুটুলা জুটুলি চুলিৰে ধুবুনী ছোৱালীকেইজনীমানে কাপোৰ থুকুচিব লাগিছে— ‘চপ-চপাৎ’। ধেৎ। ঢৌবোৰহে!
ল’ৰাজন অৰ্থাৎ বৰুণে টাউনৰ হাইস্কুলত নৱম শ্ৰেণীত পঢ়ে। দেউতাকে, কি নাম ক’লে? চাহ বাগান এখনতটি হাউছত কাম কৰে। হেডটি হাউছ? এৰা হ’বলা। দহ মাইল দূৰ ঘাটৰ পৰা। বাইদেৱেকৰ বিয়াৰ ডেৰ বছৰ হ’ল।
এসপ্তাহ হওঁতেই মাতি পঠিয়াইছে। সামান্য আঘাত। কিন্তু ‘কাম শ্বাৰ্প যে’! নেদেখিলে থাকিবই নোৱাৰে। বৰ মিল… । আজিৰ ৰাতিটো ডেৰ বছৰৰ আগত হোৱা হ’লে। আৰু মোৰোতো এতিয়া চাইকেল এক্সিডেণ্ট হোৱা নাই… ধেৎ!
মমডাল বতাহত নুমাই গ’ল। আন্ধাৰতে ভাল লাগিছিল, কিন্তু উচিত নহ’ব যেন লাগিল। দিয়াচলাইটো মাৰিলো। আধাখোৱা মিকচাৰ এডোখৰ পাই তাকে জ্বলাই লৈ মমডোখৰলৈ জ্বলা কাঠীটো আগবঢ়াই নিছিলো। চক খাই গ’লো। বাইদেৱেকৰ মাত— “আন্ধাৰতহে টোপনি আহে যদি।” “শোৱা নাই?” “চিলমিল। টোপনি নাহেই দেখোন।” স্বাভাৱিক। মম নজ্বলালো। ৰেলিঙত ভৰ দি জাহাজ অহা দিশটোৰ ফাললৈ তীব্ৰ দৃষ্টিৰে চাই থাকিলোগৈ। মমৰ পোহৰেৰে নহ’ব, জাহাজৰ পোহৰ আনিবই লাগিব। কিমান সময় তেনেকৈ আছিলো, ক’ব নোৱাৰোঁ। হঠাৎ হুলস্থূল আৰম্ভ হৈ গল। জাহাজ, জাহাজ, পোহৰ আদিৰ শব্দৰ লগে লগে টিকটৰ ঘণ্টা আৰু খোজ কঢ়াৰ দুপ-দাপ শব্দ। মই লৰালৰিকৈ মমডাল জ্বলাই দিলো। বাইদেৱেক উঠি বহিছিল, দুই হাতে হেঁচুকি বৰুণক জগালে। বৰুণো চকমক খাই বহিল।
“জাহাজ আহিল বৰণ।” যেন বহুত হুলস্থূল আৰু অপেক্ষাৰ পিছত ‘ল’ৰা এটা জন্ম পাইছে’— এনে এটা সংবাদহে দিলো। মই তেওঁক বিছনা বান্ধিবলৈ কৈ টিকট আনিবলৈ গ’লো।
টিকট-মাষ্টৰৰ মুখখন দেখিয়ে বুজিলো কিবা এটা দুৰ্ঘটনা ঘটিছে। জাহাজৰ পৰা ছিগনেল পাইছে, মেৰামতি কৰিব লাগিব। গতিকে টিকট পলমকৈ দিব। খোঁৰাই খোঁৰাই জাহাজখন কাষ চাপি আহিছে। বৰণে আহি অলপ পিছত মোৰ ওচৰত থিয় হল। খবৰটো দিয়াত, বায়েকক ক’বলৈ আকৌ উভতি গ’ল।
ৰাতি পুৱাই আহিছে। পাৰলৈ নামি গ’লো। কিবা এটা ব্যৱস্থাৰ কথা ভাবিব লাগিব। এওঁলোক আজি যোৰহাট পাবই লাগিব। প্ৰাতঃকৃত্যাদিৰ পিছত কাৰাকৈ চাহ একাপ খাই টোপনিখিনি জাৰি পেলালো। গৰম লুছি ভজাই ভালকৈ চাহ তিনি কাপ কৰাইছোঁ। জাহাজ আহিল আৰু দুই-এজন যাত্ৰী নামিল। দেখিলো, বৰণে আৰু এজন ল’ৰা লৈ পাৰলৈ নামি আহিছে।
“দাদা দাদা, মামু আহিল। জাহাজত আহিছে যোৰহাটৰ পৰা। চাওক, মই নকৈছিলো, চিন্তাৰ কাৰণ নাই বুলি।” মামু ৰাতিৰ টোপনি খতিত ক’লা-মলা হৈ আহিছে। বাইদেৱেকৰ সম্বন্ধীয় দেওৰ, বৰুণৰ প্ৰায় সমনীয়া বা অলপ ডাঙৰ হ’ব।
“যোৰহাটৰ খবৰ কি?” মামুলৈ চাই সুধিছিলো, বৰণেই তপৰাই উত্তৰ দিলে— “ভাল, আমি যোৱা দেৰি হোৱাত নিবলৈ পঠিয়াইছে।” “নিবলৈ কিয়?” “যায় যদি লৈ যাওঁ। নাইবা ময়ে ফুৰি-চাকি যাওঁ, এই বুলি আহিলো।” এইবাৰ মামুৱে ক’লে। “পিছে এতিয়া কি কৰা?” “নবৌ যাব খুজিছে, যেনে-তেনে। গতিকে নাও ভাৰা কৰি যোৰহাটৰ প্ৰথম বাছ ধৰিম। জাহাজ বালিত লাগিছিল, কিবা এটা বেয়া হ’ল। মেৰামতি কৰিলেহে যাব। গতিকে জাহাজত গ’লে দেৰি হ’ব।” “তেনেহ’লে বৰুণ, বাইদেৱেৰাক গা-পা ধোৱাৰ ব্যৱস্থা কৰি দিয়া। যোৱা। মই চাহ নিয়াম।”
বৰুণে হাতৰ ফ্লাস্কটো মোক দি দুয়ো উভতি গ’ল।
তেওঁলোকক এঘণ্টামান সময় দি দোকানী ল’ৰা এটাৰ হতুৱাই চাহ-জলপান লৈ বুটলৈ যেতিয়া যাওঁ, বৰুণৰ বাইদেৱেকে গা-পা ধুই মামুৰ লগত আনন্দ-মনেৰে কথা পাতি আছে। ৰাতিৰ চিন্তাৰ চাপ মুখখনত নাই।
“তোমাক প্ৰথমে দেখি মোৰ বুকুখন কঁপি উঠিছিল।” “কৈছোঁৱেই নহয়, নাযায় যদি বাগানলৈ উভতি যাব পাৰে।” “নাই নাই, মোক থৈ দুয়ো আহিব লাগে। তুমি আহিলা, ভালেই হ’ল। কালি ৰাতি এজন মানুহে বৰ উপকাৰ… ।” মই উপস্থিত হৈছিলো। লৰালৰিকৈ ওৰণিখন আৰু অকণমান টানি লৈ লাজত যেন ৰঙা হৈ গ’ল। দোকানী ল’ৰাটোৱে চাহৰ সৰঞ্জাম থৈ উভতি গ’ল।
“বৰুণ ক’লৈ গ’ল?” মই মামুলৈ চালো। “মুখ-হাত ধুবলৈ গৈ অহাই নাই।” উত্তৰ দিলে মামুৰ নবৌৱেকে। লগে লগে চাহ বকাত লাগি গ’ল। মামু আৰু মোক চাহ-জলপান আগবঢ়াই দিলে। “মোৰ কাৰণে নহয়, মই এইমাত্ৰ খাই আহিছোঁ।” “আকৌ খাব লাগিব।”
বাঃ! চাহৰ গিলাচ লৈ অলপ আঁতৰলৈ আহিলো।
“নাও বন্দৱস্ত কৰি আহিছোঁ। সোনকালে আজৰি হৈ লোৱাই ভাল। চাহ ঠাণ্ডা হ’ব, বৰুণলৈ ৰ’ব নালাগে। নহয় জানো মামু?” “ও, এতিয়াই। যোৰহাটৰ মটৰ ন বজাত শিলঘাট পাবহি।”
পশ্চিমীয়া নাৱৰীয়াই বৰণ-মামুৰ গানৰ সুৰে সুৰে নাও মাৰিবলৈ ধৰিলে। ব্ৰহ্মপুত্ৰ গঙ্গা মাও, বতাহে হালিছে গাও মথুৰা পুৰীলৈ যাওঁ, কাষে চপাই দিয়া নাও।
ভটীয়নী পানীত নাও কাঁড়-পাটৰ দৰে যাবলৈ ধৰিলে। বৰুণৰ বাইদেৱেক আৰু মামুৰ নবৌৱেকলৈ (মোৰ? মোৰ কি? ) চালো। একান্ত মনে বৰুণহঁতৰ গান শুনিছে। গানৰ ছেৱে ছেৱে মুখত লাগি থকা হাঁহিটো নীৰৱে উঠা-নমা কৰিছে আৰু সেন্দূৰৰ ফোঁটটো! কি ডগমগীয়া ৰঙা জুই সেইকুৰা! পুৱাৰ ৰ’দত মুখৰ বৰণ কেঁচা সোণৰ— নহয় কেঁচা গালধি গাঁঠি যেন হৈ পৰিছে। সোণৰ বৰণ প্ৰাণহীন।
এখন সুখী ঘৰৰ ছবি। শাহু, শহুৰ, দেওৰ, ‘তোক-নেদেখিলে-থাকিবই নোৱৰা যে’ এজন স্বামী। সেই কাৰণেই ‘কাম শ্বাৰ্প’, ‘তইতো মইনৰ পাছ ন’ ৱৰি মানে নাজান নেকি’, ‘আকৌ খাব লাগিব…’!
মোৰ বাগানে বাগানে চাকৰি বিচাৰি ফুৰা ভেগাবণ্ডৰ জীৱনৰ বহুত দিনৰ ভিতৰত এটা দিন, বহুত ৰাতিৰ ভিতৰত এটা ৰাতি আহিছিল,— নাও যিমানেই শিলঘাটৰ ওচৰ চাপি আহিবলৈ ধৰিলে, সিমানেই মনটো উৰুঙা লাগি আহিল।
হঠাৎ চকুত পৰিল বৰুণৰ বাইদেৱেকৰ ফোঁটটো তেজৰ দৰে ডগমগাবলৈ ধৰিছে। নাৱৰপৰা মূৰটো অলপ হলাই দিয়াত ঢৌৰ প্ৰতিবিম্ববোৰ গোটেই মুখখনেদি চকচকই পাৰ হৈ গৈছে। ঢৌবোৰে যেন ফোঁটটো ভাগ বাটি লৈ যাব।
নাও ঘাট চাপিল। শিলঘাট।
চাহ-পৰ্ব শেষ কৰাৰ লগে লগে মটৰ আহি পালে। চৰকাৰী বাছ— ঘড়ী মানি চলে। এইখিনিতে আমাৰ এৰাএৰি। বৰুণ আৰু বাইদেৱেক মটৰৰ ছেকেণ্ড ছিটত বহিলগৈ। বৰুণৰ মুখত উচ্ছ্বসিত প্ৰশংসা।
“কেতিয়াবা যোৰহাটলৈ গ’লে বাইদেউৰ তালৈও যাব, ঠিকনা মনত আছে নহয়?” বৰুণৰ বাইদেৱেকেও আন্তৰিকতাপূৰ্ণ দৃষ্টিৰেই বৰুণতকৈ বেছি কথা কৈ দিলে। “আৰু কাঠনিবাৰী ঘাটেদি যাব লগা হ’লে আমাৰ বাগানৰ ঘৰলৈ যাবই।”
মৌখিক ভদ্ৰতা মাথোন নহয়, অন্তৰৰ আহ্বান। মটৰে হৰ্ন দিলে। বাইদেৱেকে লাহেকৈ নমস্কাৰ জনালে হাত দুটা কপাললৈ তুলি। প্ৰতি নমস্কাৰ কৰিলো। কিন্তু মামু?
মামু চাহৰ দোকানৰ পৰা উঠাই নাই। ড্ৰাইভাৰক কৈ চাহ দোকানলৈ গ’লো, মামুক পঠাবলৈ। মামুৱে চিগাৰেটত চিলাই-কল চলাইছে।
“মটৰ যায় যে, মামু!”
চিগাৰেটটো দলিয়াই মামু বহাৰ পৰা থিয় হ’ল। “বৰ ভাল পালো আপোনাক লগ পাই… ।” উত্তেজিত ব্যস্ততাৰে মামুৱে মোলৈ চাই ৰ’ল। “কেতিয়াবা লগ হ’ম, মটৰ যে যায়, যোৱা এতিয়া।” একপ্ৰকাৰ ঠেলা মাৰিয়ে দিলো। আকৌ হৰ্নৰ মাত। উত্তেজনাত ঘামি পৰিছে মামু।
❧ | আৰু পঢ়ক: মহিম বৰাৰ গল্প ‘এখন নদীৰ মৃত্যু’
“যাম, যাম কেনেকৈ বাৰু? ককাইদেউৰ মটৰ এক্সিডেণ্টহে— পিছদিনাই সকলো শেষ! মই অভিনয় কৰি আহিছোঁ।”
মামু জাঁপ মাৰি মটৰত উঠিলগৈ।
মটৰৰ চকাকিটা তীব্ৰভাৱে ঘূৰি কামাখ্যা পাহাৰৰ ভাঁজত অদৃশ্য হৈ পৰিল।
প্ৰথম প্ৰকাশ: ৰামধেনু, ৯ম বছৰ, ২য় সংখ্যা, জেষ্ঠ ১৮৭৮ শক (১৯৫৬ চন)
শ্ৰ দ্ধা ঞ্জ লি ৫ আগষ্ট ২০১৬ তাৰিখে সাহিত্যাচাৰ্য মহিম বৰাৰ পৰলোকপ্ৰাপ্তি হয়। তেখেতৰ বিয়োগে অসমীয়া সাহিত্য জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। তেখেতৰ স্মৃতিত ‘নীলা চৰাই’-এ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।