ৰা মধেনু যুগৰ প্ৰতিষ্ঠিত গল্পকাৰসকলৰ ভিতৰত ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসমীয়া সাহিত্য ক্ষেত্ৰত এখন বিশেষ আসন অধিকাৰ কৰি আছে। ১৯৪৭ চনতে তেওঁ ‘উদয়’ নামৰ আলোচনী এখনত ‘পথ ৰূপমা’ নামৰ এটি গল্প লিখিছিল। তেতিয়াৰপৰা মৃত্যুৰ আগলৈকে নিৰৱচ্ছিন্নভাৱে তেওঁ গল্প ৰচনাত ব্ৰতী হয়। তেওঁৰ প্ৰকাশিত গল্প সংকলনসমূহৰ ভিতৰত ‘প্ৰহৰী, ‘গহ্বৰ’, ‘সেন্দূৰ’, ‘শৃংখল’, ‘তৰংগ’ আদি উল্লেখযোগ্য। ড° ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ নিজা ধ্যান-ধাৰণা কেতিয়াও পাঠকৰ আগত জোৰকৈ দাঙি ধৰিব বিচৰা নাই, ফলত বৰ্ণনা পাঠকৰ আগত অভিনৱ আৰু চিত্ত-বিনোদী ৰূপত ধৰা দিছে।
শইকীয়াৰ গল্প-কাহিনীৰ গতিৰেখা সৰল নহ’লেও পাঠকৰ উৎসুক্য অব্যাহত ৰখাত সফল। ব্যক্তি চৰিত্ৰৰ বৈচিত্ৰ্যময়তা আৰু প্ৰাত্যহিক জীৱনৰ একোটি উৎকেন্দ্ৰিক মুহূৰ্ত ইয়াত লক্ষ্য কৰা হয়। তেওঁৰ গল্পত নাৰী জীৱনৰ চিত্ৰও সাৱলীল ৰূপত প্ৰতিফলিত হৈছে। নাৰী-জীৱনৰ পৰাধীনতা আৰু সংস্কাৰমুখী মনৰ কথা প্ৰকাশ কৰি নাৰী সমাজৰ উন্নতি কামনা কৰিছে। মনোৰম কথনভংগীৰ বাবেই তেওঁৰ গল্প আকৰ্ষণীয়। গল্পৰ বিষয়বস্তুৰ সকলো কথাই তেওঁৰ খুঁতি-নাতি বিচাৰ কৰি বৰ্ণনা কৰে। ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পত পুংখানুপুংখ বৰ্ণনাৰ চমকপ্ৰদ উপস্থাপন পোৱা যায়। সৰু সৰু কথাৰ ওপৰত তেওঁ এনেদৰে দৃষ্টি নিবদ্ধ কৰে যে তাৰ আঁৰত লুকাই থকা বহল প্ৰেক্ষাপট পঢ়ুৱৈৰ ওচৰত স্পষ্ট হৈ পৰে।
ড° শইকীয়াৰ প্ৰথম পৰ্যায়ৰ গল্পবোৰত ৰোমাণ্টিক পৰিস্থিতিৰ বাস্তৱ ৰূপায়ণ পোৱা যায়। স্থান বিশেষে নাটকীয় দৃষ্টিভংগীও পৰিলক্ষিত হয়। এক কথাত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পত চুটি গল্পই পূৰ্ণতা লাভ কৰিছে। প্ৰথিতযশা সাহিত্যিক, সাহিত্য সমালোচক ড° মহেন্দ্ৰ বৰাই ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পসৃষ্টিৰ প্ৰসংগত কৈছে— “ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পত আছে ডিটেইলছৰ ধাৰ নিছিগা ৰণ। সত্যজিৎ ৰায়ৰ ছবি চাই যিটো সোৱাদ পোৱা যায়, ডিটেইলছৰ সূক্ষ্মতম কাৰুকাৰ্যৰ বাবে ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প পঢ়ি পোৱা যায় একেটা সোৱাদ, একেটা কাৰণতে”।
ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ বহুল পঠিত এটি সমাদৃত গল্প হৈছে— ‘ঢোৰা সাপ’। এই গল্পটিত একুৰি বাৰ বছৰীয়া অবিবাহিতা জানেকীৰ কাহিনীৰ মাজেদি সমাজৰ বাস্তৱতাক ফুটাই তুলিছে। এহাতে নাৰী মনৰ কিছুমান জটিল দিশ ইয়াত প্ৰতিফলিত হৈছে, আনহাতে আমাৰ সমাজ-ব্যৱস্থাৰ এক বাস্তৱ ছবিও ইয়াত পোৱা যায়। জানেকীৰ বয়স হৈছে, কিন্তু বয়সতকৈ তাই সোনকালে বুঢ়া হৈছে,— “একুৰি বছৰ বয়সৰ পৰা কেইবাঘৰ মানুহে ঠাৰে-চিয়াৰে তাইক জনাই থৈছে, কইনা হোৱাৰ চেহেৰা তাইৰ নাই।” ভোমোৰাৰ দৰে কেইজনমান পুৰুষ উৰি আহি তাইৰ ওচৰ পাইছিল। আকৌ উৰি গৈছিল।
সাতাইশ বছৰ বয়সত চৰকাৰী ছিটাদাৰ মনোমোহন আহিছিল। অইনবাৰৰ দৰে ল’ৰা-ঘৰীয়াই পছন্দ নোহোৱাৰ খবৰ দিয়া নাছিল। জানেকী আৰু সুগন্ধী বুঢ়ীৰ মনত আশাৰ সৃষ্টি হৈছিল। কিন্তু যেতিয়াই তাই জানিবলৈ পায় মনোমোহনৰ সম্পৰ্ক ভনীয়েক সাবিত্ৰীৰ লগতহে, তেতিয়া তাই মৰ্মাহত হয়। তাৰ মাজতে বায়েকৰ দায়িত্ব পালন কৰি ভনীয়েকক পলুৱাই পঠায়। জানেকীৰ গোপন বেদনা গোপনেই ৰৈ যায়। তাইৰ ক্ষোভ এইখিনিতে — “সাবিত্ৰীৰ ওচৰ চপাৰ বাট তাই নিজেই মুকলি ৰখাৰ ব্যৱস্থা কৰিছিল, তথাপি মনোমোহন চোৰটোৱে মুকলি বাটেদি নগৈ আহোঁতে যাওঁতে তাইক গচকি থৈ গ’ল কিয়?” বাস্তৱৰ নিষ্ঠুৰতাই জানেকীক একা-চেকা ধৰণৰ কৰি পেলাইছে। তাই পোনপটীয়াকৈ কৈছে— “এটা কথা নহয় ককাইটি, যদি তোৰ কিবা কথা পাতিবলগীয়া আছে, তাইৰ লগতে পাত। আৰু তোৰ পিতায়েৰ, বৌৱেৰেহঁতৰ লগতো পাত।”
মৌপিয়াৰ দৰে অহা তপোধৰকো তাই আসৈ দিয়া নাই। ‘লীলাকান্ত, তোক দেখি মোৰ ভাল লাগে’ ধৰণৰ কথাও তাই বিশ্বাস কৰিব পৰা নাই। জানকী বাস্তৱ জীৱনৰ প্ৰতি অতি সচেতন। সেয়ে তাই অতি স্পষ্টভাৱে লীলাকান্তক কৈছে— “এটা কাম কৰ, মোক চাবৰহে মন যায় হ’বলা তোৰ, ফটো এখনকে তুলি ল, চায়ো থাকিবি, মোৰ তালৈ অহা বদনামৰ পৰাও হাত সাৰিবি।” এইদৰে গল্পকাৰে জানেকীৰ চৰিত্ৰটো দাঙি ধৰিছে। মনৰ জগতত বঞ্চনাৰ ফলত সৃষ্টি হোৱা ধুমুহাক জানেকীয়ে কোনোদিনেই প্ৰশ্ৰয় দিয়া নাই। নিজকে তলসৰা পাততকৈও সৰু বুলি ভবাত তাই অভ্যস্ত হৈ গৈছে।
লীলাকান্তই এসময়ত উপহাৰস্বৰূপে দিয়া চাদৰখন যেতিয়া ঘৈণীয়েকৰ বাবে লীলাকান্তই খুজিবলৈ আহিছে, তেতিয়াও জানেকীয়ে একো মনোকষ্ট অনুভৱ কৰা নাই। কিন্তু ওভোতাই দিয়া চাদৰখনত লগা সেন্দূৰৰ দাগটোৱে যেন জানেকীক গ্ৰাস কৰিব খুজিছে। দাগটোলৈ চাই তাইৰ ভাব হৈছে— “যেন ওচৰৰ মানুহ ঘৰত ভোজ পাতিছে; তাইক ভোজলৈ মতা নাই, অথচ খাই এৰা চুৱা পাতবোৰ জেওৰা পাৰ হৈ তাইহঁতৰ ফালে দলিয়াই পেলাইছে।” সেন্দূৰৰ দাগটোৱে জানেকীক উপহাস কৰা যেন লাগিল। দাগ নহয় যেন এটা আঙঠাহে, যিটোৱে তাইক দহি পেলাবলৈ উপক্ৰম কৰিছে। লীলাকান্তৰপৰা পোৱা এই বঞ্চনা এইবাৰ তাইৰ বাবে অসহনীয় হৈ উঠিল। তাইৰ এনে লাগিল, মনোমোহনহঁতে তাইৰ ৰস শুহি খাবলৈহে বিচাৰিছিল, লীলাকান্তই ৰস দিবলৈ আহি কামিহাড়কেইডালতো বিষ ঢালি গ’ল। সেয়ে চাদৰখন জানেকীয়ে লীলাকান্তক ওভোতাই দিলে।
লীলাকান্তই চাদৰখন ৰাখিবলৈ মৃদু অনুৰোধ জনাইছে যদিও জানেকীয়ে এইবাৰ নিজৰ স্থিতি স্পষ্ট কৰি দিছে— “নালাগে দে, মৰমৰ মানুহজনী থাকিব ইয়াত, তোৰ হেঁপাহৰ চাদৰখন থাকিব মোৰ বাকচত পৰি, এইবোৰ থানবান হৈ থকা কথা বেয়া, এটাইবোৰ থুপ খুৱাই ল’ব লাগে।” চাদৰখন ঘূৰাই দিয়াৰ মাজেৰে সহজ-সৰল জানেকীৰ প্ৰতিবাদী ৰূপ এটা প্ৰকাশ পাইছে।
চাদৰখন ঘূৰাই দিয়াৰ সময়ত লীলাকান্তৰ নৱবিবাহিতা পত্নী চন্দ্ৰিকাই বাহিৰত পিৰালি মচি আছিল। চাদৰখন ঘূৰাই দিবলৈ অহা জানেকী আৰু লীলাকান্তৰ কথোপকথন তাই শুনিলে। মনৰ মানুহটোক অনবৰত চাই থাকিবৰ বাবে তাই লীলাকান্তক কৈ টাউনত ফটো তুলিবলৈ গৈছিল। ফটো তুলিবলৈ যাওঁতে পিন্ধি যোৱা চাদৰখনৰ কাহিনী তাই নাজানে। নাৰীমনৰ স্বাভাৱিক সৌন্দৰ্যবোধেৰে ফুলাম পাৰি দিয়া চাদৰখনে মেৰিয়াই থকা তাইৰ গাটো ফটোখনত চাই তাই আপ্লুত হৈ পৰিছিল। যেন ফুল-পাতে ভৰপূৰ লতা এডালহে আলফুলে তাইৰ গাৰ ভাঁজে ভাঁজে বগাই গৈছে। চাদৰখনৰ প্ৰতি তাইৰ মায়া উপজিছিল; কিন্তু যেতিয়া তাইৰ ভাল লগা চাদৰখনৰ আঁৰৰ কথা জানিলে, অভিমানে তাইৰ হৃদয় হেঁচা মাৰি ধৰিলে।
আকৌ ফটোখন উলিয়ালে তাই। ফটোখনৰ ফুলাম পাৰি দিয়া চাদৰখন এইবাৰ এডাল ফুটুকা-ফুটুকী গাৰ প্ৰকাণ্ড সাপ যেন লাগিল। সাপডালে যেন তাইক মেৰিয়াই ধৰিছে। সাপডালে এৰিও নিদিয়ে, গিলিও নেপেলায়। পাগঘৰৰ চৰু ধুই অহা চন্দ্ৰিকাৰ হাতত ছাই লাগি আছিল, সেই ছাইৰে ফটোখনত তাই নিজে থকা অংশটোৰ ওপৰেৰে ঘঁহাই লৈ গ’ল। চৰুৰ ছাইৰ তলত সাপটোৱেই নহয়, গোটেই মানুহজনীৰ ছবিখন মনিব নোৱৰা হৈ গ’ল।
এক কথাত, ‘ঢোৰাসাপ’ গল্পটোৰ গোটেই কাহিনীটোৰ মাজত নাৰীমনৰ আবেদনে প্ৰাধান্য লাভ কৰিছে। বঞ্চনাৰ ফলত জানেকীৰ মনত সৃষ্টি হোৱা সৰু-বৰ ঢৌবিলাক লেখকে খুঁতি-নাতি মাৰি বৰ্ণনা কৰিছে। সেইদৰে, সুগন্ধি বুঢ়ীৰ মাজেৰে দেখুওৱা হৈছে নাতিনীয়েকহঁতক বিয়া দি উলিয়াই দিব নোৱৰাৰ দুখবোধ। চন্দ্ৰিকাৰ মাজেৰে প্ৰকাশ পাইছে নৱ-বিবাহিতা পত্নীৰ আবদাৰ আৰু নাৰীমনৰ স্বাভাৱিক অভিমান। নিজৰ নিজৰ আৱৰ্তত প্ৰতিটো চৰিত্ৰই ঘূৰিছে। গল্পকাৰে প্ৰতিটো চৰিত্ৰকে সহানুভূতিৰে অংকন কৰিছে। চিনাকি গ্ৰাম্য পৰিৱেশত চিনাকি চৰিত্ৰৰ কাহিনী উপস্থাপন কৰা হৈছে। চিনাকি চৰিত্ৰৰ অন্তৰ্জগতৰ ছবিখন দাঙি ধৰিছে।
বৰেণ্য গল্পকাৰ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল। ‘ঢোৰা সাপ’ গল্পতো এনে বিশিষ্টতা পৰিলক্ষিত হয়। চৰিত্ৰৰ অন্তৰ্জগতৰ ছবি অঁকাত ড° ভবেন্দ্ৰ নাথ শইকীয়া সিদ্ধহস্ত। ‘ঢোৰা সাপ’ গল্পতো আমি জানেকীৰ অন্তৰ্জগতৰ ছবি পাওঁ। বাহিৰত জানেকী নিৰ্বিকাৰ যদিও যি সামাজিক পৰিস্থিতিত তাইৰ মনৰ ঢৌ-ধুমুহা উঠিছে লেখকে তাক সহৃদয়তাৰে অংকন কৰিছে। চৌপাশৰ সামাজিক পৰিস্থিতি আৰু মৌপিয়াৰ দৰে অহা পুৰুষৰ বঞ্চনাই জানেকীক যে নিজকে তলসৰা পাততকৈও সৰু বুলি ভাবিবলৈ বাধ্য কৰাইছে, সেই কথা খুঁতি-নাতি বৰ্ণনাৰ মাজেৰে দেখুৱাইছে।
একেদৰে, চিত্ৰধৰ্মী কথনভংগী ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ আন এক বৈশিষ্ট্য। ‘ঢোৰা সাপ’ গল্পতো এনে চিত্ৰধৰ্মী কথনভংগীয়ে কাহিনীক আকৰ্ষণীয় কৰি তুলিছে। আৰম্ভণিৰ নৈসৰ্গিক দৃশ্য, লীলাকান্ত-চন্দ্ৰিকাৰ টাউনলৈ ফটো তুলিবলৈ যোৱা বৰ্ণনা, গাঁৱৰ মানুহৰ ফটো চোৱাৰ হেঁপাহ, জানেকীৰ শাৰীৰিক অৱয়ব— এই সকলোবোৰ বৰ্ণনা জীৱন্ত। উদাহৰণস্বৰূপে, জানেকীৰ ৰূপ বৰ্ণনা এই ধৰণৰ— “চুই চাবই নালাগে, ছালৰ তলতে থকা হাতৰ ঠাৰিৰ হাড়ডাল এনেয়ে দেখি। ডাঙৰ ডাঙৰ গাঁঠিৰ আঙুলিবোৰ কঠুৱা হৈ গৈছে, ছালবোৰ কোঁচ খাবলৈ আৰম্ভ কৰিলেই। চকু গাঁতলৈ সোমাই গৈছে, গালৰ হাড় দুডাল ঝকঝককৈ জিলিকি পৰিছে, দিন যোৱাৰ লগে লগে মুখৰ আই দাগবোৰ আৰু গভীৰ আৰু পৰিষ্কাৰ হৈ পৰিছে। কোনোবাদিনা যে যৌৱন আহিছিল, দেহাত তাৰ নিষ্প্ৰাণ আৰু দুৰ্বল সাক্ষী মাত্ৰহে আছে।”
আনহাতে, ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পত সমাজ জীৱনৰ বাস্তৱ ছবি পোৱা যায়। ‘ঢোৰা সাপ’ গল্পটোও ইয়াৰ এক অন্যতম নিদৰ্শন। চৰিত্ৰৰ কথা-বাৰ্তা, মনোভাৱ, সামাজিক পৰিস্থিতি এই সকলোবোৰ আমাৰ সমাজ জীৱনৰ অতি পৰিচিত। ইয়াত উপস্থাপিত গ্ৰাম্য সমাজ, চন্দ্ৰিকাৰ ফটো তোলাৰ চখ, সুগন্ধি বুঢ়ীৰ বকবকনি— এই সকলোবোৰেই স্বাভাৱিক ৰূপত বৰ্ণিত হৈছে। পৰিচিত বাস্তৱ সমাজৰ প্ৰেক্ষাপটত উপস্থাপিত কাহিনীৰ লগত পাঠক একাত্ম হ’বলৈ সুবিধা হয়। ‘ঢোৰা সাপ’ গল্পৰ ক্ষেত্ৰতো এই কথা পৰিলক্ষিত হয়।
সৰল, সাধাৰণ আৰু ঘৰুৱা শব্দৰ মাজেদিয়ে তেওঁ বিষয়বস্তুক অধিক স্পষ্ট আৰু অৰ্থবহ কৰি তোলে। সৰল, সাধাৰণ শব্দই তেওঁৰ হাতত ব্যঞ্জনাময় হৈ পৰিছে। উদাহৰণস্বৰূপে, “এনেয়ে চাদৰখন খুলিলে। ধুই জাপি থোৱা চাদৰ এবাৰ পিন্ধি, দুবাৰমান উঠা- বহা কৰিলে যিমান ভাঁজ পৰে, সিমান ভাঁজ পৰিছে। সৰু সৰু মিহি ভাঁজ। জানেকীৰ বুকুখনেও সৰুকৈ মোচোকা এটা খাব খুজিলে, পিছে তাই প্ৰশ্ৰয় নিদিয়ে।”
নিসংগ যন্ত্ৰণাবোধ আৰু কাৰুণ্য ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পত পৰিলক্ষিত হয়। চৰিত্ৰভেদে, পৰিস্থিতিভেদে সকলোৰে যন্ত্ৰণা বেলেগ বেলেগ। ‘ঢোৰা সাপ’ গল্পতো মানৱ চৰিত্ৰৰ যন্ত্ৰণাকাতৰ অসহায় ৰূপ দেখা যায়। জানেকী, সুগন্ধি, চন্দ্ৰিকা সকলোৰে অসহায় বোধ বেলেগ বেলেগ। মূল চৰিত্ৰ জানেকীক এক যন্ত্ৰণা আৰু নিসংগতাৰ আৱৰ্ততে লেখকে থিয় কৰাইছে। তাইৰ অসহায়বোধ এইদৰে প্ৰকাশ কৰিছে— “মাজে মাজে জানেকীয়ে ভাবে, বৰ টান বেমাৰ এটা হৈ তাই মৰি গ’লেই ভাল হয়। কিন্তু তাইৰ যেন পথাৰৰ মাজৰ শিমলু গছৰ নিচিনা অফুৰন্ত আয়ুস। আৰু বেমাৰ হ’বলৈকোতো গাটোত অলপ জেগা লাগে। তিনি বছৰৰ ভিতৰত বোবা হৈ যোৱা মানুহজনীৰ গাৰ শেষ মঙহখিনিও জহি-খহি গ’ল।”
চন্দ্ৰিকা, লীলাকান্ত, জানেকী, তপোধৰ, মনোমোহন আদিৰ চৰিত্ৰৰ মাজেদি হৃদয়বৃত্তিৰ ছবি অন্তৰংগতাৰে আৰু দক্ষভাবে গল্পকাৰে পাঠকৰ আগত দাঙি ধৰিছে। কাহিনীৰ এক মসৃণ গতি শইকীয়াৰ গল্পত পৰিলক্ষিত হয়। ধীৰে-সুস্থিৰে বৰ্ণনাৰ ক’তো উজুটি নোখোৱাকৈ কাহিনী আগবাঢ়ে। লেখকে কাহিনীটো আটোমটোকাৰিকৈ নিটোলভাৱে সজায়। ‘ঢোৰা সাপ’ গল্পতো কাহিনীয়ে এক মসৃণ গতিত সমাপ্তিৰ পথত আগবাঢ়িছে।
এটা কথা উল্লেখনীয় যে তেখেতৰ গল্পত সাধাৰণ উপমাবোৰেই কেতিয়াবা কথাবস্তুক বিশেষত্বপূৰ্ণ কৰি তুলি অসাধাৰণ কৰি তোলে। মূৰ্ত- অমূৰ্ত ভাৱক তেওঁ নিজৰ উপমাৰ দ্বাৰাই অধিক অৰ্থৱহ কৰি তুলিছে। ‘ঢোৰা সাপ’ গল্পতো এনে প্ৰয়োগ দেখা যায়— (ক) ‘ফুলে-পাতে ভৰপুৰ লতা এডাল যেন আলফুলকৈ তাইৰ গাৰ ভাঁজে ভাঁজে বগাই গৈছে’। (খ) ‘চাদৰখনত এচমকা সেন্দূৰৰ দাগ, দাগটোলৈ চাই তাইৰ এনেকুৱা লাগিল যেন ওচৰৰ মানুহ ঘৰত ভোজ পাতিছে, তাইক ভোজলৈ মতা নাই, অথচ খাই এৰা চুৱা-পাতবোৰ জেওৰা পাৰকৈ তাইহঁতৰ ফালে দলিয়াই পেলাইছে’। (গ) ‘বৰ ডাঙৰ অপাৰেচনৰ কাৰণে সাজু হৈ থকা মনোমোহনক ডাক্তৰে যেন কেৱল এপালি মিঠা ঔষধ খুৱাই দিলে’। (ঘ) ‘ভৰিৰ পৰা আৰম্ভ কৰি কঁকাল আৰু বুকুৰ ওপৰেদি এডাল ফুটুকা-ফুটুকী গাৰ প্ৰকাণ্ড সাপে যেন তাইক মেৰিয়াই ধৰিছে’। এনে উপমাবোৰৰ সাৰ্থক প্ৰয়োগে গল্পটোক অন্য এক মাত্ৰা প্ৰদান কৰিছে।
ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ নামকৰণো তাৎপৰ্যপূৰ্ণ। শিৰোনামে সদায় কথাবস্তুৰ ইংগিত বহন কৰে। ‘ঢোৰা সাপ’ গল্পৰ নামকৰণেও এক তাৎপৰ্য বহন কৰিছে। জানেকীৰ ওচৰ চাপিব খোজা পুৰুষবিলাকৰ আন্তৰিকতা আছিল সাৰশূন্য। বিষ নোহোৱা সাপৰ ফোঁচফোচনিৰ দৰে। জানেকীয়ে নিজেও সেই কথা বুজিছিল। “সাহ নোহোৱাটোৱেই সঁচা। অকল লীলাকান্তৰেই নহয়, জানেকীৰ ওচৰলৈ অহা কোনো এটাৰ সাহ নাছিল।” তেনেদৰে, প্ৰতিটো সম্পৰ্ককে লৈ সৃষ্টি হোৱা জানেকীৰ মনৰ হেঁপাহো অৰ্থহীন। লীলাকান্তই জানেকীক দিয়া চাদৰখনো তাইৰ ওচৰত পাছত মূল্যহীন হৈ পৰিছে। সেইদৰে, চন্দ্ৰিকাৰ ফটো তোলা চখ, নিজৰ ফটো চাই চাই আত্মহাৰা হোৱা ৰূপো চাদৰখনৰ কাহিনী জনাৰ লগে লগে সাৰশূন্য হৈ পৰিছে। চন্দ্ৰিকাই জানে দেখিবলৈ আপচু, বয়স হোৱা জানেকীয়ে তাইৰ একো ক্ষতি কৰিব নোৱাৰে, কিন্তু চাদৰখনৰ আঁৰত লুকাই থকা কাহিনীটো তাইৰ বাবে অস্বস্তিকৰ। চন্দ্ৰিকা, জানেকী, সুগন্ধি, লীলাকান্ত সকলো যেন বন্দী হৈ পৰিছে এডাল ঢোৰা সাপৰ মেৰপাকত। বিষ নোহোৱা ঢোৰা সাপ। কাকো গিলিও নেপেলায়, অথচ এৰিও নিদিয়ে। সমগ্ৰ গল্পটোৰ মাজত এই ভাৱ প্ৰতিধ্বনিত হৈছে।
পৰিশেষত ক’ব পাৰি, নাৰীমনৰ অৱলোকন, সমাজ বাস্তৱতা, বৰ্ণনা নিপুণতা আৰু সূক্ষ্ম পৰ্যৱেক্ষণেৰে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘ঢোৰা সাপ’ অসমীয়া সাহিত্যৰ এক উল্লেখনীয় গল্পত পৰিণত হৈছে।
❧ | আৰু পঢ়ক:
- নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা ‘দ্ৰৌপদী’: এটি আলোচনা
- লোকগীতত অংগৰাগৰ বোল: হালধি
- ‘জয়ন্তী’ৰ দুগৰাকী লেখকৰ কণ্ঠস্বৰ
- অনুবাদ সম্পর্কে থোৰতে দুই-চাইটা কথা
- বিৰহিনী উৰ্মিলা
Follow Nilacharai on Facebook