লাচিত বৰফুকন: চৰ্চাৰ তাৎপৰ্য

লাচিত বৰফুকন: চৰ্চাৰ তাৎপৰ্য
  • 23 Nov, 2022

যি সমূহ বীৰগাথাই আমাৰ আশৈশৱ মগজু অধিকাৰ কৰি আহিছে, তাৰ ভিতৰত লাচিত বৰফুকন আৰু শৰাইঘাট ৰণৰ প্ৰসংগ অন্যতম। সচিত্র কমিক্‌ছৰ পাতৰ পৰা ড° ভূপেন হাজৰিকাৰ গীতলৈকে সর্বত্র লাচিত বৰফুকন চৰ্চাৰ বিষয়। শেহতীয়াভাৱে অসম চৰকাৰৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰসংগই পঢ়াশলীয়া ছাতৰৰ পৰা ৰাজধানীৰ ৰাজমাৰ্গলৈকে চৰ্চা লাভ কৰিছে। লাচিত বৰফুকনৰ এনে চৰ্চাই নিসন্দেহে অসম বুৰঞ্জী অধ্যয়নত নতুন বাট কাটিব।

লাচিত বৰফুকন চৰ্চাৰ কেতবোৰ জীৱনীমূলক তথ্যৰ ভ্ৰান্তি আৰু বিভ্ৰান্তিৰ মায়াজাল ফালি যিকেইটা প্ৰসংগ আলোচনালৈ অহাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰা হৈছে; সেইকেইটা বিষয়ৰ চমু লেখ তুলিবৰ বাবেই এই লেখাৰ পাতনি তৰা হ’ল।

বুৰঞ্জীৰ ছাত্ৰ মানেই এই কথা জ্ঞাত যে বুৰঞ্জী কেৱল তথ্যৰ ধাৰাবাহিক পঞ্জীয়ন নহয়। বৰং বহু সময়ত ই সমসাময়িক সমাজখনৰ মতাদর্শগত কথাবোৰো তুলি ধৰে। লাচিত বৰফুকনৰ মাজেৰে প্রতিভাত হোৱা অসম-মোগল সংঘাতৰো তেনে এক মতাদর্শগত অৱস্থান নথকা নহয়। কাজেই এই মতাদর্শগত কথাবোৰো আলোচনা কৰাৰ প্ৰয়োজন আছে।

ইউৰোপীয় ইতিহাসত ধর্মযুদ্ধৰ দৰেই এছিয়াৰ পটভূমিত বৌদ্ধ ধৰ্ম দৰ্শনৰ লগত ইছলাম ধৰ্ম দৰ্শনৰ এক দ্বন্দ্বৰ উমান পোৱা যায়। বৌদ্ধ ধর্মই এছিয়াৰ বৃহৎ এক অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰি থকাৰ সময়তে নৱউত্থিত ধর্মীয় দর্শন হিচাপে ইছলামৰ উত্থান হৈছিল। ইছলামক পৃষ্ঠপোষকতা কৰা সেই সময়ৰ ৰাজন্যবর্গই বহু বৌদ্ধ জ্ঞান চর্চা কেন্দ্ৰ সামৰিক অভিযানৰ মাজেৰে ধ্বংস কৰাৰ তথ্য পোৱা যায়। তেনে পৰিক্ৰমাৰেই নালন্দা, তক্ষশীলা আদি বিশ্ববিদ্যালয় আৰু ইয়াৰ পুথিভঁৰালসমূহ ধ্বংস কৰাৰ কথা জনা যায়। এই পুথিভঁৰালসমূহৰ বহু মূল্যৱান গ্রন্থ তিব্বতৰ মঠসমূহত অনুবাদৰ মাজেৰেই সংৰক্ষিত হৈছিল। এই প্রাচীন বৌদ্ধ দৰ্শনৰ শাস্ত্ৰসমূহৰ পৰাই দক্ষিণ-পূব এছিয়াত বৌদ্ধ জ্ঞান চর্চাৰ ধাৰাবাহিকতা অটুট আছিল। সেয়ে বখতিয়াৰ খিলিজীয়ে কামৰূপৰ মাজেৰে তিব্বতলৈ যোৱা বাট বিচাৰি অভিযান চলাইছিল যদিও কামৰূপ নৃপতিৰ হাতত পৰাজিত হোৱাৰ তথ্য কানাই বৰশী বোৱা শিলালিপিৰ পৰাই পোৱা যায়।

খিলিজীৰ অভিযান ব্যর্থ হোৱাৰ শিক্ষাই বখতিয়াৰ খিলিজীৰ পৰৱৰ্তী ৰাজন্যবর্গক অসম ভূখণ্ডৰ সামৰিক গুৰুত্ব উপলব্ধি কৰোৱালে আৰু সেয়ে এই ভূখণ্ড অধিকাৰ কৰাৰ প্ৰয়োজনীয়তা দোহাৰিলে। কিয়নো অসম ভূখণ্ডক চেৰাই তিব্বত অধিকাৰ কৰাটো সম্ভৱ নহয়। সেয়ে একালৰ কামৰূপ-কমতাৰ অধীনস্থ বংগদেশ দখল কৰি লোৱাৰ পাছতো পৌনঃপৌনিকভাৱে অসম ভূখণ্ড দখলৰ অভিযান চলি থাকিল। এই ক্ষেত্ৰত চুলতানসকলৰ সময়ছোৱাত চলোৱা তুৰ্বকৰ অভিযান ব্যৰ্থ হৈছিল। কোচ ৰাজশক্তিৰ উত্থানত চুলতানসকলৰ অভিযান স্তব্ধ হৈ পৰিছিল। বিশেষকৈ চিলাৰায়ৰ বিশাল সামৰিক সংগঠন এক বাধাৰ প্ৰাচীৰলৈ ৰূপান্তৰ হৈছিল। অৱশ্যে চিলাৰায় গৌড় চুলতানৰ ওচৰত বন্দী হোৱা আৰু নৰনাৰায়ণ-চিলাৰায়ৰ পাছত কোচ ৰাজশক্তি দুর্বল হৈ পৰাৰ বাবে তথা দিল্লীৰ চুলতানসকলৰ স্থান মোগলসকলে অধিকাৰ কৰাৰ পাছত অসম ভূখণ্ড অধিকাৰৰ পুৰণি পৰিকল্পনা পুনৰাই সক্ৰিয় হৈ উঠিল।

ঘন জংঘল, কম জনবসতিৰ অসম ভূখণ্ডৰ বাবে চলোৱা বিশাল অভিযানৰ ব্যয় ভূখণ্ডৰ ৰাজস্ব ব্যৱস্থাই পূৰ্ণ কৰিব নোৱাৰে যদিও ই ভৱিষ্যতৰ দক্ষিণ-পূব এছিয়াত প্রভাৱ বিস্তাৰৰ এক সামৰিক ঘাটি এলেকালৈ পৰিণত হ’ব পাৰে। অসম ভূখণ্ডৰ লগত পাটকাই পৰ্বতেৰে দক্ষিণ-পূব এছিয়ালৈ মোগল সাম্রাজ্য আৰু ধৰ্মীয় দৰ্শন বিস্তাৰৰ মধ্যযুগীয় পৰিকল্পনা ক্রিয়াশীল আছিল। মীৰজুমলাৰ অভিযান সেই দিশৰ পৰা এক সফল অভিযান। কিন্তু অসম ভূখণ্ডৰ সেই পাৰিপাৰ্শ্বিক পৰিৱেশ আৰু আহোম সেনাৰ গেৰিলা ৰণকৌশলত বিতত হোৱা মীৰজুমলাই এক সন্ধিক্ষণৰ যোগেদি গুৱাহাটীলৈ সাম্রাজ্য বিস্তাৰ, যুদ্ধৰ ক্ষতিপূৰণ আৰু মানৱ পণবন্দীৰ মাজতে নিজৰ অভিযান সীমিত কৰি ৰাখিবলগা হ’ল।

এই পটভূমিত চক্ৰধ্বজ সিংহ, আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ যৌথ নেতৃত্বত অসম ভূখণ্ডৰ পৰা মোগলক বিতাড়নৰ কুচ-কাৱাজ আৰম্ভ হ’ল। দায়িত্ব লাভ কৰিয়েই আতন বুঢ়াগোহাঁই-লাচিত বৰফুকন যুটিয়ে গুৱাহাটী উদ্ধাৰ কৰি পুনৰাই আহোম প্রশাসন স্থাপন কৰিছিল। এই প্রসংগতে আহোম স্বৰ্গদেউসকলৰ ধর্মীয় দৰ্শনৰ নীতিকো আলোচনা কৰাৰ প্ৰয়োজন।

অসম ভূখণ্ডত ‘সাত ৰাজ সামৰি এক ৰাজ’ কৰা স্বৰ্গদেউসকলে ভূখণ্ডৰ থলগিৰিসকলৰ ওপৰত নিজস্ব ধর্মীয় দৰ্শন আৰু ভাষা জাপি দিয়া নাছিল। সেই কথা সমসাময়িক শাসকবৰ্গৰ নীতিত প্রতিফলিত হোৱাৰ নমুনা চুলতানকালীন বংগদেশৰ পৰাই দিব পাৰি। স্বৰ্গদেউসকলে এক ধৰ্ম-ঊর্ধ্ব নীতি গ্ৰহণ কৰিছিল বাবেই সেই সময়ৰ থলগিৰি সমাজৰ জড় উপাসনা, শৈৱ, শাক্ত পৰম্পৰা, বৈষ্ণৱ পন্থা আদি সুচাৰুৰূপে চলি আছিল। আনকি যুদ্ধবন্দীসকলৰ মাজত থকা ইছলাম ধর্মীয় দর্শনকো বাধা প্রদান কৰা নাছিল বাবেই তুৰ্বকৰ লগত অহা সৈনিকসকলে বন্দীকালীন অৱস্থাতো নিজা পৰম্পৰা ৰক্ষা কৰাৰ বাবেই পৰৱৰ্তী কালত শ্বাহমিলান খ্যাত আজান পীৰ চাহাবৰ দৰ্শন বিয়পি পৰিছিল। স্বৰ্গদেউসকলৰ ধৰ্মীয় নীতিৰ বাবেই অসম ভূখণ্ডত মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ পন্থা আৰু আজান পীৰ চাহাবৰ ইছলামীয় ছুফী পৰম্পৰা সমান্তৰালভাৱে চলিছিল।

স্বৰ্গদেউসকলৰ এনে নীতিৰে পৰিচালিত প্রশাসন ব্যৱস্থাত আস্থা থকাৰ বাবেই বহু ইছলাম ধৰ্মীয় সৈনিকে মোগলক স্বধর্মীয় বুলি নাভাবি স্বভূমিৰ উদ্ধাৰৰ বাবে ব্ৰতী হৈছিল। খেনোৱে বৰতোপ, হিলৈ, কামান গঢ়িছিল, খেনো পোনপটীয়াকৈ ৰণত জঁপিয়াই পৰিছিল। অম্বৰাধিপতি ৰামসিংহৰ নেতৃত্বত অহা ঔৰংগজেৱৰ আগ্রাসী মোগল বাহিনীৰ বিপৰীতে সমকালীন অসম ভূখণ্ডৰ লাচিত বৰফুকন নেতৃত্বাধীন সন্মিলিত থলগিৰিসকল থিয় হৈছিল। সৃষ্টি হৈছিল শৰাইঘাট। যি ইতিহাসৰ অন্যতম নিৰ্ণায়ক যুদ্ধ হিচাপে পৰিগণিত। কিয়নো এই যুদ্ধই বখতিয়াৰ খিলিজীৰ সময়ৰে পৰা আৰম্ভ হোৱা এক দীঘলীয়া পৰিক্ৰমাৰ অন্ত পেলালে। নিজস্ব ধর্মীয় দৰ্শনেৰে বলীয়ান সাম্রাজ্য বিস্তাৰী শক্তি পৰাজিত হৈছিল। ধর্ম-ঊৰ্ধ্ব নীতিৰ বিশ্বাসী স্বৰ্গদেউসকলৰ নীতি জয়যুক্ত হৈছিল।

এইখিনিতে সমৰনায়ক হিচাপে লাচিত বৰফুকনৰ পর্যালোচনা কৰাৰো থল আছে। মোগলৰ দৰে বৃহৎ সংগঠিত সামৰিক শক্তিৰ বিৰুদ্ধে লাচিত বৰফুকনৰ সামৰিক সংগঠনে একপ্ৰকাৰ ভাৰসাম্যহীন যুঁজ তৰিছিল। যাৰ নমুনা আলাবৈ যুঁজত দেখা গ’ল। বিশাল মোগল বাহিনীৰ হাতত নিমিষতে লাচিত বৰফুকনৰ বাহিনী উফৰি গৈছিল। এই কথাই প্ৰমাণ কৰিছিল যে পৰম্পৰাগত যুদ্ধৰ বাবে বৰফুকনৰ বাহিনী যথার্থ নাছিল। কিন্তু ইটাখুলিৰ ৰণৰ পৰা শৰাইঘাটলৈকে এলানি যুঁজত প্রতিকূল প্রাকৃতিক পৰিবেশৰ সুযোগ লৈ বৰফুকনৰ বাহিনীয়ে দগা যুঁজ, খেপ যুঁজৰ যিসমূহ নীতি লৈছিল বুলি পঢ়িবলৈ পোৱা যায়, সেইসমূহ নীতিয়ে মোগলৰ বিশাল বাহিনীক বিতত কৰিছিল। খাৱৈ, মাটিৰ গড়, কোঠ, পানীগড়ৰ দৰে আহোমসকলৰ পৰম্পৰাগত যুঁজৰ কৌশলৰ প্ৰয়োগৰ ফলত মোগল বাহিনী শৰাইঘাটত বিধ্বস্ত হৈ ভটিয়াই যাবলৈ বাধ্য হৈছিল। সমৰনীতিৰ ফালৰ পৰাও সেয়ে লাচিত বৰফুকন অনন্য।

সেইদৰেই যুদ্ধৰ এক প্রাচীন কৌশল হ’ল মনস্তাত্ত্বিক যুঁজ। যাৰ যোগেদি শত্ৰুৰ মনোবল হ্রাস কৰি ভিতৰৰ পৰা দুৰ্বল কৰি দিয়া হয়। চতুৰ সমৰনায়ক হিচাপে ৰামসিংহই সেই কৌশলৰ প্ৰয়োগ কৰিছিল। লাচিত বৰফুকনক প্রলোভন দিয়া, আফু গুটিৰ টোপোলা দিয়াৰ মাজেৰে এনে কৌশলৰ প্ৰয়োগ কৰা হৈছিল যদিও সেই মনস্তাত্ত্বিক যুঁজ সফলভাৱে প্ৰতিৰোধ কৰি সমৰনায়ক হিচাপে লাচিত বৰফুকন জিলিকি উঠিছিল। অৱশ্যে এই ক্ষেত্ৰত আতন বুঢ়াগোহাঁইৰ ভূমিকাও উল্লেখযোগ্য। নহ’লে দহ হেজাৰ সৈনিক হেৰুৱাই বিতত হোৱা লাচিত বৰফুকনৰ মনোবল ঘূৰাই পোৱাটো সম্ভৱ নাছিল। বাৰীৰ ভিতৰত পুখুৰী সিঁচিলেও দুই-একক শিঙিয়ে বিন্ধে বুলি আতন বুঢ়াগোহাঁইদেৱে লাচিত বৰফুকনৰ মনোবল ঘূৰাই আনিছিল। লাচিত বৰফুকন-আতন বুঢ়াগোহাঁই যুটি মনস্তাত্ত্বিক যুঁজত সফল হৈছিল বাবেই শেহত ৰামসিংহই অসম বাহিনীৰ প্ৰশংসা কৰিবলৈ বাধ্য হৈছিল।

চমুৱাই ক’বলৈ গ’লে, মতাদৰ্শগত আৰু সামৰিক উভয় ক্ষেত্ৰতে লাচিত বৰফুকন আৰু শৰাইঘাট এক অনন্য দৃষ্টান্ত। সেইবাবেই ৪০০ বছৰৰ পাছতো সি স্ব-মহিমাৰে সমুজ্জ্বল।

❧ | আৰু পঢ়ক:

লাচিত বৰফুকন: চৰ্চাৰ তাৎপৰ্য | ড° ইন্দ্ৰজিৎ বেজবৰুৱা
Follow Nilacharai on Facebook