ইং ৰাজী দশম শতাব্দীত ৰচিত আৰু অসমতে উপলব্ধ ‘নিদান’ নামৰ সংস্কৃত চিকিৎসা শাস্ত্ৰত ‘সামপত্ৰৰ পৰা সামপানী’ প্রস্তুত কৰাৰ কথা উল্লেখ আছে। কিন্তু সেই ‘সাম’ যে বর্তমান প্রচলিত ‘চা’ বা চাহৰ সলনি ব্যৱহাৰ হোৱা শব্দ, সেয়া সন্দেহাতীত নহয়, কিয়নো ‘চা’ শব্দটোৰ উৎস হ’ল দক্ষিণ চীন আৰু হংকঙত প্রচলিত এটা দোৱান আৰু শব্দটো ভাৰতত দশম শতাব্দীৰ বহু পাছতহে জনপ্রিয় হৈছিল বুলি জনা হয়। সেয়ে ভাৰতত চাহ শব্দটো সর্বপ্রথম ‘নিদান’তে ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত আমাৰ বুৰঞ্জীবিদসকল দুভাগত বিভক্ত।
চাহৰ ব্যৱহাৰৰ কথা প্রথম প্রমাণসিদ্ধভাৱে পোৱা হয় প্রায় ৩৫০ চনত সংশোধিত এখন প্রাচীন চীন ভাষাৰ অভিধানত। অভিধানখনত উল্লেখ কৰা মতে, সেই সময়ত চাহপাত উতলাই এবিধ ঔষধ তৈয়াৰ কৰা হৈছিল। মন কৰিবলগীয়া যে পানীয় হিচাপে চাহৰ ব্যৱহাৰ আৰম্ভ হৈছিল ষষ্ঠ দশকৰ শেষৰ ভাগতহে। আনহাতে চীনৰ পৌৰাণিক উপাখ্যানৰ মতে, খ্রীষ্টপূর্ব ২৭৩৭ চনতে চেন্ নং নামৰ এগৰাকী সম্রাটে চাহৰ আৱিষ্কাৰ কৰিছিল।
চীনৰ ‘টাও’ সংস্কৃতিৰ লোকসকলৰ কাৰণে চাহ এজোপা আশ্চর্যজনক গছ, যিজোপাই কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয়, আধ্যাত্মিক উৎকৰ্ষৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগায় আৰু সেয়ে ই অমৰত্বৰ কাৰণে আৱশ্যকীয় উপাদান। চীনৰ টাং ৰাজত্বকালত (খ্রীষ্টাব্দ ৬১৮-৯০৬) চাহৰ যি ঔষধীয় গুণৰ কথা উল্লেখ কৰা হৈছিল, সেয়া এতিয়াও প্রায় মানি লোৱা হয়। আধুনিক স্বাস্থ্য বিজ্ঞানীসকলৰ মতে, চাহত কোনো পুষ্টিকৰ সামগ্রী নাই, যদিও একাপ চাহত দিয়া গাখীৰ বা চেনিয়ে প্রায় ৪০ কেলৰি (এক কেলৰি= ১মিলি লিটাৰ পানীৰ উষ্ণতা ১ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি কৰিবৰ কাৰণে আৱশ্যক হোৱা তাপ) শক্তি উৎপাদন কৰিব পাৰে। তথাপি তেওঁলোকে মানি লয় যে চাহত থকা উত্তেজকে (Stimulant) হৃৎস্পন্দন ত্বৰিত কৰিব পাৰে, সতর্কতা বৃদ্ধি কৰে আৰু হাওঁফাওঁৰ বায়ুনলিৰ প্ৰসাৰণ ঘটাই শ্বাস-প্রশ্বাসত সহায় কৰে। বর্তমান স্বাস্থ্যৰ কাৰণেই হওক বা আমোদৰ কাৰণেই হওক, পৃথিৱীৰ দুই-তৃতীয়াংশতকৈ অধিক লোকে চাহ খায়। চাহ এতিয়া সৱাতোকৈ জনপ্রিয়, সুলভ অথচ স্বাস্থ্যকৰ পানীয় আৰু পৃথিৱীত প্রতিদিনে তিনিশ কোটিতকৈ অধিক কাপ চাহ খোৱা হয়।
স্বাভাৱিকতেই চাহৰ স্বাস্থ্যকৰী গুণ নিৰ্ভৰ কৰে ইয়াৰ ৰাসায়নিক উপাদানৰ ওপৰত। জৈৱ-ৰাসায়নিকভাৱে চাহৰ মুখ্য ৰাসায়নিক উপাদান হ’ল— পলিফিনল, এমিন’এছিড, কেফিন আৰু কেৰ’টিনয়ড (পর্ণপীতক)। এই বিষয়ত চাহৰ ‘ফ্লাচ’ (এটি কলি দুটি পাত)ৰ ৰাসায়নিক গুণ বিশেষভাৱে গুৰুত্বপূর্ণ। পৈণত পাত, ডাল, শিপা আৰু গুটিৰ তুলনাত ‘ফ্লাচ’ত অধিক পৰিমাণৰ পলিফিনল, এমিন’ এছিড আৰু কেফিন পোৱা হয়। আনহাতে পৈণত পাতত কেৰ’টিনয়ডৰ পৰিমাণ কুঁহিপাততকৈ অধিক মাত্রাত পোৱা হয়। উদ্ভিদ বিজ্ঞানীসকলে বিভিন্ন গুণৰ ভিত্তিত চাহ গছক দুভাগত বিভক্ত কৰিছে আৰু তাৰে বৈজ্ঞানিক নাম হ’ল— কেমেলিয়া আচামিকা (Camellia assamica) আৰু কেমেলিয়া চিনেচিচ (Camellia sinesis)। নাম দুটাই সাব্যস্ত কৰে যে যথাক্রমে প্রথমবিধ অসমত আৰু দ্বিতীয়বিধ চীনত পোন প্রথমে পোৱা হৈছিল। চাহৰ দুটা ৰাসায়নিক উপাদান থিয়াফ্লেৱিন (Theaflavin-TF) আৰু থিয়াৰুবিজিনে (Thearubigin-TR) চাহৰ মান নির্ণয়ত বিশেষ গুৰুত্ব লাভ কৰে। উচ্চ মানৰ চাহত থিয়াফ্লেৱিন আৰু থিয়াৰুবিজিনৰ অনুপাত ০.১ বা ততোধিক হ’ব লাগে (তালিকা নং ১) আৰু এই অনুপাতৰ বৃদ্ধিৰ লগে লগে চাহৰ মানো বৃদ্ধি হয়।
তালিকা নং ১ | ||
চাহপাতৰ প্রধান উপাদানসমূহ (শতকৰা হিচাপত) | ||
উপাদান | অর্থদক্স (Orthodox) | চি টি চি (CTC) |
পানীত দ্রবণীয় পদার্থ | ৩৯.৫২ | ৪১.১২ |
থিয়াফ্লেৱিন | ০০.৫৯ | ০১.৩০ |
থিয়াৰুবিজিন | ০৬.৫০ | ১৮.০০ |
মুঠ লিপিড | ০৩.১১ | ০৩.৬৮ |
মুঠ তন্তু (Fibre) | ১১.৭০ | ১১.১২ |
চাহটোপা খালে ভাগৰ পলোৱাৰ ভাব সৃষ্টি কৰাত সহায় কৰা মূল উত্তেজক হ’ল তাত থকা কেফিন। একাপ চাহত (১৫০ এম এল) প্রায় ৪০ মিলি গ্রাম কেফিন পোৱা হয় (একে পৰিমাণৰ কফিত প্রায় ৬০ মিলি গ্রাম কেফিন পোৱা হয়)। কেফিনে আমাৰ হৃদযন্ত্ৰত আৰু কেন্দ্রীয় স্নায়ু সমষ্টিত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আৰু ভাগৰুৱা মগজুক পুনৰ সক্রিয় কৰি তুলিব পাৰে। কেফিনে আমাৰ পেটত এছিড প্রস্তুতিত সহায় কৰে, যাৰ কাৰণে আমাৰ জীর্ণ প্রক্রিয়াও সবল হয়। কেফিনেই হাওঁফাওঁৰ বায়ুনলিৰ প্ৰসাৰণ ঘটাই শ্বাস-প্রশ্বাসত সহায় কৰে। আধুনিক চিকিৎসা গৱেষণাত পোৱা হৈছে যে চাহৰ পৰা উলিওৱা ৰসত থকা কেফিন, ক্লোৰ’ফর্ম, ইথাইলএছিটেট আৰু এল’কেটেচিনে কেন্সাৰ ৰোগৰ টীউমাৰৰ (Tumour) বৃদ্ধি প্রক্রিয়া হ্রাস কৰিব পাৰে। আনহাতে অধিক পৰিমাণৰ কেফিনে (অর্থাৎ চাহে) গাৰ কঁপনি, ঘাম ওলোৱা, হৃদকম্পন, খৰতৰ শ্বাস প্রক্রিয়া আৰু নিদ্রাহীনতাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা সূৰুযকপালীও (Migraine) হ’ব পাৰে। কিন্তু চাহখোৱা অভ্যাস হঠাতে সম্পূর্ণ বন্ধ কৰি দিলে অত্যন্ত মূৰ কামোৰণি, খিংখিঙিয়া স্বভাৱ আৰু আলস্য ভাবে লগ ল’ব পাৰে। কোনো কোনো অন্বেষণৰ মতে, অতিমাত্রাৰ কেফিনে গৰ্ভধাৰণ প্রক্রিয়া জটিলতৰ কৰিব পাৰে। অতিমাত্রাৰ কেফিনৰ কাৰণে অষ্টিঅ’প’ৰচিচৰো (এইবিধ ৰোগে শৰীৰৰ হাড়বিলাকক দুর্বল আৰু ঠুনুকা কৰে) সম্ভাৱনা বৃদ্ধি পায়। কেফিনে ধমনীৰ (arteries) মূৰত থকা সূক্ষ্ম সূক্ষ্ম ৰক্তবাহিকাৰ পথ সংকীর্ণ কৰে আৰু তাৰ ফলতে মেৰুদণ্ডীয় কণ্ডৰালৈ (Spinal tendon) অহা ৰক্তস্রোত আৰু লগতে পোষকৰ পৰিমাণ হাস পোৱাত পিঠিৰ বিষ হ’ব পাৰে।
চাহৰ অন্য এক প্রধান উপাদান টেনিনে (Tannin) আমাৰশৰীৰত কেলছিয়াম, লো আৰু জিংক শোহন প্রক্রিয়াত প্ৰতিৰোধ জন্মায়। টেনিনে আমাৰ দাঁততো দাগ লগাব পাৰে। চাহত সাধাৰণতেই থকা দুটা অজৈৱিক উপাদান হ’ল— ফ্লৰিন আৰু মেংগানিজ। ফ্ল’ৰিনে দাঁত ক্ষয় যোৱাত বাধা দিয়ে।
বর্তমান স্বাস্থ্য বিজ্ঞানীসকলক আলোড়িত কৰি থকা চাহৰ সৱাতোকৈ গুৰুত্বপূর্ণ ঔষধি গুণটোৱেই হ’ল— চাহৰ কেন্সাৰ প্ৰতিৰোধী ক্ষমতা। ক’লা চাহ (Black tea), সেউজ চাহ (Green tea) আৰু ওলং চাহ (Oolong tea)— এই তিনিবিধৰ ভিতৰত গ্রীন টিয়েই সবাতোকৈ উপযোগী কেন্সাৰ প্ৰতিৰোধক (বক্স নং ১)। বিশেষকৈ বিগত দুই দশকত চলোৱা বিভিন্ন গৱেষণাৰ পৰা উপলব্ধ হৈছে যে গ্রীন টিত থকা পলিফিনল লক্ষণীয়ভাৱে কেন্সাৰ প্ৰতিৰোধী আৰু গ্রীন টিক কেন্সাৰ প্রতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰি। গ্রীন টিৰ পলিফিনলে বিশেষকৈ হাওঁফাওঁত উদ্ভৱ হ’ব পৰা কেন্সাৰ কোষৰ বৃদ্ধিত বাধা জন্মায়। হাওঁফাওঁৰ বাহিৰেও পলিফিনলে প্র’ষ্টেট, বৃহদান্ত্র আদিত হ’ব পৰা কেন্সাৰ কোষৰ এপ’পট’ছিছৰ (বক্স নং ২) উদ্রেক কৰিব পাৰে। জাপানৰ Saitama Cancer Centre-অত ৮,৫৫২জন লোকৰ পৰীক্ষা-নিৰীক্ষাৰ (১৯৯৭ চনত) পৰা গ্রীন টি সেৱন আৰু কেন্সাৰ ৰোগৰ মাজত বিপৰীতমুখী সম্পর্ক পোৱা হয় আৰু গ্রীন টি সেৱন কৰা সকলৰ কেন্সাৰ হ’লেও সেয়া বহু দেৰিকৈ আৰম্ভ হোৱা বুলি সাব্যস্ত কৰা হয়।
স্তন কেনছাৰ আৰু খাদ্যৰ সম্পৰ্কত চলোৱা বিভিন্ন গৱেষণাৰ তথ্যৰ পৰা আৰু ডেৰকুৰি বছৰীয়া নিজৰ গৱেষণাৰ ভিত্তিত ড° দীন অর্নিছে (Dr Dean Ornish) স্তন কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা অসংখ্য খাদ্যদ্রব্য আছে বুলি নির্ণয় কৰিছে আৰু তেওঁৰ বহুমূলীয়া উপদেশ হ’ল— “গ্রীন টি খোৱা” (Reader’s Digest, December, 2007)।
বক্স নং ১ |
গ্রীন টি (Green Tea) |
শুকান অকিন্বিত (unfermented) চাহপাতক বায়ু-জলীয় কার্য প্রণালীৰে গ্রীন টিলৈ ৰূপান্তৰ কৰা হয়। চীন, জাপান, টাইৱান আৰু ইণ্ডোনেচিয়াৰ অতি উপাদেয় পানীয় হ’ল গ্রীন টি আৰু এয়া প্রস্তুত হয় সৰু পাতৰ চীনা জাতীয় (Camellia sinesis) চাহপাতৰ পৰা (আনহাতে ব্লেক টি উৎপন্ন হয় ভাৰত, শ্রীলংকা আৰু আফ্রিকাত)। ব্লেক টি আৰু গ্রীন টিৰ মাজৰ প্রধান পার্থক্য হ’ল গ্রীন টি প্রস্তুত কৰোঁতে ফ্লাচত থকা পাচক ৰসক নিষ্ক্রিয় কৰা হয়। এয়া সম্ভৱ হয় অতি নিয়ন্ত্রিতভাৱে প্রয়োগ কৰা জলীয় ভাপৰ সহায়ত। এই প্রক্রিয়াত পলিফিনল আৰু অন্যান্য পাচক ৰসক নিষ্ক্রিয় কৰাৰ লগতে চাহপাতৰ সেউজীয়া ৰংটো ৰক্ষা কৰা হয়। গ্রীন টিত কেইবাবিধো পলিফিনল থাকে আৰু তাৰ ভিতৰত মুখ্য বিধক চমুকৈ EGCG নামেৰে জনা হয়। এই EGCG-য়েই গ্রীন টিৰ প্রধান উপাদান। |
শেহতীয়া গৱেষণাৰ প্রতিবেদনত কোৱা হৈছে যে আনকি ব্লেক টিয়েও উদৰ কেন্সাৰৰ কোষ বৃদ্ধিত বাধা দিয়ে আৰু তেনে কোষ ধ্বংসও কৰে।
কেন্সাৰ প্ৰতিৰোধী গুণৰ বাহিৰেও গ্রীন টিৰ কলেষ্টেৰল নিম্ন মানত ৰখাৰ ক্ষমতা আছে। গ্রীন টিক প্রতিজৈৱিক (Antibacterial) আৰু প্ৰতিজাৰক (Antioxidant) বুলিও চিনাক্ত কৰা হৈছে (বক্স নং ৩)। প্রকৃততে গ্রীন টিৰ কেন্সাৰ প্ৰতিৰোধী ক্ষমতা আংশিকভাৱে হ’লেও ইয়াৰ প্ৰতিজাৰকীয় গুণৰ ভিত্তিতহে বুলি ঠিৰাং কৰা হৈছে। চাহত থকা পলিফিনলে ৰক্ত বাহিকাৰ বেৰ মজবুত কৰে আৰু সিহঁতৰ ভেদ্যতা (Permeability) নিয়ন্ত্রণ কৰে। বিশেষকৈ চাহত থকা ফ্লেৱনাইডে (Flavonides) কৈশিক শক্তি বর্ধনত বহুলভাৱে অংশগ্রহণ কৰে। পলিফিনলে দাঁত ক্ষয় যোৱা প্রক্রিয়া প্রতিৰোধ কৰাতো সহায় কৰে। গ্রীণ টিয়ে কলেষ্টেৰল (Cholesterol) সীমিত কৰি হৃদৰোগৰ পৰা ৰক্ষা কৰিব পাৰে বুলি সাব্যস্ত কৰা হৈছে। যকৃতক কার্যক্ষম কৰি ৰখাতো গ্রীন টিয়ে সহায় কৰে। জাপানত চলোৱা এক অন্বেষণৰ মতে দিনে ৫ কাপতকৈ কম গ্রীন টি খোৱা লোকৰ ‘ষ্ট্রক’ (Stroke) হোৱাৰ সম্ভাৱনা দিনে ৫ কাপতকৈ অধিক খোৱা জনৰ দুগুণ। লণ্ডনৰ কিং কলেজৰ খাদ্যবিদসকলৰ মতে, দিনে চাৰি কাপকৈ চাহ খালে হৃদৰোগত আক্রান্ত হোৱাৰ ভয় কমে।
বক্স নং ২ |
এপ’পট’ছিছ (Apoptosis) |
কেন্সাৰ চিকিৎসাৰ কাৰণে অস্ত্রোপচাৰ, ৰশ্মি বিকিৰণ (Radiation) আৰু ঔষধ সুকীয়া সুকীয়াকৈ বা একেলগে প্রয়োগ কৰা হয়। ব্যৱহৃত ঔষধে কেন্সাৰ কোষক মাৰিব বা অক্ষম কৰিব পাৰিব লাগে আৰু তেনে প্রক্রিয়াত সাধাৰণ কোষৰ বিশেষ হানি-বিঘিনি হ’ব নেলাগে। এনেকৈ নির্বাচিত কেন্সাৰ কোষক ধ্বংস কৰা প্রক্রিয়াকে এপ’পট’ছিছ বোলা হয়। বহুতো প্রাকৃতিক খাদ্য, ফল-মূল, শাক-পাচলিয়ে এই প্রক্রিয়াৰ জৰিয়তে কেন্সাৰ প্রতিষেধক হিচাপে কাম কৰে। |
আনহাতে চাহৰ প্রতি অতি আসক্ত জনৰ কাৰণে সাৱধান বাণীৰো অভাৱ নহয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে, কোনেও দিনটোত ৬ কাপতকৈ অধিক চাহ খাব নেলাগে। উচ্চ ৰক্তচাপ, হৃদযন্ত্রৰ সমস্যা বা বৃক্ক ৰোগ থকা লোকে চাহ কমকৈ খাব লাগে আৰু লাহে লাহে একেবাৰেই বাদ দিব লাগে। গৰ্ভৱতী নাৰী আৰু সন্তানক নিজৰ গাখীৰ খুৱাই থকা মাতৃয়ে তিনি কাপতকৈ অধিক চাহ খোৱাটো অনুচিত। চালুকীয়া ল’ৰা-ছোৱালীকো চাহ খাবলৈ দিব নেলাগে; কিয়নো সিহঁতে চাহ হজম কৰিব নোৱাৰে আৰু ৰক্তহীনতাত ভোগাৰ সম্ভাৱনাই দেখা দিয়ে। পাকস্থলীৰ ঘাঁ (Peptic ulcers) থকা লোকে কাঢ়া চাহ খাব নেলাগে, গাখীৰ দিয়া পাতল চাহহে খাব লাগে। জাপানত চলোৱা এক শেহতীয়া অন্বেষণত পোৱা হৈছে যে দিনে ৪ কাপতকৈ অধিক চাহ খোৱা নাৰীৰ ডিম্বাশয়ৰ কেন্সাৰ হোৱাৰ সম্ভাৱনাক নুই কৰিব পৰা নহয়।
বক্স নং ৩ |
প্রতিজাৰক (Antioxidant) |
বিপাকীয় (Metabolic) প্রক্রিয়াত অক্সিজেনৰ বিজাৰণ (Reduction)ৰ দ্বাৰা আমাৰ দেহত শক্তিৰ সৃষ্টি হয়। কিন্তু এই প্রক্রিয়াত অক্সিজেনৰ প্রায় ১-৫ শতাংশৰ জাৰিতকৰণ (Oxidisation)ৰ পৰা 02, H2O2, আদি মুক্ত মূলকৰ সৃষ্টি হয়। এনেকৈ সৃষ্টি হোৱা মূলকবিলাকে প্রটিন, লিপিড (Lipid) আৰু ডি-এন-এ মূলককে লৈ প্রায় সকলো কৌষিক উপাংশ ধ্বংস কৰিব পাৰে। ইহঁতে স্নেহ অম্ল (Fatty acid)ৰ পৰা হাইড্রজেন পৰমাণু আহৰণ কৰি পেৰ’ক্সিল মূলকৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা হাইড্রক্সিল আৰু পেৰক্সিল মূলকৰ পৰাই বুঢ়া হোৱা প্রক্রিয়া আৰু কেন্সাৰ, মধুমেহ, পার্কিনছন ৰোগ আদি বৃন্ধকালৰ ৰোগবিলাক আৰম্ভ হয়। মুক্ত মূলকবিলাকৰ ধ্বংস বা ক্ষয় কৰি বৃদ্ধকালৰ ৰোগবিলাকক প্রতিৰোধ কৰিব পৰা পাচক ৰস (Enzyme), ভিটামিন আৰু তেনে ভিটামিনযুক্ত ফল-মূল, শাক-পাচলিকে প্রতিজাৰক বোলা হয়। |
❧ | আৰু পঢ়ক: অসমীয়া সাহিত্যলৈ চাহ জনজাতি সমাজৰ বৰঙণি
চাহক লৈ অন্ধবিশ্বাসৰো অভাৱ নাই। বিলাতত ভূত-প্রেত আৰু দৰিদ্ৰতাৰ প্রৱেশ নিষেধ কৰিবৰ কাৰণে দুৱাৰ-ডলিত চাহপাত ছটিয়াই থোৱা হয়। বিলাতৰ চাহাবসকলৰ বিশ্বাস ‘অন্ধ’ নহৈ ফলিৱত হ’লেই আমি সুখী হ’ম।
প্রধান প্রসংগ পুথি:
- Foods that Harm Foods that Heal, Editors: A. McWhirter and L. Clasen, Reader’s Digest Association Ltd., 1996
- Tea: Production and Processing, B. Banerjee, 1993
- Cha Garam: The Tea story, A.K. Dutta
- The Tea Industry of Assam: Origin and Development, P. Baruah
- Natural Products As Inducers of Apoptosis: Implication for Cancer Therapy and Prevention, A.K. Taraphdar et al., Current Science, 10 June, 2001